< মথি 25 >

1 তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব।
“Wakati huo, Ufalme wa mbinguni utafanana na wasichana kumi waliochukua taa zao, wakaenda kumlaki bwana arusi.
2 তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল।
Watano miongoni mwao walikuwa wapumbavu na watano walikuwa wenye busara.
3 কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল’লে;
Wale wapumbavu walichukua taa zao, lakini hawakuchukua akiba ya mafuta.
4 কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ল’লে।
Lakini wale wenye busara walichukua mafuta katika chupa pamoja na taa zao.
5 পাছত দৰা আহোতে পলম হোৱাত, সকলোৱে কলমটীয়াই টোপনি গ’ল।
Kwa kuwa bwana arusi alikawia kuja, wale wanawali wote wote walisinzia, wakalala.
6 কিন্তু মাজনিশা যেতিয়া; ‘চোৱা, সৌৱা দৰা! তেওঁক আগবঢ়াই আনিবলৈ ওলোৱাহঁক’, এই বুলি চিঞৰিলে।
Usiku wa manane kukawa na kelele: Haya, haya! Bwana arusi anakuja; nendeni kumlaki.
7 তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ জ্বলোৱা চাকি সাজু কৰি ললে।
Hapo wale wanawali wote wakaamka, wakazitayarisha taa zao.
8 এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক’লে, তোমালোকৰ পৰা অলপ মান তেল আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে।
Wale wapumbavu wakawaambia wale wenye busara: Tupeni mafuta yenu kidogo maana taa zetu zinazimika.
9 কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক’লে, ‘কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব; তাতকৈ তেল-বেচোঁতাৰ ওচৰলৈ গৈ, তোমালোকৰ কাৰণে কিনি আনাগৈ’।
Lakini wale wenye busara wakawaambia, Hayatatutosha sisi na ninyi! Afadhali mwende dukani mkajinunulie wenyewe!
10 ১০ কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই, দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ’ল আৰু দুৱাৰ বন্ধ কৰা হ’ল৷
Basi, wale wanawali wapumbavu walipokwenda kununua mafuta, bwana arusi akafika, na wale wanawali waliokuwa tayari wakaingia pamoja naye katika jumba la arusi, kisha mlango ukafungwa.
11 ১১ পাছত আন কেইজনী কন্যাই আহি ক’লে, ‘হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক’।
Baadaye wale wanawali wengine wakaja, wakaita: Bwana, bwana, tufungulie!
12 ১২ কিন্তু তেওঁ উত্তৰ দি ক’লে, ‘মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাও’।
Lakini yeye akawajibu, Nawaambieni kweli, siwajui ninyi.”
13 ১৩ এতেকে পৰ দি থাকা; কিয়নো সেইদিন বা সময় তোমালোকে নাজানা।
Kisha Yesu akasema, “Kesheni basi, kwa maana hamjui siku wala saa.
14 ১৪ কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়।
“Itakuwa kama mtu mmoja aliyetaka kusafiri ng'ambo: aliwaita watumishi wake, akawakabidhi mali yake.
15 ১৫ তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি, এজনক এক গাগৰি, এইদৰে প্ৰতিজনক যোগ্যতা অনুসাৰে ধন দি যাত্ৰা কৰিলে।
Alimpa kila mmoja kadiri ya uwezo wake: mmoja sarafu tano za fedha ziitwazo talanta, mwingine talanta mbili na mwingine talanta moja, kisha akasafiri.
16 ১৬ তাতে যি জনে পাঁচ গাগৰি পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ পাঁচ গাগৰি লাভ উলিয়ালে।
Mara yule aliyekabidhiwa talanta tano akafanya kazi nazo akapata faida talanta tano.
17 ১৭ সেইদৰে যি জনে দুই গাগৰি পাইছিল, তেৱোঁ পুনৰ দুই গাগৰি লাভ উলিয়ালে।
Hali kadhalika na yule aliyekabidhiwa talanta mbili akapata faida talanta mbili.
