< মথি 19 >

1 এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীল প্ৰদেশৰ পৰা যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ আহিল৷
ಅನನ್ತರಮ್ ಏತಾಸು ಕಥಾಸು ಸಮಾಪ್ತಾಸು ಯೀಶು ರ್ಗಾಲೀಲಪ್ರದೇಶಾತ್ ಪ್ರಸ್ಥಾಯ ಯರ್ದನ್ತೀರಸ್ಥಂ ಯಿಹೂದಾಪ್ರದೇಶಂ ಪ್ರಾಪ್ತಃ|
2 মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে।
ತದಾ ತತ್ಪಶ್ಚಾತ್ ಜನನಿವಹೇ ಗತೇ ಸ ತತ್ರ ತಾನ್ ನಿರಾಮಯಾನ್ ಅಕರೋತ್|
3 সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, “কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?”
ತದನನ್ತರಂ ಫಿರೂಶಿನಸ್ತತ್ಸಮೀಪಮಾಗತ್ಯ ಪಾರೀಕ್ಷಿತುಂ ತಂ ಪಪ್ರಚ್ಛುಃ, ಕಸ್ಮಾದಪಿ ಕಾರಣಾತ್ ನರೇಣ ಸ್ವಜಾಯಾ ಪರಿತ್ಯಾಜ್ಯಾ ನ ವಾ?
4 তাতে যীচুৱে উত্তৰ দি ক’লে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই?
ಸ ಪ್ರತ್ಯುವಾಚ, ಪ್ರಥಮಮ್ ಈಶ್ವರೋ ನರತ್ವೇನ ನಾರೀತ್ವೇನ ಚ ಮನುಜಾನ್ ಸಸರ್ಜ, ತಸ್ಮಾತ್ ಕಥಿತವಾನ್,
5 তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব’?
ಮಾನುಷಃ ಸ್ವಪಿತರೌ ಪರಿತ್ಯಜ್ಯ ಸ್ವಪತ್ನ್ಯಾಮ್ ಆಸಕ್ಷ್ಯತೇ, ತೌ ದ್ವೌ ಜನಾವೇಕಾಙ್ಗೌ ಭವಿಷ್ಯತಃ, ಕಿಮೇತದ್ ಯುಷ್ಮಾಭಿ ರ್ನ ಪಠಿತಮ್?
6 তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”
ಅತಸ್ತೌ ಪುನ ರ್ನ ದ್ವೌ ತಯೋರೇಕಾಙ್ಗತ್ವಂ ಜಾತಂ, ಈಶ್ವರೇಣ ಯಚ್ಚ ಸಮಯುಜ್ಯತ, ಮನುಜೋ ನ ತದ್ ಭಿನ್ದ್ಯಾತ್|
7 তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, “তেনেহলে মোচিয়ে কিয় ত্যাগ-পত্ৰ দি ভার্যাক এৰিবলৈ আজ্ঞা দিছে”?
ತದಾನೀಂ ತೇ ತಂ ಪ್ರತ್ಯವದನ್, ತಥಾತ್ವೇ ತ್ಯಾಜ್ಯಪತ್ರಂ ದತ್ತ್ವಾ ಸ್ವಾಂ ಸ್ವಾಂ ಜಾಯಾಂ ತ್ಯಕ್ತುಂ ವ್ಯವಸ್ಥಾಂ ಮೂಸಾಃ ಕಥಂ ಲಿಲೇಖ?
