< গণনা পুস্তক 9 >

1 ইস্ৰায়েল লোক মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত, দ্বিতীয় বছৰৰ প্ৰথম মাহত, চীনয় মৰুভূমিত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে,
וידבר יהוה אל משה במדבר סיני בשנה השנית לצאתם מארץ מצרים בחדש הראשון לאמר׃
2 “ইস্ৰায়েলৰ সন্তান সকলে নিৰূপিত সময়ত নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগে।
ויעשו בני ישראל את הפסח במועדו׃
3 এই মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত নিৰূপিত সময়ত তোমালোকে তাক বছৰি পালন কৰিবা। আৰু এই সমন্ধে ইয়াৰ নিয়ম-নীতি অনুসৰণ কৰা আৰু সকলো আজ্ঞাবোৰ পালন কৰি ইয়াক তোমালোকে ধৰি ৰাখিবা।”
בארבעה עשר יום בחדש הזה בין הערבים תעשו אתו במועדו ככל חקתיו וככל משפטיו תעשו אתו׃
4 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আজ্ঞা দিলে।
וידבר משה אל בני ישראל לעשת הפסח׃
5 তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত চীনয় মৰুভূমিত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে সেই সকলোকে কৰিলে।
ויעשו את הפסח בראשון בארבעה עשר יום לחדש בין הערבים במדבר סיני ככל אשר צוה יהוה את משה כן עשו בני ישראל׃
6 কিন্তু কিছুমান লোকে মানুহৰ শৱ চুই অশুচি হোৱা হেতুকে সেই দিনা নিস্তাৰ-পৰ্ব্ব পালন কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে সেই দিনা মোচি আৰু হাৰোণৰ গুৰিলৈ গ’ল।
ויהי אנשים אשר היו טמאים לנפש אדם ולא יכלו לעשת הפסח ביום ההוא ויקרבו לפני משה ולפני אהרן ביום ההוא׃
7 সেই লোকসকলে তেওঁক ক’লে, “আমি মানুহৰ শৱ চুই অশুচি হলোঁ; ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ’ম?”
ויאמרו האנשים ההמה אליו אנחנו טמאים לנפש אדם למה נגרע לבלתי הקרב את קרבן יהוה במעדו בתוך בני ישראל׃
8 তাতে মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক অলপ ৰ’বা; তোমালোকৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিয়ে, তাক শুনো।”
ויאמר אלהם משה עמדו ואשמעה מה יצוה יהוה לכם׃
9 পাছত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে
וידבר יהוה אל משה לאמר׃
10 ১০ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ক’বা, ‘তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি-বংশৰ মাজত যদি কোনোৱে শৱ চুই অশুচি হয়, বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগিব’।
דבר אל בני ישראל לאמר איש איש כי יהיה טמא לנפש או בדרך רחקה לכם או לדרתיכם ועשה פסח ליהוה׃
11 ১১ দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত তেওঁলোকে তাক পালন কৰিব। তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে নিস্তাৰ-পৰ্বৰ বলি খাব।
בחדש השני בארבעה עשר יום בין הערבים יעשו אתו על מצות ומררים יאכלהו׃
12 ১২ ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব; তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব।
לא ישאירו ממנו עד בקר ועצם לא ישברו בו ככל חקת הפסח יעשו אתו׃
13 ১৩ কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব। কাৰণ, নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব।
והאיש אשר הוא טהור ובדרך לא היה וחדל לעשות הפסח ונכרתה הנפש ההוא מעמיה כי קרבן יהוה לא הקריב במעדו חטאו ישא האיש ההוא׃
14 ১৪ আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”
וכי יגור אתכם גר ועשה פסח ליהוה כחקת הפסח וכמשפטו כן יעשה חקה אחת יהיה לכם ולגר ולאזרח הארץ׃
15 ১৫ আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল।
וביום הקים את המשכן כסה הענן את המשכן לאהל העדת ובערב יהיה על המשכן כמראה אש עד בקר׃
16 ১৬ এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল।
כן יהיה תמיד הענן יכסנו ומראה אש לילה׃
17 ১৭ পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ’লে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে। আৰু সেই মেঘ যি ঠাইত ৰখে, ইস্ৰায়েলৰ সন্তান সকলেও সেই ঠাইতে ছাউনি পাতি থাকে।
ולפי העלת הענן מעל האהל ואחרי כן יסעו בני ישראל ובמקום אשר ישכן שם הענן שם יחנו בני ישראל׃
18 ১৮ যিহোৱা আজ্ঞা অনুসাৰেই ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে আৰু তেওঁৰ আজ্ঞাৰ দৰেই ছাউনি পাতি থাকে; সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোক ছাউনিত থাকে।
על פי יהוה יסעו בני ישראל ועל פי יהוה יחנו כל ימי אשר ישכן הענן על המשכן יחנו׃
19 ১৯ আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহুদিন ধৰি থাকে, তেতিয়া ইস্ৰায়েলৰ সন্তান সকলেও যাত্ৰা নকৰি, যিহোৱাৰ উদ্দেশ্যে যি কৰিব লগীয়া, তাকে কৰে।
ובהאריך הענן על המשכן ימים רבים ושמרו בני ישראל את משמרת יהוה ולא יסעו׃
20 ২০ আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনে স্থলত যিহোৱাৰ আজ্ঞা মতে তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞামতে যাত্ৰাও কৰে।
ויש אשר יהיה הענן ימים מספר על המשכן על פי יהוה יחנו ועל פי יהוה יסעו׃
21 ২১ আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যাপৰৰ পৰা ৰাতিপুৱালৈকে থাকে। আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ’লে, তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ’লেই তেওঁলোকে যাত্ৰা কৰে।
ויש אשר יהיה הענן מערב עד בקר ונעלה הענן בבקר ונסעו או יומם ולילה ונעלה הענן ונסעו׃
22 ২২ দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তান সকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে।
או ימים או חדש או ימים בהאריך הענן על המשכן לשכן עליו יחנו בני ישראל ולא יסעו ובהעלתו יסעו׃
23 ২৩ যিহোৱাৰ আজ্ঞামতেই তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞা মতেই যাত্ৰাও কৰে; এইদৰে, মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে কৰিব লগীয়া কাৰ্য কৰে।
על פי יהוה יחנו ועל פי יהוה יסעו את משמרת יהוה שמרו על פי יהוה ביד משה׃

< গণনা পুস্তক 9 >