< মথি 9 >

1 পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ আহিল।
অনন্তরং যীশু র্নৌকামারুহ্য পুনঃ পারমাগত্য নিজগ্রামম্ আযযৌ|
2 এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।”
ততঃ কতিপযা জনা একং পক্ষাঘাতিনং স্ৱট্টোপরি শাযযিৎৱা তৎসমীপম্ আনযন্; ততো যীশুস্তেষাং প্রতীতিং ৱিজ্ঞায তং পক্ষাঘাতিনং জগাদ, হে পুত্র, সুস্থিরো ভৱ, তৱ কলুষস্য মর্ষণং জাতম্|
3 তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।”
তাং কথাং নিশম্য কিযন্ত উপাধ্যাযা মনঃসু চিন্তিতৱন্ত এষ মনুজ ঈশ্ৱরং নিন্দতি|
4 যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?’
ততঃ স তেষাম্ এতাদৃশীং চিন্তাং ৱিজ্ঞায কথিতৱান্, যূযং মনঃসু কৃত এতাদৃশীং কুচিন্তাং কুরুথ?
5 কোনটো কোৱা সহজ- ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
তৱ পাপমর্ষণং জাতং, যদ্ৱা ৎৱমুত্থায গচ্ছ, দ্ৱযোরনযো র্ৱাক্যযোঃ কিং ৱাক্যং ৱক্তুং সুগমং?
6 কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’
কিন্তু মেদিন্যাং কলুষং ক্ষমিতুং মনুজসুতস্য সামর্থ্যমস্তীতি যূযং যথা জানীথ, তদর্থং স তং পক্ষাঘাতিনং গদিতৱান্, উত্তিষ্ঠ, নিজশযনীযং আদায গেহং গচ্ছ|
7 তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল।
ততঃ স তৎক্ষণাদ্ উত্থায নিজগেহং প্রস্থিতৱান্|
8 ইয়াকে দেখি লোক সকলৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিরে, ঈশ্ৱরেণ মানৱায সামর্থ্যম্ ঈদৃশং দত্তং ইতি কারণাৎ তং ধন্যং বভাষিরে চ|
9 যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।
অনন্তরং যীশুস্তৎস্থানাদ্ গচ্ছন্ গচ্ছন্ করসংগ্রহস্থানে সমুপৱিষ্টং মথিনামানম্ একং মনুজং ৱিলোক্য তং বভাষে, মম পশ্চাদ্ আগচ্ছ, ততঃ স উত্থায তস্য পশ্চাদ্ ৱৱ্রাজ|
10 ১০ ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।
১০ততঃ পরং যীশৌ গৃহে ভোক্তুম্ উপৱিষ্টে বহৱঃ করসংগ্রাহিণঃ কলুষিণশ্চ মানৱা আগত্য তেন সাকং তস্য শিষ্যৈশ্চ সাকম্ উপৱিৱিশুঃ|
11 ১১ ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’ সকলৰ সৈতে কিয় ভোজন কৰে?”
১১ফিরূশিনস্তদ্ দৃষ্ট্ৱা তস্য শিষ্যান্ বভাষিরে, যুষ্মাকং গুরুঃ কিং নিমিত্তং করসংগ্রাহিভিঃ কলুষিভিশ্চ সাকং ভুংক্তে?
