< মথি 27 >

1 পাছত ৰাতি পুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকলে যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে;
When early morning came, all the chief priests and elders plotted against Jesus to kill Him.
2 তেওঁক বান্ধিলে আৰু পীলাত নামেৰে দেশাধিপতিৰ হাতত শোধাই দিলে।
And having bound Him they went and handed Him over to Pontius Pilate, the governor.
3 তেতিয়া তেওঁক শত্ৰুৰ হাতত অৰ্পণ কৰা যিহূদাই তেওঁক দোষী কৰি দণ্ডাজ্ঞা দিয়া দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ত্ৰিশ টা ৰূপৰ মুদ্ৰা ওভোতাই দিলে;
(Then Judas, His betrayer, seeing that He had been condemned, felt regret and returned the thirty silver coins to the chief priests and elders
4 আৰু ক’লে, “নিৰ্দোষীৰ তেজ শোধাই দি মই পাপ কৰিলোঁ”; কিন্তু তেওঁলোকে ক’লে, ‘তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা’।
saying, “I sinned, by betraying innocent blood.” But they said: “What do we care? It's your problem!”
5 তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ল’লে।
So throwing the silver down in the sanctuary he left, and went and hanged himself!
6 পাছত প্ৰধান পুৰোহিত সকলে সেই ৰূপ লৈ ক’লে, “এই ৰূপ তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থোৱা বিধান সন্মত নহয়”।
Then the chief priests took the coins and said, “It isn't lawful to put them into the treasury, being blood money.”
7 তাতে তেওঁলোক একত্ৰিত হৈ পৰামৰ্শ কৰিলে আৰু বিদেশী সকলক মৈদাম দিবলৈ সেই ৰূপেৰে কুমাৰৰ পথাৰ কিনিলে।
So after consultation they bought the potter's field with them, as a burial ground for strangers.
8 এই কাৰণে আজিলৈকে সেই পথাৰ ‘তেজৰ মাটি’ বুলি জনাজাত।
Therefore that field has been called ‘field of blood’ to this day.
9 তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে ‘ইস্ৰায়েলৰ সন্তানৰ কোনো কোনোৱে যি জনৰ মূল্য নিৰূপণ কৰিলে, সেই মূল্য নিৰূপণ কৰা জনৰ ত্রিশ টা ৰূপৰ মুদ্ৰা সিহঁতে ললে,
Then was fulfilled what was spoken through Jeremiah the prophet, namely: “And they took the thirty silver coins, the value of the one who was priced, whom some of the children of Israel priced,
10 ১০ অাৰু প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ কাৰণে দিলে’, এই বচন সিদ্ধ হ’ল।
and they gave them for the potter's field, just as the Lord directed me.”)
11 ১১ পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোঁৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, ‘তুমি ইহুদী সকলৰ ৰজা নে’? যীচুৱে তেওঁক ক’লে, ‘ঠিক তুমিয়েই কৈছা’।
So Jesus stood before the governor. And the governor asked Him saying, “Are you the king of the Jews?” Jesus said to him, “As you say.”
12 ১২ কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে।
But although the chief priests and elders kept accusing Him, He answered nothing.
13 ১৩ তেতিয়া পীলাতে তেওঁক ক’লে, ‘এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে’?
Then Pilate says to Him, “Don't you hear all that they are saying against you?”
14 ১৪ কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।
But He did not answer him, not even one word, so that the governor was really amazed.
15 ১৫ সেই পৰ্বৰ সময়ত লোক সকলে যি বন্দীক মুকলি কৰি দিয়াটো ইচ্ছা কৰে, দেশাধিপতিয়ে তেওঁকে তেওঁলোকলৈ মুকলি কৰি দিয়ে, তেওঁৰ এনে দস্তুৰ আছিল।
Now at the feast the governor was accustomed to release one prisoner to the crowd, whomever they wanted.
16 ১৬ সেই সময়ত বাৰাব্বা নামেৰে এজন কুখ্যাত কাৰাবন্দী আছিল।
Just then they had a notorious prisoner called Barabbas.
17 ১৭ তাতে তেওঁলোক গোট খোৱাত, পীলাতে তেওঁলোকক সুধিলে, ‘মই তোমালোকলৈ কোন জনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰাব্বাক নে খ্ৰীষ্ট বোলা যীচুক’?
