< নেহেমিয়া 11 >

1 সেই লোক সকলৰ মুখ্য লোক সকল আৰু অৱশিষ্ট লোক সকলৰ দহ জনৰ মাজত এজনক যিৰূচালেমত আৰু আন ন জনক বেলেগ নগৰত বাস কৰিবলৈ দিবৰ বাবে চিঠি খেলালে।
民のつかさたちはエルサレムに住み、その他の民はくじを引いて、十人のうちからひとりずつを、聖都エルサレムに来て住ませ、九人を他の町々に住ませた。
2 আৰু যি সকলে নিজ ইচ্ছাৰে যিৰূচালেমত বাস কৰিব খুজিছিল, তেওঁলোকক লোক সকলে আশীৰ্ব্বাদ কৰিলে।
またすべてみずから進みでてエルサレムに住むことを申し出た人々は、民はこれを祝福した。
3 যিৰূচালেমত বাস কৰা প্রাদেশীক বিষয়া সকল এওঁলোক। যি কি নহওক, যিহূদাৰ নগৰ বোৰত থকা প্রতিজন লোক আৰু তেওঁলোকৰ লগত ইস্ৰায়েলী লোক, পুৰোহিত, লেবীয়া, মন্দিৰৰ দাস, আৰু চলোমনৰ দাস সকলৰ বংশধৰ সকলে নিজৰ দেশত বাস কৰিলে।
さてエルサレムに住んだこの州の長たちは次のとおりである。ただしユダの町々ではおのおのその町々にある自分の所有地に住んだ。すなわちイスラエルびと、祭司、レビびと、宮に仕えるしもべ、およびソロモンのしもべであった者たちの子孫である。
4 যিহূদাৰ বংশৰ কিছুমান আৰু বিন্যামীনৰ বংশৰ কিছুমান লোক যিৰূচালেমত বাস কৰিলে। যিহূদাৰ পৰা অহা লোক সকলৰ অন্তৰ্ভুক্ত সকল: পেৰচৰ বংশৰ মহলেলৰ পুত্র চফটিয়া, চফটিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্র উজ্জিয়া, আৰু উজ্জিয়াৰ পুত্র অথায়া।
そしてエルサレムにはユダの子孫およびベニヤミンの子孫のうちのある者たちが住んだ。すなわちユダの子孫ではウジヤの子アタヤで、ウジヤはゼカリヤの子、ゼカリヤはアマリヤの子、アマリヤはシパテヤの子、シパテヤはマハラレルの子、マハラレルはペレヅの子孫である。
5 আৰু তাত চীলোনীয়াৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্র যোয়াৰীব, যোয়াৰীবৰ পুত্র অদায়া, অদায়াৰ পুত্র হজায়া, হজায়াৰ পুত্র কলহোজি, কলহোজিৰ পুত্র বাৰূক, আৰু বাৰূকৰ পুত্ৰ মাচেয়া আছিল।
またバルクの子マアセヤで、バルクはコロホゼの子、コロホゼはハザヤの子、ハザヤはアダヤの子、アダヤはヨヤリブの子、ヨヤリブはゼカリヤの子、ゼカリヤはシロニびとの子である。
6 যিৰূচালেম-নিবাসী পেৰচৰ পুত্র সকল সৰ্ব্বমুঠ চাৰি শ আঠষষ্টি জন। তেওঁলোক জাকত-জিলিকা লোক আছিল।
ペレヅの子孫でエルサレムに住んだ者は合わせて四百六十八人で、みな勇敢な人々である。
7 বিন্যামীন বংশৰ পৰা এওঁলোক: ঈথীয়েলৰ পুত্র যিচয়া, যিচয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্র কোলায়া, কোলায়াৰ পুত্ৰ পদায়া, পদায়াৰ পুত্ৰ যোৱেদ, যোৱেদৰ পুত্ৰ মচুল্লম, আৰু মচুল্লমৰ পুত্ৰ চল্লু আছিল।
