< মথি 22 >

1 যীচুৱে উত্তৰ দিলে, আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,
অনন্তরং যীশুঃ পুনরপি দৃষ্টান্তেন তান্ অৱাদীৎ,
2 “স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
স্ৱর্গীযরাজ্যম্ এতাদৃশস্য নৃপতেঃ সমং, যো নিজ পুত্রং ৱিৱাহযন্ সর্ৱ্ৱান্ নিমন্ত্রিতান্ আনেতুং দাসেযান্ প্রহিতৱান্,
3 এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
কিন্তু তে সমাগন্তুং নেষ্টৱন্তঃ|
4 পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
ততো রাজা পুনরপি দাসানন্যান্ ইত্যুক্ত্ৱা প্রেষযামাস, নিমন্ত্রিতান্ ৱদত, পশ্যত, মম ভেজ্যমাসাদিতমাস্তে, নিজৱ্টষাদিপুষ্টজন্তূন্ মারযিৎৱা সর্ৱ্ৱং খাদ্যদ্রৱ্যমাসাদিতৱান্, যূযং ৱিৱাহমাগচ্ছত|
5 কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল।
তথপি তে তুচ্ছীকৃত্য কেচিৎ নিজক্ষেত্রং কেচিদ্ ৱাণিজ্যং প্রতি স্ৱস্ৱমার্গেণ চলিতৱন্তঃ|
6 আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।
অন্যে লোকাস্তস্য দাসেযান্ ধৃৎৱা দৌরাত্ম্যং ৱ্যৱহৃত্য তানৱধিষুঃ|
7 তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।
অনন্তরং স নৃপতিস্তাং ৱার্ত্তাং শ্রুৎৱা ক্রুধ্যন্ সৈন্যানি প্রহিত্য তান্ ঘাতকান্ হৎৱা তেষাং নগরং দাহযামাস|
8 তেতিয়া তেওঁৰ দাসবোৰক ক’লে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;
ততঃ স নিজদাসেযান্ বভাষে, ৱিৱাহীযং ভোজ্যমাসাদিতমাস্তে, কিন্তু নিমন্ত্রিতা জনা অযোগ্যাঃ|
9 এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।
তস্মাদ্ যূযং রাজমার্গং গৎৱা যাৱতো মনুজান্ পশ্যত, তাৱতএৱ ৱিৱাহীযভোজ্যায নিমন্ত্রযত|
10 ১০ তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।
১০তদা তে দাসেযা রাজমার্গং গৎৱা ভদ্রান্ অভদ্রান্ ৱা যাৱতো জনান্ দদৃশুঃ, তাৱতএৱ সংগৃহ্যানযন্; ততোঽভ্যাগতমনুজৈ র্ৱিৱাহগৃহম্ অপূর্য্যত|
11 ১১ কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,
১১তদানীং স রাজা সর্ৱ্ৱানভ্যাগতান্ দ্রষ্টুম্ অভ্যন্তরমাগতৱান্; তদা তত্র ৱিৱাহীযৱসনহীনমেকং জনং ৱীক্ষ্য তং জগাদ্,
12 ১২ ‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;
১২হে মিত্র, ৎৱং ৱিৱাহীযৱসনং ৱিনা কথমত্র প্রৱিষ্টৱান্? তেন স নিরুত্তরো বভূৱ|
13 ১৩ তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।
১৩তদা রাজা নিজানুচরান্ অৱদৎ, এতস্য করচরণান্ বদ্ধা যত্র রোদনং দন্তৈর্দন্তঘর্ষণঞ্চ ভৱতি, তত্র ৱহির্ভূততমিস্রে তং নিক্ষিপত|
14 ১৪ কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”
১৪ইত্থং বহৱ আহূতা অল্পে মনোভিমতাঃ|
15 ১৫ তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷
১৫অনন্তরং ফিরূশিনঃ প্রগত্য যথা সংলাপেন তম্ উন্মাথে পাতযেযুস্তথা মন্ত্রযিৎৱা
16 ১৬ এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।
১৬হেরোদীযমনুজৈঃ সাকং নিজশিষ্যগণেন তং প্রতি কথযামাসুঃ, হে গুরো, ভৱান্ সত্যঃ সত্যমীশ্ৱরীযমার্গমুপদিশতি, কমপি মানুষং নানুরুধ্যতে, কমপি নাপেক্ষতে চ, তদ্ ৱযং জানীমঃ|
17 ১৭ গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?”
