< গণনা পুস্তক 4 >

1 পাছত যিহোৱাই মোচি আৰু হাৰোণক কথা কৈছিল। তেওঁ ক’লে,
耶和華曉諭摩西、亞倫說:
2 “তোমালোকে লেবীৰ সন্তানসকলৰ মাজত নিজ নিজ বংশ আৰু পিতৃ-বংশ অনুসাৰে কহাতৰ সন্তানসকলৰ লোকপিয়ল গণনা কৰিবলৈ পৰিচালনা কৰা।
「你從利未人中,將哥轄子孫的總數,照他們的家室、宗族,
3 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান পুৰুষ সাক্ষাৎ কৰা তেওঁলোকৰ লেখ লোৱা। তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীবোৰৰ শ্ৰেণীত, এই লোকসকল অন্তৰ্ভুক্ত হ’ব লাগিব।
從三十歲直到五十歲,凡前來任職、在會幕裏辦事的,全都計算。
4 মোৰ বাবে সংৰক্ষিত কৰি ৰখা অতিশয় পবিত্ৰ বস্তুৰ বিষয়ে কহাতীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাম কৰিব লাগিব।
哥轄子孫在會幕搬運至聖之物,所辦的事乃是這樣:
5 যেতিয়া ছাউনি উঠিব লগা হ’ব, তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তম্বুৰ ভিতৰত সোমাই, আঁৰ কৰি ৰখা প্ৰভেদক বস্ত্ৰ নমাই তাৰে সাক্ষ্য-ফলিৰ চন্দুক ঢাকিব।
起營的時候,亞倫和他兒子要進去摘下遮掩櫃的幔子,用以蒙蓋法櫃,
6 তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দিব। তেওঁলোকে তাৰ ওপৰত সম্পূৰ্ণ নীল বৰণীয়া এখন বস্ত্ৰ মেলি দিব। তেওঁলোকে তাক বৈ নিবলৈ তাত কানমাৰি সুমুৱাব।
又用海狗皮蓋在上頭,再蒙上純藍色的毯子,把槓穿上。
7 আৰু তেওঁলোকে দৰ্শন পিঠাৰ মেজৰ ওপৰত এখন নীল বৰণীয়া কাপোৰ পাৰিব। তাৰ ওপৰত তেওঁলোকে থাল, পিয়লা, বাটি, আৰু পেয় নৈবেদ্য দ্ৰাক্ষাৰসৰ পাত্ৰ থ’ব। আৰু নিত্য পিঠা সদায় তাৰ ওপৰত ৰাখিব।
又用藍色毯子鋪在陳設餅的桌子上,將盤子、調羹、奠酒的爵,和杯擺在上頭。桌子上也必有常設的餅。
8 সেইবোৰৰ ওপৰত তেওঁলোকে ৰঙা বৰণীয়া কাপোৰ এখন মেলি দিব আৰু তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব। আৰু তেওঁলোকে তাক কঢ়িয়াই লৈ যাবলৈ তাত কানমাৰি সুমুৱাই দিব।
在其上又要蒙朱紅色的毯子,再蒙上海狗皮,把槓穿上。
9 আৰু এখন নীল বৰণীয়া কাপোৰ লৈ, দীপাধাৰ, তাৰ প্ৰদীপ, শলাকানি-কটা, এঙেৰুৱা ধৰা আৰু তাৰ পৰিচৰ্যা কৰা গোটেই তেলৰ পাত্ৰ ঢাকিব।
要拿藍色毯子,把燈臺和燈臺上所用的燈盞、剪子、蠟花盤,並一切盛油的器皿,全都遮蓋。
10 ১০ তাক আৰু তাৰ সকলো সঁজুলি তহচৰ ছালৰ এক আৱৰণেৰে মেৰাই লৈ এখন বৈ নিয়া যতনৰ ওপৰত থ’ব।
又要把燈臺和燈臺的一切器具包在海狗皮裏,放在抬架上。
11 ১১ পাছত তেওঁলোকে সোণৰ বেদীৰ ওপৰত নীল বৰণীয়া কাপোৰ পাৰি দিব। তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব আৰু পাছত বৈ নিয়া কানমাৰি সুমুৱাই দিব।
在金壇上要鋪藍色毯子,蒙上海狗皮,把槓穿上。
12 ১২ তেওঁলোকে পবিত্ৰ স্থানত পৰিচৰ্যা কৰিব লগা সকলো সা-সৰঞ্জাম লৈ, নীল বৰণীয়া কাপোৰেৰে মেৰাব। আৰু তেওঁলোকে তহচৰ ছালৰ এক আৱৰণেৰে ঢাকি, তাক বৈ নিয়া যতনৰ ওপৰত ৰাখিব।
