< মথি 16 >

1 ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন তেওঁলোকক দেখুৱাবলৈ ক’লে।
And the pharisees and sadducees came to Him, and captiously asked Him to shew them a sign from heaven.
2 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “সন্ধিয়া হলে আপোনালোকে কয়, ‘বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।’
But He answered them, In the evening ye say, It will be fair weather, for the sky is red:
3 ৰাতিপুৱা কয়, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ আপোনালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানে, অথচ সময়ৰ চিন বুজিব নোৱাৰে।
and in the morning, It will be foul weather to-day, for the sky is red and lowring. Ye hypocrites, can ye distinguish the appearance of the sky, and not discern the signs of these times?
4 এই যুগৰ পাপী আৰু ব্যভিচাৰীলোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।
This wicked and degenerate race demand a sign; but no sign shall be given them, except that of the prophet Jonah. And so He left them and went away.
5 পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰি গ’ল।
Now when his disciples departed to the other side, they forgot to take bread with them:
6 যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।”
and therefore when Jesus said to them, Take heed and beware of the leaven of the pharisees and of the sadducees,
7 শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, “আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে ক’লে নেকি৷”
they said one to another, It is because we have taken no bread.
8 এই কথা বুজিব পাৰি যীচুৱে ক’লে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছোঁ বুলি কিয় আলোচনা কৰিছা?
And Jesus knowing their thoughts said to them, O ye of little faith, why do ye argue among yourselves, because ye have brought no bread?
9 তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পাছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?
Do ye not yet understand, nor remember the five loaves divided among five thousand, and how many baskets ye took up?
10 ১০ নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?
nor the seven loaves among four thousand, and how many baskets-full ye took away?
11 ১১ মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।”
How is it then that ye do not understand that I did not speak to you concerning bread, when I bid you to beware of the leaven of the pharisees and of the sadducees?
12 ১২ তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ’বৰ বাবে কৈছে।
Then they understood, that He did not bid them beware of the leaven of bread, but of the doctrine of the pharisees and of the sadducees.
13 ১৩ তাৰ পাছত যীচু যেতিয়া চীজাৰিয়া-ফিলিপীৰ অঞ্চললৈ গ’ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে “মানুহৰ পুত্ৰ কোন”এই বিষয়ে লোক সকলে কি বুলি কয়?
And when Jesus came into the parts of Cesarea Philippi, He asked his disciples, saying, Whom do men say that I, the Son of man, am?
14 ১৪ তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷”
And they answered, Some say thou art John the Baptist, others Elias, and others Jeremias, or one of the prophets.
15 ১৫ তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?”
But, saith He unto them, whom do ye say that I am?
16 ১৬ তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
And Simon Peter answered and said, Thou art the Christ the Son of the living God.
17 ১৭ তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
And Jesus replied and said unto him, Blessed art thou Simon son of Jonas, for flesh and blood hath not revealed it unto thee, but my Father who is in heaven.
18 ১৮ ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়েইয়াক পৰাজয় কৰিব নোৱাৰিব। (Hadēs g86)
And I also say unto thee, as thou art called Peter, so upon this rock, which thou hast confessed, will I build my church, and the gates of death shall not prevail against it. (Hadēs g86)
19 ১৯ মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।”
And I will give thee the keys of the kingdom of heaven, and whatsoever thou shalt bind on earth shall be bound in heaven, and whatsoever thou shalt loose on earth shall be loosed in heaven.
20 ২০ তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই “খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জন”।
Then charged He his disciples that they should tell no one that He was the Messiah.
21 ২১ সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
And from that time began Jesus to acquaint his disciples, that He must go to Jerusalem and suffer many things from the elders, and chief priests, and scribes; and be put to death, and be raised again on the third day.
22 ২২ তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক’লে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।”
Then Peter took Him and began to expostulate with Him, saying, Be it far from thee, Lord: may this never be unto thee.
23 ২৩ কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
But He turned and said unto Peter, Get thee behind me, Satan, thou art an offence to me; for thou regardest not the things of God, but those that be of men.
24 ২৪ তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
Then said Jesus to his disciples, If any one is willing to come after me, let him deny himself, and take up his cross, and follow me:
25 ২৫ কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন পাব।
for he that would save his life shall lose it; but he that would lose his life for my sake shall find it.
26 ২৬ কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
For what is a man profited, if he gain the whole world, and lose his own soul? or what shall a man give as a ransom for his soul?
27 ২৭ কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”
For the Son of man will come in the glory of his father, with his angels, and then he will recompense every one according to his practice.
28 ২৮ মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰে।”
And I tell you of a truth, there be some of those standing here, who shall not taste of death, till they have seen the Son of man coming in his kingdom.

< মথি 16 >