< মথি 9 >

1 পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ আহিল।
Og han gik om Bord i et Skib og for over og kom til sin egen By.
2 এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।”
Og se, de bare til ham en værkbruden, som laa paa en Seng; og da Jesus saa deres Tro, sagde han til den værkbrudne: „Søn! vær frimodig, dine Synder forlades dig.‟
3 তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।”
Og se, nogle af de skriftkloge sagde ved sig selv: „Denne taler bespotteligt.‟
4 যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?’
Og da Jesus saa deres Tanker, sagde han: „Hvorfor tænke I ondt i eders Hjerter?
5 কোনটো কোৱা সহজ- ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
Thi hvilket er lettest at sige: Dine Synder forlades dig, eller at sige: Staa op og gaa?
6 কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’
Men for at I skulle vide, at Menneskesønnen har Magt paa Jorden til at forlade Synder, ‟ da siger han til den værkbrudne: „Staa op, og tag din Seng, og gaa til dit Hus!‟
7 তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল।
Og han stod op og gik bort til sit Hus.
8 ইয়াকে দেখি লোক সকলৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
Men da Skarerne saa det, frygtede de og priste Gud, som havde givet Menneskene en saadan Magt.
9 যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।
Og da Jesus gik videre derfra, saa han en Mand, som hed Matthæus, sidde ved Toldboden; og han siger til ham: „Følg mig!‟ Og han stod op og fulgte ham.
10 ১০ ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।
Og det skete, da han sad til Bords i Huset, se, da kom der mange Toldere og Syndere og sade til Bords med Jesus og hans Disciple.
11 ১১ ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’ সকলৰ সৈতে কিয় ভোজন কৰে?”
Og da Farisæerne saa det, sagde de til hans Disciple: „Hvorfor spiser eders Mester med Toldere og Syndere?‟
12 ১২ এই কথা শুনি যীচুৱে ক’লে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
Men da Jesus hørte det, sagde han: „De raske trænge ikke til Læge, men de syge.
13 ১৩ “মই বলিদান নোখোজো, দয়াহে বিচাৰো,”শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”
Men gaar hen og lærer, hvad det vil sige: Jeg har Lyst til Barmhjertighed og ikke til Offer; thi jeg er ikke kommen for at kalde retfærdige, men Syndere.‟
14 ১৪ তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি ক’লে, “আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
Da komme Johannes's Disciple til ham og sige: „Hvorfor faste vi og Farisæerne meget, men dine Disciple faste ikke?‟
15 ১৫ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”
Og Jesus sagde til dem: „Kunne Brudesvendene sørge, saa længe Brudgommen er hos dem? Men der skal komme Dage, da Brudgommen bliver tagen fra dem, og da skulle de faste.
16 ১৬ “কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”
Men ingen sætter en Lap af uvalket Klæde paa et gammelt Klædebon; thi Lappen river Klædebonnet itu, og der bliver et værre Hul.
17 ১৭ এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰসচামৰাৰ পুৰণি মোটতনথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰস পৰি যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”
Man kommer heller ikke ung Vin paa gamle Læderflasker, ellers sprænges Læderflaskerne, og Vinen spildes, og Læderflaskerne ødelægges; men man kommer ung Vin paa nye Læderflasker, saa blive begge Dele bevarede.‟
18 ১৮ যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”
Medens han talte dette til dem, se, da kom der en Forstander og faldt ned for ham og sagde: „Min Datter er lige nu død; men kom og læg din Haand paa hende, saa bliver hun levende.‟
19 ১৯ তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল।
Og Jesus stod op og fulgte ham med sine Disciple.
20 ২০ সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
Og se, en Kvinde, som havde haft Blodflod i tolv Aar, traadte hen bagfra og rørte ved Fligen af hans Klædebon;
21 ২১ তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।”
thi hun sagde ved sig selv: „Dersom jeg blot rører ved hans Klædebon, bliver jeg frelst.‟
22 ২২ যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
Men Jesus vendte sig om, og da han saa hende, sagde han: „Datter! vær frimodig, din Tro har frelst dig.‟ Og Kvinden blev frelst fra den samme Time.
23 ২৩ তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।
Og da Jesus kom til Forstanderens Hus og saa Fløjtespillerne og Hoben, som larmede, sagde han:
24 ২৪ যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
„Gaar bort, thi Pigen er ikke død, men hun sover.‟ Og de lo ad ham.
25 ২৫ পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
Men da Hoben var dreven ud, gik han ind og tog hende ved Haanden; og Pigen stod op.
26 ২৬ পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
Og Rygtet herom kom ud i hele den Egn.
27 ২৭ যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
Og da Jesus gik bort derfra, fulgte der ham to blinde, som raabte og sagde: „Forbarm dig over os, du Davids Søn!‟
28 ২৮ পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।”
Men da han kom ind i Huset, gik de blinde til ham; og Jesus siger til dem: „Tro I, at jeg kan gøre dette?‟ De sige til ham: „Ja, Herre!‟
29 ২৯ তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।”
Da rørte han ved deres Øjne og sagde: „Det ske eder efter eders Tro!‟
30 ৩০ সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
Og deres Øjne bleve aabnede. Og Jesus bød dem strengt og sagde: „Ser til, lad ingen faa det at vide.‟
31 ৩১ কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
Men de gik ud og udbredte Rygtet om ham i hele den Egn.
32 ৩২ সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
Men da disse gik ud, se, da førte de til ham et stumt Menneske, som var besat.
33 ৩৩ যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
Og da den onde Aand var uddreven, talte den stumme. Og Skarerne forundrede sig og sagde: „Aldrig er saadant set i Israel.‟
34 ৩৪ কিন্তু ফৰীচী সকলে ক’লে, “সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।”
Men Farisæerne sagde: „Ved de onde Aanders Fyrste uddriver han de onde Aander.‟
35 ৩৫ যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।
Og Jesus gik omkring i alle Byerne og Landsbyerne, lærte i deres Synagoger og prædikede Rigets Evangelium og helbredte enhver Sygdom og enhver Skrøbelighed.
36 ৩৬ তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
Men da han saa Skarerne, ynkedes han inderligt over dem; thi de vare vanrøgtede og forkomne som Faar, der ikke have Hyrde.
37 ৩৭ তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
Da siger han til sine Disciple: „Høsten er stor, men Arbejderne ere faa;
38 ৩৮ এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
beder derfor Høstens Herre om, at han vil sende Arbejdere ud til sin Høst.‟

< মথি 9 >