又要把聖所用的一切器具包在藍色毯子裏,用海狗皮蒙上,放在抬架上。
13 ১৩ আৰু যজ্ঞ বেদীৰ পৰা ছাঁই উলিয়াই পেলাই দি, তাৰ ওপৰত এখন বেঙেনা বৰণীয়া কাপোৰ পাৰিব।
要收去壇上的灰,把紫色毯子鋪在壇上;
14 ১৪ আৰু তাৰ ওপৰত তাৰ পৰিচৰ্যা কৰিব লগা আটাই সঁজুলি আদি বেদীৰ সকলো পাত্ৰ ৰাখিব। তেওঁলোকে অৰ্থাৎ আঙঠা-ধৰা, ত্ৰিশূল, ছাঁই উলিওৱা হেতা, তেজ ছটিওৱা পাত্ৰ, পাছে তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দি, কানমাৰি সুমুৱাই দি তাক ঢাকি ৰাখিব।
又要把所用的一切器具,就是火鼎、肉鍤子、鏟子、盤子,一切屬壇的器具都擺在壇上,又蒙上海狗皮,把槓穿上。
15 ১৫ ছাউনি উঠিব যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰ স্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তান সকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব লাগিব। এইবোৰেই কহাতৰ সন্তান সকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল।
將要起營的時候,亞倫和他兒子把聖所和聖所的一切器具遮蓋完了,哥轄的子孫就要來抬,只是不可摸聖物,免得他們死亡。會幕裏這些物件是哥轄子孫所當抬的。
16 ১৬ আৰু প্ৰদীপৰ অৰ্থে তেল, সুগন্ধি ধূপ, নিত্য ভক্ষ্য নৈবেদ্য, অভিষেকাৰ্থক তেল, হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰৰ জিম্মাত থাকিব। গোটেই আবাস আৰু তাত থকা সকলো পবিত্ৰ স্থান আৰু তাৰ সকলো বস্তু তেওঁৰ জিম্মাত থাকিব।”
「祭司亞倫的兒子以利亞撒所要看守的是點燈的油與香料,並當獻的素祭和膏油,也要看守全帳幕與其中所有的,並聖所和聖所的器具。」
17 ১৭ এইদৰে যিহোৱাই মোচি আৰু হাৰোণক কথা ক’লে। তেওঁ আৰু ক’লে,
耶和華曉諭摩西、亞倫說:
18 ১৮ “তোমালোকে লেবীয়াসকলৰ মাজৰ পৰা কহাতীয়া গোষ্ঠীৰ বংশক উচ্ছন্ন হ’বলৈ নিদিবা।
「你們不可將哥轄人的支派從利未人中剪除。
19 ১৯ তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবা, এইবোৰ কৰাৰ দ্বাৰাই তেওঁলোক নমৰিব, কিন্তু জীয়াই থাকিব। যেতিয়া তেওঁলোকে অতি পবিত্ৰ স্থানৰ ওচৰ চাপে,
他們挨近至聖物的時候,亞倫和他兒子要進去派他們各人所當辦的,所當抬的。這樣待他們,好使他們活着,不致死亡。
20 ২০ তেতিয়া কিন্তু তেওঁলোকে মৰা নপৰিবৰ বাবে পবিত্ৰ বস্তুবোৰ খন্তেকৰ বাবে চাবলৈ পবিত্রস্থানৰ ভিতৰলৈ নাহিব। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভিতৰত সোমাই কহাতীয়াসকলৰ প্ৰতিজনক নিজ নিজ কৰিবলগীয়া কামত আৰু নিযুক্ত কৰিব।”
只是他們連片時不可進去觀看聖所,免得他們死亡。」
21 ২১ যিহোৱাই মোচিক পুনৰ কথা ক’লে। তেওঁ ক’লে,
耶和華曉諭摩西說:
22 ২২ “তুমি পিতৃ-বংশ আৰু বংশানুসাৰে গেৰ্চোনৰ সন্তানসকলৰো লোকপিয়ল পৰিচালনা কৰিবা।
「你要將革順子孫的總數,照着宗族、家室,
23 ২৩ ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।
從三十歲直到五十歲,凡前來任職、在會幕裏辦事的,全都數點。