১৭অতঃ কৈসরভূপায করোঽস্মাকং দাতৱ্যো ন ৱা? অত্র ভৱতা কিং বুধ্যতে? তদ্ অস্মান্ ৱদতু|
18 ১৮ যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
১৮ততো যীশুস্তেষাং খলতাং ৱিজ্ঞায কথিতৱান্, রে কপটিনঃ যুযং কুতো মাং পরিক্ষধ্ৱে?
19 ১৯ কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে।
১৯তৎকরদানস্য মুদ্রাং মাং দর্শযত| তদানীং তৈস্তস্য সমীপং মুদ্রাচতুর্থভাগ আনীতে
20 ২০ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?”
২০স তান্ পপ্রচ্ছ, অত্র কস্যেযং মূর্ত্তি র্নাম চাস্তে? তে জগদুঃ, কৈসরভূপস্য|
21 ২১ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”
২১ততঃ স উক্তৱান, কৈসরস্য যৎ তৎ কৈসরায দত্ত, ঈশ্ৱরস্য যৎ তদ্ ঈশ্ৱরায দত্ত|
22 ২২ এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গ’ল।
২২ইতি ৱাক্যং নিশম্য তে ৱিস্মযং ৱিজ্ঞায তং ৱিহায চলিতৱন্তঃ|
23 ২৩ সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
২৩তস্মিন্নহনি সিদূকিনোঽর্থাৎ শ্মশানাৎ নোত্থাস্যন্তীতি ৱাক্যং যে ৱদন্তি, তে যীশেরন্তিকম্ আগত্য পপ্রচ্ছুঃ,
24 ২৪ “হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
২৪হে গুরো, কশ্চিন্মনুজশ্চেৎ নিঃসন্তানঃ সন্ প্রাণান্ ত্যজতি, তর্হি তস্য ভ্রাতা তস্য জাযাং ৱ্যুহ্য ভ্রাতুঃ সন্তানম্ উৎপাদযিষ্যতীতি মূসা আদিষ্টৱান্|
25 ২৫ আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।
২৫কিন্ত্ৱস্মাকমত্র কেঽপি জনাঃ সপ্তসহোদরা আসন্, তেষাং জ্যেষ্ঠ একাং কন্যাং ৱ্যৱহাৎ, অপরং প্রাণত্যাগকালে স্ৱযং নিঃসন্তানঃ সন্ তাং স্ত্রিযং স্ৱভ্রাতরি সমর্পিতৱান্,
26 ২৬ পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
২৬ততো দ্ৱিতীযাদিসপ্তমান্তাশ্চ তথৈৱ চক্রুঃ|
27 ২৭ সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
২৭শেষে সাপী নারী মমার|
28 ২৮ তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”
২৮মৃতানাম্ উত্থানসমযে তেষাং সপ্তানাং মধ্যে সা নারী কস্য ভার্য্যা ভৱিষ্যতি? যস্মাৎ সর্ৱ্ৱএৱ তাং ৱ্যৱহন্|
29 ২৯ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।
২৯ততো যীশুঃ প্রত্যৱাদীৎ, যূযং ধর্ম্মপুস্তকম্ ঈশ্ৱরীযাং শক্তিঞ্চ ন ৱিজ্ঞায ভ্রান্তিমন্তঃ|
30 ৩০ কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
৩০উত্থানপ্রাপ্তা লোকা ন ৱিৱহন্তি, ন চ ৱাচা দীযন্তে, কিন্ত্ৱীশ্ৱরস্য স্ৱর্গস্থদূতানাং সদৃশা ভৱন্তি|
31 ৩১ মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে,
৩১অপরং মৃতানামুত্থানমধি যুষ্মান্ প্রতীযমীশ্ৱরোক্তিঃ,
