< মথি 11 >
1 ১ যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।
১ইত্থং যীশুঃ স্ৱদ্ৱাদশশিষ্যাণামাজ্ঞাপনং সমাপ্য পুরে পুর উপদেষ্টুং সুসংৱাদং প্রচারযিতুং তৎস্থানাৎ প্রতস্থে|
2 ২ যোহনে বন্দীশালৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে,
২অনন্তরং যোহন্ কারাযাং তিষ্ঠন্ খ্রিষ্টস্য কর্ম্মণাং ৱার্ত্তং প্রাপ্য যস্যাগমনৱার্ত্তাসীৎ সএৱ কিং ৎৱং? ৱা ৱযমন্যম্ অপেক্ষিষ্যামহে?
3 ৩ ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”
৩এতৎ প্রষ্টুং নিজৌ দ্ৱৌ শিষ্যৌ প্রাহিণোৎ|
4 ৪ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ।
৪যীশুঃ প্রত্যৱোচৎ, অন্ধা নেত্রাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিরাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দরিদ্রাণাং সমীপে সুসংৱাদঃ প্রচার্য্যত,
5 ৫ অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।
৫এতানি যদ্যদ্ যুৱাং শৃণুথঃ পশ্যথশ্চ গৎৱা তদ্ৱার্ত্তাং যোহনং গদতং|
6 ৬ ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।”
৬যস্যাহং ন ৱিঘ্নীভৱামি, সএৱ ধন্যঃ|
7 ৭ যোহনৰ শিষ্য সকল যেতিয়া উলটি গ’ল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল- বতাহে লৰোৱা এক নল-খাগৰি?
৭অনন্তরং তযোঃ প্রস্থিতযো র্যীশু র্যোহনম্ উদ্দিশ্য জনান্ জগাদ, যূযং কিং দ্রষ্টুং ৱহির্মধ্যেপ্রান্তরম্ অগচ্ছত? কিং ৱাতেন কম্পিতং নলং?
8 ৮ তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰজাৰ ভৱনতহে থাকে।
৮ৱা কিং ৱীক্ষিতুং ৱহির্গতৱন্তঃ? কিং পরিহিতসূক্ষ্মৱসনং মনুজমেকং? পশ্যত, যে সূক্ষ্মৱসনানি পরিদধতি, তে রাজধান্যাং তিষ্ঠন্তি|
9 ৯ তেনেহলে কি চাবলৈ ওলাই গৈছিল - এজন ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান।
৯তর্হি যূযং কিং দ্রষ্টুং বহিরগমত, কিমেকং ভৱিষ্যদ্ৱাদিনং? তদেৱ সত্যং| যুষ্মানহং ৱদামি, স ভৱিষ্যদ্ৱাদিনোপি মহান্;
10 ১০ এই জন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে, ‘চোৱা, মই তোমাৰ আগত মোৰ বার্তাবাহকক পঠাম, তেওঁ তোমাৰ আগত তোমাৰ পথ প্রস্তুত কৰিব।’
১০যতঃ, পশ্য স্ৱকীযদূতোযং ৎৱদগ্রে প্রেষ্যতে মযা| স গৎৱা তৱ পন্থানং স্মযক্ পরিষ্করিষ্যতি|| এতদ্ৱচনং যমধি লিখিতমাস্তে সোঽযং যোহন্|
11 ১১ মই আপোনালোকক সঁচাকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত বাপ্তাইজক যোহনতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান।
১১অপরং যুষ্মানহং তথ্যং ব্রৱীমি, মজ্জযিতু র্যোহনঃ শ্রেষ্ঠঃ কোপি নারীতো নাজাযত; তথাপি স্ৱর্গরাজ্যমধ্যে সর্ৱ্ৱেভ্যো যঃ ক্ষুদ্রঃ স যোহনঃ শ্রেষ্ঠঃ|
12 ১২ বাপ্তাইজক যোহনৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষণভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।
১২অপরঞ্চ আ যোহনোঽদ্য যাৱৎ স্ৱর্গরাজ্যং বলাদাক্রান্তং ভৱতি আক্রমিনশ্চ জনা বলেন তদধিকুর্ৱ্ৱন্তি|
13 ১৩ যোহনৰ সময়লৈকে সকলো ভাববাদীয়ে আৰু বিধান-শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে।
১৩যতো যোহনং যাৱৎ সর্ৱ্ৱভৱিষ্যদ্ৱাদিভি র্ৱ্যৱস্থযা চ উপদেশঃ প্রাকাশ্যত|
14 ১৪ অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেনেহলে আহিব লগা যি এলিয়া, এই যোহনেই সেই জন।
১৪যদি যূযমিদং ৱাক্যং গ্রহীতুং শক্নুথ, তর্হি শ্রেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ|
15 ১৫ যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
১৫যস্য শ্রোতুং কর্ণৌ স্তঃ স শৃণোতু|
16 ১৬ এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;