24 ২৪ পৰিচৰ্যা আৰু ভাৰ বৈ লৈ যোৱাই গেৰ্চোনীয়া গোষ্ঠীসকলৰ কাম আছিল।
革順人各族所辦的事、所抬的物乃是這樣:
25 ২৫ তেওঁলোকে আবাসৰ কাপোৰবোৰ সাক্ষাৎ কৰা তম্বু, তাৰ আৱৰণ, তাৰ ওপৰত থকা তহচৰ ছালৰ আৱৰণ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দা এই সকলো বৈ লৈ যাব লাগিব।
他們要抬帳幕的幔子和會幕,並會幕的蓋與其上的海狗皮,和會幕的門簾,
26 ২৬ আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দা, সেইবোৰৰ ৰছী আৰু তাৰ কাম কৰা আটাই হাতিয়াৰ, এইবোৰ তেওঁলোকে বব আৰু এইবোৰৰ সম্পৰ্কীয় যি যি কাম কৰিব লগা হ’ব, তাকো কৰিব লাগিব।
院子的帷子和門簾(院子是圍帳幕和壇的)、繩子,並所用的器具,不論是做甚麼用的,他們都要經理。
27 ২৭ গেৰ্চোনৰ সন্তানসকলৰ সকলো ভাৰ বোৱা কাৰ্য, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আজ্ঞা অনুসাৰে হ’ব। ভাৰ বোৱা আটাই বস্তু তোমালোকে তেওঁলোকৰ জিম্মালৈ দিবা।
革順的子孫在一切抬物辦事之上都要憑亞倫和他兒子的吩咐;他們所當抬的,要派他們看守。
28 ২৮ গেৰ্চোনৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে সাক্ষাৎ কৰা তম্বুৰ কৰিব লগা কাম এয়ে। আৰু তেওঁলোকে কৰিব লগা কাম হাৰোণৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।
這是革順子孫的各族在會幕裏所辦的事;他們所看守的,必在祭司亞倫兒子以他瑪的手下。」
29 ২৯ পাছত নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে মৰাৰীৰ সন্তানসকলকো তুমি গণনা কৰা,
「至於米拉利的子孫,你要照着家室、宗族把他們數點。
30 ৩০ ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।
從三十歲直到五十歲,凡前來任職、在會幕裏辦事的,你都要數點。
31 ৩১ আৰু সাক্ষাৎ কৰা তম্বুৰ তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে তেওঁলোকৰ জিম্মাত থকা তেওঁলোকে বৈ নিব লগা বস্তু এই - আবাসৰ তক্তা, তাৰ ডাং, খুঁটা, চুঙী,
他們辦理會幕的事,就是抬帳幕的板、閂、柱子,和帶卯的座,
32 ৩২ আৰু চোতালৰ চাৰিওফালে থকা খুঁটা, সেইবোৰৰ চুঙী, খুটি, ৰছী আৰু তাৰ আটাই কাৰ্যৰ হাতিয়াৰ; তোমালোকে নাম ধৰি ধৰি, তেওঁলোকে বৈ নিব লগা সকলো বস্তু তেওঁলোকক গতাই দিবা।
院子四圍的柱子和其上帶卯的座、橛子、繩子,並一切使用的器具。他們所抬的器具,你們要按名指定。
33 ৩৩ মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে সাক্ষাৎ কৰিব লগা তম্বুৰ কৰিব লগা কাৰ্য এয়ে। তেওঁলোকৰ কাৰ্য হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।”
這是米拉利子孫各族在會幕裏所辦的事,都在祭司亞倫兒子以他瑪的手下。」
34 ৩৪ পাছত মোচি, হাৰোণ আৰু মণ্ডলীৰ অধ্যক্ষসকলে কহাতৰ সন্তান সকলৰ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰিলে।
摩西、亞倫與會眾的諸首領將哥轄的子孫,照着家室、宗族,
35 ৩৫ তেওঁলোকৰ মাজৰ পৰা ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাল, তেওঁলোকক গণনা কৰিলে।