ベニヤミンの子孫では次のとおりである。すなわちメシュラムの子サルで、メシュラムはヨエデの子、ヨエデはペダヤの子、ペダヤはコラヤの子、コラヤはマアセヤの子、マアセヤはイテエルの子、イテエルはエサヤの子である。
8 তেওঁৰ পাছত গব্বয় আৰু চল্লয় আছিল, সৰ্ব্বমুঠ ন শ আঠাইশ জন।
その次はガバイおよびサライなどで合わせて九百二十八人。
9 জিখ্ৰীৰ পুত্ৰ যোৱেলে তেওঁলোকৰ তত্বাৱধান কৰিছিল, আৰু হচ্চনূৱাৰ পুত্ৰ যিহূদা নগৰৰ দ্বিতীয় সেনাপতি আছিল।
ジクリの子ヨエルが彼らの監督である。ハッセヌアの子ユダがその副官として町を治めた。
10 ১০ পুৰোহিত সকলৰ পৰা এওঁলোক: যোয়াৰীবৰ পুত্ৰ যিদয়া, যাখীন,
祭司ではヨヤリブの子エダヤ、ヤキン、
11 ১১ অহীটুবৰ পুত্ৰ মৰায়োত, মৰায়োতৰ পুত্ৰ চাদোক, চাদোকৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্ৰ হিল্কিয়া, হিল্কিয়াৰ পুত্ৰ চৰায়া ঈশ্বৰৰ গৃহৰ পৰিচালক আছিল।
および神の宮のつかさセラヤで、セラヤはヒルキヤの子、ヒルキヤはメシュラムの子、メシュラムはザドクの子、ザドクはメラヨテの子、メラヨテはアヒトブの子である。
12 ১২ আৰু তেওঁলোকৰ সহযোগী লোক যি সকলে গোষ্ঠীৰ কাম সমূহ কৰিছিল, তেওঁলোক সৰ্ব্বমুঠ আঠ শ বাইশ জন আছিল। তেওঁলোকৰ লগতে মল্কীয়াৰ পুত্ৰ পচহুৰ, পচহুৰৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্ৰ অমচি, অমচিৰ পুত্ৰ পললিয়া, পললিয়াৰ পুত্ৰ যিহোৰাম, আৰু যিহোৰামৰ পুত্র অদায়া আছিল।
宮の務をするその兄弟は八百二十二人あり、また、エロハムの子アダヤがある。エロハムはペラリヤの子、ペラリヤはアムジの子、アムジはゼカリヤの子、ゼカリヤはパシホルの子、パシホルはマルキヤの子である。
13 ১৩ আৰু তেওঁৰ সহযোগী লোক, যি সকল পৰিয়ালৰ প্রধান লোক আছিল, তেওঁলোক সৰ্ব্বমুঠ দুশ বিয়াল্লিশ জন আছিল। ইম্মেৰৰ পুত্র মচিল্লেমোত, মচিল্লেমোতৰ পুত্র অহজয়, অহজয়ৰ পুত্র অজৰেল, আৰু অজৰেলৰ পুত্ৰ অমচচয় আছিল।
アダヤの兄弟で、氏族の長たる者は二百四十二人あり、またアザリエルの子アマシサイがある。アザリエルはアハザイの子、アハザイはメシレモテの子、メシレモテはインメルの子である。
14 ১৪ তেওঁলোকৰ ভাইসকল সাহসী যুদ্ধাৰু লোক আছিল, তেওঁলোক সংখ্যাত সৰ্ব্বমুঠ এশ আঠাইশ জন আছিল। হগগদোলীমৰ পুত্ৰ জব্দীয়েল তেওঁলোকক নেতৃত্ব দিয়া বিষয়া আছিল।
その兄弟である勇士は百二十八人あり、その監督はハッゲドリムの子ザブデエルである。
