< মথি 26 >

1 যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক ক’লে,
যীশুরেতান্ প্রস্তাৱান্ সমাপ্য শিষ্যানূচে,
2 “তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।”
যুষ্মাভি র্জ্ঞাতং দিনদ্ৱযাৎ পরং নিস্তারমহ উপস্থাস্যতি, তত্র মনুজসুতঃ ক্রুশেন হন্তুং পরকরেষু সমর্পিষ্যতে|
3 তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
ততঃ পরং প্রধানযাজকাধ্যাপকপ্রাঞ্চঃ কিযফানাম্নো মহাযাজকস্যাট্টালিকাযাং মিলিৎৱা
4 তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
কেনোপাযেন যীশুং ধৃৎৱা হন্তুং শক্নুযুরিতি মন্ত্রযাঞ্চক্রুঃ|
5 তেওঁলোকে ক’লে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷’
কিন্তু তৈরুক্তং মহকালে ন ধর্ত্তৱ্যঃ, ধৃতে প্রজানাং কলহেন ভৱিতুং শক্যতে|
6 পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত
ততো বৈথনিযাপুরে শিমোনাখ্যস্য কুষ্ঠিনো ৱেশ্মনি যীশৌ তিষ্ঠতি
7 এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি।
কাচন যোষা শ্ৱেতোপলভাজনেন মহার্ঘ্যং সুগন্ধি তৈলমানীয ভোজনাযোপৱিশতস্তস্য শিরোভ্যষেচৎ|
8 শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা?
কিন্তু তদালোক্য তচ্ছিষ্যৈঃ কুপিতৈরুক্তং, কুত ইত্থমপৱ্যযতে?
9 কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’।
চেদিদং ৱ্যক্রেষ্যত, তর্হি ভূরিমূল্যং প্রাপ্য দরিদ্রেভ্যো ৱ্যতারিষ্যত|
10 ১০ কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।
১০যীশুনা তদৱগত্য তে সমুদিতাঃ, যোষামেনাং কুতো দুঃখিনীং কুরুথ, সা মাং প্রতি সাধু কর্ম্মাকার্ষীৎ|
11 ১১ কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷
১১যুষ্মাকমং সমীপে দরিদ্রাঃ সততমেৱাসতে, কিন্তু যুষ্মাকমন্তিকেহং নাসে সততং|
12 ১২ এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে।
১২সা মম কাযোপরি সুগন্ধিতৈলং সিক্ত্ৱা মম শ্মশানদানকর্ম্মাকার্ষীৎ|
13 ১৩ মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।”
১৩অতোহং যুষ্মান্ তথ্যং ৱদামি সর্ৱ্ৱস্মিন্ জগতি যত্র যত্রৈষ সুসমাচারঃ প্রচারিষ্যতে, তত্র তত্রৈতস্যা নার্য্যাঃ স্মরণার্থম্ কর্ম্মেদং প্রচারিষ্যতে|
14 ১৪ তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ’ল,
১৪ততো দ্ৱাদশশিষ্যাণাম্ ঈষ্করিযোতীযযিহূদানামক একঃ শিষ্যঃ প্রধানযাজকানামন্তিকং গৎৱা কথিতৱান্,
15 ১৫ আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
১৫যদি যুষ্মাকং করেষু যীশুং সমর্পযামি, তর্হি কিং দাস্যথ? তদানীং তে তস্মৈ ত্রিংশন্মুদ্রা দাতুং স্থিরীকৃতৱন্তঃ|
16 ১৬ তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।
১৬স তদারভ্য তং পরকরেষু সমর্পযিতুং সুযোগং চেষ্টিতৱান্|
17 ১৭ পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”?
১৭অনন্তরং কিণ্ৱশূন্যপূপপর্ৱ্ৱণঃ প্রথমেহ্নি শিষ্যা যীশুম্ উপগত্য পপ্রচ্ছুঃ ভৱৎকৃতে কুত্র ৱযং নিস্তারমহভোজ্যম্ আযোজযিষ্যামঃ? ভৱতঃ কেচ্ছা?
