< মথি 15 >

1 সেই সময়ত যিৰূচালেমৰ পৰা কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক যীচুৰ ওচৰলৈ আহি সুধিলে,
Τότε προσέρχονται τῷ Ἰησοῦ ἀπὸ Ἱεροσολύμων Φαρισαῖοι καὶ γραμματεῖς λέγοντες·
2 “আমাৰ পৰিচাৰক সকলৰ দিনৰ পৰা চলি অহা বিধান, আপোনাৰ শিষ্য সকলে কিয় মানি নচলে? কিয়নো তেওঁলোকে ভোজন কৰাৰ আগত হাতো নোধোৱে।”
διατί οἱ μαθηταί σου παραβαίνουσιν τὴν παράδοσιν τῶν πρεσβυτέρων; οὐ γὰρ νίπτονται τὰς χεῖρας ὅταν ἄρτον ἐσθίωσιν.
3 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?”
ὁ δὲ ἀποκριθεὶς εἶπεν αὐτοῖς· διατί καὶ ὑμεῖς παραβαίνετε τὴν ἐντολὴν τοῦ θεοῦ διὰ τὴν παράδοσιν ὑμῶν;
4 কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’
ὁ γὰρ θεὸς ἐνετείλατο λέγων· τίμα τὸν πατέρα καὶ τὴν μητέρα, καί ὁ κακολογῶν πατέρα ἢ μητέρα θανάτῳ τελευτάτω·
5 কিন্তু আপোনালোকে কয়, ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, “মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলোঁ।”
ὑμεῖς δὲ λέγετε· ὃς ἂν εἴπῃ τῷ πατρὶ ἢ τῇ μητρί· δῶρον ὃ ἐὰν ἐξ ἐμοῦ ὠφεληθῇς, οὐ μὴ τιμήσει τὸν πατέρα αὐτοῦ ἢ τὴν μητέρα αὐτοῦ.
6 তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
καὶ ἠκυρώσατε τὸν νόμον τοῦ θεοῦ διὰ τὴν παράδοσιν ὑμῶν.
7 আপোনালোক কপটীয়া! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাববাণী কৰিলে,
ὑποκριταί, καλῶς ἐπροφήτευσεν περὶ ὑμῶν Ἡσαΐας λέγων·
8 “এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে;
ὁ λαὸς οὗτος τοῖς χείλεσίν με τιμᾷ, ἡ δὲ καρδία αὐτῶν πόρρω ἀπέχει ἀπ’ ἐμοῦ·
9 তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে। কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ, আজ্ঞাৰ দৰে শিকায়।”
μάτην δὲ σέβονταί με, διδάσκοντες διδασκαλίας ἐντάλματα ἀνθρώπων.
10 ১০ তাৰ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি ক’লে, “মোৰ কথা শুনক আৰু বুজক।
Καὶ προσκαλεσάμενος τὸν ὄχλον εἶπεν αὐτοῖς· ἀκούετε καὶ συνίετε·
11 ১১ মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”
οὐ τὸ εἰσερχόμενον εἰς τὸ στόμα κοινοῖ τὸν ἄνθρωπον, ἀλλὰ τὸ ἐκπορευόμενον ἐκ τοῦ στόματος, τοῦτο κοινοῖ τὸν ἄνθρωπον.
12 ১২ তেতিয়া শিষ্য সকলে আহি যীচুক ক’লে, “ফৰীচী সকলে যে আপোনাৰ এই কথা শুনি অপমান বোধ কৰিছে, ইয়াক আপুনি জানে নে?”
τότε προσελθόντες οἱ μαθηταὶ λέγουσιν αὐτῷ· οἶδας ὅτι οἱ Φαρισαῖοι ἀκούσαντες τὸν λόγον ἐσκανδαλίσθησαν;
13 ১৩ যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব।
ὁ δὲ ἀποκριθεὶς εἶπεν· πᾶσα φυτεία ἣν οὐκ ἐφύτευσεν ὁ πατήρ μου ὁ οὐράνιος ἐκριζωθήσεται.
14 ১৪ তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
ἄφετε αὐτούς· ὁδηγοί εἰσιν τυφλοί τυφλῶν· τυφλὸς δὲ τυφλὸν ἐὰν ὁδηγῇ, ἀμφότεροι εἰς βόθυνον πεσοῦνται.
15 ১৫ তেতিয়া পিতৰে যীচুক ক’লে, “এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।”
ἀποκριθεὶς δὲ ὁ Πέτρος εἶπεν αὐτῷ· φράσον ἡμῖν τὴν παραβολήν.
