< নেহেমিয়া 8 >

1 জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে।
Тада се скупи сав народ једнодушно на улицу која је пред вратима воденим, и рекоше Јездри књижевнику да донесе књигу закона Мојсијевог који даде Господ Израиљу.
2 সপ্তম মাহৰ প্ৰথম দিনা ইজ্ৰা পুৰোহিতে সমাজৰ আগলৈ, স্ত্ৰী-পুৰুষ আদি যিমান লোকে শুনিব আৰু বুজিব পাৰে, তেওঁলোকৰ ওচৰলৈ সেই পুস্তক আনিলে।
И донесе Јездра свештеник закон пред збор, у коме беху људи и жене и сви који могаху разумети, првог дана седмог месеца.
3 জল-দুৱাৰৰ আগত থকা মুকলি ঠাইৰ ফালে মুখ কৰি, স্ত্ৰী-পুৰুষ আদি যিমানে বুজিব পাৰে, তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰ বেলালৈকে তাক পাঠ কৰিলে। সকলো লোকে সেই ব্যৱস্থা-পুস্তকৰ কথা মনদি শুনিলে।
И чита је на улици која је пред вратима воденим од јутра до подне пред људима и женама и оним који могаху разумети, и уши свему народу беху обраћене ка књизи законској.
4 ইজ্ৰা অধ্যাপকে, সেই কাৰ্যৰ কাৰণে সজা এখন ওখ কাঠৰ মঞ্চৰ ওপৰত থিয় হৈছিল। তেওঁৰ ওচৰত সোঁ ফালে মত্তিথিয়া, চেমা, অনায়া, উৰিয়া, হিল্কিয়া, আৰু মাচেয়া, আৰু বাওঁফালে পদায়া, মিচায়েল, মল্কিয়া, হাচুম, হচবদ্দানা, জখৰিয়া আৰু মচুল্লম থিয় হৈছিল।
А Јездра књижевник стајаше на месту повисоку, које беху начинили од дрвета за то; и до њега стајаше Мататија и Сема и Анаја и Урија и Хелкија и Масија с десне стране, а с леве Федаја и Мисаило и Малахија и Асум и Асвадана, Захарија и Месулам.
5 তাৰ পাছত ইজ্ৰাই সকলো লোকতকৈ ওখ ঠাইত থিয় হৈ সকলো লোকে দেখাকৈ পুস্তকখন মেলিলে। তেওঁ পুস্তকখন মেলা মাত্ৰে সকলো লোক উঠি থিয় হ’ল।
И отвори Јездра књигу на видику свем народу, јер беше више свега народа, и кад је отвори, уста сав народ.
6 ইজ্ৰাই মহান ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু সকলো লোকে হাত দাঙি উত্তৰ দিলে, “আমেন!, আমেন!” তাৰ পাছত মুৰ দোঁৱাই মাটিত উবুৰি হৈ যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।
И Јездра благослови Господа Бога великог, а сав народ одговори: Амин, амин, подигнувши руке своје, па се савише и поклонише се Господу лицем до земље.
7 আৰু যেচুৱা, বানী, চেৰেবিয়া, যামীন, অক্কুব, চবথয়, হোদিয়া, মাচেয়া, কলীটা, অজৰিয়া, যোজাবদ, হানন, পলায়া, আৰু লেবীয়াসকলে, নিজ নিজ ঠাইত থিয় হৈ থকা লোকসকলক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজিবলৈ সহায় কৰিলে।
А Исус и Ваније и Сервевија, Јамин, Акув, Саветај, Одија, Масија, Келита, Азарија, Јозавад, Анан, Фелаја и други Левити поучаваху народ закону, и народ стајаше на месту.
8 তাৰ পাছত তেওঁলোকে স্পষ্টকৈ ঈশ্বৰৰ ব্যৱস্থা-পুস্তক পাঠ কৰিলে, আৰু লোকসকলে বুজিব পৰাকৈ তাৰ অৰ্থ বুজাই দিলে।
И читаху књигу, закон Божји, разговетно и разлагаху смисао, те се разумеваше шта се читаше.
9 দেশাধ্যক্ষ নহিমিয়া, অধ্যাপক আৰু পুৰোহিত ইজ্ৰা, আৰু লেবীয়াসকল যি সকলে অৰ্থ বুজাই দিছিল, তেওঁলোকে লোকসকলক ক’লে, “আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে শোক নকৰিব আৰু নাকান্দিব।” কাৰণ ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দি আছিল।
Потом Немија, који је Тирсата, и свештеник Јездра књижевник и Левити који научаваху народ, рекоше свему народу: Овај је дан свет Господу Богу вашем; не тужите ни плачите. Јер плакаше сав народ слушајући шта говори закон.