18 ১৮ তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”।
১৮তদা স গদিতৱান্, মধ্যেনগরমমুকপুংসঃ সমীপং ৱ্রজিৎৱা ৱদত, গুরু র্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তারমহভোজ্যং ভোক্ষ্যে|
19 ১৯ তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলেগৈ।
১৯তদা শিষ্যা যীশোস্তাদৃশনিদেশানুরূপকর্ম্ম ৱিধায তত্র নিস্তারমহভোজ্যমাসাদযামাসুঃ|
20 ২০ পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল;
২০ততঃ সন্ধ্যাযাং সত্যাং দ্ৱাদশভিঃ শিষ্যৈঃ সাকং স ন্যৱিশৎ|
21 ২১ এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।
২১অপরং ভুঞ্জান উক্তৱান্ যুষ্মান্ তথ্যং ৱদামি, যুষ্মাকমেকো মাং পরকরেষু সমর্পযিষ্যতি|
22 ২২ তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’?
২২তদা তেঽতীৱ দুঃখিতা একৈকশো ৱক্তুমারেভিরে, হে প্রভো, স কিমহং?
23 ২৩ যীচুৱে উত্তৰ দি ক’লে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।
২৩ততঃ স জগাদ, মযা সাকং যো জনো ভোজনপাত্রে করং সংক্ষিপতি, স এৱ মাং পরকরেষু সমর্পযিষ্যতি|
24 ২৪ মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’।
২৪মনুজসুতমধি যাদৃশং লিখিতমাস্তে, তদনুরূপা তদ্গতি র্ভৱিষ্যতি; কিন্তু যেন পুংসা স পরকরেষু সমর্পযিষ্যতে, হা হা চেৎ স নাজনিষ্যত, তদা তস্য ক্ষেমমভৱিষ্যৎ|
25 ২৫ তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”।
২৫তদা যিহূদানামা যো জনস্তং পরকরেষু সমর্পযিষ্যতি, স উক্তৱান্, হে গুরো, স কিমহং? ততঃ স প্রত্যুক্তৱান্, ৎৱযা সত্যং গদিতম্|
26 ২৬ পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”।
২৬অনন্তরং তেষামশনকালে যীশুঃ পূপমাদাযেশ্ৱরীযগুণাননূদ্য ভংক্ত্ৱা শিষ্যেভ্যঃ প্রদায জগাদ, মদ্ৱপুঃস্ৱরূপমিমং গৃহীৎৱা খাদত|
27 ২৭ পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, “লোৱা, তোমালোকে সকলোৱে পান কৰা;
২৭পশ্চাৎ স কংসং গৃহ্লন্ ঈশ্ৱরীযগুণাননূদ্য তেভ্যঃ প্রদায কথিতৱান্, সর্ৱ্ৱৈ র্যুষ্মাভিরনেন পাতৱ্যং,
28 ২৮ কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
২৮যস্মাদনেকেষাং পাপমর্ষণায পাতিতং যন্মন্নূত্ননিযমরূপশোণিতং তদেতৎ|
29 ২৯ কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ”।
২৯অপরমহং নূত্নগোস্তনীরসং ন পাস্যামি, তাৱৎ গোস্তনীফলরসং পুনঃ কদাপি ন পাস্যামি|
30 ৩০ পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ’ল।
