< গণনা পুস্তক 16 >

1 পাছত লেবীৰ পৰিনাতি, কহাতৰ নাতিয়েক, যিচহৰৰ পুতেক কোৰহ আৰু ৰূবেণৰ সন্তান সকলৰ মাজৰ, ইলিয়াবৰ পুতেক দাথন আৰু অবীৰাম আৰু পেলতৰ পুতেক ওনে, এওঁলোকে কিছুমান লোকক গোটাই ল’লে।
Ecce autem Core filius Isaar, filii Caath, filii Levi, et Dathan atque Abiron filii Eliab, Hon quoque filius Pheleth de filiis Ruben,
2 ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ দুশ পঞ্চাশজন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজ ভূক্ত নাম জ্বলা লোকক লগত লৈ, মোচিৰ বিৰুদ্ধে উঠিল।
surrexerunt contra Moysen, aliique filiorum Israel ducenti quinquaginta viri proceres synagogæ, et qui tempore concilii per nomina vocabantur.
3 তেওঁলোকে মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খাই তেওঁলোকক ক’লে, “তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা। কিয়নো গোটেই সমাজৰ প্ৰতিজনেই পবিত্ৰ আৰু যিহোৱা তেওঁলোকৰ মাজত আছে; তেন্তে তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”
Cumque stetissent adversum Moysen et Aaron, dixerunt: Sufficiat vobis, quia omnis multitudo sanctorum est, et in ipsis est Dominus: Cur elevamini super populum Domini?
4 যেতিয়া মোচিয়ে সেই কথা শুনিলে, তেওঁ উবুৰি হৈ পৰিল।
Quod cum audisset Moyses, cecidit pronus in faciem:
5 আৰু তেওঁ কোৰহক আৰু তেওঁৰ গোটেই দলটোক ক’লে, “যিহোৱাৰ লোক কোন আৰু কোন পবিত্ৰ, যিহোৱাই তাক ৰাতিপুৱাই জনাব আৰু তাক নিজৰ ওচৰ চপাব; তেওঁ যিজনক মনোনীত কৰিব, তেওঁকেই নিজৰ ওচৰ চপাব।
locutusque ad Core et ad omnem multitudinem: Mane, inquit, notum faciet Dominus qui ad se pertineant, et sanctos applicabit sibi: et quos elegerit, appropinquabunt ei.
6 হে কোৰহ আৰু তোমাৰ গোটেই দল, এই কাম কৰা; ধূপাধাৰ লোৱা
Hoc igitur facite: Tollat unusquisque thuribula sua, tu Core, et omne concilium tuum:
7 তোমালোকে আঙঠা-ধৰালৈ, তাত জুই দি কাইলৈ যিহোৱাৰ আগত তাৰ ওপৰত ধূপ দিবা। তাতে যিহোৱাই তেওঁক মনোনীত কৰিব, সেইজনেই পবিত্ৰ হ’ব। হে লেবীয়া সন্তান সকল, তোমালোকে নিজকে বৰ বুলি মানিছা।
et hausto cras igne, ponite desuper thymiama coram Domino: et quemcumque elegerit, ipse erit sanctus: multum erigimini filii Levi.
8 পাছত মোচিয়ে কোৰহক ক’লে, হে লেবীৰ সন্তান সকল, মোৰ কথা শুনা:
Dixitque rursum ad Core: Audite filii Levi:
9 ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ সমাজৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ সেৱাকৰ্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা?
Num parum vobis est quod separavit vos Deus Israel ab omni populo, et iunxit sibi, ut serviretis ei in cultu tabernaculi, et staretis coram frequentia populi, et ministraretis ei?
10 ১০ তেওঁ তোমাক, আৰু তোমাৰে সৈতে তোমাৰ ভাই লেবীৰ সন্তান সকলক নিজৰ ওচৰ চপাই ৰাখিছে, তথাপি তোমালোকে পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছা নে!
idcirco ad se fecit accedere te et omnes fratres tuos filios Levi, ut vobis etiam sacerdotium vindicetis,
11 ১১ সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰোণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে যিহোৱাক মানি চলে?”
et omnis globus tuus stet contra Dominum? Quid est enim Aaron ut murmuretis contra eum?
