< মথি 8 >

1 যীচু যেতিয়া পৰ্বতৰ পৰা নামি আহিল, তেতিয়া মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে।
Ko je prišel z gore, so mu sledile velike množice.
2 সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
In glej, prišel je gobavec ter ga oboževal, rekoč: »Gospod, če hočeš, me lahko očistiš.«
3 যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।
Jezus je iztegnil svojo roko in se ga dotaknil, rekoč: »Hočem; bodi čist.« In njegova gobavost je bila takoj očiščena.
4 তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’
In Jezus mu reče: »Glej, da nikomur ne poveš, ampak pojdi svojo pot, pokaži se duhovniku in ponudi dar, ki ga je Mojzes zapovedal, njim v pričevanje.«
5 ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গ’ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক’লে,
In ko je Jezus vstopil v Kafarnáum, je prišel k njemu stotnik, ki ga je rotil
6 “হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে। সি পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে।”
in govoril: »Gospod, moj služabnik leži doma bolan zaradi paralize, boleče mučen.«
7 যীচুৱে তেওঁক ক’লে, “মই আহিম আৰু তেওঁক সুস্থ কৰিম।”
In Jezus mu reče: »Prišel bom in ga ozdravil.«
8 সেই সেনাপতিয়ে উত্তৰ দি ক’লে, “হে প্ৰভু, মই এনে যোগ্য নহওঁ যে আপুনি মোৰ ঘৰত সোমাব; কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ’ব।
Stotnik je odgovoril in rekel: »Gospod, nisem vreden, da bi prišel pod mojo streho, ampak spregovori samo besedo in moj služabnik bo ozdravljen.
9 মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো সৈন্য সকল আছে। মই এজনক ‘যা’ বুলিলে, সি যায়; আন জনক ‘আহ’ বুলিলে, সি ‘আহে’ আৰু মোৰ দাসক ‘এইটো কৰ’ বুলিলে সি সেই কাম কৰে।”
Kajti človek sem pod oblastjo, pod seboj imam vojake in temu možu rečem: ›Pojdi, ‹ in gre; in drugemu: ›Pridi, ‹ in pride; in svojemu služabniku: ›Naredi to‹ in to stori.«
10 ১০ যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই।
Ko je Jezus to slišal, se je čudil in rekel tem, ki so mu sledili: »Resnično, povem vam: ›Nisem našel tako velike vere, ne, niti v Izraelu ne.‹
11 ১১ মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
In pravim vam: ›Da bodo mnogi prišli od vzhoda in zahoda in se bodo usedli z Abrahamom in Izakom in Jakobom v nebeškem kraljestvu.
12 ১২ কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”
Toda otroci kraljestva bodo vrženi ven v zunanjo temo; tam bo jokanje in škripanje z zobmi.‹«
13 ১৩ তাৰ পাছত যীচুৱে সেই এশৰ সেনাপতিক ক’লে, “তুমি যোৱা; তুমি যি দৰে বিশ্বাস কৰিলা, সেইদৰেই হওক।” সেই সময়তেই তেওঁৰ দাস জন সুস্থ হ’ল।
In Jezus je rekel stotniku: »Pojdi svojo pot in kakor si veroval, tako naj ti bo storjeno.« In njegov služabnik je bil prav isto uro ozdravljen.
14 ১৪ পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে।
In ko je Jezus prišel v Petrovo hišo, je videl njegovo taščo ležati in bolno zaradi vročice.
15 ১৫ যীচুৱে তেওঁৰ হাত খন স্পর্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ’ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীচুৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে।
In dotaknil se je njene roke in vročica jo je zapustila; in vstala je ter jim stregla.
16 ১৬ সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।
Ko je prišel večer, so k njemu privedli mnoge, ki so bili obsedeni s hudiči; in s svojo besedo je izgnal duhove in ozdravil vse, ki so bili bolni,
17 ১৭ ইয়াৰ দ্বাৰা যিচয়া ভাববাদীয়ে কোৱা এই বচন পূর্ণ হ’ল, “তেৱেঁই আমাৰ দূৰ্বলতা ল’লে আৰু আমাৰ ৰোগৰ ভাৰ বলে।”
da bi se lahko izpolnilo, kar je bilo rečeno po preroku Izaiju, rekoč: ›On sam je vzel naše slabotnosti in nosil naše bolezni.‹
18 ১৮ যীচুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি শিষ্য সকলক গালীল সাগৰৰ সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে।
Potem ko je Jezus okoli sebe videl velike množice, je dal zapoved, da odidejo na drugo stran.
