< মথি 25 >

1 তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব।
Тогда уподобися Царствие Небесное десятим девам, яже прияша светилники своя и изыдоша в сретение жениху:
2 তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল।
пять же бе от них мудры и пять юродивы.
3 কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল’লে;
Юродивыя же, приемшя светилники своя, не взяша с собою елеа:
4 কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ল’লে।
мудрыя же прияша елей в сосудех со светилники своими:
5 পাছত দৰা আহোতে পলম হোৱাত, সকলোৱে কলমটীয়াই টোপনি গ’ল।
коснящу же жениху, воздремашася вся и спаху.
6 কিন্তু মাজনিশা যেতিয়া; ‘চোৱা, সৌৱা দৰা! তেওঁক আগবঢ়াই আনিবলৈ ওলোৱাহঁক’, এই বুলি চিঞৰিলে।
Полунощи же вопль бысть: се, жених грядет, исходите в сретение его.
7 তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ জ্বলোৱা চাকি সাজু কৰি ললে।
Тогда восташа вся девы тыя и украсиша светилники своя.
8 এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক’লে, তোমালোকৰ পৰা অলপ মান তেল আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে।
Юродивыя же мудрым реша: дадите нам от елеа вашего, яко светилницы наши угасают.
9 কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক’লে, ‘কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব; তাতকৈ তেল-বেচোঁতাৰ ওচৰলৈ গৈ, তোমালোকৰ কাৰণে কিনি আনাগৈ’।
Отвещаша же мудрыя, глаголющя: еда како не достанет нам и вам: идите же паче к продающым и купите себе.
10 ১০ কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই, দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ’ল আৰু দুৱাৰ বন্ধ কৰা হ’ল৷
Идущым же им купити, прииде жених: и готовыя внидоша с ним на браки, и затворены быша двери.
11 ১১ পাছত আন কেইজনী কন্যাই আহি ক’লে, ‘হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক’।
Последи же приидоша и прочыя девы, глаголющя: Господи, Господи, отверзи нам.
12 ১২ কিন্তু তেওঁ উত্তৰ দি ক’লে, ‘মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাও’।
Он же отвещав рече им: аминь глаголю вам, не вем вас.
13 ১৩ এতেকে পৰ দি থাকা; কিয়নো সেইদিন বা সময় তোমালোকে নাজানা।
Бдите убо, яко не весте дне ни часа, в оньже Сын Человеческий приидет.
14 ১৪ কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়।
Якоже бо человек некий отходя призва своя рабы и предаде им имение свое:
15 ১৫ তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি, এজনক এক গাগৰি, এইদৰে প্ৰতিজনক যোগ্যতা অনুসাৰে ধন দি যাত্ৰা কৰিলে।
и овому убо даде пять талант, овому же два, овому же един, комуждо противу силы его: и отиде абие.
16 ১৬ তাতে যি জনে পাঁচ গাগৰি পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ পাঁচ গাগৰি লাভ উলিয়ালে।
Шед же приемый пять талант, дела в них и сотвори другия пять талант:
17 ১৭ সেইদৰে যি জনে দুই গাগৰি পাইছিল, তেৱোঁ পুনৰ দুই গাগৰি লাভ উলিয়ালে।
такожде и иже два, приобрете и той другая два:
18 ১৮ কিন্তু যি জনে এক গাগৰি পাইছিল, সি গৈ মাটিত গাত খান্দি প্ৰভুৰ ধন লুকাই থ’লে।
приемый же един, шед вкопа (его) в землю и скры сребро господина своего.
19 ১৯ বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভু আহিল আৰু সিহঁতৰ সৈতে হিচাব কৰিলে।
По мнозе же времени прииде господин раб тех и стязася с ними о словеси.
20 ২০ তেতিয়া যি জনে পাঁচ গাগৰি পাইছিল, সি আকৌ পাঁচ গাগৰি আনি ক’লে, ‘হে প্ৰভু আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওক মই পুনৰ পাঁচ গাগৰি লাভ কৰিলোঁ’।
И приступль пять талант приемый, принесе другия пять талант, глаголя: господи, пять талант ми еси предал: се, другия пять талант приобретох ими.
21 ২১ প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’
Рече же ему господь его: добре, рабе благий и верный: о мале был еси верен, над многими тя поставлю: вниди в радость господа твоего.
22 ২২ পাছত যি জনে দুই গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি মোক দুই গাগৰি গতাই দিছিল; চাওক মই আৰু দুই গাগৰি লাভ কৰিলোঁ’।
Приступль же и иже два таланта приемый, рече: господи, два таланта ми еси предал: се, другая два таланта приобретох има.
23 ২৩ তেতিয়া প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’।
Рече (же) ему господь его: добре, рабе благий и верный: о мале (ми) был еси верен, над многими тя поставлю: вниди в радость господа твоего.