12 ১২ এই কথা শুনি যীচুৱে ক’লে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
১২যীশুস্তৎ শ্রুৎৱা তান্ প্রত্যৱদৎ, নিরামযলোকানাং চিকিৎসকেন প্রযোজনং নাস্তি, কিন্তু সামযলোকানাং প্রযোজনমাস্তে|
13 ১৩ “মই বলিদান নোখোজো, দয়াহে বিচাৰো,”শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”
১৩অতো যূযং যাৎৱা ৱচনস্যাস্যার্থং শিক্ষধ্ৱম্, দযাযাং মে যথা প্রীতি র্ন তথা যজ্ঞকর্ম্মণি| যতোঽহং ধার্ম্মিকান্ আহ্ৱাতুং নাগতোঽস্মি কিন্তু মনঃ পরিৱর্ত্তযিতুং পাপিন আহ্ৱাতুম্ আগতোঽস্মি|
14 ১৪ তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি ক’লে, “আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
১৪অনন্তরং যোহনঃ শিষ্যাস্তস্য সমীপম্ আগত্য কথযামাসুঃ, ফিরূশিনো ৱযঞ্চ পুনঃ পুনরুপৱসামঃ, কিন্তু তৱ শিষ্যা নোপৱসন্তি, কুতঃ?
15 ১৫ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”
১৫তদা যীশুস্তান্ অৱোচৎ যাৱৎ সখীনাং সংঙ্গে কন্যাযা ৱরস্তিষ্ঠতি, তাৱৎ কিং তে ৱিলাপং কর্ত্তুং শক্লুৱন্তি? কিন্তু যদা তেষাং সংঙ্গাদ্ ৱরং নযন্তি, তাদৃশঃ সময আগমিষ্যতি, তদা তে উপৱৎস্যন্তি|
16 ১৬ “কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”
১৬পুরাতনৱসনে কোপি নৱীনৱস্ত্রং ন যোজযতি, যস্মাৎ তেন যোজিতেন পুরাতনৱসনং ছিনত্তি তচ্ছিদ্রঞ্চ বহুকুৎসিতং দৃশ্যতে|
17 ১৭ এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰসচামৰাৰ পুৰণি মোটতনথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰস পৰি যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”
১৭অন্যঞ্চ পুরাতনকুৎৱাং কোপি নৱানগোস্তনীরসং ন নিদধাতি, যস্মাৎ তথা কৃতে কুতূ র্ৱিদীর্য্যতে তেন গোস্তনীরসঃ পততি কুতূশ্চ নশ্যতি; তস্মাৎ নৱীনাযাং কুৎৱাং নৱীনো গোস্তনীরসঃ স্থাপ্যতে, তেন দ্ৱযোরৱনং ভৱতি|
18 ১৮ যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”
১৮অপরং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্রণম্য বভাষে, মম দুহিতা প্রাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্রে হস্তমর্পযতু, তেন সা জীৱিষ্যতি|
19 ১৯ তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল।
১৯তদানীং যীশুঃ শিষ্যৈঃ সাকম্ উত্থায তস্য পশ্চাদ্ ৱৱ্রাজ|
20 ২০ সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
২০ইত্যনন্তরে দ্ৱাদশৱৎসরান্ যাৱৎ প্রদরামযেন শীর্ণৈকা নারী তস্য পশ্চাদ্ আগত্য তস্য ৱসনস্য গ্রন্থিং পস্পর্শ;
21 ২১ তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।”
২১যস্মাৎ মযা কেৱলং তস্য ৱসনং স্পৃষ্ট্ৱা স্ৱাস্থ্যং প্রাপ্স্যতে, সা নারীতি মনসি নিশ্চিতৱতী|
22 ২২ যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
২২ততো যীশুর্ৱদনং পরাৱর্ত্ত্য তাং জগাদ, হে কন্যে, ৎৱং সুস্থিরা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থামকার্ষীৎ| এতদ্ৱাক্যে গদিতএৱ সা যোষিৎ স্ৱস্থাভূৎ|
23 ২৩ তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।