15 ১৫ আৰু লেবীয়া সকলৰ পৰা: বুন্নীৰ পুত্র হচবিয়া, হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্চুৰ, হচ্চুৰৰ পুত্ৰ চময়া আছিল।
レビびとではハシュブの子シマヤで、ハシュブはアズリカムの子、アズリカムはハシャビヤの子、ハシャビヤはブンニの子である。
16 ১৬ লেবীয়া সকলৰ মূখ্য লোকসকলৰ পৰা চবথয় আৰু যোজাবদ আছিল, আৰু তেওঁলোক ঈশ্বৰৰ গৃহৰ বাহিৰৰ কামৰ দায়িত্বত আছিল।
またシャベタイおよびヨザバデがある。これらはレビびとのかしらであって、神の宮の外のわざをつかさどった。
17 ১৭ মীখাৰ পুত্ৰ আছিল মত্তনিয়া। মীখা আছিল জব্দীৰ পুত্র, জব্দী ধন্যবাদ প্ৰাৰ্থনাৰ নেতৃত্ব লোৱা পৰিচালক আছিল, তেওঁ আচফৰ বংশৰ; আৰু বকবুকিয়া তেওঁৰ সহযোগী সকলৰ মাজত দ্ৱিতীয় আছিল আৰু চম্মুৱাৰ পুত্র অব্দা। চম্মুৱা আছিল গাললৰ পুত্র। গালল আছিল যিদূথূনৰ পুত্র।
またミカの子マッタニヤがある。ミカはザブデの子、ザブデはアサフの子である。マッタニヤは祈の時に感謝の言葉を唱え始める者である。その兄弟のうちのバクブキヤは彼に次ぐ者であった。またシャンマの子アブダがある。シャンマはガラルの子、ガラルはエドトンの子である。
18 ১৮ পবিত্ৰ নগৰত থকা লেবীয়া সকল সৰ্ব্বমুঠ দুশ চৌৰাশী জন আছিল।
聖都におるレビびとは合わせて二百八十四人であった。
19 ১৯ দুৱৰী সকল: অক্কুব, টলমোন, আৰু তেওঁলোকৰ সহযোগী সকল, তেওঁলোকে দুৱাৰবোৰত পহৰা দিছিল। তেওঁলোক সৰ্ব্বমুঠ এশ বাসত্তৰ জন আছিল।
門衛では門を守るアックブ、タルモンおよびその兄弟たち合わせて百七十二人である。
20 ২০ আৰু ইস্ৰায়েলৰ অৱশিষ্ট সকলো লোক, পুৰোহিত, যিহূদাৰ সকলো নগৰত থকা লেবীয়া সকল, প্রতিজনে নিজৰ নিজৰ উত্তৰাধিকাৰ সূত্রে পোৱা ঠাইত বাস কৰিছিল।
その他のイスラエルびと、祭司、レビびとたちは皆ユダのすべての町々にあって、おのおの自分の嗣業にとどまった。
21 ২১ মন্দিৰৰ কৰ্মচাৰী সকলে ওফেলত বাস কৰিছিল; আৰু তেওঁলোকৰ দায়িত্বত চীহা ও গিষ্পা আছিল।
ただし宮に仕えるしもべたちはオペルに住み、ヂハおよびギシパが宮に仕えるしもべたちを監督していた。
22 ২২ ঈশ্বৰৰ গৃহত সেৱাকাৰ্য কৰা গায়ক সকল আচফৰ বংশৰ আছিল। আচফৰ বংশৰ মীখা, মীখাৰ পুত্র মত্তনিয়া, মত্তনিয়াৰ পুত্র হচবিয়া, হচবিয়াৰ পুত্র বানী, আৰু বানীৰ পুত্ৰ উজ্জী। উজ্জী লেবীয়া সকলৰ প্রধান কৰ্মচাৰী আছিল আৰু তেওঁ যিৰূচালেমৰ সেৱাকাৰ্য কৰিছিল।
エルサレムにおるレビびとの監督はウジである。ウジはバニの子、バニはハシャビヤの子、ハシャビヤはマッタニヤの子、マッタニヤはミカの子である。ミカは歌うたう者なるアサフの子孫である。ウジは神の宮のわざを監督した。