8 যীচুৱে তেওঁলোকক ক’লে, “অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল।
ತತಃ ಸ ಕಥಿತವಾನ್, ಯುಷ್ಮಾಕಂ ಮನಸಾಂ ಕಾಠಿನ್ಯಾದ್ ಯುಷ್ಮಾನ್ ಸ್ವಾಂ ಸ್ವಾಂ ಜಾಯಾಂ ತ್ಯಕ್ತುಮ್ ಅನ್ವಮನ್ಯತ ಕಿನ್ತು ಪ್ರಥಮಾದ್ ಏಷೋ ವಿಧಿರ್ನಾಸೀತ್|
9 সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
ಅತೋ ಯುಷ್ಮಾನಹಂ ವದಾಮಿ, ವ್ಯಭಿಚಾರಂ ವಿನಾ ಯೋ ನಿಜಜಾಯಾಂ ತ್ಯಜೇತ್ ಅನ್ಯಾಞ್ಚ ವಿವಹೇತ್, ಸ ಪರದಾರಾನ್ ಗಚ್ಛತಿ; ಯಶ್ಚ ತ್ಯಕ್ತಾಂ ನಾರೀಂ ವಿವಹತಿ ಸೋಪಿ ಪರದಾರೇಷು ರಮತೇ|
10 ১০ তেতিয়া শিষ্য সকলে যীচুক ক’লে, “যদি নিজৰ ভার্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল”।
ತದಾ ತಸ್ಯ ಶಿಷ್ಯಾಸ್ತಂ ಬಭಾಷಿರೇ, ಯದಿ ಸ್ವಜಾಯಯಾ ಸಾಕಂ ಪುಂಸ ಏತಾದೃಕ್ ಸಮ್ಬನ್ಧೋ ಜಾಯತೇ, ತರ್ಹಿ ವಿವಹನಮೇವ ನ ಭದ್ರಂ|
11 ১১ যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।
ತತಃ ಸ ಉಕ್ತವಾನ್, ಯೇಭ್ಯಸ್ತತ್ಸಾಮರ್ಥ್ಯಂ ಆದಾಯಿ, ತಾನ್ ವಿನಾನ್ಯಃ ಕೋಪಿ ಮನುಜ ಏತನ್ಮತಂ ಗ್ರಹೀತುಂ ನ ಶಕ್ನೋತಿ|
12 ১২ কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুণৰ এনে কোনো কোনো লোক আছে যি সকলে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।”
ಕತಿಪಯಾ ಜನನಕ್ಲೀಬಃ ಕತಿಪಯಾ ನರಕೃತಕ್ಲೀಬಃ ಸ್ವರ್ಗರಾಜ್ಯಾಯ ಕತಿಪಯಾಃ ಸ್ವಕೃತಕ್ಲೀಬಾಶ್ಚ ಸನ್ತಿ, ಯೇ ಗ್ರಹೀತುಂ ಶಕ್ನುವನ್ತಿ ತೇ ಗೃಹ್ಲನ್ತು|
13 ১৩ তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে।
ಅಪರಮ್ ಯಥಾ ಸ ಶಿಶೂನಾಂ ಗಾತ್ರೇಷು ಹಸ್ತಂ ದತ್ವಾ ಪ್ರಾರ್ಥಯತೇ, ತದರ್ಥಂ ತತ್ಸಮೀಂಪಂ ಶಿಶವ ಆನೀಯನ್ತ, ತತ ಆನಯಿತೃನ್ ಶಿಷ್ಯಾಸ್ತಿರಸ್ಕೃತವನ್ತಃ|
14 ১৪ তেতিয়া যীচুৱে ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।”
ಕಿನ್ತು ಯೀಶುರುವಾಚ, ಶಿಶವೋ ಮದನ್ತಿಕಮ್ ಆಗಚ್ಛನ್ತು, ತಾನ್ ಮಾ ವಾರಯತ, ಏತಾದೃಶಾಂ ಶಿಶೂನಾಮೇವ ಸ್ವರ್ಗರಾಜ್ಯಂ|
15 ১৫ ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল।
ತತಃ ಸ ತೇಷಾಂ ಗಾತ್ರೇಷು ಹಸ್ತಂ ದತ್ವಾ ತಸ್ಮಾತ್ ಸ್ಥಾನಾತ್ ಪ್ರತಸ್ಥೇ|
16 ১৬ এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, “হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব”? (aiōnios g166)