৩০পশ্চাৎ তে গীতমেকং সংগীয জৈতুনাখ্যগিরিং গতৱন্তঃ|
31 ৩১ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে, ‘মই মেৰৰখীয়াক আঘাত কৰিম তাতে জাকৰ মেৰবোৰ ছিন্ন-ভিন্ন হৈ যাব৷’
৩১তদানীং যীশুস্তানৱোচৎ, অস্যাং রজন্যামহং যুষ্মাকং সর্ৱ্ৱেষাং ৱিঘ্নরূপো ভৱিষ্যামি, যতো লিখিতমাস্তে, "মেষাণাং রক্ষকো যস্তং প্রহরিষ্যাম্যহং ততঃ| মেষাণাং নিৱহো নূনং প্রৱিকীর্ণো ভৱিষ্যতি"||
32 ৩২ কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
৩২কিন্তু শ্মশানাৎ সমুত্থায যুষ্মাকমগ্রেঽহং গালীলং গমিষ্যামি|
33 ৩৩ তেতিয়া পিতৰে তেওঁক ক’লে, “সকলোৱে আপোনাত বিঘিনি পাই আতৰি গলেও, মই কেতিয়াও নাযাও”।
৩৩পিতরস্তং প্রোৱাচ, ভৱাংশ্চেৎ সর্ৱ্ৱেষাং ৱিঘ্নরূপো ভৱতি, তথাপি মম ন ভৱিষ্যতি|
34 ৩৪ যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা”।
৩৪ততো যীশুনা স উক্তঃ, তুভ্যমহং তথ্যং কথযামি, যামিন্যামস্যাং চরণাযুধস্য রৱাৎ পূর্ৱ্ৱং ৎৱং মাং ত্রি র্নাঙ্গীকরিষ্যসি|
35 ৩৫ পিতৰে তেওঁক ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো ক’লে।
৩৫ততঃ পিতর উদিতৱান্, যদ্যপি ৎৱযা সমং মর্ত্তৱ্যং, তথাপি কদাপি ৎৱাং ন নাঙ্গীকরিষ্যামি; তথৈৱ সর্ৱ্ৱে শিষ্যাশ্চোচুঃ|
36 ৩৬ তেতিয়া যীচুৱে তেওঁলোকৰ সৈতে গেৎচিমানী নামেৰে এখন ঠাইলৈ গৈ, তেওঁৰ শিষ্য সকলক ক’লে, “মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা”।
৩৬অনন্তরং যীশুঃ শিষ্যৈঃ সাকং গেৎশিমানীনামকং স্থানং প্রস্থায তেভ্যঃ কথিতৱান্, অদঃ স্থানং গৎৱা যাৱদহং প্রার্থযিষ্যে তাৱদ্ যূযমত্রোপৱিশত|
37 ৩৭ পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে।
৩৭পশ্চাৎ স পিতরং সিৱদিযসুতৌ চ সঙ্গিনঃ কৃৎৱা গতৱান্, শোকাকুলোঽতীৱ ৱ্যথিতশ্চ বভূৱ|
38 ৩৮ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”।
৩৮তানৱাদীচ্চ মৃতিযাতনেৱ মৎপ্রাণানাং যাতনা জাযতে, যূযমত্র মযা সার্দ্ধং জাগৃত|
39 ৩৯ পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
৩৯ততঃ স কিঞ্চিদ্দূরং গৎৱাধোমুখঃ পতন্ প্রার্থযাঞ্চক্রে, হে মৎপিতর্যদি ভৱিতুং শক্নোতি, তর্হি কংসোঽযং মত্তো দূরং যাতু; কিন্তু মদিচ্ছাৱৎ ন ভৱতু, ৎৱদিচ্ছাৱদ্ ভৱতু|
40 ৪০ পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক ক’লে, “তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে?
৪০ততঃ স শিষ্যানুপেত্য তান্ নিদ্রতো নিরীক্ষ্য পিতরায কথযামাস, যূযং মযা সাকং দণ্ডমেকমপি জাগরিতুং নাশন্কুত?