So while they were assembled Pilate said to them, “Whom do you want me to release to you, Barabbas or Jesus who is called Messiah?”
18 ১৮ কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল।
For he knew that they had handed Him over through envy.
19 ১৯ পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে, ‘সেই ধাৰ্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালোঁ’।
Now as he was sitting on the judgment seat, his wife sent to him saying, “Have nothing to do with that righteous man, because I suffered a great deal in a dream today because of Him.”
20 ২০ কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে বাৰাব্বাক মুকলি কৰি দিবলৈ আৰু যীচুক বধ কৰিবলৈ লোক সকলক উচটালে।
But the chief priests and elders had persuaded the crowds that they should ask for Barabbas, but destroy Jesus.
21 ২১ তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁলোকক ক’লে, ‘এই দুই জনৰ মাজত মই কোন জনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা’? তেওঁলোকে ক’লে, ‘বাৰাব্বাক’।
So the governor spoke up and said to them, “Which of the two do you want me to release to you?” And they said, “Barabbas!”
22 ২২ পীলাতে তেওঁলোকক ক’লে, ‘তেনে হ’লে খ্ৰীষ্ট বোলা যীচুক মই কি কৰিম’? সকলোৱে ক’লে, ‘তাক ক্রুচত দিয়ক’।
Pilate says to them, “What then shall I do with Jesus who is called Messiah?” They all say to him, “Let Him be crucified!”
23 ২৩ তাতে তেওঁ ক’লে, ‘কিয়? তেওঁ কি দোষ কৰিলে’? কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি ক’লে, ‘তাক ক্রুচত দিয়ক’।
So the governor said, “But, what evil did He do?” But they kept yelling all the more saying, “Let Him be crucified!”
24 ২৪ তেতিয়া পীলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই ক’লে, ‘এই ধাৰ্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা’।
When Pilate saw that nothing was being gained but rather a riot was starting, he took water and washed his hands in front of the crowd saying: “I am innocent of the blood of this righteous man. It's your problem!”
25 ২৫ তাতে সকলোৱে উত্তৰ দি ক’লে, ‘তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক’।
So in answer all the people said, “His blood be upon us and upon our children!”
26 ২৬ তেতিয়া তেওঁ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীচুক চাবুকেৰে কোবাই ক্রুচত দিবলৈ শোধাই দিলে।
Then he released Barabbas to them, but Jesus, after flogging Him, he delivered to be crucified.
27 ২৭ তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিটৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে;
Then the governor's soldiers took Jesus into the Praetorium and gathered the whole garrison around Him.
28 ২৮ আৰু তেওঁৰ গাৰ কাপোৰ গুচাই, উজ্বল বৰণৰ ৰাজবস্ত্ৰ পিন্ধাই দিলে৷
They stripped Him and put a scarlet cloak on Him.
29 ২৯ কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মুৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ললে আৰু তেওঁক বিদ্ৰূপ কৰি কলে- “হে, ইহুদী সকলৰ ৰজা, জয় হওক”!
They plaited a crown out of thorns and put it on His head, and a reed in His right hand; and kneeling before Him they would mock Him saying, “Hail, King of the Jews!”
30 ৩০ তাতে তেওঁলোকে যীচুৰ গাত থুই পেলালে আৰু দণ্ড ডাল লৈ মুৰত কোবালে।
Spitting on Him they took the reed and hit Him repeatedly on the head.
31 ৩১ এইদৰে তেওঁক বিদ্ৰূপ কৰি তেওঁৰ পৰা ৰাজবস্ত্ৰ খুলি পেলালে আৰু তেওঁক নিজৰ কাপোৰ পিন্ধাই ক্রুচত দিবলৈ লৈ গ’ল।
After they had mocked Him they took the cloak off Him and put His own clothes back on; and they led Him away to be crucified.
32 ৩২ পাছত তেওঁলোক ওলাই যাওঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক বিচাৰি পালে, তেওঁলোকে তেওঁক যীচুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে।
Now as they went out they found a man of Cyrene, named Simon; they compelled him to carry His cross.
33 ৩৩ তেওঁলোকে তেতিয়া গলগথা, অৰ্থাৎ ‘মুৰৰ লাওখোলা’ নামৰ এখন ঠাই পালে।
Upon arriving at a place called Golgotha, which means ‘place of a skull’,
34 ৩৪ তাতে তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে; কিন্তু তেওঁ তাক চেকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে।
they gave Him sour wine mixed with gall to drink; but having tasted it He would not drink.