19 ১৯ সেই সময়ত বিধানৰ অধ্যাপক এজনে যীচুৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আপুনি য’লৈকে যাব, ময়ো আপোনাৰ পাছে পাছে তালৈ যাম।”
Prišel pa je nek pisar in mu rekel: »Učitelj, sledil ti bom, kamorkoli greš.«
20 ২০ যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”
Jezus mu reče: »Lisice imajo luknje in ptice neba imajo gnezda, toda Sin človekov nima kam nasloniti svoje glave.«
21 ২১ শিষ্য সকলৰ মাজৰ আন এজনে আহি তেওঁক ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দি আহিবলৈ অনুমতি দিয়ক।”
In še eden izmed njegovih učencev mu je rekel: »Gospod, dovoli mi najprej, da grem in pokopljem svojega očeta.«
22 ২২ যীচুৱে তেওঁক ক’লে, “যি সকল মৃত, তেওঁলোকেই মৃত সকলক মৈদাম দিয়ক, কিন্তু তুমি মোৰ পাছে পাছে আহা।”
Toda Jezus mu je rekel: »Sledi mi, mrtvi pa naj pokopljejo svoje mrtve.«
23 ২৩ তাৰ পাছত যীচু নাৱত উঠিল আৰু তেওঁৰ শিষ্য সকলেও তেওঁক অনুসৰণ কৰিলে।
In ko je stopil na ladjo, so mu njegovi učenci sledili.
24 ২৪ হঠাৎ সাগৰত প্রবল ধুমুহা আহিল আৰু নাও খনৰ ওপৰলৈকে ঢৌৰ লহৰবোৰ ওফন্দি উঠিবলৈ ধৰিলে; তেতিয়া যীচু টোপনিত আছিল।
In glej, na morju se je vzdignil velik vihar, do take mere, da je bila ladja pokrita z valovi. Toda on je spal.
25 ২৫ শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাই ক’লে, “হে প্ৰভু, আমাক বচাওঁক; আমি এতিয়া মৰিম।”
In njegovi učenci so prišli k njemu ter ga zbudili, rekoč: »Gospod reši nas, mi umiramo.«
26 ২৬ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
In reče jim: »Zakaj ste boječi, oh vi maloverni?« Tedaj je vstal in oštel vetrove in morje in bil je velik mir.
27 ২৭ ইয়াকে দেখি লোক সকলে বিস্ময় মানিলে আৰু ক’লে, “এওঁ কেনে ধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে।”
Toda možje so se čudili, rekoč: »Kakšne vrste človek je ta, da so mu pokorni celó vetrovi in morje!«
28 ২৮ যীচু যেতিয়া সাগৰৰ সিপাৰে থকা গাদাৰীয়া সকলৰ দেশলৈ আহিল, তাতে ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তেওঁৰ আগত উপস্থিত হ’ল। সিহঁত ইমানেই ভয়ানক আছিল যে, কোনোৱে সেই বাটেদি যাব নোৱাৰিছিল।
In ko je prišel na drugo stran, v Gadársko deželo, sta ga tam srečala dva obsedena s hudiči, ki sta prihajala iz grobnic, silno kruta, tako da noben človek ni mogel iti mimo po tej poti.
29 ২৯ সিহঁতে চিঞৰি ক’লে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নির্দ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি?”
In glej, zakričala sta, rekoč: »Kaj imava midva opraviti s teboj, Jezus, ti Božji Sin? Ali si prišel sèm, da nas pred časom mučiš?«
30 ৩০ সেই সময়ত সিহঁতৰ পৰা নাতিদূৰৈত এজাক গাহৰি চৰি আছিল।
Daleč proč od njih pa je bila čreda mnogih svinj, ki so se pasle.
31 ৩১ ভূতবোৰে যীচুক কাকুতি কৰি ক’লে, আপুনি যদি আমাক খেদাবলৈকে বিচাৰে, তেনেহলে সেই গাহৰি জাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক।
Hudiči so ga torej rotili, rekoč: »Če nas izženeš, nam pusti, da gremo proč, v čredo svinj.«
32 ৩২ তেওঁ সিহঁতক ক’লে, “তেনেহলে যা!” তেতিয়া মানুহ দুজনৰ পৰা ভূতবোৰ বাহিৰ ওলাই আহি গাহৰিবোৰত সোমাল। তাতে সেই গাহৰিৰ জাকটো পাহাৰৰ গৰায়েদি নামি দৌৰি গ’ল আৰু সাগৰত পৰি পানীত ডুবি মৰিল।
In rekel jim je: »Pojdite.« In ko so prišli ven, so odšli v čredo svinj. In glej, cela čreda svinj je silovito stekla po strmini navzdol v morje ter poginila v vodah.
33 ৩৩ তেতিয়া গাহৰি চৰোৱা ৰখীয়াবোৰে দৌৰি পলাই গৈ নগৰত থকা মানুহবোৰক সকলোবোৰ কথা জনালে; বিশেষকৈ ভূতে পোৱা লোক দুজনৰ বিষয়েও সম্বাদ দিলে।
In tisti, ki so jih čuvali, so pobegnili in po svojih poteh odšli v mesto in povedali vsako stvar in kaj je doletelo obsedena od hudičev.
34 ৩৪ তেতিয়া যীচুক সাক্ষাৎ কৰিবলৈ নগৰৰ সকলো মানুহ ওলাই আহিল; তেওঁলোকে যীচুক দেখা পাই তেওঁক অনুৰোধ কৰি ক’লে, তেওঁ যেন তেওঁলোকৰ অঞ্চলৰ পৰা গুচি যায়।
In glej, celó mesto je prišlo ven, da sreča Jezusa; in ko so ga zagledali, so ga rotili, da odide iz njihovih krajev.

< মথি 8 >