< মথি 26 >

1 যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক ক’লে,
ಯೀಶುರೇತಾನ್ ಪ್ರಸ್ತಾವಾನ್ ಸಮಾಪ್ಯ ಶಿಷ್ಯಾನೂಚೇ,
2 “তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।”
ಯುಷ್ಮಾಭಿ ರ್ಜ್ಞಾತಂ ದಿನದ್ವಯಾತ್ ಪರಂ ನಿಸ್ತಾರಮಹ ಉಪಸ್ಥಾಸ್ಯತಿ, ತತ್ರ ಮನುಜಸುತಃ ಕ್ರುಶೇನ ಹನ್ತುಂ ಪರಕರೇಷು ಸಮರ್ಪಿಷ್ಯತೇ|
3 তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
ತತಃ ಪರಂ ಪ್ರಧಾನಯಾಜಕಾಧ್ಯಾಪಕಪ್ರಾಞ್ಚಃ ಕಿಯಫಾನಾಮ್ನೋ ಮಹಾಯಾಜಕಸ್ಯಾಟ್ಟಾಲಿಕಾಯಾಂ ಮಿಲಿತ್ವಾ
4 তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
ಕೇನೋಪಾಯೇನ ಯೀಶುಂ ಧೃತ್ವಾ ಹನ್ತುಂ ಶಕ್ನುಯುರಿತಿ ಮನ್ತ್ರಯಾಞ್ಚಕ್ರುಃ|
5 তেওঁলোকে ক’লে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷’
ಕಿನ್ತು ತೈರುಕ್ತಂ ಮಹಕಾಲೇ ನ ಧರ್ತ್ತವ್ಯಃ, ಧೃತೇ ಪ್ರಜಾನಾಂ ಕಲಹೇನ ಭವಿತುಂ ಶಕ್ಯತೇ|
6 পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত
ತತೋ ಬೈಥನಿಯಾಪುರೇ ಶಿಮೋನಾಖ್ಯಸ್ಯ ಕುಷ್ಠಿನೋ ವೇಶ್ಮನಿ ಯೀಶೌ ತಿಷ್ಠತಿ
7 এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি।
ಕಾಚನ ಯೋಷಾ ಶ್ವೇತೋಪಲಭಾಜನೇನ ಮಹಾರ್ಘ್ಯಂ ಸುಗನ್ಧಿ ತೈಲಮಾನೀಯ ಭೋಜನಾಯೋಪವಿಶತಸ್ತಸ್ಯ ಶಿರೋಭ್ಯಷೇಚತ್|
8 শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা?
ಕಿನ್ತು ತದಾಲೋಕ್ಯ ತಚ್ಛಿಷ್ಯೈಃ ಕುಪಿತೈರುಕ್ತಂ, ಕುತ ಇತ್ಥಮಪವ್ಯಯತೇ?
9 কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’।
ಚೇದಿದಂ ವ್ಯಕ್ರೇಷ್ಯತ, ತರ್ಹಿ ಭೂರಿಮೂಲ್ಯಂ ಪ್ರಾಪ್ಯ ದರಿದ್ರೇಭ್ಯೋ ವ್ಯತಾರಿಷ್ಯತ|
10 ১০ কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।
ಯೀಶುನಾ ತದವಗತ್ಯ ತೇ ಸಮುದಿತಾಃ, ಯೋಷಾಮೇನಾಂ ಕುತೋ ದುಃಖಿನೀಂ ಕುರುಥ, ಸಾ ಮಾಂ ಪ್ರತಿ ಸಾಧು ಕರ್ಮ್ಮಾಕಾರ್ಷೀತ್|
11 ১১ কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷
ಯುಷ್ಮಾಕಮಂ ಸಮೀಪೇ ದರಿದ್ರಾಃ ಸತತಮೇವಾಸತೇ, ಕಿನ್ತು ಯುಷ್ಮಾಕಮನ್ತಿಕೇಹಂ ನಾಸೇ ಸತತಂ|
12 ১২ এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে।
ಸಾ ಮಮ ಕಾಯೋಪರಿ ಸುಗನ್ಧಿತೈಲಂ ಸಿಕ್ತ್ವಾ ಮಮ ಶ್ಮಶಾನದಾನಕರ್ಮ್ಮಾಕಾರ್ಷೀತ್|
