< গণনা পুস্তক 14 >

1 পাছত গোটেই সমাজে বৰকৈ ক্রন্দন কৰিলে; সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে।
Igitur vociferans omnis turba flevit nocte illa,
2 আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুভূমিত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল!
et murmurati sunt contra Moysen et Aaron cuncti filii Israël, dicentes:
3 যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?”
Utinam mortui essemus in Ægypto: et in hac vasta solitudine utinam pereamus, et non inducat nos Dominus in terram istam, ne cadamus gladio, et uxores ac liberi nostri ducantur captivi. Nonne melius est reverti in Ægyptum?
4 পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা।”
Dixeruntque alter ad alterum: Constituamus nobis ducem, et revertamur in Ægyptum.
5 তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল।
Quo audito, Moyses et Aaron ceciderunt proni in terram coram omni multitudine filiorum Israël.
6 দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে।
At vero Josue filius Nun et Caleb filius Jephone, qui et ipsi lustraverant terram, sciderunt vestimenta sua,
7 ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক ক’লে, “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পাৰ নাই উত্তম দেশ।
et ad omnem multitudinem filiorum Israël locuti sunt: Terra, quam circuivimus, valde bona est.
8 যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।
Si propitius fuerit Dominus, inducet nos in eam, et tradet humum lacte et melle manantem.
9 কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
Nolite rebelles esse contra Dominum: neque timeatis populum terræ hujus, quia sicut panem ita eos possumus devorare. Recessit ab eis omne præsidium: Dominus nobiscum est, nolite metuere.
10 ১০ কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰিবলৈ ক’লে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তান সকলৰ আগত প্ৰকাশিত হ’ল।
Cumque clamaret omnis multitudo, et lapidibus eos vellet opprimere, apparuit gloria Domini super tectum fœderis cunctis filiis Israël.
11 ১১ পাছত যিহোৱাই মোচিক ক’লে, “এই লোকসকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিও, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব?
Et dixit Dominus ad Moysen: Usquequo detrahet mihi populus iste? quousque non credent mihi, in omnibus signis quæ feci coram eis?
12 ১২ মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম।”
Feriam igitur eos pestilentia, atque consumam: te autem faciam principem super gentem magnam, et fortiorem quam hæc est.
13 ১৩ মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়াসকলে তাক শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা।
Et ait Moyses ad Dominum: Ut audiant Ægyptii, de quorum medio eduxisti populum istum,
14 ১৪ আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।
et habitatores terræ hujus, qui audierunt quod tu, Domine, in populo isto sis, et facie videaris ad faciem, et nubes tua protegat illos, et in columna nubis præcedas eos per diem, et in columna ignis per noctem:
15 ১৫ এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতি সমূহে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব,
quod occideris tantam multitudinem quasi unum hominem, et dicant:
16 ১৬ ‘যিহোৱাই এই লোকসকলক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ’ল, এই কাৰণে অৰণ্যত তেওঁলোকক মাৰিলে।
Non poterat introducere populum in terram pro qua juraverat: idcirco occidit eos in solitudine?
17 ১৭ এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তান সকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা,
Magnificetur ergo fortitudo Domini sicut jurasti, dicens:
18 ১৮ তুমি এই কথা কোৱামতে প্ৰভুৰ মহৎ প্ৰভাৱ দেখা যাওঁক।
Dominus patiens et multæ misericordiæ, auferens iniquitatem et scelera, nullumque innoxium derelinquens, qui visitas peccata patrum in filios in tertiam et quartam generationem.
19 ১৯ বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”
Dimitte, obsecro, peccatum populi hujus secundum magnitudinem misericordiæ tuæ, sicut propitius fuisti egredientibus de Ægypto usque ad locum istum.
20 ২০ তেতিয়া যিহোৱাই ক’লে, “তোমাৰ বাক্যমতে মই তেওঁলোকক ক্ষমা কৰিলোঁ।
Dixitque Dominus: Dimisi juxta verbum tuum.
21 ২১ তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱী যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়,
Vivo ego: et implebitur gloria Domini universa terra.
22 ২২ তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।
Attamen omnes homines qui viderunt majestatem meam, et signa quæ feci in Ægypto et in solitudine, et tentaverunt me jam per decem vices, nec obedierunt voci meæ,
23 ২৩ তেওঁলোকৰ পূৰ্বপুৰুষ সকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব, মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব,
non videbunt terram pro qua juravi patribus eorum, nec quisquam ex illis qui detraxit mihi, intuebitur eam.