16 ১৬ তেওঁ ক’লে, “তোমালোকে এতিয়াও বুজি পোৱা নাই নে?
ὁ δὲ εἶπεν· ἀκμὴν καὶ ὑμεῖς ἀσύνετοί ἐστε;
17 ১৭ তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দ্বাৰেদি বাহিৰলৈ ওলায়।
οὐ νοεῖτε ὅτι πᾶν τὸ εἰσπορευόμενον εἰς τὸ στόμα εἰς τὴν κοιλίαν χωρεῖ καὶ εἰς ἀφεδρῶνα ἐκβάλλεται;
18 ১৮ কিন্তু মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ মানুহৰ হৃদয়ৰ পৰা বাহিৰলৈ ওলায় আৰু সেইবোৰেই মানুহক অশুচি কৰে।
τὰ δὲ ἐκπορευόμενα ἐκ τοῦ στόματος ἐκ τῆς καρδίας ἐξέρχεται, κἀκεῖνα κοινοῖ τὸν ἄνθρωπον.
19 ১৯ কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
ἐκ γὰρ τῆς καρδίας ἐξέρχονται διαλογισμοὶ πονηροί, φόνοι, μοιχεῖαι, πορνεῖαι, κλοπαί, ψευδομαρτυρίαι, βλασφημίαι.
20 ২০ এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰিলে মানুহ অশুচি নহয়।”
ταῦτά ἐστιν τὰ κοινοῦντα τὸν ἄνθρωπον· τὸ δὲ ἀνίπτοις χερσὶν φαγεῖν οὐ κοινοῖ τὸν ἄνθρωπον.
21 ২১ তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গ’ল।
Καὶ ἐξελθὼν ἐκεῖθεν ὁ Ἰησοῦς ἀνεχώρησεν εἰς τὰ μέρη Τύρου καὶ Σιδῶνος.
22 ২২ সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
καὶ ἰδοὺ γυνὴ Χαναναία ἀπὸ τῶν ὁρίων ἐκείνων ἐξελθοῦσα ἔκραζεν λέγουσα· ἐλέησόν με, κύριε, υἱὸς Δαυείδ· ἡ θυγάτηρ μου κακῶς δαιμονίζεται.
23 ২৩ কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।”
ὁ δὲ οὐκ ἀπεκρίθη αὐτῇ λόγον. καὶ προσελθόντες οἱ μαθηταὶ αὐτοῦ ἠρώτουν αὐτὸν λέγοντες· ἀπόλυσον αὐτήν, ὅτι κράζει ὄπισθεν ἡμῶν.
24 ২৪ কিন্তু যীচুৱে উত্তৰ দি ক’লে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ ওচৰলৈহে পঠোৱা হৈছে।”
ὁ δὲ ἀποκριθεὶς εἶπεν· οὐκ ἀπεστάλην εἰ μὴ εἰς τὰ πρόβατα τὰ ἀπολωλότα οἴκου Ἰσραήλ.
25 ২৫ তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।”
ἡ δὲ ἐλθοῦσα προσεκύνει αὐτῷ λέγουσα· κύριε, βοήθει μοι.
26 ২৬ কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
ὁ δὲ ἀποκριθεὶς εἶπεν· οὐκ ἔξεστιν λαβεῖν τὸν ἄρτον τῶν τέκνων καὶ βαλεῖν τοῖς κυναρίοις.
27 ২৭ তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”
ἡ δὲ εἶπεν· ναί, κύριε· καὶ γὰρ τὰ κυνάρια ἐσθίει ἀπὸ τῶν ψιχίων τῶν πιπτόντων ἀπὸ τῆς τραπέζης τῶν κυρίων αὐτῶν.
28 ২৮ তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
τότε ἀποκριθεὶς ὁ Ἰησοῦς εἶπεν αὐτῇ· ὦ γύναι, μεγάλη σου ἡ πίστις· γενηθήτω σοι ὡς θέλεις. καὶ ἰάθη ἡ θυγάτηρ αὐτῆς ἀπὸ τῆς ὥρας ἐκείνης.
29 ২৯ তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গালীল সাগৰৰ ওচৰলৈ গ’ল। তাতে তেওঁ গৈ এটা পাহাৰৰ ওপৰত উঠি বহিল।
Καὶ μεταβὰς ἐκεῖθεν ὁ Ἰησοῦς ἦλθεν παρὰ τὴν θάλασσαν τῆς Γαλιλαίας, καὶ ἀναβὰς εἰς τὸ ὄρος ἐκάθητο ἐκεῖ.