18 ১৮ কিন্তু যি জনে এক গাগৰি পাইছিল, সি গৈ মাটিত গাত খান্দি প্ৰভুৰ ধন লুকাই থ’লে।
Lakini yule aliyekabidhiwa talanta moja akaenda akachimba shimo ardhini, akaificha fedha ya bwana wake.
19 ১৯ বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভু আহিল আৰু সিহঁতৰ সৈতে হিচাব কৰিলে।
“Baada ya muda mrefu, yule bwana alirudi, akaanza kukagua hesabu ya matumizi na mapato ya fedha yake.
20 ২০ তেতিয়া যি জনে পাঁচ গাগৰি পাইছিল, সি আকৌ পাঁচ গাগৰি আনি ক’লে, ‘হে প্ৰভু আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওক মই পুনৰ পাঁচ গাগৰি লাভ কৰিলোঁ’।
Mtumishi aliyekabidhiwa talanta tano akaja amechukua zile talanta tano faida, akamwambia, Bwana, ulinikabidhi talanta tano, hapa pana talanta tano zaidi faida niliyopata.
21 ২১ প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’
Bwana wake akamwambia, Vema, mtumishi mwema na mwaminifu. Umekuwa mwaminifu katika mambo madogo nitakukabidhi makubwa. Njoo ufurahi pamoja na bwana wako.
22 ২২ পাছত যি জনে দুই গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি মোক দুই গাগৰি গতাই দিছিল; চাওক মই আৰু দুই গাগৰি লাভ কৰিলোঁ’।
“Mtumishi aliyekabidhiwa talanta mbili akaja, akatoa talanta mbili faida, akisema, Bwana, ulinikabidhi talanta mbili. Chukua talanta mbili zaidi faida niliyopata.
23 ২৩ তেতিয়া প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’।
Bwana wake akamwambia, Vema, mtumishi mwema na mwaminifu. Umekuwa mwaminifu katika mambo madogo, nitakukabidhi makubwa. Njoo ufurahi pamoja na bwana wako.
24 ২৪ পাছত যি জনে এক গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিছিলোঁ; আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়;
“Lakini yule aliyekabidhiwa talanta moja akaja, akasema, Bwana, najua wewe ni mtu mgumu; wewe huvuna pale ambapo hukupanda, na kukusanya pale ambapo hukutawanya.
25 ২৫ সেয়েহে ভয় লাগি, মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলোঁ৷ চাওক, আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে’।
Niliogopa, nikaificha fedha yako katika ardhi. Chukua basi mali yako.
26 ২৬ কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক’লে, ‘হেৰ দুষ্ট আৰু এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিচোঁ তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা;
“Bwana wake akamwambia, Wewe ni mtumishi mwovu na mvivu! Unajua kuwa mimi huvuna mahali ambapo sikupanda, na hukusanya pale ambapo sikutawanya.
27 ২৭ তেনেহলে ধন ভৰালীৰ ওচৰত মোৰ ধন থব লাগিছিল, তেতিয়া মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন।
Ilikupasa basi, kuiweka fedha yangu katika benki, nami ningelichukua mtaji wangu na faida yake!
28 ২৮ এই কাৰণে এওঁৰ পৰা এই গাগৰি লৈ যাৰ দহ গাগৰি আছে, তেওঁক দিয়া।
Basi, mnyang'anyeni hiyo fedha mkampe yule mwenye talanta kumi.
29 ২৯ কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হ’ব।
Maana, aliye na kitu atapewa na kuzidishiwa. Lakini yule asiye na kitu, hata kile alicho nacho kitachukuliwa.
30 ৩০ এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।’
Na kuhusu huyu mtumishi asiye na faida, mtupeni nje gizani! Huko kutakuwa na kilio na kusaga meno.
31 ৩১ “যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷
“Wakati Mwana wa Mtu atakapokuja katika utukufu wake na malaika wote wakiwa pamoja naye, hapo ataketi juu ya kiti chake cha enzi kitukufu,
32 ৩২ সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ’ব আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰকপৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি,
na mataifa yote yatakusanyika mbele yake, naye atawatenganisha watu kama mchungaji anavyotenganisha kondoo na mbuzi.
