< নেহেমিয়া 9 >

1 তাৰ পাছত সেই মাহৰ চৌবিশ দিনৰ দিনা ইস্ৰায়েলৰ সন্তান সকল সমবেত হৈ লঘোন দি, চট কাপোৰ পিন্ধিলে, আৰু তেওঁলোকে নিজৰ মুৰত ধুলি লগালে।
Потом двадесет четвртог дана тог месеца скупише се синови Израиљеви постећи и у кострети и посувши се земљом.
2 ইস্ৰায়েলৰ-বংশধৰ সকলে বিদেশী সকলৰ পৰা নিজক পৃথক কৰিলে। তেওঁলোকে থিয় হৈ নিজৰ নিজৰ পাপ, আৰু তেওঁলোকৰ পুৰ্ব-পুৰুষ সকলৰ অপৰাধ স্বীকাৰ কৰিলে।
И одвоји се семе Израиљево од свих туђинаца, и стадоше те исповедаху грехе своје и безакоња отаца својих.
3 তেওঁলোকে নিজৰ ঠাইত থিয় হ’ল, আৰু দিনৰ চাৰিভাগৰ এভাগ সময় তেওঁলোকে ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা পুস্তক খন পাঠ কৰিলে, আৰু দিনৰ চাৰিভাগৰ আন এভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰণিপাত কৰি পাপ স্বীকাৰ কৰিলে।
И стајаху на свом месту, те им се читаше закон Господа Бога њиховог четврт дана, а други четврт исповедаху се и поклањаху се Господу Богу свом.
4 লেবীয়া, যেচুৱা, বানী, কদ্মীয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী, আৰু কনানী সকলে খটখটিত থিয় হৈ, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আগত উচ্চস্বৰে স্তুতিগীত কৰিলে।
А Исус и Ваније, Кадмило, Севанија, Вуније, Серевија, Ваније и Хананије попевши се на место подигнуто за Левите вапијаху гласом великим ка Господу Богу свом.
5 তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদ্মীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হোদিয়া, চবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্বাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক।
И рекоше Левити Исус и Кадмило, Ваније, Асавнија, Серевија, Одија, Севанија и Петаја: Устаните, благосиљајте Господа Бога свог од века до века: и да се благосиља име Твоје славно и узвишено сврх сваког благослова и хвале.
6 আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে, পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
Ти си сам Господ; Ти си створио небо, небеса над небесима и сву војску њихову, земљу и све што је на њој, мора и све што је у њима, и Ти оживљаваш све то, и војска небеска Теби се клања.
7 আপুনি সেই ঈশ্ৱৰ যিহোৱা, যি জনে অব্ৰামক মনোনীত কৰি কলদীয়া সকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল।
Ти си Господ Бог, који си изабрао Аврама и извео из Ура халдејског и надео му име Авраам;
8 আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্ৱৰ।
И нашао си срце његово верно пред собом, и учинио си с њим завет да ћеш дати земљу хананску, хетејску, аморејску, ферезејску и јевусејску и гергесејску, да ћеш дати семену његовом, и испунио си речи своје јер си праведан.
9 আপুনি মিচৰত থকা আমাৰ ওপৰ-পিতৃসকলৰ দুখলৈ দৃষ্টি কৰিছিল, আৰু চূফ সাগৰৰ কাষত তেওঁলোকৰ কাতৰোক্তি শুনিছিল।
Јер си погледао на муку отаца наших у Мисиру, и вику њихову видео си на мору црвеном;
10 ১০ আপুনি ফৰৌণক, তেওঁৰ সকলো দাসক, আৰু তেওঁৰ দেশৰ সকলো প্ৰজাবোৰক চিন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল; কাৰণ মিচৰীয়াসকলে তেওঁলোকৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰা কথা আপুনি জানিছিল। কিন্তু আপুনি নিজৰ নাম স্থাপন কৰিলে, যি আজিও একেদৰে আছে।
И учинио си знаке и чудеса на Фараону и на свим слугама његовим и на свем народу земље његове, јер си знао да су обесно поступали с њима; и стекао си себи име, као што се види данас.
