< মথি 21 >

1 যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ বৈৎফগী গাওঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,
And when they drew nigh to Jerusalem and were come to Bethphage at the mount of Olives, Jesus sent two of his disciples,
2 “তোমালোক সন্মুখৰ গাওঁখন লৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালিয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ।
saying unto them, Go into the village over-against you, and ye will find directly an ass tied and a colt with her: loose them and bring them to me:
3 যদি তোমালোকক কোনোবাই কিবা কয়, তেনেহলে তোমালোকে কবা, ‘প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব’।”
and if any one say any thing to you, tell him the Lord hath need of them, and he will immediately send them.
4 যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওক,
Now all this was done, that it might be fulfilled which was spoken by the prophet saying, Tell ye the daughter of Sion,
5 “তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷”
behold, thy king cometh unto thee, meek, and sitting upon an ass, even a colt the fole of an ass.
6 সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকল গ’ল আৰু যীচুৱে দিয়া আদেশ অনুসৰি কৰিলে,
And the disciples went, and did as Jesus ordered them,
7 গাধজনী আৰু পোৱালিটো আনিলে, আৰু সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে; তাৰ পাছত তেওঁ তাৰ ওপৰত বহিল।
and brought the ass and the colt, and threw their clothes over them, and set Him upon them.
8 তেতিয়া লোক সকলৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আৰু কিছুমান লোকে গছৰ ডালবোৰকে কাটি আনি বাটত পাৰি দিলে;
And great numbers spread their garments in the way, and others cut off boughs from the trees, and strewed them in the way:
9 আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”
and the multitudes, that went before and that followed, cried saying, Hosanna to the Son of David: blessed be He that cometh in the name of the Lord; Hosanna in the highest.
10 ১০ যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, তেতিয়া লোক সকলে পুণৰ উৎফুল্লিত হৈ কব ধৰিলে “এই জন কোন?”
And when He came into Jerusalem, all the city was in a commotion, saying, Who is this?
11 ১১ তাতে লোক সকলে ক’লে, “এওঁ গালীল প্ৰদেশৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।”
And the people answered, This is Jesus the prophet, from Nazareth in Galilee.
12 ১২ পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে।
And Jesus went into the temple of God, and drove out all that were selling and buying in the court of the temple, and threw down the tables of the money-changers, and the seats of them that sold doves:
13 ১৩ যীচুৱে তেওঁলোকক ক’লে, “এইটো লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।”
and said to them, It is written, "My house shall be called the house of prayer," but ye have made it a den of thieves.
14 ১৪ তেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
And there came to Him in the temple both blind and lame, and He healed them:
15 ১৫ কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল’ৰাবোৰে মন্দিৰত চিঞৰি “জয়! জয়! দায়ুদৰ বংশৰ সন্তান”, বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ’ল৷
but when the chief priests and scribes saw the wonders that He wrought, and the children crying out in the temple, Hosanna to the Son of David, they were vexed to the heart, and said to Him, Dost thou hear what these say?
16 ১৬ তেতিয়া তেওঁলোকে যীচুক ক’লে, “লোক সকলে কি কৈছে তুমি শুনিছা নে?” যীচুৱে তেওঁলোকক ক’লে, “হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?”
And Jesus saith unto them, Yes, have ye never read, Out of the mouth of babes and sucklings thou hast procured praise?
17 ১৭ পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ’ল আৰু ৰাতিতো তাতেই থাকিল।
And He left them and went out of the city to Bethany and lodged there.
18 ১৮ ৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল৷
Now in the morning as He was returning to the city, He was hungry;
19 ১৯ এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ’ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক”। লগে লগেই সেই ডিমৰু জোপা শুকাই গ’ল৷ (aiōn g165)
and seeing a fig-tree by the way, He went up to it, and finding nothing upon it but leaves, He saith to it, Let no fruit ever hereafter grow out of thee: and the fig-tree withered immediately. (aiōn g165)
20 ২০ যেতিয়া শিষ্য সকলে সেই গছজোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক’লে, “এই ডিমৰু গছজোপা অকস্মাৎ কেনেকৈ শুকাই গ’ল?”
And the disciples seeing it were amazed and said, How suddenly is the fig-tree withered!
21 ২১ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব।
but Jesus answering said unto them, Verily I tell you, if ye have faith and doubt not, ye shall not only be able to do this to a fig-tree, but also if ye shall say to this mountain, "Be thou removed and cast into the sea," it shall be done.
22 ২২ তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”
And all things whatsoever ye ask in prayer, believing, ye shall receive.
23 ২৩ যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই অধিকাৰ তোমাক কোনে দিলে?”
And when He was come into the temple, the chief priests and the elders of the people came to Him as He was teaching, and said, By what authority dost thou these things, and who gave thee this authority?
24 ২৪ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো আপোনালোকক এই কথা সুধো; যদি আপোনালোকে মোক কয়, তেনেহলে ময়ো কি অধিকাৰেৰে এইবোৰ কৰিছোঁ, সেই বিষয়ে আপোনালোকক কম। কওকচোন-
but Jesus answered them, I also will ask you one question, which if ye tell me, I will likewise tell you by what authority I do these things.
