< নেহেমিয়া 6 >

1 চনবল্লট, টোবিয়া, আৰবীয়া গেচম, আৰু আমাৰ অৱশিষ্ট শত্রুবোৰে যেতিয়া শুনিলে, যে মই দেৱাল পুনৰ নিৰ্ম্মাণ কৰিলোঁ; যদিও মই নগৰৰ চৌকাঠবোৰত দুৱাৰ খুউৱা নাছিলোঁ তথাপিও দেৱালত এটাও মুকলি হৈ থকা ভঙা অংশ বাদ পৰা নাছিল।
I stalo se, když uslyšel Sanballat a Tobiáš, a Gesem Arabský i jiní nepřátelé naši, že bych vystavěl zed, a že nezůstalo v ní mezery, ačkoli jsem ještě až do toho času nevstavil vrat do bran,
2 তেতিয়া চনবল্লট আৰু গেচমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “আহাঁ, আমি ওনো সমথলৰ কোনো এখন ঠাইত ল’গ হ’বলৈ গোট খাওহঁক।” কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল।
Že poslal Sanballat a Gesem ke mně, řka: Přiď, a rozmluvíme spolu ve vsi na rovinách Ono. Ale oni mé zlé obmýšleli.
3 মই তেওঁলোকলৈ বাৰ্ত্তাবাহকক কৈ পঠিয়ালোঁ, “মই এটা ডাঙৰ কাম কৰি আছোঁ, আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম?”
Takž jsem poslal k nim posly, řka: Dílo veliké dělám, protož nemohu odjíti. Což se má meškati dílo, když bych je opustě, k vám sjíti měl?
4 তেওঁলোকে মোৰ ওচৰলৈ চাৰিবাৰ সেই বৰ্ত্তা পঠালে, আৰু মই তেওঁলোকক প্রতিবাৰে একে দৰেই উত্তৰ দিলোঁ।
I posílali ke mně na týž způsob čtyřikrát, a odpověděl jsem jim týmiž slovy.
5 পঞ্চমবাৰ চনবল্লটে এখন খোলা চিঠিৰ সৈতে একে দৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে।
Potom poslal ke mně Sanballat na tentýž způsob po páté služebníka svého s listem otevřeným.
6 তাত এই দৰে লিখা আছিল, “দেশৰ মাজত এই সম্বাদ দিয়া হৈছে, আৰু গেচমেও কৈছে যে, আপুনি আৰু যিহুদীসকলে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰি আছে। সেই কাৰণে আপুনি পুনৰ দেৱাল নিৰ্ম্মাণ কৰিছে। এই সম্বাদৰ মতে, আপুনি তেওঁলোকৰ ৰজা হ’বলৈ খুজিছে।
V kterémž bylo psáno: Slyší se mezi národy, jakž Gasmu praví, že ty a Židé myslíte se zprotiviti, a že ty proto stavíš zed, abys králem jejich byl, jakž se to dokoná.
7 আৰু যিৰূচালেমত আপোনাৰ বিষয়ে প্ৰচাৰ কৰাবলৈ আপুনি ভাববাদী সকলকো নিযুক্ত কৰিছে, তেওঁলোকে কৈছে, ‘যিহূদা দেশত এজন ৰজা আছে!’ এই সম্বাদ ৰজাই যে শুনিব আপুনি নিশ্চিত। সেই কাৰণে আহক, আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁহক।
Také žes i proroky postavil, aby hlásali o tobě v Jeruzalémě, řkouce: Král v Judstvu. Nyní tedy uslyší král ty věci. Protož přiď, a poradíme se spolu.
8 তাৰ পাছত মই তেওঁৰ ওচৰলৈ কৈ পঠালোঁ, “আপুনি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ আপোনাৰ মনেৰে সাজি কোৱা কথা।”
Tedy poslal jsem k němu, řka: Neníť toho nic, což ty pravíš, ale sám sobě to vymýšlíš.
9 তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।
Nebo všickni ti nás ustrašiti se snažovali, myslíce: Oslábnou ruce jejich při díle, a nedokoná se to. Ale však ty, ó Bože, posilň rukou mých.