12 ১২ তেতিয়া মোচিয়ে ইলিয়াবৰ পুতেক দাথনক আৰু অবীৰামক মাতিবলৈ মানুহ পঠালে, কিন্তু তেওঁলোকে ক’লে, আমি নাযাওঁ।
Misit ergo Moyses ut vocaret Dathan et Abiron filios Eliab. Qui responderunt: Non venimus.
13 ১৩ তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধমধু বোৱা দেশৰ পৰা আনিছা, এয়ে জানো সৰু কথা? তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে?
Numquid parum est tibi quod eduxisti nos de terra, quæ lacte et melle manabat, ut occideres in deserto, nisi et dominatus fueris nostri?
14 ১৪ কেৱল এয়ে নহয়, তুমি আমাক দুগ্ধমধু বোৱা দেশলৈ নিয়া নাই আৰু শস্যৰ খেতি ও দ্ৰাক্ষাবাৰীৰো অধিকাৰ দিয়া নাই। তুমি এই লোকসকলক অন্ধ কৰিবা নে? আমি নাযাওঁ।
Revera induxisti nos in terram, quæ fluit rivis lactis et mellis, et dedisti nobis possessiones agrorum et vinearum. An et oculos nostros vis eruere? Non venimus.
15 ১৫ তাতে মোচিয়ে অতিশয় ক্ৰুদ্ধ হৈ যিহোৱাক জনালে, বোলে, “এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা; মই এওঁলোকৰ পৰা এটা গাধও লোৱা নাই, আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই।”
Iratusque Moyses valde, ait ad Dominum: Ne respicias sacrificia eorum: tu scis quod ne asellum quidem umquam acceperim ab eis, nec afflixerim quempiam eorum.
16 ১৬ পাছত মোচিয়ে কোৰহক ক’লে, “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হ’বা।
Dixitque ad Core: Tu, et omnis congregatio tua, state seorsum coram Domino, et Aaron die crastino separatim.
17 ১৭ তোমালোকে প্ৰতিজনে আঙঠা-ধৰালৈ তাৰ ওপৰত ধূপ দি, নিজ নিজ আঙঠা-ধৰা যিহোৱাৰ আগত লৈ আনিবা। দুশ পঞ্চাশ আঙঠা-ধৰাই আগ কৰিবা; তুমি আৰু হাৰোণেও নিজ নিজ আঙঠা-ধৰা ল’বা।”
Tollite singuli thuribula vestra, et ponite super ea incensum, offerentes Domino ducenta quinquaginta thuribula: Aaron quoque teneat thuribulum suum.
18 ১৮ পাছত তেওঁলোক প্ৰতিজনে নিজ নিজ আঙঠা-ধৰা লৈ, তাৰ ওপৰত জুই ৰাখি, ধূপ দি, মোচি আৰু হাৰোণৰ লগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থিয় হ’ল।
Quod cum fecissent, stantibus Moyses et Aaron,
19 ১৯ আৰু কোৰহে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ অহিতে গোটেই সমাজকে গোট খুৱালে; তেতিয়া যিহোৱাৰ প্ৰতাপ গোটেই সমাজলৈ প্ৰকাশিত হ’ল।
et coacervassent adversum eos omnem multitudinem ad ostium tabernaculi, apparuit cunctis gloria Domini.
20 ২০ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
Locutusque Dominus ad Moysen et Aaron, ait:
21 ২১ “তোমালোক এই সমাজৰ মাজৰ পৰা বেলেগ হোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।”
Separamini de medio congregationis huius, ut eos repente disperdam.
22 ২২ তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”
Qui ceciderunt proni in faciem, atque dixerunt: Fortissime Deus spirituum universæ carnis, num uno peccante, contra omnes ira tua desæviet?