41 ৪১ পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”।
৪১পরীক্ষাযাং ন পতিতুং জাগৃত প্রার্থযধ্ৱঞ্চ; আত্মা সমুদ্যতোস্তি, কিন্তু ৱপু র্দুর্ব্বলং|
42 ৪২ পুনৰায় তেওঁ দ্বিতীয় বাৰ গৈ, প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দূখৰ পান-পাত্ৰ দুৰ হ’ব নোৱাৰে, তেনেহলে তোমাৰ ইচ্ছাই পুৰ হওক”।
৪২স দ্ৱিতীযৱারং প্রার্থযাঞ্চক্রে, হে মত্তাত, ন পীতে যদি কংসমিদং মত্তো দূরং যাতুং ন শক্নোতি, তর্হি ৎৱদিচ্ছাৱদ্ ভৱতু|
43 ৪৩ পাছত তেওঁ পুনৰায় আহি তেওঁলোকক টোপনি যোৱা দেখিলে; কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল।
৪৩স পুনরেত্য তান্ নিদ্রতো দদর্শ, যতস্তেষাং নেত্রাণি নিদ্রযা পূর্ণান্যাসন্|
44 ৪৪ পুনৰায় তেওঁ তেওঁলোকক এৰি থৈ, তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
৪৪পশ্চাৎ স তান্ ৱিহায ৱ্রজিৎৱা তৃতীযৱারং পূর্ৱ্ৱৱৎ কথযন্ প্রার্থিতৱান্|
45 ৪৫ তেতিয়া তেওঁ শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক ক’লে, “বাৰু, এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা? চোৱা, সময় ওচৰ হ’ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে।
৪৫ততঃ শিষ্যানুপাগত্য গদিতৱান্, সাম্প্রতং শযানাঃ কিং ৱিশ্রাম্যথ? পশ্যত, সময উপাস্থাৎ, মনুজসুতঃ পাপিনাং করেষু সমর্প্যতে|
46 ৪৬ উঠা, আমি যাওঁহক; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
৪৬উত্তিষ্ঠত, ৱযং যামঃ, যো মাং পরকরেষু মসর্পযিষ্যতি, পশ্যত, স সমীপমাযাতি|
47 ৪৭ যীচুৱে কথা কৈ থাকোতেই, চোৱা, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ ডাঙৰ দল এটা সেই ঠাইলৈ আহিল।
৪৭এতৎকথাকথনকালে দ্ৱাদশশিষ্যাণামেকো যিহূদানামকো মুখ্যযাজকলোকপ্রাচীনৈঃ প্রহিতান্ অসিধারিযষ্টিধারিণো মনুজান্ গৃহীৎৱা তৎসমীপমুপতস্থৌ|
48 ৪৮ তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই চিনেৰে সঙ্কেত দিছিল, বোলে, ‘মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা’।
৪৮অসৌ পরকরেষ্ৱর্পযিতা পূর্ৱ্ৱং তান্ ইত্থং সঙ্কেতযামাস, যমহং চুম্বিষ্যে, সোঽসৌ মনুজঃ, সএৱ যুষ্মাভি র্ধার্য্যতাং|
49 ৪৯ তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, ‘ৰব্বি প্ৰণাম’ এই বুলি, তেওঁক চুমা খালে।
৪৯তদা স সপদি যীশুমুপাগত্য হে গুরো, প্রণমামীত্যুক্ত্ৱা তং চুচুম্বে|
50 ৫০ যীচুৱে তেওঁক ক’লে, “বন্ধু, তুমি যি কৰিবলৈ আহিলা তাকে কৰা”। তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে।
৫০তদা যীশুস্তমুৱাচ, হে মিত্রং কিমর্থমাগতোসি? তদা তৈরাগত্য যীশুরাক্রম্য দঘ্রে|
51 ৫১ চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে।
৫১ততো যীশোঃ সঙ্গিনামেকঃ করং প্রসার্য্য কোষাদসিং বহিষ্কৃত্য মহাযাজকস্য দাসমেকমাহত্য তস্য কর্ণং চিচ্ছেদ|
52 ৫২ তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।
৫২ততো যীশুস্তং জগাদ, খড্গং স্ৱস্থানে নিধেহি যতো যে যে জনা অসিং ধারযন্তি, তএৱাসিনা ৱিনশ্যন্তি|
53 ৫৩ ‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়োঅধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে?
