< মথি 22 >

1 যীচুৱে উত্তৰ দিলে, আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,
ಅನನ್ತರಂ ಯೀಶುಃ ಪುನರಪಿ ದೃಷ್ಟಾನ್ತೇನ ತಾನ್ ಅವಾದೀತ್,
2 “স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
ಸ್ವರ್ಗೀಯರಾಜ್ಯಮ್ ಏತಾದೃಶಸ್ಯ ನೃಪತೇಃ ಸಮಂ, ಯೋ ನಿಜ ಪುತ್ರಂ ವಿವಾಹಯನ್ ಸರ್ವ್ವಾನ್ ನಿಮನ್ತ್ರಿತಾನ್ ಆನೇತುಂ ದಾಸೇಯಾನ್ ಪ್ರಹಿತವಾನ್,
3 এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
ಕಿನ್ತು ತೇ ಸಮಾಗನ್ತುಂ ನೇಷ್ಟವನ್ತಃ|
4 পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
ತತೋ ರಾಜಾ ಪುನರಪಿ ದಾಸಾನನ್ಯಾನ್ ಇತ್ಯುಕ್ತ್ವಾ ಪ್ರೇಷಯಾಮಾಸ, ನಿಮನ್ತ್ರಿತಾನ್ ವದತ, ಪಶ್ಯತ, ಮಮ ಭೇಜ್ಯಮಾಸಾದಿತಮಾಸ್ತೇ, ನಿಜವ್ಟಷಾದಿಪುಷ್ಟಜನ್ತೂನ್ ಮಾರಯಿತ್ವಾ ಸರ್ವ್ವಂ ಖಾದ್ಯದ್ರವ್ಯಮಾಸಾದಿತವಾನ್, ಯೂಯಂ ವಿವಾಹಮಾಗಚ್ಛತ|
5 কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল।
ತಥಪಿ ತೇ ತುಚ್ಛೀಕೃತ್ಯ ಕೇಚಿತ್ ನಿಜಕ್ಷೇತ್ರಂ ಕೇಚಿದ್ ವಾಣಿಜ್ಯಂ ಪ್ರತಿ ಸ್ವಸ್ವಮಾರ್ಗೇಣ ಚಲಿತವನ್ತಃ|
6 আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।
ಅನ್ಯೇ ಲೋಕಾಸ್ತಸ್ಯ ದಾಸೇಯಾನ್ ಧೃತ್ವಾ ದೌರಾತ್ಮ್ಯಂ ವ್ಯವಹೃತ್ಯ ತಾನವಧಿಷುಃ|
7 তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।
ಅನನ್ತರಂ ಸ ನೃಪತಿಸ್ತಾಂ ವಾರ್ತ್ತಾಂ ಶ್ರುತ್ವಾ ಕ್ರುಧ್ಯನ್ ಸೈನ್ಯಾನಿ ಪ್ರಹಿತ್ಯ ತಾನ್ ಘಾತಕಾನ್ ಹತ್ವಾ ತೇಷಾಂ ನಗರಂ ದಾಹಯಾಮಾಸ|
8 তেতিয়া তেওঁৰ দাসবোৰক ক’লে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;
ತತಃ ಸ ನಿಜದಾಸೇಯಾನ್ ಬಭಾಷೇ, ವಿವಾಹೀಯಂ ಭೋಜ್ಯಮಾಸಾದಿತಮಾಸ್ತೇ, ಕಿನ್ತು ನಿಮನ್ತ್ರಿತಾ ಜನಾ ಅಯೋಗ್ಯಾಃ|
9 এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।
ತಸ್ಮಾದ್ ಯೂಯಂ ರಾಜಮಾರ್ಗಂ ಗತ್ವಾ ಯಾವತೋ ಮನುಜಾನ್ ಪಶ್ಯತ, ತಾವತಏವ ವಿವಾಹೀಯಭೋಜ್ಯಾಯ ನಿಮನ್ತ್ರಯತ|
10 ১০ তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।
