< মথি 14 >

1 সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে।
Այդ ատեն Հերովդէս չորրորդապետը լսեց Յիսուսի համբաւը, եւ ըսաւ իր ծառաներուն.
2 তেওঁ নিজৰ দাস সকলক ক’লে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।
«Ան Յովհաննէս Մկրտի՛չն է՝ մեռելներէն յարութիւն առած. ուստի հրաշքներ կը գործուին անով»:
3 কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপৰ ভার্যা হেৰোদিয়াক ভাৰ্যা ৰাখিছিল আৰু তেওঁৰ কাৰণে এইদৰে বন্দী কৰিছিল।
Արդարեւ Հերովդէս բռներ էր Յովհաննէսը, ու զայն կապելով բանտը դրեր էր, իր եղբօր՝ Փիլիպպոսի կնոջ՝ Հերովդիայի պատճառով.
4 কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক আপুনি ভার্যা হিচাপে ৰখা বিধান সন্মত নহয়।”
որովհետեւ Յովհաննէս կ՚ըսէր անոր. «Քեզի արտօնուած չէ կին առնել զինք»:
5 সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে যোহনক এজন ভাববাদীৰূপে মান্য কৰিছিল।
Ուստի կ՚ուզէր սպաննել զայն, բայց կը վախնար բազմութենէն, որովհետեւ մարգարէ կը նկատէին՝՝ զայն:
6 পাছত হেৰোদৰ জন্ম দিনৰ দিনা, হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে।
Երբ Հերովդէսի ծնունդին տարեդարձը կը տօնուէր, Հերովդիայի աղջիկը պարեց հանդիսականներուն առջեւ, ու հաճեցուց Հերովդէսը:
7 সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব।
Ուստի երդումով խոստացաւ որ տար անոր ի՛նչ որ ուզէր:
8 ছোৱালী জনীয়ে মাকৰ পৰা পৰামর্শ পাই ক’লে, “এখন থালত বাপ্তাইজক যোহনৰ মূৰটো আনি মোক দিয়ক।”
Ան ալ՝ նախապէս խրատուած ըլլալով իր մօրմէն՝ ըսաւ. «Տո՛ւր ինծի Յովհաննէս Մկրտիչին գլուխը՝ ափսէի մը վրայ»:
9 তাতে ৰজা অতিশয় দুঃখিত হ’ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে।
Թագաւորը տրտմեցաւ. բայց երդումներուն եւ իրեն հետ նստողներուն պատճառով՝ հրամայեց որ տրուի:
10 ১০ তেওঁ মানুহ পঠাই কাৰাগাৰত যোহনৰ শিৰচ্ছেদ কৰালে।
Ու մարդ ղրկելով՝ գլխատեց Յովհաննէսը բանտին մէջ:
11 ১১ পাছত মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ’ল।
Եւ անոր գլուխը բերուեցաւ ափսէի մը վրայ ու տրուեցաւ աղջիկին. ան ալ տուաւ իր մօր:
12 ১২ তাৰ পাছত যোহনৰ শিষ্য সকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীচুক জনালে।
Եւ անոր աշակերտները եկան, վերցուցին մարմինը, թաղեցին զայն, ու գացին պատմեցին Յիսուսի:
13 ১৩ যোহনৰ মৃত্যুৰ কথা শুনি যীচু অকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ’ল। কিন্তু লোক সকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল’লে।
Երբ Յիսուս լսեց, անկէ նաւով մեկնեցաւ ամայի տեղ մը՝ առանձին: Երբ բազմութիւնները լսեցին, ոտքով հետեւեցան անոր՝ իրենց քաղաքներէն:
14 ১৪ তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে।
Երբ դուրս ելաւ, տեսնելով մեծ բազմութիւն մը՝ գթաց անոնց վրայ ու բուժեց անոնց հիւանդները:
15 ১৫ তেতিয়া গধূলি হবলৈ ধৰিছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
Իրիկունը՝ իր աշակերտները եկան եւ ըսին. «Հոս ամայի տեղ մըն է, ու ժամանակը արդէն անցած է. արձակէ՛ բազմութիւնը, որպէսզի երթան գիւղերը եւ կերակուր գնեն իրենց»:
16 ১৬ যীচুৱে তেওঁলোকক ক’লে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।”
Յիսուս ըսաւ անոնց. «Պէտք չկայ որ անոնք երթան, դո՛ւք տուէք անոնց՝ որ ուտեն»:
17 ১৭ শিষ্য সকলে তেওঁক ক’লে, “আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে।”
Անոնք ալ ըսին. «Հոս ուրիշ բան չունինք, բայց միայն հինգ նկանակ ու երկու ձուկ»:
18 ১৮ যীচুৱে ক’লে, “সেইখিনিয়ে মোৰ ওচৰলৈ আনা।”
Ըսաւ անոնց. «Հո՛ս՝ ինծի՛ բերէք զանոնք»:
19 ১৯ পাছত তেওঁ লোক সকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ দিলে।
Եւ հրամայեց որ բազմութիւնը նստեցնեն խոտին վրայ: Հինգ նկանակներն ու երկու ձուկերը առաւ, դէպի երկինք նայելով՝ օրհնեց, եւ կտրելով նկանակները՝ տուաւ աշակերտներուն, աշակերտներն ալ՝ բազմութեան:
20 ২০ তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ল’লে।
Բոլորը կերան ու կշտացան, եւ վերցնելով աւելցած բեկորները՝ տասներկու կողով լեցուցին:
21 ২১ তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় পাঁচ হাজাৰ মান আছিল।
Անոնք որ կերան՝ հինգ հազարի չափ այր մարդիկ էին, կիներէն ու մանուկներէն զատ:
22 ২২ ইয়াৰ পাছতে, যীচুৱে শিষ্য সকলক আদেশ দিলে, তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু লোক সকলক তেওঁ নিজে বিদায় দিলে।
Իսկոյն հարկադրեց աշակերտները՝ որ նաւ մտնեն եւ իրմէ առաջ անցնին միւս եզերքը, մինչ ինք բազմութիւնները կ՚արձակէր:
23 ২৩ লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ’ল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপি তেওঁ অকলশৰে তাতে আছিল।
Բազմութիւնները արձակելէ ետք, լեռը ելաւ առանձին՝ աղօթելու: Երբ իրիկուն եղաւ, հոն էր՝ մինակը.