13 ১৩ মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।”
ಅತೋಹಂ ಯುಷ್ಮಾನ್ ತಥ್ಯಂ ವದಾಮಿ ಸರ್ವ್ವಸ್ಮಿನ್ ಜಗತಿ ಯತ್ರ ಯತ್ರೈಷ ಸುಸಮಾಚಾರಃ ಪ್ರಚಾರಿಷ್ಯತೇ, ತತ್ರ ತತ್ರೈತಸ್ಯಾ ನಾರ್ಯ್ಯಾಃ ಸ್ಮರಣಾರ್ಥಮ್ ಕರ್ಮ್ಮೇದಂ ಪ್ರಚಾರಿಷ್ಯತೇ|
14 ১৪ তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ’ল,
ತತೋ ದ್ವಾದಶಶಿಷ್ಯಾಣಾಮ್ ಈಷ್ಕರಿಯೋತೀಯಯಿಹೂದಾನಾಮಕ ಏಕಃ ಶಿಷ್ಯಃ ಪ್ರಧಾನಯಾಜಕಾನಾಮನ್ತಿಕಂ ಗತ್ವಾ ಕಥಿತವಾನ್,
15 ১৫ আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
ಯದಿ ಯುಷ್ಮಾಕಂ ಕರೇಷು ಯೀಶುಂ ಸಮರ್ಪಯಾಮಿ, ತರ್ಹಿ ಕಿಂ ದಾಸ್ಯಥ? ತದಾನೀಂ ತೇ ತಸ್ಮೈ ತ್ರಿಂಶನ್ಮುದ್ರಾ ದಾತುಂ ಸ್ಥಿರೀಕೃತವನ್ತಃ|
16 ১৬ তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।
ಸ ತದಾರಭ್ಯ ತಂ ಪರಕರೇಷು ಸಮರ್ಪಯಿತುಂ ಸುಯೋಗಂ ಚೇಷ್ಟಿತವಾನ್|
17 ১৭ পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”?
ಅನನ್ತರಂ ಕಿಣ್ವಶೂನ್ಯಪೂಪಪರ್ವ್ವಣಃ ಪ್ರಥಮೇಹ್ನಿ ಶಿಷ್ಯಾ ಯೀಶುಮ್ ಉಪಗತ್ಯ ಪಪ್ರಚ್ಛುಃ ಭವತ್ಕೃತೇ ಕುತ್ರ ವಯಂ ನಿಸ್ತಾರಮಹಭೋಜ್ಯಮ್ ಆಯೋಜಯಿಷ್ಯಾಮಃ? ಭವತಃ ಕೇಚ್ಛಾ?
18 ১৮ তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”।
ತದಾ ಸ ಗದಿತವಾನ್, ಮಧ್ಯೇನಗರಮಮುಕಪುಂಸಃ ಸಮೀಪಂ ವ್ರಜಿತ್ವಾ ವದತ, ಗುರು ರ್ಗದಿತವಾನ್, ಮತ್ಕಾಲಃ ಸವಿಧಃ, ಸಹ ಶಿಷ್ಯೈಸ್ತ್ವದಾಲಯೇ ನಿಸ್ತಾರಮಹಭೋಜ್ಯಂ ಭೋಕ್ಷ್ಯೇ|
19 ১৯ তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলেগৈ।
ತದಾ ಶಿಷ್ಯಾ ಯೀಶೋಸ್ತಾದೃಶನಿದೇಶಾನುರೂಪಕರ್ಮ್ಮ ವಿಧಾಯ ತತ್ರ ನಿಸ್ತಾರಮಹಭೋಜ್ಯಮಾಸಾದಯಾಮಾಸುಃ|
20 ২০ পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল;
ತತಃ ಸನ್ಧ್ಯಾಯಾಂ ಸತ್ಯಾಂ ದ್ವಾದಶಭಿಃ ಶಿಷ್ಯೈಃ ಸಾಕಂ ಸ ನ್ಯವಿಶತ್|
21 ২১ এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।
ಅಪರಂ ಭುಞ್ಜಾನ ಉಕ್ತವಾನ್ ಯುಷ್ಮಾನ್ ತಥ್ಯಂ ವದಾಮಿ, ಯುಷ್ಮಾಕಮೇಕೋ ಮಾಂ ಪರಕರೇಷು ಸಮರ್ಪಯಿಷ್ಯತಿ|
22 ২২ তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’?
ತದಾ ತೇಽತೀವ ದುಃಖಿತಾ ಏಕೈಕಶೋ ವಕ್ತುಮಾರೇಭಿರೇ, ಹೇ ಪ್ರಭೋ, ಸ ಕಿಮಹಂ?