24 ২৪ কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব।
Servum meum Caleb, qui plenus alio spiritu secutus est me, inducam in terram hanc, quam circuivit; et semen ejus possidebit eam.
25 ২৫ অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”
Quoniam Amalecites et Chananæus habitant in vallibus. Cras movete castra, et revertimini in solitudinem per viam maris Rubri.
26 ২৬ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে। তেওঁ ক’লে,
Locutusque est Dominus ad Moysen et Aaron, dicens:
27 ২৭ “মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।
Usquequo multitudo hæc pessima murmurat contra me? querelas filiorum Israël audivi.
28 ২৮ তুমি তেওঁলোকক কোৱা, যিহোৱাই এই কথা কৈছে, ‘মোৰ জীৱনৰ শপত’, ‘তোমালোকে মোৰ কাণত যি ক’লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিম
Dic ergo eis: Vivo ego, ait Dominus: sicut locuti estis audiente me, sic faciam vobis.
29 ২৯ তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব।
In solitudine hac jacebunt cadavera vestra. Omnes qui numerati estis a viginti annis et supra, et murmurastis contra me,
30 ৩০ মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব।
non intrabitis terram, super quam levavi manum meam ut habitare vos facerem, præter Caleb filium Jephone, et Josue filium Nun.
31 ৩১ কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।
Parvulos autem vestros, de quibus dixistis quod prædæ hostibus forent, introducam, ut videant terram, quæ vobis displicuit.
32 ৩২ কিন্তু তোমালোকৰ বিষয়ে হ’লে, তোমালোকৰ শৱ এই মৰুভূমিত পতিত হ’ব।
Vestra cadavera jacebunt in solitudine.
33 ৩৩ আৰু তোমালোকৰ সন্তান সকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব।
Filii vestri erunt vagi in deserto annis quadraginta, et portabunt fornicationem vestram, donec consumantur cadavera patrum in deserto,
34 ৩৪ তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা।
juxta numerum quadraginta dierum, quibus considerastis terram: annus pro die imputabitur. Et quadraginta annis recipietis iniquitates vestras, et scietis ultionem meam:
35 ৩৫ মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।”
quoniam sicut locutus sum, ita faciam omni multitudini huic pessimæ, quæ consurrexit adversum me: in solitudine hac deficiet, et morietur.
36 ৩৬ পাছত দেশ চাবলৈ মোচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযশ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল,
Igitur omnes viri, quos miserat Moyses ad contemplandam terram, et qui reversi murmurare fecerant contra eum omnem multitudinem, detrahentes terræ quod esset mala,
37 ৩৭ দেশৰ কুযশ কৰা সেই লোকসকল যিহোৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল।
mortui sunt atque percussi in conspectu Domini.
38 ৩৮ দেশ চাবলৈ যোৱা সেই লোক সকলৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল।
Josue autem filius Nun, et Caleb filius Jephone, vixerunt ex omnibus qui perrexerant ad considerandam terram.
39 ৩৯ মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক সেই সকলো কথা যেতিয়া জনালে, লোকসকলে অতিশয় শোক কৰিলে।
Locutusque est Moyses universa verba hæc ad omnes filios Israël, et luxit populus nimis.
40 ৪০ পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।”
Et ecce mane primo surgentes ascenderunt verticem montis, atque dixerunt: Parati sumus ascendere ad locum, de quo Dominus locutus est: quia peccavimus.
41 ৪১ তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য সাম্ফল নহ’ব।
Quibus Moyses: Cur, inquit, transgredimini verbum Domini, quod vobis non cedet in prosperum?
42 ৪২ তোমালোকে উঠি নাযাবা, কাৰণ যিহোৱা তোমালোকৰ মাজত নাই; গ’লে শত্ৰুৰ আগত পৰাজয় হ’বা।
nolite ascendere: non enim est Dominus vobiscum: ne corruatis coram inimicis vestris.
43 ৪৩ কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”
Amalecites et Chananæus ante vos sunt, quorum gladio corruetis, eo quod nolueritis acquiescere Domino: nec erit Dominus vobiscum.
44 ৪৪ তথাপি তেওঁলোকে কুসাহ কৰি, পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; কিন্তু যিহোৱাৰ নিয়ম চন্দুক আৰু মোচি ছাউনিৰ পৰা নগ’ল।
At illi contenebrati ascenderunt in verticem montis. Arca autem testamenti Domini et Moyses non recesserunt de castris.
45 ৪৫ তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।
Descenditque Amalecites et Chananæus, qui habitabat in monte: et percutiens eos atque concidens, persecutus est eos usque Horma.

< গণনা পুস্তক 14 >