২৩অপরং যীশুস্তস্যাধ্যক্ষস্য গেহং গৎৱা ৱাদকপ্রভৃতীন্ বহূন্ লোকান্ শব্দাযমানান্ ৱিলোক্য তান্ অৱদৎ,
24 ২৪ যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
২৪পন্থানং ত্যজ, কন্যেযং নাম্রিযত নিদ্রিতাস্তে; কথামেতাং শ্রুৎৱা তে তমুপজহসুঃ|
25 ২৫ পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
২৫কিন্তু সর্ৱ্ৱেষু বহিষ্কৃতেষু সোঽভ্যন্তরং গৎৱা কন্যাযাঃ করং ধৃতৱান্, তেন সোদতিষ্ঠৎ;
26 ২৬ পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
২৬ততস্তৎকর্ম্মণো যশঃ কৃৎস্নং তং দেশং ৱ্যাপ্তৱৎ|
27 ২৭ যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
২৭ততঃ পরং যীশুস্তস্মাৎ স্থানাদ্ যাত্রাং চকার; তদা হে দাযূদঃ সন্তান, অস্মান্ দযস্ৱ, ইতি ৱদন্তৌ দ্ৱৌ জনাৱন্ধৌ প্রোচৈরাহূযন্তৌ তৎপশ্চাদ্ ৱৱ্রজতুঃ|
28 ২৮ পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।”
২৮ততো যীশৌ গেহমধ্যং প্রৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কর্ম্মৈতৎ কর্ত্তুং মম সামর্থ্যম্ আস্তে, যুৱাং কিমিতি প্রতীথঃ? তদা তৌ প্রত্যূচতুঃ, সত্যং প্রভো|
29 ২৯ তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।”
২৯তদানীং স তযো র্লোচনানি স্পৃশন্ বভাষে, যুৱযোঃ প্রতীত্যনুসারাদ্ যুৱযো র্মঙ্গলং ভূযাৎ| তেন তৎক্ষণাৎ তযো র্নেত্রাণি প্রসন্নান্যভৱন্,
30 ৩০ সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
৩০পশ্চাদ্ যীশুস্তৌ দৃঢমাজ্ঞাপ্য জগাদ, অৱধত্তম্ এতাং কথাং কোপি মনুজো ম জানীযাৎ|
31 ৩১ কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
৩১কিন্তু তৌ প্রস্থায তস্মিন্ কৃৎস্নে দেশে তস্য কীর্ত্তিং প্রকাশযামাসতুঃ|
32 ৩২ সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
৩২অপরং তৌ বহির্যাত এতস্মিন্নন্তরে মনুজা একং ভূতগ্রস্তমূকং তস্য সমীপম্ আনীতৱন্তঃ|
33 ৩৩ যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
৩৩তেন ভূতে ত্যাজিতে স মূকঃ কথাং কথযিতুং প্রারভত, তেন জনা ৱিস্মযং ৱিজ্ঞায কথযামাসুঃ, ইস্রাযেলো ৱংশে কদাপি নেদৃগদৃশ্যত;
34 ৩৪ কিন্তু ফৰীচী সকলে ক’লে, “সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।”
৩৪কিন্তু ফিরূশিনঃ কথযাঞ্চক্রুঃ ভূতাধিপতিনা স ভূতান্ ত্যাজযতি|
35 ৩৫ যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।
৩৫ততঃ পরং যীশুস্তেষাং ভজনভৱন উপদিশন্ রাজ্যস্য সুসংৱাদং প্রচারযন্ লোকানাং যস্য য আমযো যা চ পীডাসীৎ, তান্ শমযন্ শমযংশ্চ সর্ৱ্ৱাণি নগরাণি গ্রামাংশ্চ বভ্রাম|
36 ৩৬ তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
৩৬অন্যঞ্চ মনুজান্ ৱ্যাকুলান্ অরক্ষকমেষানিৱ চ ত্যক্তান্ নিরীক্ষ্য তেষু কারুণিকঃ সন্ শিষ্যান্ অৱদৎ,
37 ৩৭ তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
৩৭শস্যানি প্রচুরাণি সন্তি, কিন্তু ছেত্তারঃ স্তোকাঃ|
38 ৩৮ এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
৩৮ক্ষেত্রং প্রত্যপরান্ ছেদকান্ প্রহেতুং শস্যস্ৱামিনং প্রার্থযধ্ৱম্|

< মথি 9 >