23 ২৩ যীচুৱে উত্তৰ দি ক’লে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।
ತತಃ ಸ ಜಗಾದ, ಮಯಾ ಸಾಕಂ ಯೋ ಜನೋ ಭೋಜನಪಾತ್ರೇ ಕರಂ ಸಂಕ್ಷಿಪತಿ, ಸ ಏವ ಮಾಂ ಪರಕರೇಷು ಸಮರ್ಪಯಿಷ್ಯತಿ|
24 ২৪ মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’।
ಮನುಜಸುತಮಧಿ ಯಾದೃಶಂ ಲಿಖಿತಮಾಸ್ತೇ, ತದನುರೂಪಾ ತದ್ಗತಿ ರ್ಭವಿಷ್ಯತಿ; ಕಿನ್ತು ಯೇನ ಪುಂಸಾ ಸ ಪರಕರೇಷು ಸಮರ್ಪಯಿಷ್ಯತೇ, ಹಾ ಹಾ ಚೇತ್ ಸ ನಾಜನಿಷ್ಯತ, ತದಾ ತಸ್ಯ ಕ್ಷೇಮಮಭವಿಷ್ಯತ್|
25 ২৫ তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”।
ತದಾ ಯಿಹೂದಾನಾಮಾ ಯೋ ಜನಸ್ತಂ ಪರಕರೇಷು ಸಮರ್ಪಯಿಷ್ಯತಿ, ಸ ಉಕ್ತವಾನ್, ಹೇ ಗುರೋ, ಸ ಕಿಮಹಂ? ತತಃ ಸ ಪ್ರತ್ಯುಕ್ತವಾನ್, ತ್ವಯಾ ಸತ್ಯಂ ಗದಿತಮ್|
26 ২৬ পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”।
ಅನನ್ತರಂ ತೇಷಾಮಶನಕಾಲೇ ಯೀಶುಃ ಪೂಪಮಾದಾಯೇಶ್ವರೀಯಗುಣಾನನೂದ್ಯ ಭಂಕ್ತ್ವಾ ಶಿಷ್ಯೇಭ್ಯಃ ಪ್ರದಾಯ ಜಗಾದ, ಮದ್ವಪುಃಸ್ವರೂಪಮಿಮಂ ಗೃಹೀತ್ವಾ ಖಾದತ|
27 ২৭ পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, “লোৱা, তোমালোকে সকলোৱে পান কৰা;
ಪಶ್ಚಾತ್ ಸ ಕಂಸಂ ಗೃಹ್ಲನ್ ಈಶ್ವರೀಯಗುಣಾನನೂದ್ಯ ತೇಭ್ಯಃ ಪ್ರದಾಯ ಕಥಿತವಾನ್, ಸರ್ವ್ವೈ ರ್ಯುಷ್ಮಾಭಿರನೇನ ಪಾತವ್ಯಂ,
28 ২৮ কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
ಯಸ್ಮಾದನೇಕೇಷಾಂ ಪಾಪಮರ್ಷಣಾಯ ಪಾತಿತಂ ಯನ್ಮನ್ನೂತ್ನನಿಯಮರೂಪಶೋಣಿತಂ ತದೇತತ್|
29 ২৯ কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ”।
ಅಪರಮಹಂ ನೂತ್ನಗೋಸ್ತನೀರಸಂ ನ ಪಾಸ್ಯಾಮಿ, ತಾವತ್ ಗೋಸ್ತನೀಫಲರಸಂ ಪುನಃ ಕದಾಪಿ ನ ಪಾಸ್ಯಾಮಿ|
30 ৩০ পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ’ল।
ಪಶ್ಚಾತ್ ತೇ ಗೀತಮೇಕಂ ಸಂಗೀಯ ಜೈತುನಾಖ್ಯಗಿರಿಂ ಗತವನ್ತಃ|
31 ৩১ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে, ‘মই মেৰৰখীয়াক আঘাত কৰিম তাতে জাকৰ মেৰবোৰ ছিন্ন-ভিন্ন হৈ যাব৷’
ತದಾನೀಂ ಯೀಶುಸ್ತಾನವೋಚತ್, ಅಸ್ಯಾಂ ರಜನ್ಯಾಮಹಂ ಯುಷ್ಮಾಕಂ ಸರ್ವ್ವೇಷಾಂ ವಿಘ್ನರೂಪೋ ಭವಿಷ್ಯಾಮಿ, ಯತೋ ಲಿಖಿತಮಾಸ್ತೇ, "ಮೇಷಾಣಾಂ ರಕ್ಷಕೋ ಯಸ್ತಂ ಪ್ರಹರಿಷ್ಯಾಮ್ಯಹಂ ತತಃ| ಮೇಷಾಣಾಂ ನಿವಹೋ ನೂನಂ ಪ್ರವಿಕೀರ್ಣೋ ಭವಿಷ್ಯತಿ"||
