< গণনা পুস্তক 29 >

1 আৰু সপ্তম মাহত, মাহৰ প্ৰথম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকৰ কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা। সেই দিনা তোমালোকৰ তূৰী বজোৱা দিন হ’ব।
mensis etiam septimi prima dies venerabilis et sancta erit vobis omne opus servile non facietis in ea quia dies clangoris est et tubarum
2 সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ এবছৰীয়া মতা মেৰ পোৱালি ৰাখিবা।
offeretisque holocaustum in odorem suavissimum Domino vitulum de armento unum arietem unum agnos anniculos inmaculatos septem
3 আৰু সেই দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,
et in sacrificiis eorum similae oleo conspersae tres decimas per singulos vitulos duas decimas per arietem
4 আৰু মেৰ পোৱালিৰ সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
unam decimam per agnum qui simul sunt agni septem
5 আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
et hircum pro peccato qui offertur in expiationem populi
6 নতুন জোনৰ হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, সেইবোৰৰ বিধিমতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা।
praeter holocaustum kalendarum cum sacrificiis suis et holocaustum sempiternum cum libationibus solitis hisdem caerimoniis offeretis in odorem suavissimum incensum Domino
7 সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য নকৰিবা।
decima quoque dies mensis huius septimi erit vobis sancta atque venerabilis et adfligetis animas vestras omne opus servile non facietis in ea
8 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব।
offeretisque holocaustum Domino in odorem suavissimum vitulum de armento unum arietem unum agnos anniculos inmaculatos septem
9 আৰু দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,
et in sacrificiis eorum similae oleo conspersae tres decimas per vitulos singulos duas decimas per arietem
10 ১০ আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
decimam decimae per agnos singulos qui sunt simul septem agni
11 ১১ আৰু পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। প্ৰায়শ্চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque his quae offerri pro delicto solent in expiationem et holocaustum sempiternum in sacrificio et libaminibus eorum
12 ১২ আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা।
quintadecima vero die mensis septimi quae vobis erit sancta atque venerabilis omne opus servile non facietis in ea sed celebrabitis sollemnitatem Domino septem diebus
13 ১৩ আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে হোম-বলিৰ কাৰণে তেৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটিয়েই নিৰ্ঘূণী পশু হ’ব লাগিব।
offeretisque holocaustum in odorem suavissimum Domino vitulos de armento tredecim arietes duos agnos anniculos quattuordecim inmaculatos
14 ১৪ আৰু দমৰা গৰু তেৰটাৰ প্ৰত্যেক গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ আৰু মতা মেৰ দুটাৰ প্ৰত্যেক মেৰৰ কাৰণে দহ ভাগৰ দুভাগ,
et in libamentis eorum similae oleo conspersae tres decimas per vitulos singulos qui sunt simul vituli tredecim et duas decimas arieti uno id est simul arietibus duobus
15 ১৫ আৰু মতা মেৰ পোৱালি চৌধ্যটাৰ প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
et decimam decimae agnis singulis qui sunt simul agni quattuordecim
16 ১৬ আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque holocausto sempiterno et sacrificio et libamine eius
17 ১৭ আৰু পবিত্র সভাৰ দ্বিতীয় দিনা বাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
in die altero offeres vitulos de armento duodecim arietes duos agnos anniculos inmaculatos quattuordecim
18 ১৮ আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগলী আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা।
sacrificiaque et libamina singulorum per vitulos et arietes et agnos rite celebrabis
19 ১৯ নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque holocausto sempiterno sacrificioque eius et libamine
20 ২০ আৰু পবিত্র সভাৰ তৃতীয় দিনা এঘাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব।
die tertio offeres vitulos undecim arietes duos agnos anniculos inmaculatos quattuordecim
21 ২১ আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
sacrificiaque et libamina singulorum per vitulos et arietes et agnos rite celebrabis
22 ২২ আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগলী, উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque holocausto sempiterno et sacrificio et libamine eius
23 ২৩ আৰু পবিত্র সভাৰ চতুৰ্থ দিনা দহোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
die quarto offeres vitulos decem arietes duos agnos anniculos inmaculatos quattuordecim
24 ২৪ আৰু দমৰা গৰুৰ, মেৰৰ, আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
sacrificiaque eorum et libamina singulorum per vitulos et arietes et agnos rite celebrabis
25 ২৫ আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque holocausto sempiterno sacrificioque eius et libamine
26 ২৬ আৰু পঞ্চম দিনা নটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু প্রত্যেকটি নিঘুণ পশু হ’ব লাগিব।
die quinto offeres vitulos novem arietes duos agnos anniculos inmaculatos quattuordecim
27 ২৭ আৰু দমৰা গৰুৰ, মেৰৰ, মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব;
sacrificiaque et libamina singulorum per vitulos et arietes et agnos rite celebrabis
28 ২৮ আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque holocausto sempiterno sacrificioque eius et libamine
29 ২৯ আৰু পবিত্র সভাৰ ষষ্ঠ দিনা আঠোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
die sexto offeres vitulos octo arietes duos agnos anniculos inmaculatos quattuordecim
30 ৩০ আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
sacrificiaque et libamina singulorum per vitulos et arietes et agnos rite celebrabis
31 ৩১ আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque holocausto sempiterno sacrificioque eius et libamine
32 ৩২ আৰু সপ্তম দিনা সাতোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
die septimo offeres vitulos septem arietes duos agnos anniculos inmaculatos quattuordecim
33 ৩৩ আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
sacrificiaque et libamina singulorum per vitulos et arietes et agnos rite celebrabis
34 ৩৪ আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque holocausto sempiterno sacrificioque eius et libamine
35 ৩৫ অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ’ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায়ৰ কৰ্ম নকৰিবা।
die octavo qui est celeberrimus omne opus servile non facietis
36 ৩৬ কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
offerentes holocaustum in odorem suavissimum Domino vitulum unum arietem unum agnos anniculos inmaculatos septem
37 ৩৭ আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
sacrificiaque et libamina singulorum per vitulos et arietes et agnos rite celebrabis
38 ৩৮ আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
et hircum pro peccato absque holocausto sempiterno sacrificioque eius et libamine
39 ৩৯ সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।”
haec offeretis Domino in sollemnitatibus vestris praeter vota et oblationes spontaneas in holocausto in sacrificio in libamine et in hostiis pacificis
40 ৪০ মোচিয়ে যিহোৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই সকলো কথা ক’লে।
narravitque Moses filiis Israhel omnia quae ei Dominus imperarat

< গণনা পুস্তক 29 >