ತದಾ ತೇ ದಾಸೇಯಾ ರಾಜಮಾರ್ಗಂ ಗತ್ವಾ ಭದ್ರಾನ್ ಅಭದ್ರಾನ್ ವಾ ಯಾವತೋ ಜನಾನ್ ದದೃಶುಃ, ತಾವತಏವ ಸಂಗೃಹ್ಯಾನಯನ್; ತತೋಽಭ್ಯಾಗತಮನುಜೈ ರ್ವಿವಾಹಗೃಹಮ್ ಅಪೂರ್ಯ್ಯತ|
11 ১১ কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,
ತದಾನೀಂ ಸ ರಾಜಾ ಸರ್ವ್ವಾನಭ್ಯಾಗತಾನ್ ದ್ರಷ್ಟುಮ್ ಅಭ್ಯನ್ತರಮಾಗತವಾನ್; ತದಾ ತತ್ರ ವಿವಾಹೀಯವಸನಹೀನಮೇಕಂ ಜನಂ ವೀಕ್ಷ್ಯ ತಂ ಜಗಾದ್,
12 ১২ ‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;
ಹೇ ಮಿತ್ರ, ತ್ವಂ ವಿವಾಹೀಯವಸನಂ ವಿನಾ ಕಥಮತ್ರ ಪ್ರವಿಷ್ಟವಾನ್? ತೇನ ಸ ನಿರುತ್ತರೋ ಬಭೂವ|
13 ১৩ তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।
ತದಾ ರಾಜಾ ನಿಜಾನುಚರಾನ್ ಅವದತ್, ಏತಸ್ಯ ಕರಚರಣಾನ್ ಬದ್ಧಾ ಯತ್ರ ರೋದನಂ ದನ್ತೈರ್ದನ್ತಘರ್ಷಣಞ್ಚ ಭವತಿ, ತತ್ರ ವಹಿರ್ಭೂತತಮಿಸ್ರೇ ತಂ ನಿಕ್ಷಿಪತ|
14 ১৪ কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”
ಇತ್ಥಂ ಬಹವ ಆಹೂತಾ ಅಲ್ಪೇ ಮನೋಭಿಮತಾಃ|
15 ১৫ তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷
ಅನನ್ತರಂ ಫಿರೂಶಿನಃ ಪ್ರಗತ್ಯ ಯಥಾ ಸಂಲಾಪೇನ ತಮ್ ಉನ್ಮಾಥೇ ಪಾತಯೇಯುಸ್ತಥಾ ಮನ್ತ್ರಯಿತ್ವಾ
16 ১৬ এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।
ಹೇರೋದೀಯಮನುಜೈಃ ಸಾಕಂ ನಿಜಶಿಷ್ಯಗಣೇನ ತಂ ಪ್ರತಿ ಕಥಯಾಮಾಸುಃ, ಹೇ ಗುರೋ, ಭವಾನ್ ಸತ್ಯಃ ಸತ್ಯಮೀಶ್ವರೀಯಮಾರ್ಗಮುಪದಿಶತಿ, ಕಮಪಿ ಮಾನುಷಂ ನಾನುರುಧ್ಯತೇ, ಕಮಪಿ ನಾಪೇಕ್ಷತೇ ಚ, ತದ್ ವಯಂ ಜಾನೀಮಃ|
17 ১৭ গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?”
ಅತಃ ಕೈಸರಭೂಪಾಯ ಕರೋಽಸ್ಮಾಕಂ ದಾತವ್ಯೋ ನ ವಾ? ಅತ್ರ ಭವತಾ ಕಿಂ ಬುಧ್ಯತೇ? ತದ್ ಅಸ್ಮಾನ್ ವದತು|
18 ১৮ যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
ತತೋ ಯೀಶುಸ್ತೇಷಾಂ ಖಲತಾಂ ವಿಜ್ಞಾಯ ಕಥಿತವಾನ್, ರೇ ಕಪಟಿನಃ ಯುಯಂ ಕುತೋ ಮಾಂ ಪರಿಕ್ಷಧ್ವೇ?
19 ১৯ কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে।
ತತ್ಕರದಾನಸ್ಯ ಮುದ್ರಾಂ ಮಾಂ ದರ್ಶಯತ| ತದಾನೀಂ ತೈಸ್ತಸ್ಯ ಸಮೀಪಂ ಮುದ್ರಾಚತುರ್ಥಭಾಗ ಆನೀತೇ
20 ২০ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?”
