< মথি 18 >

1 সেই সময়ত শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “প্ৰভু, স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন?”
Նոյն ժամուն աշակերտները եկան Յիսուսի քով ու ըսին. «Ո՞վ է մեծագոյնը երկինքի թագաւորութեան մէջ»:
2 তেতিয়া যীচুৱে এটি শিশুক ওচৰলৈ মাতি আনি তেওঁলোকৰ মাজত থিয় কৰাই কলে,
Յիսուս ալ կանչեց իրեն մանուկ մը, կայնեցուց զայն անոնց մէջտեղ,
3 “মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশু সকলৰ দৰে হব নোৱাৰা, তেনেহলে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷
եւ ըսաւ. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Եթէ դարձի չգաք ու մանուկներու պէս չըլլաք, բնա՛ւ պիտի չմտնէք երկինքի թագաւորութիւնը”:
4 এতেকে যি কোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেৱেঁই স্বৰ্গৰাজ্যত সর্ব্বশ্ৰেষ্ঠ৷
Ուրեմն ո՛վ որ կը խոնարհեցնէ ինքզինք՝ այս փոքր մանուկին պէս, անիկա՛ է մեծագոյնը երկինքի թագաւորութեան մէջ.
5 আকৌ যি কোনোৱে এনে এটি শিশুক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে।
եւ ո՛վ որ կ՚ընդունի այսպիսի մանուկ մը՝ իմ անունովս, զի՛ս կ՚ընդունի»:
6 মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।
«Ո՛վ որ գայթակղեցնէ մէկը այս պզտիկներէն՝ որոնք ինծի կը հաւատան, աւելի օգտակար պիտի ըլլար անոր՝ որ իշու ջաղացքի քար մը կախուէր իր վիզէն, ու ծովուն անդունդը ընկղմէր:
7 হায়! বিঘিনিৰ সময়ৰ কাৰণে এই জগত; কিয়নো বিঘিনিৰ সময় অৱশ্যেই আহিব৷ কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয়, তেওঁৰ সন্তাপ হ’ব৷
Վա՜յ աշխարհի՝ գայթակղութիւններու պատճառով. որովհետեւ հարկ է որ գայթակղութիւնները գան, բայց վա՜յ այն մարդուն՝ որուն միջոցով գայթակղութիւնը կու գայ:
8 তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহলে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল। (aiōnios g166)
Ուրեմն եթէ ձեռքդ կամ ոտքդ կը գայթակղեցնէ քեզ, կտրէ՛ զայն ու նետէ՛ քեզմէ. աւելի լաւ է քեզի՝ կա՛ղ կամ պակասաւո՛ր մտնել կեանքը, քան երկու ձեռք կամ երկու ոտք ունենալ եւ նետուիլ յաւիտենական կրակին մէջ: (aiōnios g166)
9 তোমালোকৰ চকুৱে যদি তোমালোকক পাপৰ পথলৈ নিয়ে, তেনেহলে তাকো কাঢ়ি তোমালোকৰ পৰা দূৰলৈ দলিয়াই পেলোৱা; দুই চকু লৈ অনন্ত অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ, বৰং কণা হৈ জীৱনত সোমোৱাই তোমালোকৰ পক্ষে ভাল। (Geenna g1067)
Եթէ աչքդ կը գայթակղեցնէ քեզ, հանէ՛ զայն ու նետէ՛ քեզմէ. աւելի լաւ է քեզի՝ մէ՛կ աչքով մտնել կեանքը, քան երկու աչք ունենալ եւ նետուիլ գեհենի կրակին մէջ»: (Geenna g1067)
10 ১০ সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
«Ուշադի՛ր եղէք որ չարհամարհէք այս պզտիկներէն մէկը. քանի որ կ՚ըսեմ ձեզի թէ երկինքի մէջ անոնց հրեշտակները ամէն ատեն կը տեսնեն երեսը իմ Հօրս՝ որ երկինքն է:
11 ১১ কাৰণ যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
Որովհետեւ մարդու Որդին եկաւ կորսուա՛ծը փրկելու:
12 ১২ তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেৰ আছে অাৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষক পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষটোক বিচাৰি নাযাব?
