< গণনা পুস্তক 8 >

1 যিহোৱাই মোচিক ক’লে,
Chúa Hằng Hữu phán bảo Môi-se dặn A-rôn:
2 “তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।”
“Hãy sắp xếp bảy ngọn đèn trên chân đèn thế nào cho ánh sáng chiếu thẳng ra phía trước.”
3 তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে।
A-rôn vâng lời, xếp cho đèn chiếu thẳng ra. Như lời Chúa Hằng Hữu phán bảo.
4 সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল।
Chân đèn làm bằng vàng dát, từ đế cho đến hoa, theo kiểu mẫu Chúa Hằng Hữu cho Môi-se xem.
5 যিহোৱাই মোচিক পুনৰায় ক’লে,
Chúa Hằng Hữu lại phán bảo Môi-se:
6 “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক লৈ, তেওঁলোকক শুচি কৰা।
“Hãy biệt riêng người Lê-vi ra khỏi toàn dân Ít-ra-ên và làm lễ thanh tẩy họ,
7 তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক।
lấy nước thanh tẩy rảy trên họ, rồi bảo họ tự cạo sạch mình mẩy và giặt sạch áo xống.
8 তাৰ পাছত তেওঁলোকে এটা দমৰা ষাঁড়-গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক।
Hãy bảo họ đem dâng một bò đực tơ và lễ vật ngũ cốc bột mịn trộn dầu, cùng với một bò đực tơ khác làm sinh tế chuộc tội.
9 তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা।
Sau đó, hãy dẫn người Lê-vi đến cửa Đền Tạm trước sự chứng kiến của toàn dân.
10 ১০ তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব।
Con sẽ trình diện người Lê-vi cho Chúa Hằng Hữu; và người Ít-ra-ên sẽ đặt tay trên họ.
11 ১১ ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব।
A-rôn sẽ dâng người Lê-vi cho Chúa Hằng Hữu như một lễ vật của người Ít-ra-ên dâng lên, để thay dân phục vụ Chúa Hằng Hữu.
12 ১২ পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।
Người Lê-vi sẽ đặt tay trên đầu hai con bò: Một con làm sinh tế chuộc tội, một con làm sinh tế thiêu, dâng lên Chúa Hằng Hữu để chuộc tội cho họ.
13 ১৩ এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
Xong rồi, người Lê-vi sẽ được giao cho A-rôn và các con A-rôn, giống như một lễ vật dâng lên Chúa Hằng Hữu theo lối đưa qua đưa lại; sau khi dâng, lễ vật thuộc về thầy tế lễ.
14 ১৪ এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব।
Như thế, con phân biệt người Lê-vi với những người Ít-ra-ên khác, vì người Lê-vi thuộc về Ta.
15 ১৫ তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা।
Sau khi được làm lễ thanh tẩy và hiến dâng, người Lê-vi sẽ vào Đền Tạm phục vụ Ta.
16 ১৬ তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ।
Họ được dâng cho Ta để thay thế các con trưởng nam Ít-ra-ên, và Ta chấp nhận họ.
17 ১৭ কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।।
Vì vào ngày Ta đoán phạt các con đầu lòng Ai Cập, Ta đã dành cho Ta tất cả con đầu lòng Ít-ra-ên, cả người lẫn gia súc.
18 ১৮ এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ।
Và bây giờ, Ta nhận người Lê-vi thay cho các con trưởng nam Ít-ra-ên.
19 ১৯ আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।”
Ta sẽ giao người Lê-vi cho A-rôn và các con trai (như một món quà tặng), để họ phục vụ trong Đền Tạm thay cho người Ít-ra-ên, và làm lễ chuộc tội cho người Ít-ra-ên; nhờ đó người Ít-ra-ên sẽ không bị tai họa. Vì nếu ai trong người Ít-ra-ên vào nơi thánh, thì người ấy phải mang tai họa.”
20 ২০ মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।
Môi-se, A-rôn, và toàn dân Ít-ra-ên thực hiện mọi lời Chúa Hằng Hữu phán dạy Môi-se về người Lê-vi.
21 ২১ লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।
Người Lê-vi tẩy sạch mình, giặt áo xống, và A-rôn dâng họ như tế lễ đưa qua đưa lại trước mặt Chúa Hằng Hữu. A-rôn cũng làm lễ chuộc tội cho họ được thánh sạch.
22 ২২ তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য কৰিলে।
Sau đó, họ vào Đền Tạm giúp A-rôn và các con A-rôn. Mọi việc đều được thực hiện đúng theo lời Chúa Hằng Hữu phán dạy Môi-se.
23 ২৩ পাছত যিহোৱাই পুনৰায় মোচিক কলে,
Chúa Hằng Hữu phán bảo Môi-se:
24 ২৪ “লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাব।
“Mỗi người Lê-vi sẽ bắt đầu cuộc đời công vụ trong Đền Tạm từ tuổi hai mươi lăm,
25 ২৫ আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব।
đến tuổi năm mươi, họ sẽ mãn nhiệm vụ.
26 ২৬ তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”
Đến tuổi đó, họ có thể phụ giúp anh em mình trong các việc tại Đền Tạm, nhưng chính họ không được đảm trách công việc. Con phải áp dụng luật lệ này khi phân công cho người Lê-vi.”

< গণনা পুস্তক 8 >