< মথি 6 >

1 সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
সাৱধানা ভৱত, মনুজান্ দর্শযিতুং তেষাং গোচরে ধর্ম্মকর্ম্ম মা কুরুত, তথা কৃতে যুষ্মাকং স্ৱর্গস্থপিতুঃ সকাশাৎ কিঞ্চন ফলং ন প্রাপ্স্যথ|
2 এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
ৎৱং যদা দদাসি তদা কপটিনো জনা যথা মনুজেভ্যঃ প্রশংসাং প্রাপ্তুং ভজনভৱনে রাজমার্গে চ তূরীং ৱাদযন্তি, তথা মা কুরি, অহং তুভ্যং যথার্থং কথযামি, তে স্ৱকাযং ফলম্ অলভন্ত|
3 কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা;
কিন্তু ৎৱং যদা দদাসি, তদা নিজদক্ষিণকরো যৎ করোতি, তদ্ ৱামকরং মা জ্ঞাপয|
4 কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
তেন তৱ দানং গুপ্তং ভৱিষ্যতি যস্তু তৱ পিতা গুপ্তদর্শী, স প্রকাশ্য তুভ্যং ফলং দাস্যতি|
5 তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
অপরং যদা প্রার্থযসে, তদা কপটিনইৱ মা কুরু, যস্মাৎ তে ভজনভৱনে রাজমার্গস্য কোণে তিষ্ঠন্তো লোকান্ দর্শযন্তঃ প্রার্থযিতুং প্রীযন্তে; অহং যুষ্মান্ তথ্যং ৱদামি, তে স্ৱকীযফলং প্রাপ্নুৱন্|
6 কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
তস্মাৎ প্রার্থনাকালে অন্তরাগারং প্রৱিশ্য দ্ৱারং রুদ্ৱ্ৱা গুপ্তং পশ্যতস্তৱ পিতুঃ সমীপে প্রার্থযস্ৱ; তেন তৱ যঃ পিতা গুপ্তদর্শী, স প্রকাশ্য তুভ্যং ফলং দাস্যতি
7 প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব।
অপরং প্রার্থনাকালে দেৱপূজকাইৱ মুধা পুনরুক্তিং মা কুরু, যস্মাৎ তে বোধন্তে, বহুৱারং কথাযাং কথিতাযাং তেষাং প্রার্থনা গ্রাহিষ্যতে|
8 এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।
যূযং তেষামিৱ মা কুরুত, যস্মাৎ যুষ্মাকং যদ্ যৎ প্রযোজনং যাচনাতঃ প্রাগেৱ যুষ্মাকং পিতা তৎ জানাতি|
9 এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;
অতএৱ যূযম ঈদৃক্ প্রার্থযধ্ৱং, হে অস্মাকং স্ৱর্গস্থপিতঃ, তৱ নাম পূজ্যং ভৱতু|
10 ১০ তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।
১০তৱ রাজৎৱং ভৱতু; তৱেচ্ছা স্ৱর্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু|
11 ১১ আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।
১১অস্মাকং প্রযোজনীযম্ আহারম্ অদ্য দেহি|
12 ১২ আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
১২ৱযং যথা নিজাপরাধিনঃ ক্ষমামহে, তথৈৱাস্মাকম্ অপরাধান্ ক্ষমস্ৱ|
13 ১৩ আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’
১৩অস্মান্ পরীক্ষাং মানয, কিন্তু পাপাত্মনো রক্ষ; রাজৎৱং গৌরৱং পরাক্রমঃ এতে সর্ৱ্ৱে সর্ৱ্ৱদা তৱ; তথাস্তু|
14 ১৪ কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
১৪যদি যূযম্ অন্যেষাম্ অপরাধান্ ক্ষমধ্ৱে তর্হি যুষ্মাকং স্ৱর্গস্থপিতাপি যুষ্মান্ ক্ষমিষ্যতে;
15 ১৫ কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।
১৫কিন্তু যদি যূযম্ অন্যেষাম্ অপরাধান্ ন ক্ষমধ্ৱে, তর্হি যুষ্মাকং জনকোপি যুষ্মাকম্ অপরাধান্ ন ক্ষমিষ্যতে|
16 ১৬ যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
১৬অপরম্ উপৱাসকালে কপটিনো জনা মানুষান্ উপৱাসং জ্ঞাপযিতুং স্ৱেষাং ৱদনানি ম্লানানি কুর্ৱ্ৱন্তি, যূযং তইৱ ৱিষণৱদনা মা ভৱত; অহং যুষ্মান্ তথ্যং ৱদামি তে স্ৱকীযফলম্ অলভন্ত|
17 ১৭ কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল’বা;
১৭যদা ৎৱম্ উপৱসসি, তদা যথা লোকৈস্ত্ৱং উপৱাসীৱ ন দৃশ্যসে, কিন্তু তৱ যোঽগোচরঃ পিতা তেনৈৱ দৃশ্যসে, তৎকৃতে নিজশিরসি তৈলং মর্দ্দয ৱদনঞ্চ প্রক্ষালয;
18 ১৮ যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।
১৮তেন তৱ যঃ পিতা গুপ্তদর্শী স প্রকাশ্য তুভ্যং ফলং দাস্যতি|
19 ১৯ যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা;
১৯অপরং যত্র স্থানে কীটাঃ কলঙ্কাশ্চ ক্ষযং নযন্তি, চৌরাশ্চ সন্ধিং কর্ত্তযিৎৱা চোরযিতুং শক্নুৱন্তি, তাদৃশ্যাং মেদিন্যাং স্ৱার্থং ধনং মা সংচিনুত|
20 ২০ কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।
২০কিন্তু যত্র স্থানে কীটাঃ কলঙ্কাশ্চ ক্ষযং ন নযন্তি, চৌরাশ্চ সন্ধিং কর্ত্তযিৎৱা চোরযিতুং ন শক্নুৱন্তি, তাদৃশে স্ৱর্গে ধনং সঞ্চিনুত|
21 ২১ কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
২১যস্মাৎ যত্র স্থানে যুষ্মাংক ধনং তত্রৈৱ খানে যুষ্মাকং মনাংসি|
22 ২২ চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হ’ব;
২২লোচনং দেহস্য প্রদীপকং, তস্মাৎ যদি তৱ লোচনং প্রসন্নং ভৱতি, তর্হি তৱ কৃৎস্নং ৱপু র্দীপ্তিযুক্তং ভৱিষ্যতি|
23 ২৩ কিন্তু তোমালোকৰ চকু যদি বেয়া হয়, তেনেহলে তোমালোকৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব। এতেকে তোমালোকৰ তাত থকা পোহৰ যদি আচলতে অন্ধকাৰময় হয়, তেনেহলে সেই আন্ধাৰ কিমান গভীৰ হব!