33 ৩৩ মেৰবোৰক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ’ব।
Atawaweka kondoo upande wake wa kulia na mbuzi upande wake wa kushoto.
34 ৩৪ তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।
“Kisha Mfalme atawaambia wale walio upande wake wa kulia, Njoni enyi mliobarikiwa na Baba yangu; pokeeni Ufalme mliotayarishiwa tangu kuumbwa kwa ulimwengu.
35 ৩৫ কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা:
Maana nilikuwa na njaa nanyi mkanipa chakula; nilikuwa na kiu nanyi mkanipa maji; nilikuwa mgeni nanyi mkanikaribisha;
36 ৩৬ উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’।
nilikuwa uchi, mkanivika; nilikuwa mgonjwa nanyi mkaja kunitazama; nilikuwa gerezani nanyi mkaja kunitembelea.
37 ৩৭ তেতিয়া ধাৰ্মিক সকলে তেওঁক উত্তৰ দি ক’ব, ‘হে প্ৰভু আমি কেতিয়া আপোনাৰ ভোক লগা দেখি, খাবলৈ দিছিলোঁ? পিয়াহ লাগোতে পান কৰাইছিলো?
Hapo, hao watu wema watamjibu mfalme Bwana, ni lini tulikuona mwenye njaa nasi tukakupa chakula, au ukiwa na kiu nasi tukakunywesha maji?
38 ৩৮ আমি কেতিয়া আপোনাক অচিন-অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ? নাইবা উদঙে থকা দেখি, কাপোৰ পিন্ধাইছিলো?
Ni lini tulikuona ukiwa mgeni nasi tukakukaribisha, au bila nguo nasi tukakuvika?
39 ৩৯ আমি কেতিয়া আপোনাক নৰিয়া পৰা, বা বন্দীশালত থকা দেখি, আপোনাৰ ওচৰলৈ গৈছিলোঁ’?
Ni lini tulikuona ukiwa mgonjwa au mfungwa nasi tukaja kukutazama?
40 ৪০ তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
Mfalme atawajibu, Kweli nawaambieni, kila kitu mlichomtendea mmojawapo wa hawa ndugu zangu wadogo, mlinitendea mimi.
41 ৪১ তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা। (aiōnios g166)
“Kisha atawaambia wale walio upande wake wa kushoto, Ondokeni mbele yangu enyi mliolaaniwa! Nendeni katika moto wa milele aliotayarishiwa Ibilisi na malaika wake. (aiōnios g166)
42 ৪২ কিয়নো মোৰ ভোক লাগিছিল, তোমালোকে মোক খাবলৈ নিদিলা; পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলা;
Maana nilikuwa na njaa nanyi hamkunipa chakula; nilikuwa na kiu nanyi hamkunipa maji.
43 ৪৩ অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলা; উদঙে আছিলোঁ, মোক কাপোৰ নিপিন্ধালা; নৰিয়া আৰু বন্দীশালত পৰিছিলোঁ; মোক চাবলৈ নগ’লা’।
Nilikuwa mgeni nanyi hamkunikaribisha; nilikuwa mgonjwa na mfungwa nanyi hamkuja kunitazama.
44 ৪৪ তেতিয়া সিহঁতে উত্তৰ দি ক’ব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’?
“Hapo nao watajibu, Bwana, ni lini tulikuona ukiwa na njaa au kiu, ukiwa mgeni au bila nguo, ukiwa mgonjwa au mfungwa, nasi hatukuja kukuhudumia?
45 ৪৫ তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’।
Naye atawajibu, Nawaambieni kweli, kila mlipokataa kumtendea mambo haya mmojawapo wa hawa wadogo, mlikataa kunitendea mimi.
46 ৪৬ এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।” (aiōnios g166)
Basi, hawa watakwenda kwenye adhabu ya milele, lakini wale waadilifu watakwenda kwenye uzima wa milele.” (aiōnios g166)

< মথি 25 >