24 ২৪ পাছত যি জনে এক গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিছিলোঁ; আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়;
Приступль же и приемый един талант, рече: господи, ведях тя, яко жесток еси человек, жнеши, идеже не сеял еси, и собираеши идеже не расточил еси:
25 ২৫ সেয়েহে ভয় লাগি, মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলোঁ৷ চাওক, আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে’।
и убоявся, шед скрых талант твой в земли: (и) се, имаши твое.
26 ২৬ কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক’লে, ‘হেৰ দুষ্ট আৰু এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিচোঁ তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা;
Отвещав же господь его рече ему: лукавый рабе и ленивый, ведел еси, яко жну идеже не сеях, и собираю идеже не расточих:
27 ২৭ তেনেহলে ধন ভৰালীৰ ওচৰত মোৰ ধন থব লাগিছিল, তেতিয়া মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন।
подобаше убо тебе вдати сребро мое торжником, и пришед аз взял бых свое с лихвою:
28 ২৮ এই কাৰণে এওঁৰ পৰা এই গাগৰি লৈ যাৰ দহ গাগৰি আছে, তেওঁক দিয়া।
возмите убо от него талант и дадите имущему десять талант:
29 ২৯ কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হ’ব।
имущему бо везде дано будет и преизбудет: от неимущаго же, и еже мнится имея, взято будет от него:
30 ৩০ এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।’
и неключимаго раба вверзите во тму кромешнюю: ту будет плачь и скрежет зубом. Сия глаголя возгласи: имеяй ушы слышати да слышит.
31 ৩১ “যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷
Егда же приидет Сын Человеческий в славе Своей и вси святии Ангели с Ним, тогда сядет на престоле славы Своея,
32 ৩২ সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ’ব আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰকপৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি,
и соберутся пред Ним вси языцы: и разлучит их друг от друга, якоже пастырь разлучает овцы от козлищ:
33 ৩৩ মেৰবোৰক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ’ব।
и поставит овцы одесную Себе, а козлища ошуюю.
34 ৩৪ তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।
Тогда речет Царь сущым одесную Его: приидите, благословеннии Отца Моего, наследуйте уготованное вам Царствие от сложения мира:
35 ৩৫ কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা:
взалкахся бо, и дасте Ми ясти: возжадахся, и напоисте Мя: странен бех, и введосте Мене:
36 ৩৬ উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’।
наг, и одеясте Мя: болен, и посетисте Мене: в темнице бех, и приидосте ко Мне.
37 ৩৭ তেতিয়া ধাৰ্মিক সকলে তেওঁক উত্তৰ দি ক’ব, ‘হে প্ৰভু আমি কেতিয়া আপোনাৰ ভোক লগা দেখি, খাবলৈ দিছিলোঁ? পিয়াহ লাগোতে পান কৰাইছিলো?
Тогда отвещают Ему праведницы, глаголюще: Господи, когда Тя видехом алчуща, и напитахом? Или жаждуща, и напоихом?
38 ৩৮ আমি কেতিয়া আপোনাক অচিন-অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ? নাইবা উদঙে থকা দেখি, কাপোৰ পিন্ধাইছিলো?
Когда же Тя видехом странна, и введохом? Или нага, и одеяхом?
39 ৩৯ আমি কেতিয়া আপোনাক নৰিয়া পৰা, বা বন্দীশালত থকা দেখি, আপোনাৰ ওচৰলৈ গৈছিলোঁ’?
Когда же Тя видехом боляща, или в темнице, и приидохом к Тебе?
40 ৪০ তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
И отвещав Царь речет им: аминь глаголю вам, понеже сотвористе единому сих братий Моих менших, Мне сотвористе.
41 ৪১ তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা। (aiōnios g166)
Тогда речет и сущым ошуюю (Его): идите от Мене, проклятии, во огнь вечный, уготованный диаволу и аггелом его: (aiōnios g166)
42 ৪২ কিয়নো মোৰ ভোক লাগিছিল, তোমালোকে মোক খাবলৈ নিদিলা; পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলা;
взалкахся бо, и не дасте Ми ясти: возжадахся, и не напоисте Мене:
43 ৪৩ অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলা; উদঙে আছিলোঁ, মোক কাপোৰ নিপিন্ধালা; নৰিয়া আৰু বন্দীশালত পৰিছিলোঁ; মোক চাবলৈ নগ’লা’।
странен бех, и не введосте Мене: наг, и не одеясте Мене: болен и в темнице, и не посетисте Мене.
44 ৪৪ তেতিয়া সিহঁতে উত্তৰ দি ক’ব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’?
Тогда отвещают Ему и тии, глаголюще: Господи, когда Тя видехом алчуща, или жаждуща, или странна, или нага, или больна, или в темнице, и не послужихом Тебе?
45 ৪৫ তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’।
Тогда отвещает им, глаголя: аминь глаголю вам, понеже не сотвористе единому сих менших, ни Мне сотвористе.
46 ৪৬ এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।” (aiōnios g166)
И идут сии в муку вечную, праведницы же в живот вечный. (aiōnios g166)

< মথি 25 >