30 ৩০ তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
καὶ προσῆλθον αὐτῷ ὄχλοι πολλοὶ ἔχοντες μεθ’ ἑαυτῶν χωλούς, τυφλούς, κωφούς, κυλλούς, καὶ ἑτέρους πολλούς, καὶ ἔριψαν αὐτοὺς παρὰ τοὺς πόδας αὐτοῦ· καὶ ἐθεράπευσεν αὐτούς,
31 ৩১ তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।
ὥστε τὸν ὄχλον θαυμάσαι βλέποντας κωφοὺς λαλοῦντας, κυλλοὺς ὑγιεῖς, καὶ χωλοὺς περιπατοῦντας καὶ τυφλοὺς βλέποντας· καὶ ἐδόξασαν τὸν θεὸν Ἰσραήλ.
32 ৩২ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো তেওঁলোক মোৰ লগত তিনি দিন ধৰি আছে আৰু তেওঁলোকৰ লগত একো খোৱা বস্তু নাই। তেওঁলোকক লঘোনে বিদায় দিবলৈ মোৰ ইচ্ছা নাই; হয়তো বাটত অসুস্থ হৈ পৰিব পাৰে।”
Ὁ δὲ Ἰησοῦς προσκαλεσάμενος τοὺς μαθητὰς αὐτοῦ εἶπεν· σπλαγχνίζομαι ἐπὶ τὸν ὄχλον, ὅτι ἤδη ἡμέραι τρεῖς προσμένουσίν μοι καὶ οὐκ ἔχουσιν τί φάγωσιν· καὶ ἀπολῦσαι αὐτοὺς νήστεις οὐ θέλω, μήποτε ἐκλυθῶσιν ἐν τῇ ὁδῷ.
33 ৩৩ তেতিয়া শিষ্য সকলে তেওঁক ক’লে, “এনেকুৱা এক নির্জন ঠাইত ইমানবোৰ মানুহক খুৱাবৰ বাবে আমি ইমান পিঠা ক’ত পাম?”
καὶ λέγουσιν αὐτῷ οἱ μαθηταί· πόθεν ἡμῖν ἐν ἐρημίᾳ ἄρτοι τοσοῦτοι ὥστε χορτάσαι ὄχλον τοσοῦτον;
34 ৩৪ যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতটা পিঠা আৰু কেইটামান সৰু মাছ আছে।”
καὶ λέγει αὐτοῖς ὁ Ἰησοῦς, πόσους ἄρτους ἔχετε; οἱ δὲ εἶπον· ἑπτά, καὶ ὀλίγα ἰχθύδια.
35 ৩৫ তেতিয়া যীচুৱে লোক সকলক মাটিত বহিবলৈ আজ্ঞা দিলে।
καὶ παραγγείλας τῷ ὄχλῳ ἀναπεσεῖν ἐπὶ τὴν γῆν
36 ৩৬ তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।
ἔλαβεν τοὺς ἑπτὰ ἄρτους καὶ τοὺς ἰχθύας καὶ εὐχαριστήσας ἔκλασεν καὶ ἐδίδου τοῖς μαθηταῖς, οἱ δὲ μαθηταὶ τοῖς ὄχλοις.
37 ৩৭ তাতে সকলোৱে খাই তৃপ্ত হ’ল আৰু যি টুকুৰাবোৰ পৰি থাকিল শিষ্য সকলে সেইবোৰ গোটাই সাতটা পাচি পূৰ কৰিলে।
καὶ ἔφαγον πάντες καὶ ἐχορτάσθησαν, καὶ τὸ περισσεῦον τῶν κλασμάτων ἦραν, ἑπτὰ σπυρίδας πλήρεις.
38 ৩৮ যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰি চাৰি হাজাৰ পুৰুষ আছিল।
οἱ δὲ ἐσθίοντες ἦσαν τετρακισχίλιοι ἄνδρες χωρὶς παιδίων καὶ γυναικῶν.
39 ৩৯ তাৰ পাছত যীচুৱে লোক সকলক বিদায় দি নাৱত উঠি মগদনৰ অঞ্চললৈ গ’ল।
καὶ ἀπολύσας τοὺς ὄχλους ἐνέβη εἰς τὸ πλοῖον, καὶ ἦλθεν εἰς τὰ ὅρια Μαγαδάν.

< মথি 15 >