10 ১০ তেতিয়া নহিমিয়াই তেওঁলোকক ক’লে, “যাওক, চৰ্বি জাতীয় বস্তু ভোজন কৰক, আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই, তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক। কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব; কাৰণ যিহোৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি।”
И рече им: Идите и једите претило и пијте слатко и шаљите делове онима који немају ништа зготовљено, јер је овај дан свет Господу нашем. Зато не будите жалосни, јер је радост Господња ваша сила.
11 ১১ সেয়ে লেবীয়াসকলে লোকসকলক শান্ত কৰি ক’লে, “মনে মনে থাকক, কাৰণ আজি পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব।”
И Левити утишаше народ говорећи: Ћутите, јер је овај дан свет, и не будите жалосни.
12 ১২ তেতিয়া তেওঁলোকক বুজাব বিচাৰা কথা বুজি, খোৱা-বোৱা কৰিবলৈ, আৰু আহাৰ ভাগ কৰি খাবলৈ, আৰু অতিশয় আনন্দেৰে উদযাপন কৰি সকলো লোক নিজ বাটে গ’ল।
И отиде сав народ да једе и пије и да шаље делове, и веселише се веома што разумеше речи које им се казаше.
13 ১৩ তাৰ পাছত দ্বিতীয় দিনা সকলো লোকৰ পিতৃ বংশৰ মূল লোক, পুৰোহিত, আৰু লেবীয়াসকলে ব্যৱস্থা পুস্তকৰ বাক্য গভীৰ ভাবে বুজিবলৈ ইজ্ৰা অধ্যাপকৰ ওচৰলৈ আহি গোট খালে।
А сутрадан скупише се главари домова отачких из свега народа, свештеници и Левити, к Јездри књижевнику да уче шта закон говори.
14 ১৪ তেওঁলোকে, ব্যৱস্থা পুস্তকত লিখা কথাৰ পৰা গম পালে যে, কি দৰে মোচিৰ দ্বাৰাই যিহোৱাই আদেশ কৰা অনুযায়ী, ইস্ৰায়েলৰ সন্তান সকলে সপ্তম মাহৰ পৰ্ব্বৰ কালত গৃহত থাকিব লাগে।
И нађоше написано у закону да је Господ заповедио преко Мојсија да синови Израиљеви бораве у сеницама на празник седмог месеца.
15 ১৫ আপোনালোকে ইয়াত লিখাৰ দৰে যিৰূচালেমত আৰু তেওঁলোকৰ সকলো নগৰত এই কথা ঘোষণা কৰি ক’ব লাগে যে, “অস্থায়ী আশ্ৰয় গৃহ সাজিবৰ কাৰণে পৰ্ব্বতলৈ গৈ জলফাই গছ, বনৰীয়া জিত গছ আৰু মেন্দি গছৰ ডাল, খাজুৰ পাত আৰু ছাঁ দিয়া গছৰ পাত আনক।”
И објавише и прогласише по свим градовима својим и у Јерусалиму говорећи: Идите у гору, и донесите грање маслиново и грање од дивље маслине и грање миртово и палмово и грање од шумнатих дрвета, да начините сенице, како је написано.
16 ১৬ সেয়ে লোকসকলে ওলাই গৈ সেইবোৰ আনি প্ৰতেকে নিজৰ বাবে তেওঁলোকৰ নিজৰ চোতালত, ঈশ্বৰৰ গৃহৰ চোতাল বোৰত, জল-দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত আৰু ইফ্ৰয়িমৰ দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত গৃহ সাজিলে।
И народ изиђе и донесе и начини сенице сваки на свом крову и у свом трему и у тремовима дома Божјег и на улици код врата водених и на улици код врата Јефремових.
17 ১৭ সমবেত হোৱা লোকসকলৰ, যি সকল বন্দী অৱস্থাৰ পৰা ঘূৰি আহিছিল, গৃহ সাজি তাত বাস কৰিলে। কাৰণ নুনৰ পুত্ৰ যেচুৱাৰ দিনৰে পৰা সেই দিনলৈকে ইস্ৰায়েলৰ সন্তান সকলে এই পৰ্ব পালন কৰা নাছিল; সেয়ে অধিক আনন্দ হ’ল।
И тако начини сенице сав збор, што се беше вратио из ропства, и борављаху под сеницама. А од времена Исуса, сина Навиног, до тог дана не чинише тако синови Израиљеви. И би весеље веома велико.
18 ১৮ ইজ্ৰাই প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতি দিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব্ব পালন কৰিলে; আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্ম-সভা পালন কৰিলে।
И читаше се књига закона Божјег сваки дан, од првог дана до последњег; и празноваше празник седам дана, а осми дан би сабор, како је уређено.

< নেহেমিয়া 8 >