ಸ ತಾನ್ ಪಪ್ರಚ್ಛ, ಅತ್ರ ಕಸ್ಯೇಯಂ ಮೂರ್ತ್ತಿ ರ್ನಾಮ ಚಾಸ್ತೇ? ತೇ ಜಗದುಃ, ಕೈಸರಭೂಪಸ್ಯ|
21 ২১ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”
ತತಃ ಸ ಉಕ್ತವಾನ, ಕೈಸರಸ್ಯ ಯತ್ ತತ್ ಕೈಸರಾಯ ದತ್ತ, ಈಶ್ವರಸ್ಯ ಯತ್ ತದ್ ಈಶ್ವರಾಯ ದತ್ತ|
22 ২২ এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গ’ল।
ಇತಿ ವಾಕ್ಯಂ ನಿಶಮ್ಯ ತೇ ವಿಸ್ಮಯಂ ವಿಜ್ಞಾಯ ತಂ ವಿಹಾಯ ಚಲಿತವನ್ತಃ|
23 ২৩ সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
ತಸ್ಮಿನ್ನಹನಿ ಸಿದೂಕಿನೋಽರ್ಥಾತ್ ಶ್ಮಶಾನಾತ್ ನೋತ್ಥಾಸ್ಯನ್ತೀತಿ ವಾಕ್ಯಂ ಯೇ ವದನ್ತಿ, ತೇ ಯೀಶೇರನ್ತಿಕಮ್ ಆಗತ್ಯ ಪಪ್ರಚ್ಛುಃ,
24 ২৪ “হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
ಹೇ ಗುರೋ, ಕಶ್ಚಿನ್ಮನುಜಶ್ಚೇತ್ ನಿಃಸನ್ತಾನಃ ಸನ್ ಪ್ರಾಣಾನ್ ತ್ಯಜತಿ, ತರ್ಹಿ ತಸ್ಯ ಭ್ರಾತಾ ತಸ್ಯ ಜಾಯಾಂ ವ್ಯುಹ್ಯ ಭ್ರಾತುಃ ಸನ್ತಾನಮ್ ಉತ್ಪಾದಯಿಷ್ಯತೀತಿ ಮೂಸಾ ಆದಿಷ್ಟವಾನ್|
25 ২৫ আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।
ಕಿನ್ತ್ವಸ್ಮಾಕಮತ್ರ ಕೇಽಪಿ ಜನಾಃ ಸಪ್ತಸಹೋದರಾ ಆಸನ್, ತೇಷಾಂ ಜ್ಯೇಷ್ಠ ಏಕಾಂ ಕನ್ಯಾಂ ವ್ಯವಹಾತ್, ಅಪರಂ ಪ್ರಾಣತ್ಯಾಗಕಾಲೇ ಸ್ವಯಂ ನಿಃಸನ್ತಾನಃ ಸನ್ ತಾಂ ಸ್ತ್ರಿಯಂ ಸ್ವಭ್ರಾತರಿ ಸಮರ್ಪಿತವಾನ್,
26 ২৬ পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
ತತೋ ದ್ವಿತೀಯಾದಿಸಪ್ತಮಾನ್ತಾಶ್ಚ ತಥೈವ ಚಕ್ರುಃ|
27 ২৭ সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
ಶೇಷೇ ಸಾಪೀ ನಾರೀ ಮಮಾರ|
28 ২৮ তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”
ಮೃತಾನಾಮ್ ಉತ್ಥಾನಸಮಯೇ ತೇಷಾಂ ಸಪ್ತಾನಾಂ ಮಧ್ಯೇ ಸಾ ನಾರೀ ಕಸ್ಯ ಭಾರ್ಯ್ಯಾ ಭವಿಷ್ಯತಿ? ಯಸ್ಮಾತ್ ಸರ್ವ್ವಏವ ತಾಂ ವ್ಯವಹನ್|
29 ২৯ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।
ತತೋ ಯೀಶುಃ ಪ್ರತ್ಯವಾದೀತ್, ಯೂಯಂ ಧರ್ಮ್ಮಪುಸ್ತಕಮ್ ಈಶ್ವರೀಯಾಂ ಶಕ್ತಿಞ್ಚ ನ ವಿಜ್ಞಾಯ ಭ್ರಾನ್ತಿಮನ್ತಃ|
30 ৩০ কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
ಉತ್ಥಾನಪ್ರಾಪ್ತಾ ಲೋಕಾ ನ ವಿವಹನ್ತಿ, ನ ಚ ವಾಚಾ ದೀಯನ್ತೇ, ಕಿನ್ತ್ವೀಶ್ವರಸ್ಯ ಸ್ವರ್ಗಸ್ಥದೂತಾನಾಂ ಸದೃಶಾ ಭವನ್ತಿ|
31 ৩১ মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে,
ಅಪರಂ ಮೃತಾನಾಮುತ್ಥಾನಮಧಿ ಯುಷ್ಮಾನ್ ಪ್ರತೀಯಮೀಶ್ವರೋಕ್ತಿಃ,
32 ৩২ ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
"ಅಹಮಿಬ್ರಾಹೀಮ ಈಶ್ವರ ಇಸ್ಹಾಕ ಈಶ್ವರೋ ಯಾಕೂಬ ಈಶ್ವರ" ಇತಿ ಕಿಂ ಯುಷ್ಮಾಭಿ ರ್ನಾಪಾಠಿ? ಕಿನ್ತ್ವೀಶ್ವರೋ ಜೀವತಾಮ್ ಈಶ್ವರ: , ಸ ಮೃತಾನಾಮೀಶ್ವರೋ ನಹಿ|
33 ৩৩ ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
ಇತಿ ಶ್ರುತ್ವಾ ಸರ್ವ್ವೇ ಲೋಕಾಸ್ತಸ್ಯೋಪದೇಶಾದ್ ವಿಸ್ಮಯಂ ಗತಾಃ|
34 ৩৪ যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;
ಅನನ್ತರಂ ಸಿದೂಕಿನಾಮ್ ನಿರುತ್ತರತ್ವವಾರ್ತಾಂ ನಿಶಮ್ಯ ಫಿರೂಶಿನ ಏಕತ್ರ ಮಿಲಿತವನ್ತಃ,
35 ৩৫ তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-
ತೇಷಾಮೇಕೋ ವ್ಯವಸ್ಥಾಪಕೋ ಯೀಶುಂ ಪರೀಕ್ಷಿತುಂ ಪಪಚ್ಛ,
36 ৩৬ “হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”
ಹೇ ಗುರೋ ವ್ಯವಸ್ಥಾಶಾಸ್ತ್ರಮಧ್ಯೇ ಕಾಜ್ಞಾ ಶ್ರೇಷ್ಠಾ?
