< গণনা পুস্তক 20 >

1 পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে প্ৰথম মাহত ছিন অৰণ্য পালে। তেওঁলোকে কাদেচত থাকিল, সেই ঠাইতে মিৰিয়মৰ মৃত্যু হ’ল আৰু তাতে তেওঁক মৈদাম দিয়া হ’ল।
I przyszło wszystko mnóstwo synów Izraelskich na puszczą Syn, miesiąca pierwszego; i mieszkał lud w Kades; gdzie umarła Maryja, i tamże jest pogrzebiona.
2 সেই ঠাইত মণ্ডলীৰ কাৰণে পানী নথকাত, লোকসকলে মোচি আৰু হাৰোণৰ অহিতে গোট খালে।
A gdy lud nie miał wody, zebrali się przeciw Mojżeszowi, i przeciw Aaronowi.
3 তেওঁলোকে মোচিৰে সৈতে বিবাদ কৰি ক’লে, “যিহোৱাৰ আগত আমাৰ ভাইসকলৰ মৃত্যু হোৱাৰ সময়ত আমাৰো মৃত্যু হোৱা হেতেন কেনে ভাল আছিল!
I swarzył się lud z Mojżeszem, i rzekli mówiąc: Obyśmy byli pomarli, gdy pomarli bracia nasi przed Panem.
4 আমি আৰু আমাৰ পশুবোৰ মৰিবৰ কাৰণে যিহোৱাৰ সমাজক কেলেই তোমালোকে এই মৰুভূমিলৈ আনিলা?
I przeczżeście zawiedli to zgromadzenie Pańskie na tę puszczę, abyśmy tu pomarli, my i dobytki nasze?
5 এই কুচ্ছিত ঠাইলৈ আনিবৰ বাবে আমাক কেলেই মিচৰৰ পৰা উলিয়াই আনিলা? এয়ে শস্য বা ডিমৰু, বা দ্ৰাক্ষা, বা ডালিমৰ ঠাই নহয় আৰু খাবলৈকো পানী নাই।”
A po cóżeście nas wywiedli z Egiptu, abyście nas wprowadzili na to złe miejsce, na którem się nie rodzi ani zboże, ani figi, ani grona winne, ani jabłka granatowe; nawet wody nie masz dla napoju?
6 পাছত মোচি আৰু হাৰোণে সমাজৰ আগৰ পৰা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ গৈ উবুৰি হৈ পৰিল। তাতে যিহোৱাৰ প্ৰতাপ তেওঁলোকৰ আগত প্ৰকাশিত হ’ল।
Tedy odszedł Mojżesz i Aaron od ludu do drzwi namiotu zgromadzenia, i upadli na oblicza swoje; i ukazała się chwała Pańska nad nimi.
7 আৰু যিহোৱাই মোচিক ক’লে,
I rzekł Pan do Mojżesza mówiąc:
8 “তুমি লাখুটিডাল লোৱা, আৰু তুমি আৰু তোমাৰ ককায় হাৰোণে সমাজক গোটাই লোৱা। শিলটোৱে পানী উলিয়াই বৈ যাবৰ বাবে, তোমালোকে তেওঁলোকৰ চকুৰ আগতেই শিলটোক আজ্ঞা কৰা। এইদৰে তুমি তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী উলিয়াই সমাজক আৰু তেওঁলোকৰ পশুবোৰকো খুৱাবা।”
Weźmij laskę, a zgromadziwszy wszystek lud, ty i Aaron, brat twój, mówcie do tej skały przed oczyma ich, a wyda wodę swą; i wywiedziesz im wodę z skały, a dasz napój temu mnóstwu, i bydłu ich.
9 তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁৰ আগত পৰা লাখুটি ল’লে।
Tedy wziął Mojżesz laskę przed obliczem Pańskiem, jako mu rozkazał.
10 ১০ তাৰ পাছত মোচি ও হাৰোণে শিলটোৰ আগত সমাজক গোটাই ল’লে, তেওঁ তেওঁলোকক ক’লে, “হে বিদ্ৰোহীহঁত, শুন তহঁতৰ কাৰণে আমি এই শিলৰ পৰা পানী উলিয়াম নে?”
I zgromadził Mojżesz z Aaronem wszystek lud przed skałę, i mówił do nich: Słuchajcież teraz ludzie odporni, izali z tej skały możemy wam wywieść wodę?