32 ৩২ কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
ಕಿನ್ತು ಶ್ಮಶಾನಾತ್ ಸಮುತ್ಥಾಯ ಯುಷ್ಮಾಕಮಗ್ರೇಽಹಂ ಗಾಲೀಲಂ ಗಮಿಷ್ಯಾಮಿ|
33 ৩৩ তেতিয়া পিতৰে তেওঁক ক’লে, “সকলোৱে আপোনাত বিঘিনি পাই আতৰি গলেও, মই কেতিয়াও নাযাও”।
ಪಿತರಸ್ತಂ ಪ್ರೋವಾಚ, ಭವಾಂಶ್ಚೇತ್ ಸರ್ವ್ವೇಷಾಂ ವಿಘ್ನರೂಪೋ ಭವತಿ, ತಥಾಪಿ ಮಮ ನ ಭವಿಷ್ಯತಿ|
34 ৩৪ যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা”।
ತತೋ ಯೀಶುನಾ ಸ ಉಕ್ತಃ, ತುಭ್ಯಮಹಂ ತಥ್ಯಂ ಕಥಯಾಮಿ, ಯಾಮಿನ್ಯಾಮಸ್ಯಾಂ ಚರಣಾಯುಧಸ್ಯ ರವಾತ್ ಪೂರ್ವ್ವಂ ತ್ವಂ ಮಾಂ ತ್ರಿ ರ್ನಾಙ್ಗೀಕರಿಷ್ಯಸಿ|
35 ৩৫ পিতৰে তেওঁক ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো ক’লে।
ತತಃ ಪಿತರ ಉದಿತವಾನ್, ಯದ್ಯಪಿ ತ್ವಯಾ ಸಮಂ ಮರ್ತ್ತವ್ಯಂ, ತಥಾಪಿ ಕದಾಪಿ ತ್ವಾಂ ನ ನಾಙ್ಗೀಕರಿಷ್ಯಾಮಿ; ತಥೈವ ಸರ್ವ್ವೇ ಶಿಷ್ಯಾಶ್ಚೋಚುಃ|
36 ৩৬ তেতিয়া যীচুৱে তেওঁলোকৰ সৈতে গেৎচিমানী নামেৰে এখন ঠাইলৈ গৈ, তেওঁৰ শিষ্য সকলক ক’লে, “মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা”।
ಅನನ್ತರಂ ಯೀಶುಃ ಶಿಷ್ಯೈಃ ಸಾಕಂ ಗೇತ್ಶಿಮಾನೀನಾಮಕಂ ಸ್ಥಾನಂ ಪ್ರಸ್ಥಾಯ ತೇಭ್ಯಃ ಕಥಿತವಾನ್, ಅದಃ ಸ್ಥಾನಂ ಗತ್ವಾ ಯಾವದಹಂ ಪ್ರಾರ್ಥಯಿಷ್ಯೇ ತಾವದ್ ಯೂಯಮತ್ರೋಪವಿಶತ|
37 ৩৭ পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে।
ಪಶ್ಚಾತ್ ಸ ಪಿತರಂ ಸಿವದಿಯಸುತೌ ಚ ಸಙ್ಗಿನಃ ಕೃತ್ವಾ ಗತವಾನ್, ಶೋಕಾಕುಲೋಽತೀವ ವ್ಯಥಿತಶ್ಚ ಬಭೂವ|
38 ৩৮ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”।
ತಾನವಾದೀಚ್ಚ ಮೃತಿಯಾತನೇವ ಮತ್ಪ್ರಾಣಾನಾಂ ಯಾತನಾ ಜಾಯತೇ, ಯೂಯಮತ್ರ ಮಯಾ ಸಾರ್ದ್ಧಂ ಜಾಗೃತ|
39 ৩৯ পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
ತತಃ ಸ ಕಿಞ್ಚಿದ್ದೂರಂ ಗತ್ವಾಧೋಮುಖಃ ಪತನ್ ಪ್ರಾರ್ಥಯಾಞ್ಚಕ್ರೇ, ಹೇ ಮತ್ಪಿತರ್ಯದಿ ಭವಿತುಂ ಶಕ್ನೋತಿ, ತರ್ಹಿ ಕಂಸೋಽಯಂ ಮತ್ತೋ ದೂರಂ ಯಾತು; ಕಿನ್ತು ಮದಿಚ್ಛಾವತ್ ನ ಭವತು, ತ್ವದಿಚ್ಛಾವದ್ ಭವತು|
40 ৪০ পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক ক’লে, “তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে?
ತತಃ ಸ ಶಿಷ್ಯಾನುಪೇತ್ಯ ತಾನ್ ನಿದ್ರತೋ ನಿರೀಕ್ಷ್ಯ ಪಿತರಾಯ ಕಥಯಾಮಾಸ, ಯೂಯಂ ಮಯಾ ಸಾಕಂ ದಣ್ಡಮೇಕಮಪಿ ಜಾಗರಿತುಂ ನಾಶನ್ಕುತ?