ಅಪರಮ್ ಏಕ ಆಗತ್ಯ ತಂ ಪಪ್ರಚ್ಛ, ಹೇ ಪರಮಗುರೋ, ಅನನ್ತಾಯುಃ ಪ್ರಾಪ್ತುಂ ಮಯಾ ಕಿಂ ಕಿಂ ಸತ್ಕರ್ಮ್ಮ ಕರ್ತ್ತವ್ಯಂ? (aiōnios g166)
17 ১৭ যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।”
ತತಃ ಸ ಉವಾಚ, ಮಾಂ ಪರಮಂ ಕುತೋ ವದಸಿ? ವಿನೇಶ್ಚರಂ ನ ಕೋಪಿ ಪರಮಃ, ಕಿನ್ತು ಯದ್ಯನನ್ತಾಯುಃ ಪ್ರಾಪ್ತುಂ ವಾಞ್ಛಸಿ, ತರ್ಹ್ಯಾಜ್ಞಾಃ ಪಾಲಯ|
18 ১৮ মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে ক’লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা;
ತದಾ ಸ ಪೃಷ್ಟವಾನ್, ಕಾಃ ಕಾ ಆಜ್ಞಾಃ? ತತೋ ಯೀಶುಃ ಕಥಿತವಾನ್, ನರಂ ಮಾ ಹನ್ಯಾಃ, ಪರದಾರಾನ್ ಮಾ ಗಚ್ಛೇಃ, ಮಾ ಚೋರಯೇಃ, ಮೃಷಾಸಾಕ್ಷ್ಯಂ ಮಾ ದದ್ಯಾಃ,
19 ১৯ মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”।
ನಿಜಪಿತರೌ ಸಂಮನ್ಯಸ್ವ, ಸ್ವಸಮೀಪವಾಸಿನಿ ಸ್ವವತ್ ಪ್ರೇಮ ಕುರು|
20 ২০ সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, “মইতো এই সকলোবোৰ পালন কৰি আহিছোঁ; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে”?
ಸ ಯುವಾ ಕಥಿತವಾನ್, ಆ ಬಾಲ್ಯಾದ್ ಏತಾಃ ಪಾಲಯಾಮಿ, ಇದಾನೀಂ ಕಿಂ ನ್ಯೂನಮಾಸ್ತೇ?
21 ২১ যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা”।
ತತೋ ಯೀಶುರವದತ್, ಯದಿ ಸಿದ್ಧೋ ಭವಿತುಂ ವಾಞ್ಛಸಿ, ತರ್ಹಿ ಗತ್ವಾ ನಿಜಸರ್ವ್ವಸ್ವಂ ವಿಕ್ರೀಯ ದರಿದ್ರೇಭ್ಯೋ ವಿತರ, ತತಃ ಸ್ವರ್ಗೇ ವಿತ್ತಂ ಲಪ್ಸ್ಯಸೇ; ಆಗಚ್ಛ, ಮತ್ಪಶ್ಚಾದ್ವರ್ತ್ತೀ ಚ ಭವ|
22 ২২ এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।
ಏತಾಂ ವಾಚಂ ಶ್ರುತ್ವಾ ಸ ಯುವಾ ಸ್ವೀಯಬಹುಸಮ್ಪತ್ತೇ ರ್ವಿಷಣಃ ಸನ್ ಚಲಿತವಾನ್|
23 ২৩ তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন।
ತದಾ ಯೀಶುಃ ಸ್ವಶಿಷ್ಯಾನ್ ಅವದತ್, ಧನಿನಾಂ ಸ್ವರ್ಗರಾಜ್ಯಪ್ರವೇಶೋ ಮಹಾದುಷ್ಕರ ಇತಿ ಯುಷ್ಮಾನಹಂ ತಥ್ಯಂ ವದಾಮಿ|
24 ২৪ পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।”
ಪುನರಪಿ ಯುಷ್ಮಾನಹಂ ವದಾಮಿ, ಧನಿನಾಂ ಸ್ವರ್ಗರಾಜ್ಯಪ್ರವೇಶಾತ್ ಸೂಚೀಛಿದ್ರೇಣ ಮಹಾಙ್ಗಗಮನಂ ಸುಕರಂ|
25 ২৫ এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?”