11 ১১ এই বুলি মোচিয়ে হাত দাঙি, সেই লাখুটিৰে শিলটোত দুবাৰ কোব মাৰিলে; তেতিয়া অধিক পানী ওলাল আৰু সমাজে আৰু তেওঁলোকৰ পশুবোৰেও পানী খালে।
Zatem podniósł Mojżesz rękę swoję, i uderzył w skałę laską swą dwa kroć, a wyszły wody obfite i piło ono mnóstwo, i bydło ich.
12 ১২ তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোক পবিত্ৰ কৰিবলৈ মোত দৃঢ়ৰূপে বিশ্বাস নকৰিলা; এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁলোকক নুসুমুৱাবা।
I rzekł Pan do Mojżesza i do Aarona: Dlatego, żeście mi nie uwierzyli, abyście mię poświęcili przed oczyma synów Izraelskich, przetoż nie wprowadzicie zgromadzenia tego do ziemi, którąm im dał.
13 ১৩ সেই ঠাইৰ নাম মিৰীবা [বিবাদ] ৰাখিলে; কিয়নো ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰে সৈতে বিবাদ কৰিলে; আৰু তেওঁ তেওঁলোকৰ মাজত পবিত্ৰ হ’ল।
Teć są wody poswarku, o które się swarzyli synowie Izraelscy z Panem, i poświęcony jest w nich.
14 ১৪ পাছত মোচিয়ে কাদেচৰ পৰা ইদোমৰ ৰজাৰ গুৰিলৈ দূত পঠাই ক’লে, তোমাৰ ভায়েৰা ইস্ৰায়েলৰ এই কথা কৈছে: “আমালৈ যি সকলো দুখ ঘটিল, তাক তুমি জানি আছা।
Potem posłał Mojżesz posły z Kades do króla Edomskiego, mówiąc: Tak ci kazał powiedzieć brat twój Izrael: Ty wiesz o wszystkich trudnościach, które przyszły na nas;
15 ১৫ আমাৰ পূৰ্বপুৰুষসকল মিচৰলৈ নামি গৈছিল, সেই মিচৰতে আমি অনেক দিন বাস কৰি আছিলোঁ। আৰু মিচৰীসকলে আমালৈ আৰু আমাৰ পূৰ্বপুৰুষসকললৈ কু-ব্যৱহাৰ কৰিলে।
Jako zstąpili byli ojcowie nasi do Egiptu, i mieszkaliśmy w Egipcie przez wiele lat; i jako nas trapili Egipczanie, i ojce nasze;
16 ১৬ তেতিয়া আমি যিহোৱাৰ আগত কাতৰোক্তি কৰোঁতে, তেওঁ আমাৰ বাক্যলৈ কাণ দিলে, তেওঁ দূত পঠাই মিচৰৰ পৰা আমাক উলিয়াই আনিলে। আৰু এতিয়া চোৱা, আমি তোমাৰ দেশৰ সীমাত থকা কাদেচ নগৰত আছোঁ।
I wołaliśmy do Pana, a wysłuchał głos nasz, i posławszy Anioła, wywiódł nas z Egiptu; a otośmy już w Kades, mieście przy granicy twojej
17 ১৭ বিনয় কৰোঁ, তোমাৰ দেশৰ মাজেদি আমাক যাবলৈ দিয়া। আমি শস্য ক্ষেত্ৰ বা দ্ৰাক্ষা-ক্ষেত্ৰেদি নাযাওঁ আৰু নাদৰ পানীও পান নকৰোঁ, কেৱল ৰাজবাটেদি যাম। তেতিয়ালৈকে তোমাৰ দেশৰ সীমা পাৰ নহোৱালৈকে, সোঁহাতে কি বাওঁহাতে নুঘূৰিম।”
Niech, proszę, przejdziemy przez ziemię twoję; nie pójdziemy przez pola, ani przez winnice, ani będziemy pić wód z twoich studzien; gościńcem pójdziemy, nie uchylimy się na prawo ani na lewo, aż przejdziemy granice twoje.
18 ১৮ তাতে ইদোমৰ ৰজাই তেওঁক উত্তৰ দি ক’লে, “তুমি মোৰ দেশৰ মাজেদি যাব নোৱাৰা; গ’লে মই তৰোৱাল লৈ তোমাৰ বিৰুদ্ধে ওলাম।”
Na to odpowiedział mu Edom: Nie pójdziesz przez moję ziemię, bym snać z mieczem nie wyszedł przeciw tobie.