35 ৩৫ পাছত তেওঁলোকে যীচুক ক্রুচত দি তেওঁৰ কাপোৰ চিঠি খেলি ভাগ-বাঁটি ল’লে;
Having crucified Him they divided up His clothes by casting lots.
36 ৩৬ আৰু তাতে বহি তেওঁলোকে যীচুক পহৰা দি থাকিল।
And sitting down there they guarded Him.
37 ৩৭ তেওঁৰ এই অপবাদ লিখি, মুৰত এখন ফলক আৰি দিলে, “এই জন ইহুদী সকলৰ ৰজা যীচু৷”
And they put the charge against Him over His head in writing: THIS IS JESUS THE KING OF THE JEWS.
38 ৩৮ সেই সময়ত তেওঁৰ সোঁফালে এটা, বাওঁফালে এটা, এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্রুচত দিয়া হ’ল।
Then they crucified two bandits with Him, one on His right and one on His left.
39 ৩৯ তাতে যি সকলে সেই বাটেদি অহা-যোৱা কৰিছিল, সেই বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি, নিন্দা কৰি ক’লে,
And the passers-by kept blaspheming Him, wagging their heads
40 ৪০ “হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহা”।
and saying: “You who destroy the temple and rebuild it in three days, save yourself!” “If you are ‘Son of God’, come down from the cross!”
41 ৪১ সেইদৰে প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলে বিদ্ৰূপ কৰি ক’লে,
Likewise the chief priests also, mocking with the scribes and elders and Pharisees, said:
42 ৪২ “তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম।
“He saved others; himself he cannot save!” “If he is ‘King of Israel’ let him come down from the cross now and we will believe him!”
43 ৪৩ তেওঁ ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তেওঁক ভালপায়, তেনেহলে এতিয়া তেওঁক নিস্তাৰ কৰকচোন; কিয়নো নিজকে কৈছিল ‘ময়েই ঈশ্বৰৰ পুত্ৰ’।”
“He trusted in God; let Him rescue him now, if He wants him; for he said, ‘I am God's Son.’”
44 ৪৪ তেতিয়া তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰেই নিন্দা কৰিলে।
Even the bandits who were crucified with Him were reviling Him in the same way.
45 ৪৫ পাছত বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল;
Now from the sixth hour until the ninth hour a darkness came over all the land.
46 ৪৬ আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলী, এলী, লামা চবক্তানী”? অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা”?
And about the ninth hour Jesus cried out with a loud voice saying, “Eli, Eli, lima sabachtani?” which means, “My God, my God, why have You abandoned me?”
47 ৪৭ তেতিয়া তাতে থিয় হৈ থকা কোনো কোনোৱে ইয়াকে শুনি ক’লে, “তেওঁ এলিয়াক মাতিছে”।
So upon hearing it some of the bystanders said, “This man is calling Elijah.”
48 ৪৮ তেতিয়াই তেওঁলোকৰ মাজৰ এজনে ল’ৰি গৈ, স্পঞ্জ এটুকুৰা লৈ চিৰকাৰে পূৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে।
Right then one of them ran and took a sponge, filled it with sour wine, put it on a reed and started to give Him a drink;
49 ৪৯ কিন্তু আনবোৰে ক’লে, “অকলে থকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ”।
but the rest said: “Don't! Let's see if Elijah comes to save Him.”
50 ৫০ তেতিয়া যীচুৱে বৰ মাতেৰে ৰিঙিয়ালে আৰু প্ৰাণ ত্যাগ কৰিলে।
Then Jesus called out again with a great shout and dismissed His spirit.
51 ৫১ চোৱা, তেতিয়াই মন্দিৰৰ আঁৰ-কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল;
And then, the veil of the temple was ripped in two from top to bottom! And the earth was shaken, and the rocks were split,
52 ৫২ তেতিয়া মৈদামবোৰ মুকলি হৈ গ’ল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেহ উত্থিত হ’ল।
and the graves were opened. (And many bodies, of the saints who had fallen asleep, were raised;
53 ৫৩ তেওঁৰ পুনৰুত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ’ল আৰু বহু ব্যক্তিক দেখা দিলে।
and coming forth out of the graves after His resurrection, they entered the holy city and were made visible to many.)