৫৩অপরং পিতা যথা মদন্তিকং স্ৱর্গীযদূতানাং দ্ৱাদশৱাহিনীতোঽধিকং প্রহিণুযাৎ মযা তমুদ্দিশ্যেদানীমেৱ তথা প্রার্থযিতুং ন শক্যতে, ৎৱযা কিমিত্থং জ্ঞাযতে?
54 ৫৪ কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে?”
৫৪তথা সতীত্থং ঘটিষ্যতে ধর্ম্মপুস্তকস্য যদিদং ৱাক্যং তৎ কথং সিধ্যেৎ?
55 ৫৫ সেই সময়ত যীচুৱে লোক সকলক ক’লে, “আপোনালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছে যে; যেতিয়া মই নিতৌ মন্দিৰত বহি উপদেশ দি আছিলোঁ, তেতিয়া আপোনালোকে মোক নধৰিলে,
৫৫তদানীং যীশু র্জননিৱহং জগাদ, যূযং খড্গযষ্টীন্ আদায মাং কিং চৌরং ধর্ত্তুমাযাতাঃ? অহং প্রত্যহং যুষ্মাভিঃ সাকমুপৱিশ্য সমুপাদিশং, তদা মাং নাধরত;
56 ৫৬ কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।
৫৬কিন্তু ভৱিষ্যদ্ৱাদিনাং ৱাক্যানাং সংসিদ্ধযে সর্ৱ্ৱমেতদভূৎ| তদা সর্ৱ্ৱে শিষ্যাস্তং ৱিহায পলাযন্ত|
57 ৫৭ পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহা-পুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে।
৫৭অনন্তরং তে মনুজা যীশুং ধৃৎৱা যত্রাধ্যাপকপ্রাঞ্চঃ পরিষদং কুর্ৱ্ৱন্ত উপাৱিশন্ তত্র কিযফানামকমহাযাজকস্যান্তিকং নিন্যুঃ|
58 ৫৮ কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।
৫৮কিন্তু শেষে কিং ভৱিষ্যতীতি ৱেত্তুং পিতরো দূরে তৎপশ্চাদ্ ৱ্রজিৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য দাসৈঃ সহিত উপাৱিশৎ|
59 ৫৯ তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
৫৯তদানীং প্রধানযাজকপ্রাচীনমন্ত্রিণঃ সর্ৱ্ৱে যীশুং হন্তুং মৃষাসাক্ষ্যম্ অলিপ্সন্ত,
60 ৬০ অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে,
৬০কিন্তু ন লেভিরে| অনেকেষু মৃষাসাক্ষিষ্ৱাগতেষ্ৱপি তন্ন প্রাপুঃ|
61 ৬১ “এওঁ কৈছিল - ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।”
৬১শেষে দ্ৱৌ মৃষাসাক্ষিণাৱাগত্য জগদতুঃ, পুমানযমকথযৎ, অহমীশ্ৱরমন্দিরং ভংক্ত্ৱা দিনত্রযমধ্যে তন্নির্ম্মাতুং শক্নোমি|
62 ৬২ তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?”
৬২তদা মহাযাজক উত্থায যীশুম্ অৱাদীৎ| ৎৱং কিমপি ন প্রতিৱদসি? ৎৱামধি কিমেতে সাক্ষ্যং ৱদন্তি?