從三十歲直到五十歲,凡前來任職、在會幕裏辦事的,都數點了。
36 ৩৬ তেতিয়া তেওঁলোকৰ গোষ্ঠী অনুসাৰে তেওঁলোকৰ গণিত লোক দুই হাজাৰ সাতশ পঞ্চাশ জন হ’ল।
被數的共有二千七百五十名。
37 ৩৭ মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা মতে যিসকলক মোচি আৰু হাৰোণে গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাম কৰা, কহাতীয়া গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
這是哥轄各族中被數的,是在會幕裏辦事的,就是摩西、亞倫照耶和華藉摩西所吩咐數點的。
38 ৩৮ গেৰ্চোনৰ সন্তান সকলৰ মাজত, যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল,
革順子孫被數的,照着家室、宗族,
39 ৩৯ ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাল,
從三十歲直到五十歲,凡前來任職、在會幕裏辦事的,共有二千六百三十名。
40 ৪০ নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ মাজৰ সেই গণিত লোক দুই হাজাৰ ছশ ত্ৰিশ জন হ’ল।
41 ৪১ যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰা গেৰ্চোনৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
這是革順子孫各族中被數的,是在會幕裏辦事的,就是摩西、亞倫照耶和華藉摩西所吩咐數點的。
42 ৪২ আৰু মৰাৰীৰ সন্তান সকলৰ গোষ্ঠীসকলৰ মাজত যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল,
米拉利子孫中各族被數的,照着家室、宗族,
43 ৪৩ ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাল,
從三十歲直到五十歲,凡前來任職、在會幕裏辦事的,共有三千二百名。
44 ৪৪ নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁলোকলৰ মাজৰ সেই গণিত লোক তিনি হাজাৰ দুশ জন হ’ল।
45 ৪৫ মোচিৰ যোগেদি যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, মৰাৰীৰ সন্তান সকলৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
這是米拉利子孫各族中被數的,就是摩西、亞倫照耶和華藉摩西所吩咐數點的。
46 ৪৬ নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ অধ্যক্ষ সকলে গণনা কৰা, লেবীয়া লোকসকলৰ যিমান লোকক গণনা কৰা হ’ল,
凡被數的利未人,就是摩西、亞倫並以色列眾首領,照着家室、宗族所數點的,
47 ৪৭ ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সেৱাকৰ্ম কৰিবলৈ, সাক্ষাৎ কৰা তম্বুৰ ভাৰ বোৱা কাম কৰিবলৈ সোমাল,
從三十歲直到五十歲,凡前來任職、在會幕裏做抬物之工的,共有八千五百八十名。
48 ৪৮ তেওঁলোকৰ মাজৰ সেই গণিত লোক আঠ হাজাৰ পাঁচশ আশী জন হ’ল।
49 ৪৯ কি কি কামত আৰু কি কি ভাৰত কিমান মানুহ লাগিব, তাক যিহোৱাৰ আজ্ঞাৰ দৰে মোচিৰ যোগেদি গণনা কৰা হ’ল। এইদৰে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই তেওঁলোক তেওঁৰ যোগেদি গণিত হ’ল।
摩西按他們所辦的事、所抬的物,憑耶和華的吩咐數點他們;他們這樣被摩西數點,正如耶和華所吩咐他的。

< গণনা পুস্তক 4 >