< মথি 13 >

1 সেইদিনা যীচুৱে ঘৰৰ পৰা ওলাই সাগৰৰ তীৰত গৈ বহিছিল।
Now on the same day, Jesus went out of the house, and sat by the sea-side:
2 তাতে তেওঁৰ চাৰিওফালে বহুতো লোক আহি গোট খোৱাত, তেওঁ এখন নাৱত উঠি বহিল আৰু সেই গোট খোৱা সকলো মানুহ বামতে থিয় হৈ থাকিল।
and many people were gathered together to bear Him, so that He went into a ship and sat down, and all the multitude stood upon the shore; and He spake to them many things in parables,
3 তেতিয়া যীচুৱে তেওঁলোকক দৃষ্টান্তৰ মাধ্যমেদি বহুত বিষয়ৰ ওপৰত কথা কবলৈ ধৰিলে। তেওঁ ক’লে, “এজন খেতিয়কে কঠিয়া সিচিঁবলৈ গ’ল।
saying, "Behold a sower went out to sow;
4 তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠিয়া বাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে।
and as he was sowing, some seeds fell by the way-side, and the birds came and ate them up:
5 কিছুমান কঠিয়া শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাত আৰু মাটিও গভীৰ নোহোৱা কাৰণে যদিও সোনকালে গজালি ওলাল,
some fell upon stony places, where they had not much earth; and they soon sprung up indeed, because they had no depth of earth;
6 তথাপি সূৰ্য উদয় হোৱাৰ পাছত, শিপা গভীৰ নোহোৱা কাৰণে তাপ লাগি সেইবোৰ লেৰেলি শুকাই গ’ল।
but when the sun rose, they were burnt up, and withered; because they had no root:
7 আন কিছুমান কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠাত, সেইবোৰ হেচি ধৰি মাৰিলে।
and others fell among thorns; and the thorns grew up and choked them:
8 আনবোৰ কঠিয়া ভাল মাটিত পৰিল আৰু শস্য উৎপন্ন কৰিলে। তাতে কিছুমানত এশ গুণ, কিছুমানত ষাঠি গুণ আৰু কিছুমানত ত্রিশ গুণকৈ শস্য উৎপন্ন হ’ল।
but others fell on good ground, and yielded fruit, some an hundred-fold, some sixty, and some thirty.
9 যাৰ কাণ আছে, তেওঁ শুনক।”
He that hath ears to hear, let him hear."
10 ১০ যীচুৰ শিষ্য সকলে আহি তেওঁক সুধিলে, “আপুনি কিয় দৃষ্টান্তৰ মাধ্যমেৰে লোক সকলৰ আগত কথা কয়?”
And the disciples came to Him and said, Why dost thou speak to them in parables?
11 ১১ উত্তৰত তেওঁ শিষ্য সকলক ক’লে, “স্বৰ্গৰাজ্যৰ বিষয়বোৰৰ নিগূঢ়-তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে; কিন্তু তেওঁলোকক দিয়া হোৱা নাই।
And He answered them, saying, Because it is granted unto you to know the mysteries of the kingdom of heaven, but to them it is not granted:
12 ১২ কিয়নো যাৰ আছে, তেওঁক অধিক দিয়া হ’ব, তাতে তেওঁৰ প্রচুৰ হব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হ’ব।
for whosoever really hath, to him shall be given, and he shall have abundantly; but whosoever thus hath not, even that which he hath, shall be taken away from him:
13 ১৩ সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ। কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও।
for this reason I speak to them in parables; because though they see, they will not see; and though they hear, they will not hear, nor understand.
14 ১৪ এইদৰে যিচয়া ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ পূর্ণ হৈছে, ‘তোমালোকে শুনোতে শুনিবা, কিন্তু কোনোমতে নুবুজিবা; দেখোতে দেখিবা, কিন্তু কোনোমতে নাজানিবা;
And in them is fulfilled the prophecy of Isaiah, which saith, Ye shall hear by the hearing of the ear, and not understand; and in seeing ye shall see, and not perceive: for the heart of this people is grown stupid,
15 ১৫ কিয়নো এই লোক সকলৰ হৃদয় অসাৰ হৈছে, আৰু কাণ গধুৰ হৈ গৈছে, তেওঁলোকে চকুও বন্ধ কৰি ৰাখিছে তাতে তেওঁলোকে চকুৰে নেদেখে, কাণেৰে নুশুনে, হৃদয়েৰে নুবুজে, আৰু তেওঁলোক যেন পুণৰ ঘূৰি নাহে, আৰু মই তেওঁলোকক যেন সুস্থ নকৰোঁ’।
and their ears are dull of hearing, and they have closed their eyes; least they should see at all with their eyes, and hear with their ears, and understand with their heart, and be converted, and I should heal them.