ಇತಿ ವಾಕ್ಯಂ ನಿಶಮ್ಯ ಶಿಷ್ಯಾ ಅತಿಚಮತ್ಕೃತ್ಯ ಕಥಯಾಮಾಸುಃ; ತರ್ಹಿ ಕಸ್ಯ ಪರಿತ್ರಾಣಂ ಭವಿತುಂ ಶಕ್ನೋತಿ?
26 ২৬ যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।”
ತದಾ ಸ ತಾನ್ ದೃಷ್ದ್ವಾ ಕಥಯಾಮಾಸ, ತತ್ ಮಾನುಷಾಣಾಮಶಕ್ಯಂ ಭವತಿ, ಕಿನ್ತ್ವೀಶ್ವರಸ್ಯ ಸರ್ವ್ವಂ ಶಕ್ಯಮ್|
27 ২৭ তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছোঁ, তেনেহলে আমি পাম নে?”
ತದಾ ಪಿತರಸ್ತಂ ಗದಿತವಾನ್, ಪಶ್ಯ, ವಯಂ ಸರ್ವ್ವಂ ಪರಿತ್ಯಜ್ಯ ಭವತಃ ಪಶ್ಚಾದ್ವರ್ತ್ತಿನೋ ಽಭವಾಮ; ವಯಂ ಕಿಂ ಪ್ರಾಪ್ಸ್ಯಾಮಃ?
28 ২৮ যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
ತತೋ ಯೀಶುಃ ಕಥಿತವಾನ್, ಯುಷ್ಮಾನಹಂ ತಥ್ಯಂ ವದಾಮಿ, ಯೂಯಂ ಮಮ ಪಶ್ಚಾದ್ವರ್ತ್ತಿನೋ ಜಾತಾ ಇತಿ ಕಾರಣಾತ್ ನವೀನಸೃಷ್ಟಿಕಾಲೇ ಯದಾ ಮನುಜಸುತಃ ಸ್ವೀಯೈಶ್ಚರ್ಯ್ಯಸಿಂಹಾಸನ ಉಪವೇಕ್ಷ್ಯತಿ, ತದಾ ಯೂಯಮಪಿ ದ್ವಾದಶಸಿಂಹಾಸನೇಷೂಪವಿಶ್ಯ ಇಸ್ರಾಯೇಲೀಯದ್ವಾದಶವಂಶಾನಾಂ ವಿಚಾರಂ ಕರಿಷ್ಯಥ|
29 ২৯ যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব। (aiōnios g166)
ಅನ್ಯಚ್ಚ ಯಃ ಕಶ್ಚಿತ್ ಮಮ ನಾಮಕಾರಣಾತ್ ಗೃಹಂ ವಾ ಭ್ರಾತರಂ ವಾ ಭಗಿನೀಂ ವಾ ಪಿತರಂ ವಾ ಮಾತರಂ ವಾ ಜಾಯಾಂ ವಾ ಬಾಲಕಂ ವಾ ಭೂಮಿಂ ಪರಿತ್ಯಜತಿ, ಸ ತೇಷಾಂ ಶತಗುಣಂ ಲಪ್ಸ್ಯತೇ, ಅನನ್ತಾಯುಮೋಽಧಿಕಾರಿತ್ವಞ್ಚ ಪ್ರಾಪ್ಸ್ಯತಿ| (aiōnios g166)
30 ৩০ যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেক পাছ হ’ব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোক আগ হ’ব।”
ಕಿನ್ತು ಅಗ್ರೀಯಾ ಅನೇಕೇ ಜನಾಃ ಪಶ್ಚಾತ್, ಪಶ್ಚಾತೀಯಾಶ್ಚಾನೇಕೇ ಲೋಕಾ ಅಗ್ರೇ ಭವಿಷ್ಯನ್ತಿ|

< মথি 19 >