11 ১১ আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।
И море си раздвојио пред њима, те пређоше посред мора сувим, и бацио си у дубине оне који их гоњаху као камен у воду.
12 ১২ আপুনি ৰাতি অগ্নি স্তম্ভৰ দ্ৱাৰাই তেওঁলোকৰ পথ পোহৰ কৰি আৰু দিনত মেঘ স্তম্ভৰ দ্ৱাৰাই ছাঁ দি তেওঁলোকক আগুৱাই নিলে।
И у ступу од облака водио си их дању, а ноћу у ступу огњеном светлећи им путем којим ће ићи.
13 ১৩ আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।
И сишао си на гору Синајску и говорио с њима с неба, и дао им судове праве и законе истините, уредбе и заповести добре.
14 ১৪ আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
И обзнанио си им суботу своју свету, и дао им заповести и уредбе и закон преко Мојсија, слуге свог.
15 ১৫ তেওঁলোকৰ ভোক লগা সময়ত আকাশৰ পৰা আহাৰ দিলে, আৰু পিয়াহ গুচাবলৈ শিলৰ পৰা পানী উলিয়ালে। আপুনি যি দেশ দিবলৈ তেওঁলোকক প্রতিজ্ঞা কৰিছিল, সেই দেশলৈ যাবলৈ তেওঁলোকক আজ্ঞা দিলে।
И хлеб с неба дао си им у глади њиховој, и воду из камена извео си им у жеђи њиховој, и рекао си им да иду и наследе земљу за коју си подигао руку своју да ћеш им је дати.
16 ১৬ কিন্তু তেওঁলোক আৰু আমাৰ পূৰ্ব-পুৰুষ সকলে অসন্মান জনক কার্য কৰিলে। তেওঁলোক আঁকোৰগোঁজ আছিল, আৰু আপোনাৰ আজ্ঞাবোৰ শুনা নাছিল।
Али они и оци наши узобестише се и отврднуше вратом својим и не слушаше заповести Твоје.
17 ১৭ তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
Не хтеше слушати, и не опомињаше се чудеса Твојих која си им чинио, него отврднуше вратом својим, и у одмету свом постављаше себи вође да се врате у ропство своје. Али Ти, Боже, који опрашташ који си жалостив и милостив, који дуго трпиш и велике си милости, ниси их оставио.
18 ১৮ তেওঁলোকে যেতিয়া ঈশ্বৰক নিন্দা কৰি সাঁচত ঢালি এটা দামুৰি নিৰ্ম্মাণ কৰি কৈছিল, “মিচৰৰ পৰা আপোনালোকক উলিয়াই অনা ঈশ্বৰ এৱেঁই” তথাপিও আপুনি তেওঁলোকক ত্যাগ কৰ নাছিল।
И онда кад начинише себи теле ливено и рекоше: Ово је твој Бог који те је извео из Мисира, и хулише веома,
19 ১৯ আপোনাৰ দয়াৰ গুণে তেওঁলোকক আপুনি মৰুভূমিত ত্যাগ কৰা নাছিল। তেওঁলোকক বাটত লৈ যাবলৈ দিনত মেঘ স্তম্ভ আৰু ৰাতি পোহৰ দিবলৈ অগ্নি স্তম্ভ তেওঁলোকৰ পৰা দূৰ কৰা নাছিল।
Ни онда их ради велике милости своје ниси оставио у пустињи; ступ од облака није одступао од њих дању водећи их путем, нити ступ огњени ноћу светлећи им путем којим ће ићи.
20 ২০ আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মঙ্গলময় আত্মা তেওঁলোকক দান কৰিলে, আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্রত্যাহাৰ নকৰিলে, আৰু তেওঁলোকৰ পিয়াহ গুচাবলৈ তেওঁলোকক পানী দিলে।
И дао си им добри свој дух да их уразумљује, и мане своје ниси устегао од уста њихових, и воде си им дао у жеђи њиховој.
21 ২১ আপুনি চল্লিশ বছৰলৈকে মৰুভূমিত তেওঁলোকক প্ৰতিপালন কৰি আছিলে। তেওঁলোকৰ একো বস্তুৰে অভাৱ হোৱা নাছিল। তেওঁলোকৰ কাপোৰ ফটা নাছিল আৰু তেওঁলোকৰ ভৰিও ফুলা নাছিল।
И четрдесет година хранио си их у пустињи, ништа им није недостајало: одело им не оветша и ноге им не отекоше.