16 ১৬ কিন্তু তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে।
But blessed are your eyes, for they see; and your ears, for they hear:
17 ১৭ তোমালোকক মই সঁচাকৈ কওঁ, তোমালোকে যিবোৰ দেখিছা, সেইবোৰ অনেক ভাৱবাদী আৰু ধাৰ্মিক লোকে চাবলৈ ইচ্ছা কৰিও দেখা নাপালে, আৰু তোমালোকে যিবোৰ শুনিছা, এইবোৰ শুনিবলৈ নাপালে।”
for indeed I tell you, that many prophets and righteous men have desired to see the things which ye see, and have not seen them; and to hear what ye hear, and have not heard them.
18 ১৮ “এতিয়া তোমালোকে সেই কঠিয়া সিঁচা খেতিয়কৰ দৃষ্টান্তৰ অর্থ শুনা।
Hear ye therefore the parable of the sower. When any one heareth the word of the gospel-kingdom,
19 ১৯ যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট-আত্মাই অৰ্থাৎ চয়তানে আহি, তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
and regardeth it not, then cometh the wicked one, and snatcheth away that which was sown in his heart: this is he who received the seed as by the way-side.
20 ২০ শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যি জনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে।
And he who received the seed as upon stony grounds, is one that heareth the word and immediately receiveth it with joy:
21 ২১ কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে।
yet hath he no root in himself, and therefore is but for a short season; and when affliction cometh, or persecution on account of the word, he is as soon disgusted.
22 ২২ কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তাতে তেওঁ বিফল হয়। (aiōn g165)
And he that received the seed among the thorns, is one that likewise heareth the word; but the care of this world, and the deceitfulness of riches choketh the word, and so it becometh unfruitful. (aiōn g165)
23 ২৩ ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু প্রকৃতার্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”
But he who received the seed into good ground, is one that heareth and understandeth the word, who indeed beareth fruit, and yieldeth, like fertile lands, some an hundred-fold, some sixty, some thirty.
24 ২৪ এবাৰ যীচুৱে লোক সকলৰ আগত আৰু এটা দৃষ্টান্ত দিলে। “স্বর্গৰাজ্য এজন খেতিয়কৰ নিচিনা, যি জনে নিজৰ পথাৰত ভাল কঠিয়া সিঁচিলে।
Another parable propounded He unto them, saying, The kingdom of heaven is like a man, who sowed good grain in his ground:
25 ২৫ পাছত যেতিয়া সকলো মানুহ টোপনি গ’ল, তেতিয়া সেই মানুহ জনৰ শত্রুৱে আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গ’ল।
but while men were asleep, his enemy came and sowed tares among the wheat, and went away.
26 ২৬ শেষত যেতিয়া সেই ধান গছ বাঢ়ি থোক ওলাল, তেতিয়া তাৰ মাজত বিনৈ বনো গজালি মেলি দেখা দিলে।
Now when the blade shot forth, and produced the corn, then the tares also appeared.
27 ২৭ পাছত সেইবোৰ দেখি গৃহস্থৰ দাস সকলে আহি তেওঁক ক’লে, ‘মহাশয়, আপুনি জানো পথাৰত ভাল কঠিয়া সিঁচা নাছিল? তেনেহলে এতিয়া বিনৈ বন ক’ৰ পৰা হ’ল?’
So the servants came to their master, and said unto him, Sir, didst not thou sow good seed in thy field? whence then are the tares?
28 ২৮ তেওঁ সিহঁতক ক’লে, ‘কোনোবা শত্ৰুৱে এইটো কৰিছে।’ দাস সকলে তেওঁক ক’লে, ‘তেনেহলে আপুনি বিচাৰে যদি আমি গৈ সেইবোৰ তুলি পেলাম?’
And he said unto them, Some enemy hath done this. The servants therefore said unto him, Wilt thou then that we go and gather them up?
29 ২৯ গৃহস্থই ক’লে, ‘নহয়, বনবোৰ উভালিবলৈ যাওঁতে তোমালোকে কিজানি ধানকো তাৰ লগতে উভালি পেলাবা!
But he said, No: least in plucking up the tares ye root up the corn along with them.