25 ২৫ বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰাজ্যৰ পৰা নে মানুহৰ পৰা?” তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক’লে, “আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক’ব, তেনেহলে কিয় তেওঁত বিশ্বাস নকৰিলা?
The baptism of John, whence was it? from heaven, or of men? And they reasoned with themselves saying, If we say, from heaven, He will reply, Why then did ye not believe him?
26 ২৬ কিন্তু আমি যদি কওঁ ‘মানুহৰ পৰা’, তেনেহলে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাববাদী বুলি মানে।”
But if we say, of men, we fear the people, for they all esteem John as a prophet.
27 ২৭ পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।”
And therefore in answer to Jesus, they said, We do not know: and He said unto them, Neither do I tell you, by what authority I do these things.
28 ২৮ “কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক’লে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
But what think ye of this? There was a man had two sons, and he came to the first and said, Son, go, work to day in my vineyard:
29 ২৯ তাতে সি পিতাকক উত্তৰ দিলে, ‘মই নাযাওঁ’; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল।
and he answered I will not; but afterwards repenting, he went.
30 ৩০ দ্বিতীয় জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক’লে। তাতে তেওঁ উত্তৰ দিলে, ‘মই যাম পিতা’; কিন্তু তেওঁ নগ’ল।
And coming to the second, he spake in like manner: and he answered, Yes, Sir; and went not.
31 ৩১ এই দুয়োজনৰ মাজত পিতাকৰ ইচ্ছা কোন জনে পালন কৰিলে?” তেওঁলোকে ক’লে, “প্ৰথম জনে”। যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে আপোনালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।
Now which of the two did the will of his father? They say unto Him, The first. Jesus replied, Verily I say unto you, that publicans and prostitutes enter into the kingdom of God before you:
32 ৩২ কিয়নো যোহন আপোনালোকৰ ওচৰলৈ ধাৰ্মিকতাৰ পথেৰে আহিল, তথাপি আপোনালোকে তেওঁত বিশ্বাস নকৰিলে; কিন্তু কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; আপোনালোকে এইবোৰ দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলে।”
for John came unto you in the way of righteousness, and ye did not believe him; but publicans and harlots believed him; and though ye saw that, ye did not repent afterwards, to believe him.
33 ৩৩ “আৰু এটা দৃষ্টান্ত শুনক। এজন মানুহ আছিল; তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে, আৰু তাৰ চাৰিওফালে বেৰা দি, তাৰ মাজত পেৰাশাল পাতিলে৷ তাৰ পাছত টঙি সাজিলে, আৰু খেতিয়ক সকলৰ হাতত গতাই দি, তেওঁ আন দেশলৈ গ’ল।
Hear another parable, There was a certain man, a master of a family, that planted a vineyard, and made a fence about it, and put a wine-press in it, and built a tower, and let it out to husbandmen, and travelled abroad.
34 ৩৪ যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
And when the fruit-season drew near, he sent his servants to the husbandmen, to receive the fruits of it:
35 ৩৫ কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰিলে; এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।
and the husbandmen took his servants and beat one, and killed another, and stoned another.
36 ৩৬ পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।
And he sent again other servants more than the first: and they did the like to them.
37 ৩৭ পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ‘পুত্ৰক আদৰ কৰিব বুলি’, সিহঁতৰ ওচৰলৈ পঠালে।
At last he sent unto them his Son, saying, They will reverence my Son.
38 ৩৮ কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, ‘এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব’।
But when the husbandmen saw the Son, they said among themselves, This is the heir, come, let us kill him, and seize on his inheritance:
39 ৩৯ এই বুলি সিহঁতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।
so they took him and cast him out of the vineyard and slew him.
40 ৪০ এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?”
When therefore the lord of the vineyard cometh, what will he do to those husbandmen?
41 ৪১ লোক সকলে তেওঁক ক’লে, “তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।”
They answer, He will miserably destroy those wicked men, and will let out the vineyard to other husbandmen, who will render him the fruits in their seasons.
42 ৪২ যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
Then saith Jesus to them, Did ye never read in the scriptures, "The stone which the builders refused, is made the head of the corner: this is the Lord's doing, and it is marvellous in our eyes?"
43 ৪৩ এই হেতুকে মই আপোনালোকক কওঁ, আপোনালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ’ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।
Therefore I tell you, that the kingdom of God shall be taken from you, and given to a nation, that will bring forth the fruits thereof.
44 ৪৪ এই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।”
And he that stumbleth at this stone shall be bruised, but on whomsoever it falls, it will crush him to pieces.
45 ৪৫ তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।
And when the chief priests and pharisees heard his parables, they perceived that He spake of them:
46 ৪৬ কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰিলে, কাৰণ লোক সকলক ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।
and would have seized Him, but that they were afraid of the people; because they took Him for a prophet.

< মথি 21 >