24 ২৪ ইতিমধ্যে নাও খনে মাটি ভাগৰ পৰা আহি সাগৰৰ মাজ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাও খনে প্রায় নিয়ন্ত্রণ হেৰুৱাই ঢৌৰ কোবত ঢলং-পলং হবলৈ ধৰিলে।
իսկ նաւը արդէն ծովուն մէջտեղն էր՝ ալեկոծութեան մէջ, որովհետեւ հովը հակառակ ուղղութեամբ էր:
25 ২৫ শেষ নিশা যীচু সাগৰৰ ওপৰত খোজকাঢ়ি শিষ্য সকলৰ ওচৰলৈ আহি আছিল।
Գիշերուան չորրորդ պահուն՝ Յիսուս գնաց դէպի նաւը, քալելով ծովուն վրայ:
26 ২৬ শিষ্য সকলে যীচুক সাগৰৰ ওপৰত খোজকাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই “ভূত, ভূত” বুলি চিঞৰিবলৈ ধৰিলে।
Երբ աշակերտները տեսան զայն՝ որ կը քալէր ծովուն վրայ, վրդովեցան եւ ըսին թէ աչքի երեւոյթ մըն է, ու վախնալով աղաղակեցին:
27 ২৭ যীচুৱে তেতিয়াই তেওঁলোকক ক’লে, “এয়া মইহে; ভয় নকৰিবা, সাহসী হোৱা।”
Իսկոյն Յիսուս խօսեցաւ անոնց եւ ըսաւ. «Քաջալերուեց՛էք, ե՛ս եմ, մի՛ վախնաք»:
28 ২৮ পিতৰে তেওঁক উত্তৰ দি ক’লে, “হে প্ৰভু, যদি আপুনিয়ে হয়, তেনেহলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ যাবৰ বাবে মোক আজ্ঞা দিয়ক।”
Պետրոս պատասխանեց անոր. «Տէ՛ր, եթէ դո՛ւն ես, հրամայէ՛ ինծի՝ որ գամ քեզի ջուրերուն վրայէն»:
29 ২৯ যীচুৱে ক’লে, “আহা।” পিতৰে তেতিয়া নাৱৰ পৰা নামি পানীৰ ওপৰেদি খোজকাঢ়ি যীচুৰ কাষলৈ আগবাঢ়ি গ’ল।
Ան ալ ըսաւ. «Եկո՛ւր»: Երբ Պետրոս նաւէն իջաւ, քալեց ջուրերուն վրայէն՝ Յիսուսի քով երթալու համար:
30 ৩০ কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, “প্ৰভু, মোক বচাওঁক।”
Բայց տեսնելով հովին սաստիկ ըլլալը՝ վախցաւ: Երբ սկսաւ ընկղմիլ, աղաղակեց. «Տէ՛ր, փրկէ՛ զիս»:
31 ৩১ যীচুৱে তেতিয়াই নিজে হাত মেলি তেওঁক ধৰি ক’লে, “অল্পবিশ্বাসী, কিয় সন্দেহ কৰিলা?”
Յիսուս իսկոյն երկարեց իր ձեռքը, բռնեց զինք ու ըսաւ. «Թերահաւա՛տ, ինչո՞ւ կասկածեցար»:
32 ৩২ পাছত যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, বতাহ নাইকিয়া হ’ল।
Երբ նաւ ելան՝ հովը դադրեցաւ:
33 ৩৩ তেতিয়া নাৱত থকা শিষ্য সকলে যীচুক প্ৰণিপাত কৰি ক’লে, “আপুনি সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
Անոնք որ նաւուն մէջ էին՝ եկան, երկրպագեցին անոր եւ ըսին. «Ճշմա՛րտապէս դուն Աստուծոյ Որդին ես»:
34 ৩৪ তাৰ পাছত তেওঁলোক পাৰ হৈ, গিনেচৰৎ নামৰ প্ৰদেশ পালে।
Անցնելով միւս կողմը՝ հասան Գեննեսարէթ:
35 ৩৫ তাতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পোৱাত, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠিয়াই দিলে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে।
Երբ այդ տեղի մարդիկը ճանչցան զինք, մարդ ղրկեցին ամբողջ շրջակայքը, բերին անոր բոլոր ախտաւորները,
36 ৩৬ তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।
ու կ՚աղաչէին անոր որ միա՛յն դպչէին իր հանդերձին քղանցքին. եւ անոնք որ դպան՝ բժշկուեցան:

< মথি 14 >