২৩কিন্তু লোচনেঽপ্রসন্নে তৱ কৃৎস্নং ৱপুঃ তমিস্রযুক্তং ভৱিষ্যতি| অতএৱ যা দীপ্তিস্ত্ৱযি ৱিদ্যতে, সা যদি তমিস্রযুক্তা ভৱতি, তর্হি তৎ তমিস্রং কিযন্ মহৎ|
24 ২৪ কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
২৪কোপি মনুজো দ্ৱৌ প্রভূ সেৱিতুং ন শক্নোতি, যস্মাদ্ একং সংমন্য তদন্যং ন সম্মন্যতে, যদ্ৱা একত্র মনো নিধায তদন্যম্ অৱমন্যতে; তথা যূযমপীশ্ৱরং লক্ষ্মীঞ্চেত্যুভে সেৱিতুং ন শক্নুথ|
25 ২৫ এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
২৫অপরম্ অহং যুষ্মভ্যং তথ্যং কথযামি, কিং ভক্ষিষ্যামঃ? কিং পাস্যামঃ? ইতি প্রাণধারণায মা চিন্তযত; কিং পরিধাস্যামঃ? ইতি কাযরক্ষণায ন চিন্তযত; ভক্ষ্যাৎ প্রাণা ৱসনাঞ্চ ৱপূংষি কিং শ্রেষ্ঠাণি ন হি?
26 ২৬ আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
২৬ৱিহাযসো ৱিহঙ্গমান্ ৱিলোকযত; তৈ র্নোপ্যতে ন কৃত্যতে ভাণ্ডাগারে ন সঞ্চীযতেঽপি; তথাপি যুষ্মাকং স্ৱর্গস্থঃ পিতা তেভ্য আহারং ৱিতরতি|
27 ২৭ আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
২৭যূযং তেভ্যঃ কিং শ্রেষ্ঠা ন ভৱথ? যুষ্মাকং কশ্চিৎ মনুজঃ চিন্তযন্ নিজাযুষঃ ক্ষণমপি ৱর্দ্ধযিতুং শক্নোতি?
28 ২৮ বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলিফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়;
২৮অপরং ৱসনায কুতশ্চিন্তযত? ক্ষেত্রোৎপন্নানি পুষ্পাণি কথং ৱর্দ্ধন্তে তদালোচযত| তানি তন্তূন্ নোৎপাদযন্তি কিমপি কার্য্যং ন কুর্ৱ্ৱন্তি;
29 ২৯ তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল।
২৯তথাপ্যহং যুষ্মান্ ৱদামি, সুলেমান্ তাদৃগ্ ঐশ্ৱর্য্যৱানপি তৎপুষ্পমিৱ ৱিভূষিতো নাসীৎ|
30 ৩০ এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?
৩০তস্মাৎ ক্ষদ্য ৱিদ্যমানং শ্চঃ চুল্ল্যাং নিক্ষেপ্স্যতে তাদৃশং যৎ ক্ষেত্রস্থিতং কুসুমং তৎ যদীশ্চর ইত্থং বিভূষযতি, তর্হি হে স্তোকপ্রত্যযিনো যুষ্মান্ কিং ন পরিধাপযিষ্যতি?
31 ৩১ এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।
৩১তস্মাৎ অস্মাভিঃ কিমৎস্যতে? কিঞ্চ পাযিষ্যতে? কিং ৱা পরিধাযিষ্যতে, ইতি ন চিন্তযত|
32 ৩২ কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।
৩২যস্মাৎ দেৱার্চ্চকা অপীতি চেষ্টন্তে; এতেষু দ্রৱ্যেষু প্রযোজনমস্তীতি যুষ্মাকং স্ৱর্গস্থঃ পিতা জানাতি|
33 ৩৩ কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
৩৩অতএৱ প্রথমত ঈশ্ৱরীযরাজ্যং ধর্ম্মঞ্চ চেষ্টধ্ৱং, তত এতানি ৱস্তূনি যুষ্মভ্যং প্রদাযিষ্যন্তে|
34 ৩৪ এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।
৩৪শ্ৱঃ কৃতে মা চিন্তযত, শ্ৱএৱ স্ৱযং স্ৱমুদ্দিশ্য চিন্তযিষ্যতি; অদ্যতনী যা চিন্তা সাদ্যকৃতে প্রচুরতরা|

< মথি 6 >