< মথি 8 >

1 যীচু যেতিয়া পৰ্বতৰ পৰা নামি আহিল, তেতিয়া মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে।
Yesu aliposhuka kutoka mlimani, makundi mengi ya watu yalimfuata.
2 সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
Basi, akaja mtu mmoja mwenye ukoma, akamsujudia akisema, “Bwana, ukitaka, waweza kunitakasa!”
3 যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।
Yesu akanyosha mkono wake, akamgusa na kusema, “Nataka! Takasika.” Mara huyo mtu akapona ukoma wake.
4 তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’
Kisha Yesu akamwambia, “Sikiliza, usimwambie mtu yeyote, ila nenda ukajionyeshe kwa kuhani, na ukatoe sadaka iliyoamriwa na Mose kuwathibitishia kwamba umepona.”
5 ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গ’ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক’লে,
Yesu alipokuwa anaingia mjini Kafarnaumu, ofisa mmoja Mroma alimwendea, akamsihi
6 “হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে। সি পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে।”
akisema, “Mheshimiwa, mtumishi wangu amelala nyumbani, mgonjwa wa kupooza na anaumwa sana.”
7 যীচুৱে তেওঁক ক’লে, “মই আহিম আৰু তেওঁক সুস্থ কৰিম।”
Yesu akamwambia, “Nitakuja kumponya.”
8 সেই সেনাপতিয়ে উত্তৰ দি ক’লে, “হে প্ৰভু, মই এনে যোগ্য নহওঁ যে আপুনি মোৰ ঘৰত সোমাব; কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ’ব।
Huyo ofisa akamwambia, “Mheshimiwa, sistahili uingie nyumbani mwangu. Lakini sema tu neno, na mtumishi wangu atapona.
9 মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো সৈন্য সকল আছে। মই এজনক ‘যা’ বুলিলে, সি যায়; আন জনক ‘আহ’ বুলিলে, সি ‘আহে’ আৰু মোৰ দাসক ‘এইটো কৰ’ বুলিলে সি সেই কাম কৰে।”
Maana, hata mimi niliye mtu chini ya mamlaka ya wengine, ninao askari chini yangu. Namwambia mmoja, Nenda! naye huenda; na mwingine, Njoo! naye huja; na mtumishi wangu, Fanya kitu hiki! naye hufanya.”
10 ১০ যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই।
Yesu aliposikia hayo, alistaajabu, akawaambia watu waliokuwa wanamfuata, “Kweli nawaambieni, sijapata kumwona mtu yeyote katika Israeli aliye na imani kama hii.
11 ১১ মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
Basi, nawaambieni kwamba watu wengi watakuja kutoka mashariki na magharibi, nao wataketi karamuni pamoja na Abrahamu, Isaka na Yakobo katika Ufalme wa mbinguni.
12 ১২ কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”
Lakini wale ambao wangalipaswa kuwa katika Ufalme huo watatupwa nje, gizani, ambako watalia na kusaga meno.”
13 ১৩ তাৰ পাছত যীচুৱে সেই এশৰ সেনাপতিক ক’লে, “তুমি যোৱা; তুমি যি দৰে বিশ্বাস কৰিলা, সেইদৰেই হওক।” সেই সময়তেই তেওঁৰ দাস জন সুস্থ হ’ল।
Kisha Yesu akamwambia huyo ofisa Mroma, “Nenda nyumbani; na iwe kama ulivyoamini.” Na mtumishi wake akapona saa ileile.
14 ১৪ পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে।
Yesu alifika nyumbani kwa Petro, akamkuta mama mkwe wa Petro amelala kitandani, ana homa kali.
15 ১৫ যীচুৱে তেওঁৰ হাত খন স্পর্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ’ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীচুৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে।
Basi, Yesu akamgusa huyo mama mkono, na homa ikamwacha; akasimama, akamtumikia.
16 ১৬ সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।
Ilipokuwa jioni, walimletea watu wengi waliokuwa wamepagawa na pepo; naye, kwa kusema neno tu, akawafukuza hao pepo. Aliwaponya pia watu wote waliokuwa wagonjwa.
17 ১৭ ইয়াৰ দ্বাৰা যিচয়া ভাববাদীয়ে কোৱা এই বচন পূর্ণ হ’ল, “তেৱেঁই আমাৰ দূৰ্বলতা ল’লে আৰু আমাৰ ৰোগৰ ভাৰ বলে।”
Alifanya hivyo ili yale aliyosema nabii Isaya yatimie: “Yeye mwenyewe ameondoa udhaifu wetu, ameyachukua magonjwa yetu.”
18 ১৮ যীচুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি শিষ্য সকলক গালীল সাগৰৰ সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে।
Yesu alipoona kundi la watu limemzunguka, aliwaamuru wanafunzi wake waende ng'ambo ya ziwa.
19 ১৯ সেই সময়ত বিধানৰ অধ্যাপক এজনে যীচুৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আপুনি য’লৈকে যাব, ময়ো আপোনাৰ পাছে পাছে তালৈ যাম।”
Mwalimu mmoja wa Sheria akamwendea, akamwambia, “Mwalimu, mimi nitakufuata kokote uendako.”
20 ২০ যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”
Yesu akamjibu, “Mbweha wana mapango, na ndege wana viota; lakini Mwana wa Mtu hana mahali pa kupumzikia.”