10 ১০ মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”
A když jsem všel do domu Semaiáše syna Delaiášova, syna Mehetabelova, kterýž se byl zavřel, řekl mi: Sejděme se do domu Božího, do vnitřku chrámu, a zavřeme dvéře chrámové; nebo přijdou, chtíc tě zamordovati. A to v noci přijdou, aby tě zamordovali.
11 ১১ মই উত্তৰ দিলোঁ, “মোৰ দৰে মানুহ এজনে পলাব নে? আৰু মোৰ দৰে মানুহ এজনে মাত্র জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাব নে? মই ভিতৰলৈ নাযাওঁ।”
Jemuž jsem řekl: Takový-liž by muž, jako jsem já, utíkati měl? Aneb kdo jest tak, jako jsem já, ješto by vejda do chrámu, živ byl? Nevejduť.
12 ১২ মই অনুভৱ কৰিছিলোঁ যে, ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টোবিয়া আৰু চনবল্লটে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
I poznal jsem, a aj, Bůh neposlal ho, ale proroctví to mluvil proti mně, že ho Tobiáš a Sanballat byli ze mzdy najali.
13 ১৩ মোক ভয় খুৱাবৰ বাবে তেওঁলোকে তেওঁক ভাড়া দিছিল। তেওঁ যি কৈছিল, সেই দৰে কাম কৰি মই যেন পাপ কৰোঁ, আৰু তেওঁলোকে মোক দুৰ্নাম কৰি লজ্জিত কৰিব পাৰে, এই কাৰণেই তেওঁক ভাড়া দিয়া হৈছিল।
Proto pak ze mzdy byl najat, abych já ustrašen jsa, učinil to a zhřešil, aby mi to bylo u nich k zlé pověsti, čímž by mi utrhali.
14 ১৪ হে মোৰ ঈশ্বৰ, টোবিয়া আৰু চনবল্লটৰ এই কাৰ্য অনুসাৰে তেওঁলোকক, আৰু মোক ভয় দেখুৱাব খোজা নোৱদিয়া ভাববাদিনী আৰু অৱশিষ্ট ভাববাদী সকলকো সোঁৱৰণ কৰা।
Budiž pamětliv, můj Bože, na Tobiáše a Sanballata, podlé těch skutků jejich, i na Noadii prorokyni, a na jiné proroky, kteříž strašili mne.
15 ১৫ ইলুল মাহৰ পঁচিশ দিনৰ দিনা, বাৱন্ন দিনৰ পাছত সেই দেৱাল সাজি সমাপ্ত হ’ল।
A tak dodělána jest zed ta pětmecítmého dne měsíce Elul v padesáti a dvou dnech.
16 ১৬ আমাৰ সকলো শত্রুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে, আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে। কিয়নো তেওঁলোকে জানিবলৈ পালে যে, এই কাম ঈশ্বৰৰ সহায়ৰ দ্ৱাৰাই সিদ্ধ হ’ল।
To když uslyšeli všickni nepřátelé naši, a viděli všickni národové, kteříž byli vůkol nás, ulekli se velmi; nebo poznali, že od Boha našeho působeno bylo dílo to.
17 ১৭ সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।
Také v těch dnech i listy často posílali přednější Judští k Tobiášovi, tolikéž od Tobiáše docházely k nim.
18 ১৮ তাতে যিহূদাৰ অনেক লোকে তেওঁৰ পক্ষে শপত খাইছিল; সেই বাবে তেওঁলোক বাধ্যত পৰিছিল। কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোঁৱায়েক আছিল। তেওঁৰ পুত্ৰ যিহোহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল।
Nebo mnozí v Judstvu měli s ním přísahu, proto že byl zetěm Sechaniáše syna Arachova, a Jochanan syn jeho pojal byl dceru Mesullama syna Berechiášova.
19 ১৯ তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্য্যৰ কথা কৈছিল, আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টোবিয়াই চিঠি পঠিয়াইছিল।
K tomu i dobré činy jeho vypravovali přede mnou, a řeči mé vynášeli k němu. Listy pak posílal Tobiáš, aby mne ustrašil.

< নেহেমিয়া 6 >