30 ৩০ গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনী সকলক ক’ম, প্ৰথমতে বিনৈ বনবোৰ উভালিবা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত মোৰ ভঁৰালত ধান চপাই থবা।’”
Let both grow together till harvest, and in the time of the harvest I will say to the reapers, First gather the weeds together, and bind them in bundles to burn them; but carry the wheat into my barn.
31 ৩১ যীচুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ ক’লে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা; সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে।
Another parable delivered He unto them, saying, The gospel-kingdom is like a grain of mustard-seed, which a man took and sowed in his field.
32 ৩২ সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু; কিন্তু বৃদ্ধি পোৱাৰ পাছত ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে।”
Which is indeed one of the lest of all seeds: but when it is grown, is the greatest among herbs, and even becometh a tree; so that the birds of the air come and lodge in it's branches.
33 ৩৩ যীচুৱে তেওঁলোকক পুনৰ এটা দৃষ্টান্ত দি ক’লে, “স্বর্গৰাজ্য খমিৰৰ নিচিনা। এগৰাকী মহিলাই তাকে লৈ প্রায় তিনি দোণ পিঠাগুড়িৰ লগত মিহলালে। তাৰ ফলত আটাইখিনি পিঠা গুড়ি ফুলি উঠিল।”
Another parable spake He unto them, saying, The gospel-kingdom is like leaven, which a woman took and put into a large quantity of dough, till the whole was leavened.
34 ৩৪ যীচুৱে দৃষ্টান্তৰ দ্বাৰাই লোক সকলৰ আগত এইবোৰ কথা ক’লে। তেওঁ দৃষ্টান্ত নিদিয়াকৈ তেওঁলোকক একো কথা নক’লে।
All these things spake Jesus in parables to the multitudes; and at this time He spake nothing to them without a parable:
35 ৩৫ ভাৱবাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া যেন পূৰণ হয়, তাৰ বাবেই এইদৰে ঘটিল - মই দৃষ্টান্তৰে মোৰ মুখ মেলিম, জগত স্থাপনৰ আৰম্ভণিৰে পৰা যি গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম।
that it might be fulfilled which was spoken by the prophet, saying, I will open my mouth in parables, I will publish things which have been concealed from the foundation of the world.
36 ৩৬ পাছত যীচুৱে লোক সকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্য সকলে ওচৰলৈ আহি তেওঁক সুধিলে, “পথাৰৰ বিনৈ বনৰ দৃষ্টান্তটো আমাক বুজাই দিয়ক।”
Then Jesus leaving the multitude went into the house; and his disciples came to Him, saying, Explain to us the parable of the tares of the field:
37 ৩৭ তেওঁ উত্তৰ দি ক’লে, “যি জনে ভাল কঠিয়া সিঁচে, তেওঁ মানুহৰ পুত্ৰ।
and He answered them, and said, He that soweth the good seed is the Son of man;
38 ৩৮ পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে চয়তানৰ সন্তান।
the field is the world; the good seed are the children of my kingdom; and the tares are the children of the wicked one.
39 ৩৯ যি শত্ৰুৱে সেইবোৰ সিঁচিলে, সি চয়তান; শস্য দোৱাৰ সময়েই এই জগতৰ শেষ সময় আৰু দাৱনী সকল স্বৰ্গৰ দূত। (aiōn g165)
The enemy that sowed them is the devil; the harvest is the end of the world; and the reapers are the angels. (aiōn g165)
40 ৪০ এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ’ব। (aiōn g165)
As therefore the tares are gathered together, and burnt in the fire; so shall it be in the end of the world: (aiōn g165)
41 ৪১ মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব।
the Son of man will send forth his angels, and they shall gather out of his kingdom all that commit offences, and those who do iniquity, and shall cast them into the furnace of fire,
42 ৪২ তেতিয়া তাত ক্রন্দন আৰু দাঁত কৰচনি হব।
and there shall be wailing and gnashing of teeth.
43 ৪৩ সেই সময়ত ধাৰ্মিক সকল তেওঁলোকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনাকৈ উজ্জ্বল হ’ব। যাৰ কাণ আছে, তেওঁ শুনক।
But the righteous shall then shine forth as the sun in the kingdom of their Father. He that hath ears to hear, let him hear.
44 ৪৪ “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ভঁৰালৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।”
Again, the kingdom of heaven is like treasure hid in a field, which a man having found conceals, and being rejoiced at it goes and sells all that he has, and purchases that field.