23 ২৩ তেওঁলোক ৰজাৰ আজ্ঞাৰ অধীনত আছিল, আৰু গায়ক সকলক প্ৰতিদিনৰ আৱশ্যক অনুসাৰে কঠোৰ আজ্ঞা দিয়া হৈছিল।
彼らについては王からの命令があって、歌うたう者に日々の定まった分を与えさせた。
24 ২৪ আৰু যিহূদাৰ পুত্ৰ জেৰহ, জেৰহৰ বংশৰ মচেজবেল, মচেজবেলৰ পুত্ৰ পথহিয়া লোকসকলৰ সকলো বিষয়ৰ বাবে ৰজাৰ ওচৰত থাকিছিল।
またユダの子ゼラの子孫であるメシザベルの子ペタヒヤは王の手に属して民に関するすべての事を取り扱った。
25 ২৫ তেওঁলোকৰ গাওঁ আৰু পথাৰবোৰৰ কাৰণে যিহূদাৰ লোকসকলৰ মাজৰ কিছুমান লোক কিৰিয়ৎ-অর্ব্ব আৰু ইয়াৰ গাওঁবোৰত, দীবোন আৰু ইয়াৰ গাওঁবোৰত, যিকবূচেল আৰু ইয়াৰ গাওঁবোৰত, বাস কৰিছিল।
また村々とその田畑については、ユダの子孫の者はキリアテ・アルバとその村々、デボンとその村々、エカブジエルとその村々に住み、
26 ২৬ তেওঁলোকে যেচুৱা, মোলাদাত, বৈৎ-পেলটতো বাস কৰিছিল।
エシュア、モラダおよびベテペレテに住み、
27 ২৭ হচৰ-চূৱাল, বেৰ-চেবা আৰু ইয়াৰ গাওঁবোৰত।
ハザル・シュアルおよびベエルシバとその村々に住み、
28 ২৮ আৰু চিক্লগ, মকোনা আৰু তাত থকা গাওঁবোৰত তেওঁলোকে বাস কৰিছিল।
チクラグおよびメコナとその村々に住み、
29 ২৯ অয়িন-ৰিমোন, যৰাহ, যৰ্মূত,
エンリンモン、ザレア、ヤルムテに住み、
30 ৩০ জানোহ, অদুল্লমত, আৰু সেইবোৰত থকা গাওঁবোৰত, লাখীচত থকা পথাৰবোৰ, অজেকা আৰু তাত থকা গাওঁবোৰত বাস কৰিছিল। এইদৰে তেওঁলোকে বেৰ-চেবাৰ পৰা হিন্নোমৰ উপত্যকালৈকে বাস কৰিছিল।
ザノア、アドラムおよびそれらの村々、ラキシとその田野、アゼカとその村々に住んだ。こうして彼らはベエルシバからヒンノムの谷にまで宿営した。
31 ৩১ বিন্যামীনৰ লোকসকল গেবাৰ পৰা আৰম্ভ কৰি, মিকমচ, অয়াত, বৈৎএলত আৰু তাত থকা গাওঁবোৰত বাস কৰিছিল,
ベニヤミンの子孫はまたゲバからミクマシ、アヤおよびベテルとその村々に住み、
32 ৩২ তেওঁলোকে অনাথোত, নোব, অননিয়াতো তেওঁলোক বাস কৰিছিল।
アナトテ、ノブ、アナニヤ、
33 ৩৩ হাচোৰ, ৰামা, গিত্তয়িম,
ハゾル、ラマ、ギッタイム、
34 ৩৪ হাদীদ, চবোয়িম, নবল্লাট,
ハデデ、ゼボイム、ネバラテ、
35 ৩৫ লোদ, ওনো, আৰু শিল্প-কৰ্ম কৰা সকলৰ উপত্যকাত বাস কৰিছিল।
ロド、オノ、工人の谷に住んだ。
36 ৩৬ যিহূদাত বাস কৰা কিছুমান লেবীয়া লোক বিন্যামীন লোকসকলৰ বাবে নিযুক্ত কৰা হৈছিল।
レビびとの組のユダにあるもののうちベニヤミンに合したものもあった。

< নেহেমিয়া 11 >