32 ৩২ ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
৩২"অহমিব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূব ঈশ্ৱর" ইতি কিং যুষ্মাভি র্নাপাঠি? কিন্ত্ৱীশ্ৱরো জীৱতাম্ ঈশ্ৱর: , স মৃতানামীশ্ৱরো নহি|
33 ৩৩ ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
৩৩ইতি শ্রুৎৱা সর্ৱ্ৱে লোকাস্তস্যোপদেশাদ্ ৱিস্মযং গতাঃ|
34 ৩৪ যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;
৩৪অনন্তরং সিদূকিনাম্ নিরুত্তরৎৱৱার্তাং নিশম্য ফিরূশিন একত্র মিলিতৱন্তঃ,
35 ৩৫ তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-
৩৫তেষামেকো ৱ্যৱস্থাপকো যীশুং পরীক্ষিতুং পপচ্ছ,
36 ৩৬ “হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”
৩৬হে গুরো ৱ্যৱস্থাশাস্ত্রমধ্যে কাজ্ঞা শ্রেষ্ঠা?
37 ৩৭ যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’
৩৭ততো যীশুরুৱাচ, ৎৱং সর্ৱ্ৱান্তঃকরণৈঃ সর্ৱ্ৱপ্রাণৈঃ সর্ৱ্ৱচিত্তৈশ্চ সাকং প্রভৌ পরমেশ্ৱরে প্রীযস্ৱ,
38 ৩৮ এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
৩৮এষা প্রথমমহাজ্ঞা| তস্যাঃ সদৃশী দ্ৱিতীযাজ্ঞৈষা,
39 ৩৯ এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
৩৯তৱ সমীপৱাসিনি স্ৱাত্মনীৱ প্রেম কুরু|
40 ৪০ এই দুটাআজ্ঞাই গোটেইবিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।”
৪০অনযো র্দ্ৱযোরাজ্ঞযোঃ কৃৎস্নৱ্যৱস্থাযা ভৱিষ্যদ্ৱক্তৃগ্রন্থস্য চ ভারস্তিষ্ঠতি|
41 ৪১ ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
৪১অনন্তরং ফিরূশিনাম্ একত্র স্থিতিকালে যীশুস্তান্ পপ্রচ্ছ,
42 ৪২ তেওঁ সুধিলে, “খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক ক’লে, “দায়ুদৰ সন্তান”।
৪২খ্রীষ্টমধি যুষ্মাকং কীদৃগ্বোধো জাযতে? স কস্য সন্তানঃ? ততস্তে প্রত্যৱদন্, দাযূদঃ সন্তানঃ|
43 ৪৩ যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক’লে,
৪৩তদা স উক্তৱান্, তর্হি দাযূদ্ কথম্ আত্মাধিষ্ঠানেন তং প্রভুং ৱদতি?
44 ৪৪ প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে, মোৰ সোঁ হাতে বহি থাকা৷
৪৪যথা মম প্রভুমিদং ৱাক্যমৱদৎ পরমেশ্ৱরঃ| তৱারীন্ পাদপীঠং তে যাৱন্নহি করোম্যহং| তাৱৎ কালং মদীযে ৎৱং দক্ষপার্শ্ৱ উপাৱিশ| অতো যদি দাযূদ্ তং প্রভুং ৱদতি, র্তিহ স কথং তস্য সন্তানো ভৱতি?
45 ৪৫ এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”
৪৫তদানীং তেষাং কোপি তদ্ৱাক্যস্য কিমপ্যুত্তরং দাতুং নাশক্নোৎ;
46 ৪৬ তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।
৪৬তদ্দিনমারভ্য তং কিমপি ৱাক্যং প্রষ্টুং কস্যাপি সাহসো নাভৱৎ|

< মথি 22 >