< মথি 4 >

1 তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল।
Then Jesus was led by the Spirit into the wilderness to be tempted by the devil.
2 তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পাছত যীচুৰ ভোক লাগিল।
And having fasted forty days and forty nights, afterward he was hungry.
3 তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।”
And after he who tempts came, he said to him, If thou are the Son of God, speak so that these stones may become bread.
4 তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”
But having answered, he said, It is written, Man will not live on bread alone, but on every word coming out through the mouth of God.
5 তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল;
Then the devil takes him into the holy city, and stands him on the pinnacle of the temple.
6 আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে, তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।”
And he says to him, If thou are the Son of God, cast thyself down, for it is written, He will command his agents about thee, and, They will take thee up in their hands, lest thou dash thy foot against a stone.
7 যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।”
Jesus said to him, Again it is written, Thou shall not challenge the Lord thy God.
8 তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে।
Again, the devil takes him onto an exceedingly high mountain, and shows him all the kingdoms of the world, and the glory of them.
9 চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”
And he says to him, All these things I give thee, if after falling down, thou will worship me.
10 ১০ তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”
Then Jesus says to him, Get thee behind me, Satan, for it is written, Thou shall worship the Lord thy God, and him only thou shall serve.
11 ১১ তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গৰ দূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।
Then the devil leaves him, and behold, agents came and served him.
12 ১২ যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গ’ল।
Now when Jesus heard that John was delivered up, he departed into Galilee.
13 ১৩ তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।
And having left Nazareth behind, after coming, he dwelt in Capernaum by the sea in the regions of Zebulun and Naphtali,
14 ১৪ যিচয়া ভাববাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক পূর্ণ কৰিবলৈ এই সকলো ঘটিল:
so that what was spoken through Isaiah the prophet might be fulfilled, which says,
15 ১৫ “জবূলূন দেশ আৰু নপ্তালী দেশ, সাগৰৰ তীৰত, যৰ্দ্দনৰ সিপাৰত অনা-ইহুদী সকলৰ গালীল!
The land of Zebulun and the land of Naphtali, way of the sea, beyond the Jordan, Galilee of the Gentiles,
16 ১৬ যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে। যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”
the people who dwell in darkness saw a great light, and to those who dwell in the region and shadow of death, light sprang up to them.
17 ১৭ সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন-পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।”
From that time Jesus began to preach, and to say, Repent ye, for the kingdom of the heavens has approached.
18 ১৮ পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল।
And walking by the sea of Galilee, he saw two brothers, Simon who is called Peter, and Andrew his brother, casting a net into the sea, for they were fishermen.
19 ১৯ যীচুৱে তেওঁলোকক ক’লে, “মোক অনুসৰণ কৰি আহা, মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”
And he says to them, Come behind me, and I will make you fishermen of men.
20 ২০ তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ’ল।
And straightaway having left the nets, they followed him.
21 ২১ তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে।
And having gone on from there he saw two other brothers, James the son of Zebedee, and John his brother, in the boat with Zebedee their father, mending their nets. And he called them.
22 ২২ তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল।
And straightaway having left the boat and their father, they followed him.
23 ২৩ যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
And Jesus went around all Galilee, teaching in their synagogues, and preaching the good news of the kingdom, and healing every sickness and every disease among the people.
24 ২৪ সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
And his fame went forth into all Syria. And they brought to him all those faring badly with various diseases, and gripped with pain, and being demon-possessed, and being lunatic, and paralyzed. And he healed them.
25 ২৫ তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহুদীয়া লগতে যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।
And many multitudes from Galilee and Decapolis and Jerusalem and Judea and beyond the Jordan followed him.

< মথি 4 >