১৬এতে ৱিদ্যমানজনাঃ কৈ র্মযোপমীযন্তে? যে বালকা হট্ট উপৱিশ্য স্ৱং স্ৱং বন্ধুমাহূয ৱদন্তি,
17 ১৭ ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’
১৭ৱযং যুষ্মাকং সমীপে ৱংশীরৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমরোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ র্বালকৈস্ত উপমাযিষ্যন্তে|
18 ১৮ যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
১৮যতো যোহন্ আগত্য ন ভুক্তৱান্ ন পীতৱাংশ্চ, তেন লোকা ৱদন্তি, স ভূতগ্রস্ত ইতি|
19 ১৯ মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।’”
১৯মনুজসুত আগত্য ভুক্তৱান্ পীতৱাংশ্চ, তেন লোকা ৱদন্তি, পশ্যত এষ ভোক্তা মদ্যপাতা চণ্ডালপাপিনাং বন্ধশ্চ, কিন্তু জ্ঞানিনো জ্ঞানৱ্যৱহারং নির্দোষং জানন্তি|
20 ২০ যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰাক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন-পালটন নকৰিলে।
২০স যত্র যত্র পুরে বহ্ৱাশ্চর্য্যং কর্ম্ম কৃতৱান্, তন্নিৱাসিনাং মনঃপরাৱৃত্ত্যভাৱাৎ তানি নগরাণি প্রতি হন্তেত্যুক্তা কথিতৱান্,
21 ২১ “হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চীদোন নগৰত কৰিলোঁ হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন-পালটন কৰিলেহেঁতেন।
২১হা কোরাসীন্, হা বৈৎসৈদে, যুষ্মন্মধ্যে যদ্যদাশ্চর্য্যং কর্ম্ম কৃতং যদি তৎ সোরসীদোন্নগর অকারিষ্যত, তর্হি পূর্ৱ্ৱমেৱ তন্নিৱাসিনঃ শাণৱসনে ভস্মনি চোপৱিশন্তো মনাংসি পরাৱর্ত্তিষ্যন্ত|
22 ২২ কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ তুৰ আৰু চীদোনৰদশা সহিব পৰা হ’ব।
২২তস্মাদহং যুষ্মান্ ৱদামি, ৱিচারদিনে যুষ্মাকং দশাতঃ সোরসীদোনো র্দশা সহ্যতরা ভৱিষ্যতি|
23 ২৩ তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। (Hadēs )
২৩অপরঞ্চ বত কফর্নাহূম্, ৎৱং স্ৱর্গং যাৱদুন্নতোসি, কিন্তু নরকে নিক্ষেপ্স্যসে, যস্মাৎ ৎৱযি যান্যাশ্চর্য্যাণি কর্ম্মণ্যকারিষত, যদি তানি সিদোম্নগর অকারিষ্যন্ত, তর্হি তদদ্য যাৱদস্থাস্যৎ| (Hadēs )
24 ২৪ কিন্তু মই তোমালোকক কওঁ, সোধ-বিচাৰৰ দিনা তোমালোকতকৈ চদোম নগৰৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।”
২৪কিন্ত্ৱহং যুষ্মান্ ৱদামি, ৱিচারদিনে তৱ দণ্ডতঃ সিদোমো দণ্ডো সহ্যতরো ভৱিষ্যতি|
25 ২৫ সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
২৫এতস্মিন্নেৱ সমযে যীশুঃ পুনরুৱাচ, হে স্ৱর্গপৃথিৱ্যোরেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্রত্যেতানি ন প্রকাশ্য বালকান্ প্রতি প্রকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|
26 ২৬ হয় পিতৃ, ‘এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।’
২৬হে পিতঃ, ইত্থং ভৱেৎ যত ইদং ৎৱদৃষ্টাৱুত্তমং|
27 ২৭ কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
২৭পিত্রা মযি সর্ৱ্ৱাণি সমর্পিতানি, পিতরং ৱিনা কোপি পুত্রং ন জানাতি, যান্ প্রতি পুত্রেণ পিতা প্রকাশ্যতে তান্ ৱিনা পুত্রাদ্ অন্যঃ কোপি পিতরং ন জানাতি|
28 ২৮ হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।
২৮হে পরিশ্রান্তা ভারাক্রান্তাশ্চ লোকা যূযং মৎসন্নিধিম্ আগচ্ছত, অহং যুষ্মান্ ৱিশ্রমযিষ্যামি|
29 ২৯ মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
২৯অহং ক্ষমণশীলো নম্রমনাশ্চ, তস্মাৎ মম যুগং স্ৱেষামুপরি ধারযত মত্তঃ শিক্ষধ্ৱঞ্চ, তেন যূযং স্ৱে স্ৱে মনসি ৱিশ্রামং লপ্স্যধ্বে|
30 ৩০ কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
৩০যতো মম যুগম্ অনাযাসং মম ভারশ্চ লঘুঃ|