< গণনা পুস্তক 6 >

1 যিহোৱাই মোচিক ক’লে,
And YHWH speaks to Moses, saying,
2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব,
“Speak to the sons of Israel, and you have said to them: When a man or woman does extraordinarily by vowing a vow of a Nazarite, to be separate to YHWH,
3 তেতিয়া তেওঁ দ্ৰাক্ষাৰস আৰু সুৰাপানৰ পৰা নিজকে আতৰত ৰাখিব লাগিব। তেওঁ দ্ৰাক্ষাৰসৰ চিৰ্কা বা সুৰাৰ চিৰ্কা পান নকৰিব আৰু দ্ৰাক্ষাফলৰ পৰা চেপি উলিওৱা নতুন ৰসকো পান নকৰিব, বা কেঁচা কি শুকান দ্ৰাক্ষাফলো নাখাব।
he keeps separate from wine and strong drink; he does not drink vinegar of wine and vinegar of strong drink, and he does not drink any juice of grapes, and he does not eat moist or dry grapes;
4 তেওঁ মোৰ উদ্দেশ্যে পৃথকে থকা সকলো কালত, গুটিৰ পৰা বাকলিলৈকে দ্ৰাক্ষাফলৰে যুগুত কৰা কোনো বস্তু ভোজন নকৰিব।
all [the] days of his separation he does not eat of anything which is made of the wine-vine, from kernels even to husk.
5 আৰু ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব; যিহোৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয়মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব।
All [the] days of the vow of his separation a razor does not pass over his head; he is holy until the fullness of the days [in] which he separates himself to YHWH; the upper part of the hair of his head has grown up.
6 তেওঁ যেতিয়ালৈকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৱৰ ওচৰলৈ নাযাব।
All [the] days of his keeping separate to YHWH, he does not go near a dead person;
7 তেওঁৰ পিতৃৰ বা মাতৃৰ, ককায়েকৰ বা ভনীয়েকৰ মৃত্যুৰ সময়ত, তেওঁ তেওঁলোকৰ কাৰণে নিজকে অশুচি নকৰিব, কিয়নো তেওঁৰ মূৰৰ দীঘল চুলি দেখি, তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে যে পৃথকে আছে সেই বিষয়ে সকলোৱে জানিব।
for his father, or for his mother, for his brother, or for his sister—he does not become unclean for them at their death, for the separation of his God [is] on his head;
8 তেওঁ পৃথকে হৈ থকা সকলো কালত, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হৈ থাকিব।
all [the] days of his separation he [is] holy to YHWH.
9 আৰু যদি কোনো এজন মানুহৰ অকস্মাৎ তেওঁৰ ওচৰত মৃত্যু হয়, তেতিয়া তেওঁ তেওঁৰ নিজ পৃথকে থকাৰ চিন অশুচি কৰে। তেতিয়া তেওঁ শুচি হোৱা দিনা, নিজৰ মূৰ ক্ষুৰাব। সেয়া সপ্তম দিনাই তেওঁ নিজ মূৰৰ চুলি ক্ষুৰাব লাগিব।
And when the dead dies beside him in an instant, suddenly, and he has defiled the head of his separation, then he has shaved his head in the day of his cleansing; on the seventh day he shaves it,
10 ১০ অষ্টম দিনা তেওঁ দুটা কপৌ, বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব।
and on the eighth day he brings in two turtle-doves or two young pigeons to the priest, to the opening of the Tent of Meeting,
11 ১১ তেতিয়া পুৰোহিতে তাৰে এটা পাপাৰ্থক বলিস্বৰূপে, আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। তেতিয়া তেওঁ মৰা শৱৰ ওচৰত থকাৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; আৰু সেই দিনাই তেওঁ নিজকে পুনৰ পবিত্ৰ কৰিব।
and the priest has prepared one for a sin-offering and one for a burnt-offering, and has made atonement for him because of that which he has sinned by the body, and he has hallowed his head on that day;
12 ১২ তেওঁ নিজকে পুনৰায় যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকিব লাগিব। তেওঁ দোষাৰ্থক বলিস্বৰূপে এটা এবছৰীয়া মেৰ-ছাগ পোৱালি আনিব। কিয়নো তেওঁ পূৰ্বতে নিজকে অশুচি কৰালে সেই কাৰণে তেওঁ পূৰ্বতে নিজকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ’ব।
and he has separated to YHWH the days of his separation, and he has brought in a lamb, a son of a year, for a guilt-offering, and the former days are fallen, for his separation has been defiled.