63 ৬৩ কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
৬৩কিন্তু যীশু র্মৌনীভূয তস্যৌ| ততো মহাযাজক উক্তৱান্, ৎৱাম্ অমরেশ্ৱরনাম্না শপযামি, ৎৱমীশ্ৱরস্য পুত্রোঽভিষিক্তো ভৱসি নৱেতি ৱদ|
64 ৬৪ যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।”
৬৪যীশুঃ প্রত্যৱদৎ, ৎৱং সত্যমুক্তৱান্; অহং যুষ্মান্ তথ্যং ৱদামি, ইতঃপরং মনুজসুতং সর্ৱ্ৱশক্তিমতো দক্ষিণপার্শ্ৱে স্থাতুং গগণস্থং জলধরানারুহ্যাযান্তং ৱীক্ষধ্ৱে|
65 ৬৫ তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।
৬৫তদা মহাযাজকো নিজৱসনং ছিত্ত্ৱা জগাদ, এষ ঈশ্ৱরং নিন্দিতৱান্, অস্মাকমপরসাক্ষ্যেণ কিং প্রযোজনং? পশ্যত, যূযমেৱাস্যাস্যাদ্ ঈশ্ৱরনিন্দাং শ্রুতৱন্তঃ,
66 ৬৬ গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি ক’লে, “এওঁ প্ৰাণদণ্ডৰ যোগ্য”।
৬৬যুষ্মাভিঃ কিং ৱিৱিচ্যতে? তে প্রত্যূচুঃ, ৱধার্হোঽযং|
67 ৬৭ তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে;
৬৭ততো লোকৈস্তদাস্যে নিষ্ঠীৱিতং কেচিৎ প্রতলমাহত্য কেচিচ্চ চপেটমাহত্য বভাষিরে,
68 ৬৮ আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?
৬৮হে খ্রীষ্ট ৎৱাং কশ্চপেটমাহতৱান্? ইতি গণযিৎৱা ৱদাস্মান্|
69 ৬৯ সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।
৬৯পিতরো বহিরঙ্গন উপৱিশতি, তদানীমেকা দাসী তমুপাগত্য বভাষে, ৎৱং গালীলীযযীশোঃ সহচরএকঃ|
70 ৭০ কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, ‘তুমি কি কৈছা, মই বুজা নাই’।
৭০কিন্তু স সর্ৱ্ৱেষাং সমক্ষম্ অনঙ্গীকৃত্যাৱাদীৎ, ৎৱযা যদুচ্যতে, তদর্থমহং ন ৱেদ্মি|
71 ৭১ পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’।
৭১তদা তস্মিন্ বহির্দ্ৱারং গতে ঽন্যা দাসী তং নিরীক্ষ্য তত্রত্যজনানৱদৎ, অযমপি নাসরতীযযীশুনা সার্দ্ধম্ আসীৎ|
72 ৭২ তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক’লে, “মই সেই মানুহ জনক চিনি নাপাও”।
৭২ততঃ স শপথেন পুনরনঙ্গীকৃত্য কথিতৱান্, তং নরং ন পরিচিনোমি|
73 ৭৩ অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’।
৭৩ক্ষণাৎ পরং তিষ্ঠন্তো জনা এত্য পিতরম্ অৱদন্, ৎৱমৱশ্যং তেষামেক ইতি ৎৱদুচ্চারণমেৱ দ্যোতযতি|
74 ৭৪ তাতে তেওঁ শাও দি আৰু শপত খাই ক’লে, “মই সেই মানুহক চিনিয়ে নাপাওঁ” আৰু তেতিয়াই কুকুৰাই ডাক দিলে।
৭৪কিন্তু সোঽভিশপ্য কথিতৱান্, তং জনং নাহং পরিচিনোমি, তদা সপদি কুক্কুটো রুরাৱ|
75 ৭৫ তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
৭৫কুক্কুটরৱাৎ প্রাক্ ৎৱং মাং ত্রিরপাহ্নোষ্যসে, যৈষা ৱাগ্ যীশুনাৱাদি তাং পিতরঃ সংস্মৃত্য বহিরিৎৱা খেদাদ্ ভৃশং চক্রন্দ|

< মথি 26 >