Ի՞նչ է ձեր կարծիքը. եթէ մարդ մը ունենայ հարիւր ոչխար եւ անոնցմէ մէկը մոլորի, իննսունինը ոչխարները լեռները չի՞ թողուր ու՝՝ երթար՝ փնտռելու մոլորածը:
13 ১৩ আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেনেহলে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা মেষতকৈ, যিটো হেৰাই গৈছিল সেই মেষটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।
Եթէ պատահի որ գտնէ զայն, ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ աւելի՛ կ՚ուրախանայ անոր համար, քան իննսունիննին՝ որոնք մոլորած չէին:
14 ১৪ এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।
Ա՛յսպէս՝ ձեր երկնաւոր Հայրը չի հաճիր որ այս պզտիկներէն մէ՛կը կորսուի»:
15 ১৫ কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
«Եթէ եղբայրդ մեղանչէ քեզի դէմ, գնա՛ եւ ըսէ՛ իրեն իր յանցանքը՝ երբ դուն ու ան մինակ էք. եթէ մտիկ ընէ քեզի՝ շահեցա՛ր եղբայրդ:
16 ১৬ কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।
Բայց եթէ մտիկ չընէ քեզի, ա՛ռ քեզի հետ մէկ կամ երկու հոգի եւս, որպէսզի ամէն խօսք հաստատուի երկու կամ երեք վկաներու բերանով:
17 ১৭ যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
Եթէ անոնց ալ մտիկ չընէ, ըսէ՛ եկեղեցիին. իսկ եթէ եկեղեցիին ալ մտիկ չընէ, թող ըլլայ քեզի հեթանոսի ու մաքսաւորի պէս:
18 ১৮ মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হ’ব আৰু পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্ৱৰ্গতো মুকলি কৰা হব।
Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Ի՛նչ որ կապէք երկրի վրայ՝ կապուած պիտի ըլլայ երկինքի մէջ, եւ ի՛նչ որ արձակէք երկրի վրայ՝ արձակուած պիտի ըլլայ երկինքի մէջ”:
19 ১৯ পুনৰায় মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক মন হয়, তেনেহলে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ সেই বিষয় সিদ্ধ কৰা হ’ব
Դարձեալ կը յայտարարեմ ձեզի. “Եթէ ձեզմէ երկու հոգի համաձայնին երկրի վրայ՝ որեւէ բան խնդրելու, պիտի ըլլայ անոնց իմ Հօրմէս՝ որ երկինքն է”:
20 ২০ কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।”
Որովհետեւ ուր որ երկու կամ երեք հոգի հաւաքուած ըլլան իմ անունովս, ես հոն եմ՝ անոնց մէջ»:
21 ২১ তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক ক’লে, “হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?”