41 ৪১ পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”।
ಪರೀಕ್ಷಾಯಾಂ ನ ಪತಿತುಂ ಜಾಗೃತ ಪ್ರಾರ್ಥಯಧ್ವಞ್ಚ; ಆತ್ಮಾ ಸಮುದ್ಯತೋಸ್ತಿ, ಕಿನ್ತು ವಪು ರ್ದುರ್ಬ್ಬಲಂ|
42 ৪২ পুনৰায় তেওঁ দ্বিতীয় বাৰ গৈ, প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দূখৰ পান-পাত্ৰ দুৰ হ’ব নোৱাৰে, তেনেহলে তোমাৰ ইচ্ছাই পুৰ হওক”।
ಸ ದ್ವಿತೀಯವಾರಂ ಪ್ರಾರ್ಥಯಾಞ್ಚಕ್ರೇ, ಹೇ ಮತ್ತಾತ, ನ ಪೀತೇ ಯದಿ ಕಂಸಮಿದಂ ಮತ್ತೋ ದೂರಂ ಯಾತುಂ ನ ಶಕ್ನೋತಿ, ತರ್ಹಿ ತ್ವದಿಚ್ಛಾವದ್ ಭವತು|
43 ৪৩ পাছত তেওঁ পুনৰায় আহি তেওঁলোকক টোপনি যোৱা দেখিলে; কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল।
ಸ ಪುನರೇತ್ಯ ತಾನ್ ನಿದ್ರತೋ ದದರ್ಶ, ಯತಸ್ತೇಷಾಂ ನೇತ್ರಾಣಿ ನಿದ್ರಯಾ ಪೂರ್ಣಾನ್ಯಾಸನ್|
44 ৪৪ পুনৰায় তেওঁ তেওঁলোকক এৰি থৈ, তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
ಪಶ್ಚಾತ್ ಸ ತಾನ್ ವಿಹಾಯ ವ್ರಜಿತ್ವಾ ತೃತೀಯವಾರಂ ಪೂರ್ವ್ವವತ್ ಕಥಯನ್ ಪ್ರಾರ್ಥಿತವಾನ್|
45 ৪৫ তেতিয়া তেওঁ শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক ক’লে, “বাৰু, এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা? চোৱা, সময় ওচৰ হ’ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে।
ತತಃ ಶಿಷ್ಯಾನುಪಾಗತ್ಯ ಗದಿತವಾನ್, ಸಾಮ್ಪ್ರತಂ ಶಯಾನಾಃ ಕಿಂ ವಿಶ್ರಾಮ್ಯಥ? ಪಶ್ಯತ, ಸಮಯ ಉಪಾಸ್ಥಾತ್, ಮನುಜಸುತಃ ಪಾಪಿನಾಂ ಕರೇಷು ಸಮರ್ಪ್ಯತೇ|
46 ৪৬ উঠা, আমি যাওঁহক; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
ಉತ್ತಿಷ್ಠತ, ವಯಂ ಯಾಮಃ, ಯೋ ಮಾಂ ಪರಕರೇಷು ಮಸರ್ಪಯಿಷ್ಯತಿ, ಪಶ್ಯತ, ಸ ಸಮೀಪಮಾಯಾತಿ|
47 ৪৭ যীচুৱে কথা কৈ থাকোতেই, চোৱা, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ ডাঙৰ দল এটা সেই ঠাইলৈ আহিল।
ಏತತ್ಕಥಾಕಥನಕಾಲೇ ದ್ವಾದಶಶಿಷ್ಯಾಣಾಮೇಕೋ ಯಿಹೂದಾನಾಮಕೋ ಮುಖ್ಯಯಾಜಕಲೋಕಪ್ರಾಚೀನೈಃ ಪ್ರಹಿತಾನ್ ಅಸಿಧಾರಿಯಷ್ಟಿಧಾರಿಣೋ ಮನುಜಾನ್ ಗೃಹೀತ್ವಾ ತತ್ಸಮೀಪಮುಪತಸ್ಥೌ|
48 ৪৮ তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই চিনেৰে সঙ্কেত দিছিল, বোলে, ‘মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা’।
ಅಸೌ ಪರಕರೇಷ್ವರ್ಪಯಿತಾ ಪೂರ್ವ್ವಂ ತಾನ್ ಇತ್ಥಂ ಸಙ್ಕೇತಯಾಮಾಸ, ಯಮಹಂ ಚುಮ್ಬಿಷ್ಯೇ, ಸೋಽಸೌ ಮನುಜಃ, ಸಏವ ಯುಷ್ಮಾಭಿ ರ್ಧಾರ್ಯ್ಯತಾಂ|