54 ৫৪ পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, ‘এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ’।
Now when the centurion and those with him guarding Jesus saw the earthquake and all that happened they were scared stiff and said, “This Man really was the Son of God!”
55 ৫৫ গালীল প্ৰদেশৰ পৰা তেওঁক শুশ্ৰূষা কৰা বহু মহিলা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকে দূৰৰ পৰা সকলো চাই আছিল৷
Many women who followed Jesus from Galilee, ministering to Him, were also there looking on from a distance;
56 ৫৬ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, যাকোব আৰু যোচেফৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক, আদি কৰি যীচুৰ সেৱা-শুশ্ৰষা কৰিবলৈ যীচুৰ লগত অহা মহিলা সকল আছিল৷
among whom were Mary Magdalene, Mary the mother of James and Joses, and the mother of the sons of Zebedee.
57 ৫৭ তেতিয়া গধূলি হৈ আহিছিল, তালৈ অৰিমাথিয়া নগৰৰ পৰা এজন ধনী মানুহ অাহিল, তেওঁৰ নাম যোচেফ, তেওঁ যীচুৰ শিষ্য আছিল৷
Now at evening there appeared a rich man from Arimathea, named Joseph, who himself had also become a disciple of Jesus.
58 ৫৮ তেওঁ পীলাতৰ ওচৰলৈ গৈ, যীচুৰ দেহ খুজিলে; তেতিয়া পীলাতে দেহ দিবলৈ আজ্ঞা দিলে।
This man went to Pilate and asked for the body of Jesus. Then Pilate ordered that the body be given.
59 ৫৯ পাছত যোচেফে দেহ লৈ, শণ সূতাৰ মিহি চাফা কাপোৰেৰে দেহটো মেৰিয়ালে,
So taking the body Joseph wrapped it in clean linen cloth
60 ৬০ আৰু নিজৰ বাবে শিলত খান্দি থোৱা যি মৈদাম আছিল, তাৰ ভিতৰত দেহটো শুৱাই থলে৷ তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ দুৱাৰত থলে আৰু তেওঁলোক তাৰ পৰা গুচি গ’ল।
and placed it in his own new tomb that he had cut out of the rock. Then he rolled a large stone against the door of the tomb and left.
61 ৬১ কিন্তু মগ্দলীনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ, মৈদামৰ বিপৰীত দিশত বহি আছিল।
And Mary Magdalene was there, and the other Mary, sitting opposite the grave.
62 ৬২ পাছদিনা অৰ্থাৎ আয়োজন দিনৰ পাছদিনা, প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে পীলাতৰ ওচৰত গোট খাই ক’লে,
The next day, which is after the Preparation, the chief priests and the Pharisees went together to Pilate
63 ৬৩ “হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, ‘তিন দিনৰ মুৰত মই পুনৰাই উঠিম’, এতিয়া এই কথা আমাৰ মনত পৰিছে।
saying: “Sir, we remember that that deceiver, while still alive, said, ‘After three days I am going to rise.’
64 ৬৪ এই হেতুকে, তৃতীয় দিনলৈকে তেওঁৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক; কিজানি তেওঁৰ শিষ্যবোৰে আহি তেওঁৰ দেহ চুৰ কৰি নিব আৰু মানুহবোৰক ক’ব, ‘তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল’; যদি সেয়ে হয় তেনেহ’লে ই প্ৰথম ভ্ৰান্তিতকৈয়ো শেষ ভ্ৰান্তি অধিক হানিজনক হ’ব”।
Therefore command that the grave be made secure until the third day, lest His disciples come by night and steal Him and say to the people, ‘He was raised from the dead,’ and the last deception will be worse than the first.”
65 ৬৫ তেতিয়া পীলাতে তেওঁলোকক ক’লে, “তোমালোকে এদল চন্তৰী লোৱা; এতিয়া যোৱা আৰু তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ”।
So Pilate said to them, “You have a guard; go make it as secure as you can!”
66 ৬৬ তাৰ পাছত তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰিলে আৰু এদল চন্তৰীক মৈদাম ৰখিবলৈ দায়িত্ব দিলে।
So they went and secured the grave with the guard, having sealed the stone.

< মথি 27 >