45 ৪৫ “পুণৰ স্বৰ্গৰাজ্য এনে এজন সদাগৰৰ নিচিনা, যি জনে উত্তম মুকুতা বিচাৰিছিল।
Again, the kingdom of heaven is like a merchant seeking precious pearls,
46 ৪৬ যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে, তেওঁ গৈ নিজৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই মুকুতাটো কিনি ল’লে।”
who, having found one of great value, went and sold all that he had, and bought it.
47 ৪৭ “আকৌ স্বৰ্গৰাজ্য এখন জালৰ নিচিনা। সেই জাল সাগৰত পেলোৱা হ’ল আৰু সকলো বিধৰ মাছ সেই জালত উঠিল
Again, the kingdom of heaven is like a net, that was cast into the sea, and inclosed fishes of various sorts;
48 ৪৮ জাল পৰিপূর্ণ হোৱাত মাছমৰীয়া সকলে তাক টানি বামলৈ তুলিলে। তাৰ পাছত তেওঁলোকে বহি ভাল মাছবোৰ বাছি খালৈত ৰাখিলে আৰু বেয়াবোৰ পেলাই দিলে।
which, when it was full, they dragged to the shore, and sat down and gathered the good into vessels, and threw out the bad.
49 ৪৯ জগতৰ শেষ কালতো এইদৰেই হ’ব। স্বৰ্গৰ দূত সকলে আহি ধাৰ্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব; (aiōn g165)
So shall it be at the end of the world: the angels shall come forth, and separate the wicked from among the righteous; (aiōn g165)
50 ৫০ তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।”
and shall cast them into the fiery furnace, and there shall be wailing and gnashing of teeth.
51 ৫১ তাৰ পাছত যীচুৱে শিষ্য সকলক সুধিলে, “তোমালোকে এই সকলো কথা বুজি পালা নে?” তেওঁলোকে ক’লে, “হয়, পালোঁ।”
Then saith Jesus unto them, Did ye understand all these? they say unto Him, Yes, Lord: and He said unto them,
52 ৫২ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে, স্বর্গৰাজ্যৰ বিষয়ে শিক্ষা পোৱা প্রত্যেক জন বিধানৰ অধ্যাপক এনে এজন শিষ্যত পৰিণত হয়, যি জনে এজন গৃহস্থৰ দৰে নিজৰ ভঁৰালৰ পৰা নতুন আৰু পুৰণি উভয় বস্তু বাহিৰলৈ উলিয়াই।”
Therefore every teacher, who has been thus instructed in the knowledge of the kingdom of heaven, is like a master of a family, who brings forth out of his store things new and old.
53 ৫৩ যীচুৱে এই দৃষ্টান্তবোৰ কোৱাৰ পাছত তাৰ পৰা গুচি গ’ল।
And when Jesus had finished these parables, he departed thence:
54 ৫৪ তাৰ পাছত যীচু নিজৰ নগৰলৈ আহিল আৰু লোক সকলক তেওঁলোকৰ নাম-ঘৰত শিক্ষা দিবলৈ ধৰিলে। তাতে তেওঁৰ কথা শুনি তেওঁলোক বিস্মিত হৈ গ’ল। তেওঁলোকে ক’লে, “এই মানুহ জনে এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ কৰাৰ ক্ষমতা ক’ৰ পৰা পালে?
and came into his own country, and taught them in their synagogues; so that they were amazed and said, Whence hath this man this wisdom and these powers?
55 ৫৫ ই জানো সেই বাঢ়ৈৰ পুতেক নহয়? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন, আৰু যিহূদা নহয় নে?
Is not this the carpenter's son? is not his mother called Mary? and his brethren James, and Joses, and Simon, and Judas?
56 ৫৬ ইয়াৰ সকলো ভনীয়েকো ইয়াত আমাৰ মাজতে নাই জানো? তেনেহলে ই এইবোৰ ক’ৰ পৰা পালে?”
and his sisters, are they not all here among us? from whence then hath this man all these things?
57 ৫৭ এইদৰে যীচুক লৈ লোক সকলে বিঘিনি পালে। তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভাৱবাদী নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন কোনো ঠাইতে অসন্মানিত নহয়।”
So they were prejudiced against Him. But Jesus said unto them, A prophet is no where less honoured than in his own country, and in his own family.
58 ৫৮ লোক সকলৰ অবিশ্বাসৰ কাৰণে তেওঁ তাত বিশেষ বেছি পৰাক্ৰম কাৰ্য নকৰিলে।
And he did not many miracles there, because of their unbelief.

< মথি 13 >