22 ২২ আপুনি তেওঁলোকক ৰাজ্য সমূহ আৰু লোকসকল দিলে আৰু তেওঁলোকক চাৰিও দিশে ভূমি প্রদান কৰিলে। সেয়ে তেওঁলোকে ৰজা হিচবোনৰ চীহোন দেশ, আৰু ৰজা বাচানৰ ওগ দেশ অধিকাৰ কৰিলে।
И дао си им царства и народе, и поделио си их по крајевим, јер наследише земљу Сионову, земљу цара есевонског, и земљу цара васанског;
23 ২৩ আপুনি তেওঁলোকৰ সন্তানক আকাশ-মণ্ডলৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে, আৰু তেওঁলোকক আপুনি তেওঁলোকৰ দেশলৈ আনিলে। আপুনি তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলক ক’লে, “তালৈ যোৱা আৰু অধিকাৰ কৰা।”
И умножио си синове њихове као звезде небеске, и увео си их у земљу за коју си рекао оцима њиховим да ће ући у њу и наследити је.
24 ২৪ সেয়ে লোকসকলে তালৈ গৈ দেশ অধিকাৰ কৰিলে, আৰু আপুনি সেই দেশ নিবাসী কনানীয়া সকলক তেওঁলোকৰ বশীভূত কৰিলে। তেওঁলোকে ভাল পোৱাৰ দৰে ইস্রায়েলী সকলে যাতে কৰে, সেয়ে তেওঁলোকৰ দেশৰ ৰজাৰ সৈতে লোক সকলকো আপুনি তেওঁলোকৰ হাতত শোধাই দিলে।
И уђоше синови њихови и наследише земљу, и покорио си им Хананеје, становнике земаљске и предао их у њихове руке, и цареве њихове и народе земаљске, да чине од њих шта им је воља.
25 ২৫ তেওঁলোকে গড়েৰে আবৃত নগৰবোৰ আৰু এখন উৰ্বৰা দেশ অধিকাৰ কৰিলে। তেওঁলোকে সকলো উত্তম বস্তুৰে ভৰি থকা ঘৰ সমূহ, ইতিমধ্যে খান্দি থোৱা নাদ, দ্ৰাক্ষাবাৰী, জিত বাৰী, আৰু ফল ধৰা বহুত গছ অধিকাৰ কৰিলে। সেয়ে তেওঁলোকে সেইবোৰ খাই তৃপ্ত হ’ল, আৰু আপোনাৰ মহান দয়াত তেওঁলোকে আনন্দ কৰিলে।
И тако узеше тврде градове и земљу родну, и наследише куће пуне сваког добра, студенце ископане, винограде маслинике и воћке многе, и једоше и наситише се и угојише се, и благоваху по великој Твојој доброти.
26 ২৬ তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
Али Те разгневише и одметнуше се од Тебе: бацише закон Твој за леђа и пророке Твоје побише, који им сведочаху да би их обратили ка Теби и хулише веома.
27 ২৭ যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
Зато си их давао у руке непријатељима њиховим који их мучаше. А кад у невољи својој викаше к Теби Ти си их услишио с неба и по великој милости својој давао си им избавитеље, који их избављаху из руку непријатеља њихових.
28 ২৮ কিন্তু তেওঁলোকে কিছুদিন স্থিৰে থকাৰ পাছত, পুনৰ তেওঁলোকে আপোনাৰ সাক্ষাতে কু-আচৰণ কৰিলে। সেয়ে আপুনি তেওঁলোকক তেওঁলোকৰ শত্রুবোৰৰ হাতত শোধাই দিলে, আৰু শত্রুবোৰে তেওঁলোকৰ ওপৰত শাসন কৰিলে। তথাপি তেওঁলোকে যেতিয়া ঘূৰি আহি আপোনাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি আপোনাৰ কৃপাৰ গুণে বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
Али чим отпочинуше, опет чинише зло пред Тобом, зато си их остављао у рукама непријатеља њихових да владају њима; а кад се обраћаше и викаше к Теби, Ти си их услишио с неба и избављао их по милости својој много пута.