23 ২৩ তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
Et ait Dominus ad Moysen:
24 ২৪ “তুমি সমাজক কোৱা, ‘তোমালোক কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা গুচি যোৱা’।”
Præcipe universo populo ut separetur a tabernaculis Core, et Dathan et Abiron.
25 ২৫ তেতিয়া মোচি উঠি দাথন আৰু অবীৰামৰ ওচৰলৈ গ’ল; আৰু ইস্ৰায়েলৰ বৃদ্ধসকলে তেওঁৰ পাছে পাছে গ’ল।
Surrexitque Moyses, et abiit ad Dathan et Abiron: et sequentibus eum senioribus Israel,
26 ২৬ তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”
dixit ad turbam: Recedite a tabernaculis hominum impiorum, et nolite tangere quæ ad eos pertinent, ne involvamini in peccatis eorum.
27 ২৭ তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰমুখত থিয় হ’ল।
Cumque recessissent a tentoriis eorum per circuitum, Dathan et Abiron egressi stabant in introitu papilionum suorum cum uxoribus et liberis, omnique frequentia.
28 ২৮ পাছত মোচিয়ে কলে, এই সকলো কাৰ্য কৰিবলৈ মোক যে, যিহোৱাই পঠালে, তাক ইয়াৰ দ্বাৰাই জানিবলৈ পাবা। কিয়নো মই নিজ ইচ্ছাৰে তাক কৰা নাই।
Et ait Moyses: In hoc scietis, quod Dominus miserit me ut facerem universa quæ cernitis, et non ex proprio ea corde protulerim:
29 ২৯ আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
Si consueta hominum morte interierint, et visitaverit eos plaga, qua et ceteri visitari solent, non misit me Dominus:
30 ৩০ কিন্তু যিহোৱাই যদি নতুন কাৰ্য কৰে, আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে এওঁলোকে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা। (Sheol h7585)
sin autem novam rem fecerit Dominus, ut aperiens terra os suum deglutiat eos et omnia quæ ad illos pertinent, descenderintque viventes in infernum, scietis quod blasphemaverint Dominum. (Sheol h7585)
31 ৩১ পাছত মোচিয়ে এইবোৰ কথা কৈ শেষ কৰা মাত্ৰকে, তেওঁলোকৰ তলত থকা মাটি ফাটিল,
Confestim igitur ut cessavit loqui, dirupta est terra sub pedibus eorum:
32 ৩২ আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।
et aperiens os suum, devoravit illos cum tabernaculis suis et universa substantia eorum.
33 ৩৩ এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল। (Sheol h7585)
Descenderuntque vivi in infernum operti humo, et perierunt de medio multitudinis. (Sheol h7585)
34 ৩৪ তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইস্ৰায়েলে তেওঁলোকৰ চিঞঁৰ শুনি পলাল। কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, “পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব!”
At vero omnis Israel, qui stabat per gyrum, fugit ad clamorem pereuntium, dicens: Ne forte et nos terra deglutiat.
35 ৩৫ তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।
Sed et ignis egressus a Domino, interfecit ducentos quinquaginta viros, qui offerebant incensum.
36 ৩৬ আকৌ যিহোৱাই মোচিক ক’লে,
Locutusque est Dominus ad Moysen, dicens:
37 ৩৭ “তুমি হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিচঁৰিত কৰি পেলাই দিবলৈ কোৱা; কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ।
Præcipe Eleazaro filio Aaron sacerdoti ut tollat thuribula quæ iacent in incendio, et ignem huc illucque dispergat: quoniam sanctificata sunt
38 ৩৮ নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোকসকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এইহেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তান সকললৈ চিন হ’ব।
in mortibus peccatorum: producatque ea in laminas, et affigat altari, eo quod oblatum sit in eis incensum Domino, et sanctificata sint, ut cernant ea pro signo et monimento filii Israel.