49 ৪৯ তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, ‘ৰব্বি প্ৰণাম’ এই বুলি, তেওঁক চুমা খালে।
ತದಾ ಸ ಸಪದಿ ಯೀಶುಮುಪಾಗತ್ಯ ಹೇ ಗುರೋ, ಪ್ರಣಮಾಮೀತ್ಯುಕ್ತ್ವಾ ತಂ ಚುಚುಮ್ಬೇ|
50 ৫০ যীচুৱে তেওঁক ক’লে, “বন্ধু, তুমি যি কৰিবলৈ আহিলা তাকে কৰা”। তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে।
ತದಾ ಯೀಶುಸ್ತಮುವಾಚ, ಹೇ ಮಿತ್ರಂ ಕಿಮರ್ಥಮಾಗತೋಸಿ? ತದಾ ತೈರಾಗತ್ಯ ಯೀಶುರಾಕ್ರಮ್ಯ ದಘ್ರೇ|
51 ৫১ চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে।
ತತೋ ಯೀಶೋಃ ಸಙ್ಗಿನಾಮೇಕಃ ಕರಂ ಪ್ರಸಾರ್ಯ್ಯ ಕೋಷಾದಸಿಂ ಬಹಿಷ್ಕೃತ್ಯ ಮಹಾಯಾಜಕಸ್ಯ ದಾಸಮೇಕಮಾಹತ್ಯ ತಸ್ಯ ಕರ್ಣಂ ಚಿಚ್ಛೇದ|
52 ৫২ তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।
ತತೋ ಯೀಶುಸ್ತಂ ಜಗಾದ, ಖಡ್ಗಂ ಸ್ವಸ್ಥಾನೇ ನಿಧೇಹಿ ಯತೋ ಯೇ ಯೇ ಜನಾ ಅಸಿಂ ಧಾರಯನ್ತಿ, ತಏವಾಸಿನಾ ವಿನಶ್ಯನ್ತಿ|
53 ৫৩ ‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়োঅধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে?
ಅಪರಂ ಪಿತಾ ಯಥಾ ಮದನ್ತಿಕಂ ಸ್ವರ್ಗೀಯದೂತಾನಾಂ ದ್ವಾದಶವಾಹಿನೀತೋಽಧಿಕಂ ಪ್ರಹಿಣುಯಾತ್ ಮಯಾ ತಮುದ್ದಿಶ್ಯೇದಾನೀಮೇವ ತಥಾ ಪ್ರಾರ್ಥಯಿತುಂ ನ ಶಕ್ಯತೇ, ತ್ವಯಾ ಕಿಮಿತ್ಥಂ ಜ್ಞಾಯತೇ?
54 ৫৪ কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে?”
ತಥಾ ಸತೀತ್ಥಂ ಘಟಿಷ್ಯತೇ ಧರ್ಮ್ಮಪುಸ್ತಕಸ್ಯ ಯದಿದಂ ವಾಕ್ಯಂ ತತ್ ಕಥಂ ಸಿಧ್ಯೇತ್?
55 ৫৫ সেই সময়ত যীচুৱে লোক সকলক ক’লে, “আপোনালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছে যে; যেতিয়া মই নিতৌ মন্দিৰত বহি উপদেশ দি আছিলোঁ, তেতিয়া আপোনালোকে মোক নধৰিলে,
ತದಾನೀಂ ಯೀಶು ರ್ಜನನಿವಹಂ ಜಗಾದ, ಯೂಯಂ ಖಡ್ಗಯಷ್ಟೀನ್ ಆದಾಯ ಮಾಂ ಕಿಂ ಚೌರಂ ಧರ್ತ್ತುಮಾಯಾತಾಃ? ಅಹಂ ಪ್ರತ್ಯಹಂ ಯುಷ್ಮಾಭಿಃ ಸಾಕಮುಪವಿಶ್ಯ ಸಮುಪಾದಿಶಂ, ತದಾ ಮಾಂ ನಾಧರತ;
56 ৫৬ কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।
ಕಿನ್ತು ಭವಿಷ್ಯದ್ವಾದಿನಾಂ ವಾಕ್ಯಾನಾಂ ಸಂಸಿದ್ಧಯೇ ಸರ್ವ್ವಮೇತದಭೂತ್| ತದಾ ಸರ್ವ್ವೇ ಶಿಷ್ಯಾಸ್ತಂ ವಿಹಾಯ ಪಲಾಯನ್ತ|
57 ৫৭ পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহা-পুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে।
ಅನನ್ತರಂ ತೇ ಮನುಜಾ ಯೀಶುಂ ಧೃತ್ವಾ ಯತ್ರಾಧ್ಯಾಪಕಪ್ರಾಞ್ಚಃ ಪರಿಷದಂ ಕುರ್ವ್ವನ್ತ ಉಪಾವಿಶನ್ ತತ್ರ ಕಿಯಫಾನಾಮಕಮಹಾಯಾಜಕಸ್ಯಾನ್ತಿಕಂ ನಿನ್ಯುಃ|