13 ১৩ নাচৰীয়া লোক হৈ পৃথকে থকাৰ কাল পূৰ হলে, তেওঁ পালন কৰিব লগা বিধি এনে- তেওঁক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ অনা হ’ব।
And this [is] the law of the Nazarite: in the day of the fullness of the days of his separation, he is brought to the opening of the Tent of Meeting,
14 ১৪ তেওঁ নিজে অনা উপহাৰ যিহোৱালৈ দান কৰিব। তেওঁ হোম বলিৰ কাৰণে গাত কোনো দাগ নথকা এটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি আৰু পাপাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এটা নিঘূণ মতা মেৰ-ছাগ দান কৰিব লাগিব;
and he has brought his offering near to YHWH—one male lamb, a son of a year, a perfect one, for a burnt-offering, and one female lamb, a daughter of a year, a perfect one, for a sin-offering, and one ram, a perfect one, for peace-offerings,
15 ১৫ আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুড়িৰ বিন্ধা থকা পিঠা কেইটামান, আৰু খমীৰ নিদিয়া তেল ঢলা পাতল চকলীয়া পিঠা কেইটামান, আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব।
and a basket of unleavened things of flour, cakes mixed with oil, and thin cakes of unleavened things anointed with oil, and their present, and their drink-offerings.
16 ১৬ তাতে পুৰোহিতে এই সকলো বস্তু যিহোৱাৰ আগলৈ আনিব। তেতিয়া তেওঁৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰিব।
And the priest has brought [them] near before YHWH, and has made his sin-offering and his burnt-offering;
17 ১৭ খমীৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগটো যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব আৰু তাৰ পাছত পুৰোহিতে তাৰ লগৰ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব।
and he makes the ram [as] a sacrifice of peace-offerings to YHWH, besides the basket of unleavened things; and the priest has made its present and its drink-offering.
18 ১৮ পাছত নাচৰীয়া লোকজনে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত নিজে পৃথক হৈ থকাৰ চিন অৰ্থাৎ তেওঁৰ মূৰৰ দীঘল চুলি ক্ষুৰাই, সেই মূৰৰ চুলি লৈ, মঙ্গলাৰ্থক বলিৰ তলত থকা অগ্নিত পেলাই দিব।
And the Nazarite has shaved (at the opening of the Tent of Meeting) the head of his separation, and has taken the hair of the head of his separation, and has put [it] on the fire which [is] under the sacrifice of the peace-offerings.
19 ১৯ আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক ক্ষুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলিয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব।
And the priest has taken the boiled shoulder from the ram, and one unleavened cake out of the basket, and one thin unleavened cake, and has put [them] on the palms of the Nazarite after his shaving [the hair of] his separation;
20 ২০ আৰু পুৰোহিতে সেই সকলোকে দোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ সাক্ষাতে তেওঁৰ সন্মুখত দান কৰিব; দোলনীয় আমঠু আৰু উত্তোলনীয় পাছ-পিৰাই সৈতে সেয়ে পুৰোহিতৰ অৰ্থে পবিত্ৰ হ’ব। তাৰ পাছত নাচৰীয়া লোকজনে দ্ৰাক্ষাৰস পান কৰিব পাৰিব।
and the priest has waved them [as] a wave-offering before YHWH; it [is] holy to the priest, besides the breast of the wave-offering, and besides the leg of the raised-offering; and afterward the Nazarite drinks wine.
21 ২১ নাচৰীয়া ব্ৰত ধৰোঁতা মানুহৰ আৰু পৃথকে থকাৰ কাৰণে যিহোৱাক দিব লগা তাৰ উপহাৰৰ এয়ে বিধি। ইয়াৰ বাহিৰে তেওঁ নিজৰ শক্তি অনুসাৰে দিবলৈ আগ কৰে, তাকো দিব পাৰে; তেওঁ যি ব্ৰত ধৰে, সেই ব্ৰত অনুসাৰে তেওঁ নিজে পৃথকে থকা বিধি পালন কৰিব লাগে’।”
This [is] the law of the Nazarite who vows his offering to YHWH for his separation, apart from that which his hand attains; according to his vow which he vows so he does by the law of his separation.”
22 ২২ পাছত যিহোৱাই পুনৰায় মোচিক ক’লে, “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা,
And YHWH speaks to Moses, saying,
23 ২৩ ‘তোমালোকে ইস্ৰায়েলৰ সন্তানসকলক এইদৰে আশীৰ্ব্বাদ কৰিবা। তোমালোকে তেওঁলোকক এইদৰে ক’বা:
“Speak to Aaron and to his sons, saying, Thus you bless the sons of Israel, saying to them:
24 ২৪ যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক।
YHWH bless you and keep you;
25 ২৫ যিহোৱাই তেওঁৰ নিজ পোহৰৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্রতি দয়ালু হওঁক।
YHWH cause His face to shine on you, And favor you;
26 ২৬ যিহোৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক।’
YHWH lift up His countenance on you, And appoint for you—peace.
27 ২৭ এইদৰে তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত মোৰ নাম স্থাপন কৰিব। তেতিয়া মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম।”
And they have put My Name on the sons of Israel, and I bless them.”

< গণনা পুস্তক 6 >