37 ৩৭ যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’
ತತೋ ಯೀಶುರುವಾಚ, ತ್ವಂ ಸರ್ವ್ವಾನ್ತಃಕರಣೈಃ ಸರ್ವ್ವಪ್ರಾಣೈಃ ಸರ್ವ್ವಚಿತ್ತೈಶ್ಚ ಸಾಕಂ ಪ್ರಭೌ ಪರಮೇಶ್ವರೇ ಪ್ರೀಯಸ್ವ,
38 ৩৮ এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
ಏಷಾ ಪ್ರಥಮಮಹಾಜ್ಞಾ| ತಸ್ಯಾಃ ಸದೃಶೀ ದ್ವಿತೀಯಾಜ್ಞೈಷಾ,
39 ৩৯ এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
ತವ ಸಮೀಪವಾಸಿನಿ ಸ್ವಾತ್ಮನೀವ ಪ್ರೇಮ ಕುರು|
40 ৪০ এই দুটাআজ্ঞাই গোটেইবিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।”
ಅನಯೋ ರ್ದ್ವಯೋರಾಜ್ಞಯೋಃ ಕೃತ್ಸ್ನವ್ಯವಸ್ಥಾಯಾ ಭವಿಷ್ಯದ್ವಕ್ತೃಗ್ರನ್ಥಸ್ಯ ಚ ಭಾರಸ್ತಿಷ್ಠತಿ|
41 ৪১ ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
ಅನನ್ತರಂ ಫಿರೂಶಿನಾಮ್ ಏಕತ್ರ ಸ್ಥಿತಿಕಾಲೇ ಯೀಶುಸ್ತಾನ್ ಪಪ್ರಚ್ಛ,
42 ৪২ তেওঁ সুধিলে, “খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক ক’লে, “দায়ুদৰ সন্তান”।
ಖ್ರೀಷ್ಟಮಧಿ ಯುಷ್ಮಾಕಂ ಕೀದೃಗ್ಬೋಧೋ ಜಾಯತೇ? ಸ ಕಸ್ಯ ಸನ್ತಾನಃ? ತತಸ್ತೇ ಪ್ರತ್ಯವದನ್, ದಾಯೂದಃ ಸನ್ತಾನಃ|
43 ৪৩ যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক’লে,
ತದಾ ಸ ಉಕ್ತವಾನ್, ತರ್ಹಿ ದಾಯೂದ್ ಕಥಮ್ ಆತ್ಮಾಧಿಷ್ಠಾನೇನ ತಂ ಪ್ರಭುಂ ವದತಿ?
44 ৪৪ প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে, মোৰ সোঁ হাতে বহি থাকা৷
ಯಥಾ ಮಮ ಪ್ರಭುಮಿದಂ ವಾಕ್ಯಮವದತ್ ಪರಮೇಶ್ವರಃ| ತವಾರೀನ್ ಪಾದಪೀಠಂ ತೇ ಯಾವನ್ನಹಿ ಕರೋಮ್ಯಹಂ| ತಾವತ್ ಕಾಲಂ ಮದೀಯೇ ತ್ವಂ ದಕ್ಷಪಾರ್ಶ್ವ ಉಪಾವಿಶ| ಅತೋ ಯದಿ ದಾಯೂದ್ ತಂ ಪ್ರಭುಂ ವದತಿ, ರ್ತಿಹ ಸ ಕಥಂ ತಸ್ಯ ಸನ್ತಾನೋ ಭವತಿ?
45 ৪৫ এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”
ತದಾನೀಂ ತೇಷಾಂ ಕೋಪಿ ತದ್ವಾಕ್ಯಸ್ಯ ಕಿಮಪ್ಯುತ್ತರಂ ದಾತುಂ ನಾಶಕ್ನೋತ್;
46 ৪৬ তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।
ತದ್ದಿನಮಾರಭ್ಯ ತಂ ಕಿಮಪಿ ವಾಕ್ಯಂ ಪ್ರಷ್ಟುಂ ಕಸ್ಯಾಪಿ ಸಾಹಸೋ ನಾಭವತ್|

< মথি 22 >