Այն ատեն Պետրոս մօտեցաւ անոր եւ ըսաւ. «Տէ՛ր, եթէ եղբայրս մեղանչէ ինծի դէմ՝ քանի՞ անգամ ներեմ անոր. մինչեւ եօ՞թը անգամ»:
22 ২২ যীচুৱে তেওঁক ক’লে, “সাত বাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সাত সত্তৰ গুণ বাৰ বুলিহে কওঁ।
Յիսուս ըսաւ անոր. «Քեզի չեմ ըսեր՝ “մինչեւ եօթն անգամ”, հապա՝ “մինչեւ եօթանասուն անգամ եօթը”:
23 ২৩ স্বর্গৰাজ্যক এনেদৰে তুলনা দিয়া হয়; যেনেকৈ, এজন ৰজাই নিজৰ দাস সকলৰ ওচৰত হিচাব বিচাৰিলে৷
Ուստի երկինքի թագաւորութիւնը կը նմանի թագաւորի մը, որ ուզեց հաշիւ առնել իր ծառաներէն:
24 ২৪ যেতিয়া তেওঁ হিচাব লবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ’ল যি জনৰ ৰজাৰ ওচৰত দহ হাজাৰ ৰূপৰঋণ আছিল।
Երբ սկսաւ հաշիւ առնել, տասը հազար տաղանդի պարտապան մը բերուեցաւ իրեն:
25 ২৫ কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।
Բայց ան վճարելու կարողութիւն չունենալով՝ անոր տէրը հրամայեց, որ ան ծախուի, նաեւ անոր կինն ու զաւակները եւ անոր ամբողջ ունեցածը, ու պարտքը վճարուի:
26 ২৬ তেতিয়া সেই দাসে মাটিত পৰি ৰজাৰ ভৰিত ধৰি ক’লে, ‘হে প্ৰভু, ধৈর্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম।’
Իսկ ծառան իյնալով՝ երկրպագեց անոր եւ ըսաւ. “Տէ՛ր, համբերատա՛ր եղիր ինծի հանդէպ, ու ամէ՛նը պիտի վճարեմ քեզի”:
27 ২৭ তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণও ক্ষমা কৰি দিলে।
Ծառային տէրը՝ գթալով՝ արձակեց զայն, եւ ներեց անոր պարտքը:
28 ২৮ পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰাঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি ক’লে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।
Նոյն ծառան գնաց, գտաւ իր ծառայակիցներէն մէկը՝ որ հարիւր դահեկան կը պարտէր իրեն, ու բռնելով զայն՝ կը խեղդէր եւ կ՚ըսէր. “Վճարէ՛ ինծի ունեցած պարտքդ”:
29 ২৯ তেতিয়া তাৰ সহকৰ্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি ক’লে, ‘ধৈর্য ধৰছোন, মই তোৰ সকলো ধাৰ পৰিশোধ কৰিম’।
Ուստի իր ծառայակիցը ինկաւ անոր ոտքը, կ՚աղաչէր անոր ու կ՚ըսէր. “Համբերատա՛ր եղիր ինծի, եւ պիտի վճարեմ քեզի”:
30 ৩০ কিন্তু তেওঁ সন্মত নহ’ল৷ বৰং পৰিশোধ নকৰা পর্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে।
Բայց ինք չէր ուզեր. հապա գնաց ու բանտը նետել տուաւ զայն՝ մինչեւ որ վճարէր պարտքը:
31 ৩১ তেতিয়া তেওঁৰ সহদাসবোৰে এই ঘটনা দেখি অতিশয় দুঃখিত হ’ল৷ সিহঁতে ৰজাৰ ওচৰলৈ গৈ যি যি ঘটিল, সেই সকলো বিষয় তেওঁক জনালে।
Երբ իր ծառայակիցները տեսան ինչ որ պատահեցաւ՝ շատ տրտմեցան, ու եկան եւ պատմեցին իրենց տիրոջ ամբողջ պատահածը:
32 ৩২ তেতিয়া ৰজাই সেই দাসক মাতি কলে, ‘দুষ্ট দাস! তই মোক কাকুতি-মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ
Այն ատեն անոր տէրը կանչեց զայն ու ըսաւ. “Չա՛ր ծառայ, այդ ամբողջ պարտքը ներեցի քեզի՝ քանի որ աղաչեցիր ինծի.
33 ৩৩ তেনেহলে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে’?
ուրեմն պէտք չէ՞ր որ դո՛ւն ալ ողորմէիր ծառայակիցիդ, ինչպէս ես ողորմեցայ քեզի”:
34 ৩৪ তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে।
Եւ անոր տէրը բարկանալով՝ յանձնեց զայն տանջողներուն, մինչեւ որ վճարէր ամբողջ պարտքը:
35 ৩৫ ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰেৰে সৈতে ক্ষমা নকৰা, তেনেহলে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।”
Իմ երկնաւոր Հայրս ալ նո՛յնպէս պիտի ընէ ձեզի, եթէ ձեզմէ իւրաքանչիւրը իր եղբօր սրտանց չներէ իր յանցանքները»:

< মথি 18 >