21 ২১ শিষ্য সকলৰ মাজৰ আন এজনে আহি তেওঁক ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দি আহিবলৈ অনুমতি দিয়ক।”
Kisha mtu mwingine miongoni mwa wanafunzi wake akamwambia, “Bwana, niruhusu kwanza niende nikamzike baba yangu.”
22 ২২ যীচুৱে তেওঁক ক’লে, “যি সকল মৃত, তেওঁলোকেই মৃত সকলক মৈদাম দিয়ক, কিন্তু তুমি মোৰ পাছে পাছে আহা।”
Lakini Yesu akamwambia, “Nifuate! Waache wafu wazike wafu wao.”
23 ২৩ তাৰ পাছত যীচু নাৱত উঠিল আৰু তেওঁৰ শিষ্য সকলেও তেওঁক অনুসৰণ কৰিলে।
Yesu alipanda mashua, na wanafunzi wake wakaenda pamoja naye.
24 ২৪ হঠাৎ সাগৰত প্রবল ধুমুহা আহিল আৰু নাও খনৰ ওপৰলৈকে ঢৌৰ লহৰবোৰ ওফন্দি উঠিবলৈ ধৰিলে; তেতিয়া যীচু টোপনিত আছিল।
Ghafla, dhoruba kali ikatokea ziwani, hata mawimbi yakaanza kuifunika mashua. Yesu alikuwa amelala usingizi.
25 ২৫ শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাই ক’লে, “হে প্ৰভু, আমাক বচাওঁক; আমি এতিয়া মৰিম।”
Wanafunzi wakamwendea, wakamwamsha wakisema, “Bwana, tuokoe, tunaangamia!”
26 ২৬ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
Yesu akawaambia, “Enyi watu wenye imani haba; mbona mnaogopa?” Basi, akainuka, akazikemea pepo na mawimbi; kukawa shwari kabisa.
27 ২৭ ইয়াকে দেখি লোক সকলে বিস্ময় মানিলে আৰু ক’লে, “এওঁ কেনে ধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে।”
Watu wakashangaa, wakasema, “Ni mtu wa namna gani huyu? Hata pepo na mawimbi vinamtii!”
28 ২৮ যীচু যেতিয়া সাগৰৰ সিপাৰে থকা গাদাৰীয়া সকলৰ দেশলৈ আহিল, তাতে ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তেওঁৰ আগত উপস্থিত হ’ল। সিহঁত ইমানেই ভয়ানক আছিল যে, কোনোৱে সেই বাটেদি যাব নোৱাৰিছিল।
Yesu alifika katika nchi ya Wagerasi, ng'ambo ya ziwa, na huko watu wawili waliopagawa na pepo wakakutana naye wakitokea makaburini. Watu hawa walikuwa wenye kutisha mno, hata hakuna mtu aliyethubutu kupita katika njia hiyo.
29 ২৯ সিহঁতে চিঞৰি ক’লে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নির্দ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি?”
Nao wakaanza kupiga kelele, “Una shauri gani nasi, wewe Mwana wa Mungu? Je, umekuja kututesa kabla ya wakati wake?”
30 ৩০ সেই সময়ত সিহঁতৰ পৰা নাতিদূৰৈত এজাক গাহৰি চৰি আছিল।
Karibu na mahali hapo kulikuwa na nguruwe wengi wakichungwa.
31 ৩১ ভূতবোৰে যীচুক কাকুতি কৰি ক’লে, আপুনি যদি আমাক খেদাবলৈকে বিচাৰে, তেনেহলে সেই গাহৰি জাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক।
Basi, hao pepo wakamsihi, “Ikiwa utatutoa, basi uturuhusu tuwaingie nguruwe wale.”
32 ৩২ তেওঁ সিহঁতক ক’লে, “তেনেহলে যা!” তেতিয়া মানুহ দুজনৰ পৰা ভূতবোৰ বাহিৰ ওলাই আহি গাহৰিবোৰত সোমাল। তাতে সেই গাহৰিৰ জাকটো পাহাৰৰ গৰায়েদি নামি দৌৰি গ’ল আৰু সাগৰত পৰি পানীত ডুবি মৰিল।
Yesu akawaambia, “Haya, nendeni.” Hapo wakawatoka watu hao, wakawaingia nguruwe. Kundi lote la nguruwe likaporomoka kwenye ule mteremko mkali, likatumbukia ziwani; nguruwe wote wakafa maji.
33 ৩৩ তেতিয়া গাহৰি চৰোৱা ৰখীয়াবোৰে দৌৰি পলাই গৈ নগৰত থকা মানুহবোৰক সকলোবোৰ কথা জনালে; বিশেষকৈ ভূতে পোৱা লোক দুজনৰ বিষয়েও সম্বাদ দিলে।
Wachungaji wa hao nguruwe walikimbia, wakaenda mjini. Huko walitoa habari zote na mambo yaliyowapata wale watu waliokuwa wamepagawa.
34 ৩৪ তেতিয়া যীচুক সাক্ষাৎ কৰিবলৈ নগৰৰ সকলো মানুহ ওলাই আহিল; তেওঁলোকে যীচুক দেখা পাই তেওঁক অনুৰোধ কৰি ক’লে, তেওঁ যেন তেওঁলোকৰ অঞ্চলৰ পৰা গুচি যায়।
Basi, watu wote katika mji ule walitoka, wakamwendea Yesu; na walipomwona, wakamsihi aondoke katika nchi yao.

< মথি 8 >