58 ৫৮ কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।
ಕಿನ್ತು ಶೇಷೇ ಕಿಂ ಭವಿಷ್ಯತೀತಿ ವೇತ್ತುಂ ಪಿತರೋ ದೂರೇ ತತ್ಪಶ್ಚಾದ್ ವ್ರಜಿತ್ವಾ ಮಹಾಯಾಜಕಸ್ಯಾಟ್ಟಾಲಿಕಾಂ ಪ್ರವಿಶ್ಯ ದಾಸೈಃ ಸಹಿತ ಉಪಾವಿಶತ್|
59 ৫৯ তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
ತದಾನೀಂ ಪ್ರಧಾನಯಾಜಕಪ್ರಾಚೀನಮನ್ತ್ರಿಣಃ ಸರ್ವ್ವೇ ಯೀಶುಂ ಹನ್ತುಂ ಮೃಷಾಸಾಕ್ಷ್ಯಮ್ ಅಲಿಪ್ಸನ್ತ,
60 ৬০ অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে,
ಕಿನ್ತು ನ ಲೇಭಿರೇ| ಅನೇಕೇಷು ಮೃಷಾಸಾಕ್ಷಿಷ್ವಾಗತೇಷ್ವಪಿ ತನ್ನ ಪ್ರಾಪುಃ|
61 ৬১ “এওঁ কৈছিল - ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।”
ಶೇಷೇ ದ್ವೌ ಮೃಷಾಸಾಕ್ಷಿಣಾವಾಗತ್ಯ ಜಗದತುಃ, ಪುಮಾನಯಮಕಥಯತ್, ಅಹಮೀಶ್ವರಮನ್ದಿರಂ ಭಂಕ್ತ್ವಾ ದಿನತ್ರಯಮಧ್ಯೇ ತನ್ನಿರ್ಮ್ಮಾತುಂ ಶಕ್ನೋಮಿ|
62 ৬২ তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?”
ತದಾ ಮಹಾಯಾಜಕ ಉತ್ಥಾಯ ಯೀಶುಮ್ ಅವಾದೀತ್| ತ್ವಂ ಕಿಮಪಿ ನ ಪ್ರತಿವದಸಿ? ತ್ವಾಮಧಿ ಕಿಮೇತೇ ಸಾಕ್ಷ್ಯಂ ವದನ್ತಿ?
63 ৬৩ কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
ಕಿನ್ತು ಯೀಶು ರ್ಮೌನೀಭೂಯ ತಸ್ಯೌ| ತತೋ ಮಹಾಯಾಜಕ ಉಕ್ತವಾನ್, ತ್ವಾಮ್ ಅಮರೇಶ್ವರನಾಮ್ನಾ ಶಪಯಾಮಿ, ತ್ವಮೀಶ್ವರಸ್ಯ ಪುತ್ರೋಽಭಿಷಿಕ್ತೋ ಭವಸಿ ನವೇತಿ ವದ|
64 ৬৪ যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।”
ಯೀಶುಃ ಪ್ರತ್ಯವದತ್, ತ್ವಂ ಸತ್ಯಮುಕ್ತವಾನ್; ಅಹಂ ಯುಷ್ಮಾನ್ ತಥ್ಯಂ ವದಾಮಿ, ಇತಃಪರಂ ಮನುಜಸುತಂ ಸರ್ವ್ವಶಕ್ತಿಮತೋ ದಕ್ಷಿಣಪಾರ್ಶ್ವೇ ಸ್ಥಾತುಂ ಗಗಣಸ್ಥಂ ಜಲಧರಾನಾರುಹ್ಯಾಯಾನ್ತಂ ವೀಕ್ಷಧ್ವೇ|
65 ৬৫ তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।
ತದಾ ಮಹಾಯಾಜಕೋ ನಿಜವಸನಂ ಛಿತ್ತ್ವಾ ಜಗಾದ, ಏಷ ಈಶ್ವರಂ ನಿನ್ದಿತವಾನ್, ಅಸ್ಮಾಕಮಪರಸಾಕ್ಷ್ಯೇಣ ಕಿಂ ಪ್ರಯೋಜನಂ? ಪಶ್ಯತ, ಯೂಯಮೇವಾಸ್ಯಾಸ್ಯಾದ್ ಈಶ್ವರನಿನ್ದಾಂ ಶ್ರುತವನ್ತಃ,
66 ৬৬ গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি ক’লে, “এওঁ প্ৰাণদণ্ডৰ যোগ্য”।
ಯುಷ್ಮಾಭಿಃ ಕಿಂ ವಿವಿಚ್ಯತೇ? ತೇ ಪ್ರತ್ಯೂಚುಃ, ವಧಾರ್ಹೋಽಯಂ|
67 ৬৭ তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে;
ತತೋ ಲೋಕೈಸ್ತದಾಸ್ಯೇ ನಿಷ್ಠೀವಿತಂ ಕೇಚಿತ್ ಪ್ರತಲಮಾಹತ್ಯ ಕೇಚಿಚ್ಚ ಚಪೇಟಮಾಹತ್ಯ ಬಭಾಷಿರೇ,
68 ৬৮ আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?