19 ১৯ তেতিয়া ইস্ৰায়েলৰ সন্তানসকলে তেওঁক ক’লে, “আমি কেৱল ৰাজবাটেদি যাম, যদি মই আৰু মাৰ পশুবোৰে তোমাৰ পানী খায়, তেন্তে মই তাৰ মূল্য দিম; মোক আন একোকে নালাগে, কেৱল মোক খোজকাঢ়ি যাব দিয়া।”
I rzekli mu synowie Izraelscy: Bitym gościńcem pójdziemy, a jeślibyśmy wody twoje pili, my i bydła nasze, zapłacimyć je; nic innego nie żądamy, tylko abyśmy pieszo przeszli.
20 ২০ কিন্তু তেওঁ উত্তৰ দি ক’লে, “তুমি ইয়াৰ মাজেৰে যাবলৈ নোৱৰিবা।” পাছত ইদোমৰ ৰজাই অনেক সৈন্যক লগত লৈ বাহুবল দেখুৱাই তেওঁৰ বিৰুদ্ধে ওলাল।
I powiedział: Nie przejdziesz. I ruszył się Edom przeciwko nim, z wojskiem wielkiem, i możną ręką.
21 ২১ এইদৰে ইদোমৰ ৰজাই ইস্ৰায়েলক নিজ অঞ্চলৰ মাজেদি যাবলৈ অনুমতি দিবলৈ অমান্তি হ’ল। সেইবাবেই ইস্ৰায়েল তেওঁৰ পৰা ঘুৰি আন বাটেদি গ’ল।
A gdy nie chciał Edom pozwolić Izraelowi przejścia przez granice swoje, tedy Izrael uczynił odwrót od niego.
22 ২২ তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে কাদেচৰ পৰা যাত্ৰা কৰি হোৰ পৰ্ব্বত পালেগৈ।
A ruszywszy się z Kades; przyszli synowie Izraelscy i wszystko zgromadzenie do góry Hor.
23 ২৩ তেতিয়া ইদোম দেশৰ সীমাৰ ওপৰত থকা হোৰ পৰ্ব্বতত যিহোৱাই মোচি আৰু হাৰোণক কথা ক’লে,
I rzekł Pan do Mojżesza i do Aarona na górze Hor, nad granicą ziemi Edomskiej, mówiąc:
24 ২৪ “হাৰোণক নিজ লোকসকলৰ লগলৈ নিয়া হ’ব; কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব। কাৰণ মিৰীবা জলৰ ওচৰত তোমালোক দুয়োই মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা।
Będzie Aaron przyłączon do ludu swego; albowiem nie wnijdzie do ziemi, którąm dał synom Izraelskim, przeto żeście odporni byli słowu mojemu przy wodach poswarku.
25 ২৫ তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰক হোৰ পৰ্ব্বতলৈ লৈ যোৱা।
Weźmijże Aarona i Eleazara syna jego, a każ im wstąpić na górę Hor;
26 ২৬ আৰু হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধোৱা। হাৰোণক নিজ লোকসকলৰ লগত নিয়া হ’ব, আৰু তেওঁ সেই ঠাইতে মৰিব।”
I zewlecz Aarona z szat jego, a oblecz w nie Eleazara, syna jego; bo Aaron przyłączon będzie do ludu swego, i tam umrze.
27 ২৭ তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে কৰিলে। তেওঁলোকে গোটেই সমাজৰ আগতে হোৰ পৰ্ব্বতলৈ উঠি গ’ল।
I uczynił Mojżesz, jako rozkazał Pan; i wstąpili na górę Hor przed oczyma wszystkiego zgromadzenia.
28 ২৮ আৰু মোচিয়ে হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধালে। আৰু হাৰোণ সেই পৰ্ব্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মোচি আৰু ইলিয়াজৰ পৰ্ব্বতৰ পৰা নামি আহিল।
I zewlókł Mojżesz Aarona z szat jego, a oblekł w nie Eleazara syna jego; i umarł tam Aaron na wierzchu góry, a Mojżesz z Eleazarem zstąpili z góry.
29 ২৯ যেতিয়া গোটেই সমাজে হাৰোণৰ মৃত্যু হোৱা দেখিলে, তেতিয়া ইস্ৰায়েলৰ গোটেই বংশই হাৰোণৰ কাৰণে ত্ৰিশ দিনলৈকে ক্ৰন্দন কৰিলে।
Widząc tedy wszystko zgromadzenie, iż Aaron umarł, płakali Aarona przez trzydzieści dni, wszystek dom Izraelski.

< গণনা পুস্তক 20 >