29 ২৯ আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।
И опомињао си их да би их обратио к закону свом, али они беху обесни и не слушаше заповести Твоје и грешише о Твоје законе које ко врши жив ће бити кроз њих; и измичући рамена своја отврднуше вратом својим и не слушаше.
30 ৩০ আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে, আৰু ভাববাদীৰ দ্ৱাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত শোধাই দিলে।
И трпео си их много година опомињући их духом својим преко пророка својих; али не слушаше; тада си их дао у руке народима земаљским.
31 ৩১ কিন্তু আপোনাৰ মহান অনুগ্রহৰ বাবে আপুনি তেওঁলোকক সম্পুৰ্ণভাৱে শেষ নকৰিলে আৰু ত্যাগো নকৰিল; কিয়নো আপুনি দয়ালু আৰু কৃপাময় ঈশ্বৰ।
Али ради милости своје велике ниси дао да сасвим пропадну нити си их оставио, јер си Бог милостив и жалостив.
32 ৩২ সেয়ে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্বৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
Сада дакле, Боже наш, Боже велики, силни и страшни, који чуваш завет и милост, немој да је мало пред Тобом што нас снађе сва ова мука, цареве наше, кнезове и свештенике наше и пророке наше и оце наше и сав народ Твој од времена царева асирских до данас.
33 ৩৩ আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়ৱান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে; কিন্তু আমি কু-আচৰণ কৰিলোঁ।
Ти си праведан у свему што нас је снашло, јер си Ти право учинио, а ми смо безбожно радили.
34 ৩৪ আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, আৰু আমাৰ পূৰ্ব-পুৰুষসকলে আপোনাৰ বিধান পালন নকৰিলে। আপোনাৰ বিধান আৰু আজ্ঞা অনুসাৰে সাৱধান কৰা কথালৈও তেওঁলোকে মনোযোগ নিদিলে।
И цареви наши, кнезови наши и оци наши не извршаваше закон Твој нити марише за заповести Твоје и сведочанства Твоја, којима си им сведочио.
35 ৩৫ এনেকি তেওঁলোকৰ নিজৰ ৰাজ্যত, তেওঁলোকে যেতিয়া আপোনাৰ মহান দয়াত তেওঁলোকক দিয়া বৃহৎ আৰু উৰ্বৰা দেশ উপভোগ কৰিছিল, তেতিয়াও তেওঁলোকে আপোনাৰ সেৱা-ভক্তি কৰা নাছিল, আৰু তেওঁলোকৰ কু-আচৰণ ত্যাগ কৰা নাছিল।
Јер у царству свом и у великом добру Твом које си им чинио, и у земљи пространој и родној коју си им дао, не служише Теби нити се повратише од злих дела својих.
36 ৩৬ বৰ্তমান আমি বন্দী, আপুনি আমাৰ পূৰ্ব-পুৰুষ সকলক ইয়াৰ ফল আৰু উত্তম বস্তু উপভোগ কৰিবলৈ দিছিল। চাওক, আমি সেই দেশতেই বন্দী হৈ আছোঁ।
Ево, ми смо данас робови; и још у земљи, коју си дао оцима нашим да једу род њен и добра њена, ево ми смо робови у њој.
37 ৩৭ আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ-জন্তুবোৰৰ ওপৰত ৰাজত্ৱ কৰে। সেয়ে আমি বৰ দুখত আছোঁ।
И она род свој обилати рађа царевима које си поставио над нама за грехе наше, и који господаре над нашим телима и над стоком нашом по својој вољи, те смо у великој тескоби.
38 ৩৮ এই সকলোৰ কাৰণে, আমি লিখিতভাৱে প্রতিজ্ঞাৱদ্ধ হ’লো, আমাৰ কোঁৱৰ, লেবীয়া আৰু পুৰোহিতসকলৰ নামেৰে সেই নথি পত্র মোহৰ মৰা হ’ল।”
А ради свега тога чинимо тврд завет и пишемо, а кнезови наши, Левити наши, свештеници наши печате.

< নেহেমিয়া 9 >