ಹೇ ಖ್ರೀಷ್ಟ ತ್ವಾಂ ಕಶ್ಚಪೇಟಮಾಹತವಾನ್? ಇತಿ ಗಣಯಿತ್ವಾ ವದಾಸ್ಮಾನ್|
69 ৬৯ সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।
ಪಿತರೋ ಬಹಿರಙ್ಗನ ಉಪವಿಶತಿ, ತದಾನೀಮೇಕಾ ದಾಸೀ ತಮುಪಾಗತ್ಯ ಬಭಾಷೇ, ತ್ವಂ ಗಾಲೀಲೀಯಯೀಶೋಃ ಸಹಚರಏಕಃ|
70 ৭০ কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, ‘তুমি কি কৈছা, মই বুজা নাই’।
ಕಿನ್ತು ಸ ಸರ್ವ್ವೇಷಾಂ ಸಮಕ್ಷಮ್ ಅನಙ್ಗೀಕೃತ್ಯಾವಾದೀತ್, ತ್ವಯಾ ಯದುಚ್ಯತೇ, ತದರ್ಥಮಹಂ ನ ವೇದ್ಮಿ|
71 ৭১ পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’।
ತದಾ ತಸ್ಮಿನ್ ಬಹಿರ್ದ್ವಾರಂ ಗತೇ ಽನ್ಯಾ ದಾಸೀ ತಂ ನಿರೀಕ್ಷ್ಯ ತತ್ರತ್ಯಜನಾನವದತ್, ಅಯಮಪಿ ನಾಸರತೀಯಯೀಶುನಾ ಸಾರ್ದ್ಧಮ್ ಆಸೀತ್|
72 ৭২ তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক’লে, “মই সেই মানুহ জনক চিনি নাপাও”।
ತತಃ ಸ ಶಪಥೇನ ಪುನರನಙ್ಗೀಕೃತ್ಯ ಕಥಿತವಾನ್, ತಂ ನರಂ ನ ಪರಿಚಿನೋಮಿ|
73 ৭৩ অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’।
ಕ್ಷಣಾತ್ ಪರಂ ತಿಷ್ಠನ್ತೋ ಜನಾ ಏತ್ಯ ಪಿತರಮ್ ಅವದನ್, ತ್ವಮವಶ್ಯಂ ತೇಷಾಮೇಕ ಇತಿ ತ್ವದುಚ್ಚಾರಣಮೇವ ದ್ಯೋತಯತಿ|
74 ৭৪ তাতে তেওঁ শাও দি আৰু শপত খাই ক’লে, “মই সেই মানুহক চিনিয়ে নাপাওঁ” আৰু তেতিয়াই কুকুৰাই ডাক দিলে।
ಕಿನ್ತು ಸೋಽಭಿಶಪ್ಯ ಕಥಿತವಾನ್, ತಂ ಜನಂ ನಾಹಂ ಪರಿಚಿನೋಮಿ, ತದಾ ಸಪದಿ ಕುಕ್ಕುಟೋ ರುರಾವ|
75 ৭৫ তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
ಕುಕ್ಕುಟರವಾತ್ ಪ್ರಾಕ್ ತ್ವಂ ಮಾಂ ತ್ರಿರಪಾಹ್ನೋಷ್ಯಸೇ, ಯೈಷಾ ವಾಗ್ ಯೀಶುನಾವಾದಿ ತಾಂ ಪಿತರಃ ಸಂಸ್ಮೃತ್ಯ ಬಹಿರಿತ್ವಾ ಖೇದಾದ್ ಭೃಶಂ ಚಕ್ರನ್ದ|

< মথি 26 >