39 ৩৯ তাতে সেই গ্ৰাসিত লোকসকলে উৎসৰ্গ কৰা পিতলৰ আঙঠা ধৰাবোৰ ইলিয়াজৰ পুৰোহিতে নিলে,
Tulit ergo Eleazar sacerdos thuribula ænea, in quibus obtulerant hi quos incendium devoravit, et produxit ea in laminas, affigens altari:
40 ৪০ আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।
ut haberent postea filii Israel, quibus commonerentur ne quis accedat alienigena, et qui non est de semine Aaron ad offerendum incensum Domino, ne patiatur sicut passus est Core, et omnis congregatio eius, loquente Domino ad Moysen.
41 ৪১ তথাপি পাছদিনা ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি ক’লে, “তোমালোকেই যিহোৱাৰ প্ৰজাসকলক বধ কৰিলা।”
Murmuravit autem omnis multitudo filiorum Israel sequenti die contra Moysen et Aaron, dicens: Vos interfecistis populum Domini.
42 ৪২ তেতিয়া মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খালত, তেওঁলোকে সাক্ষাৎ কৰা তম্বুলৈ মুখ ঘূৰাই দেখিলে, যে, মেঘে তাক ঢাকিছে আৰু যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে।
Cumque oriretur seditio, et tumultus incresceret,
43 ৪৩ তেতিয়া মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ আগলৈ গ’ল।
Moyses et Aaron fugerunt ad tabernaculum fœderis. Quod, postquam ingressi sunt, operuit nubes, et apparuit gloria Domini.
44 ৪৪ তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
Dixitque Dominus ad Moysen:
45 ৪৫ “তোমালোকে এই সমাজৰ মাজৰ পৰা আঁতৰি যোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।” তেতিয়া তেওঁলোক উবুৰি হৈ পৰিল।
Recedite de medio huius multitudinis, etiam nunc delebo eos. Cumque iacerent in terra,
46 ৪৬ মোচিয়ে হাৰোণক ক’লে, “তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞবেদীৰ ওপৰৰ পৰা জুই লৈ তাত ধূপ দি, শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়শ্চিত্ত কৰা; কিয়নো যিহোৱাৰ আগৰ পৰা ক্ৰোধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ’ল।”
dixit Moyses ad Aaron: Tolle thuribulum, et hausto igne de altari, mitte incensum desuper, pergens cito ad populum ut roges pro eis: iam enim egressa est ira a Domino, et plaga desævit.
47 ৪৭ গতিকে হাৰোণে মোচিৰ আজ্ঞা অনুসাৰে আঙঠা ধৰা লৈ, সমাজৰ মাজলৈ লৰি গ’ল। তেতিয়া চোৱা, তেওঁলোকৰ মাজত মহামাৰী আৰম্ভ হৈছে, তেতিয়া তেওঁ ধূপ দি লোকসকলক প্ৰায়শ্চিত্ত কৰিলে।
Quod cum fecisset Aaron, et cucurrisset ad mediam multitudinem, quam iam vastabat incendium, obtulit thymiama:
48 ৪৮ আৰু মৰা ও জীয়া লোকসকলৰ মাজত তেওঁ থিয় হোৱাত, মহামাৰী নিবাৰণ হ’ল।
et stans inter mortuos ac viventes, pro populo deprecatus est, et plaga cessavit.
49 ৪৯ যিসকল লোক কোৰহৰ দোষত মৰিছিল, সেইসকলৰ বাহিৰে চৌদ্ধ হাজাৰ সাত শ লোক এই মহামাৰীত মৰিল।
Fuerunt autem qui percussi sunt, quattuordecim millia hominum, et septingenti, absque his qui perierant in seditione Core.
50 ৫০ মহামাৰী নিবাৰণ হোৱাৰ পাছত, হাৰোণ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ মোচিৰ গুৰিলৈ উলটি আহিল।
Reversusque est Aaron ad Moysen ad ostium tabernaculi fœderis postquam quievit interitus.

< গণনা পুস্তক 16 >