< মাৰ্ক 8 >

1 সেই সময়ত বহু মানুহ দলে দলে আহি তেওঁৰ ওচৰত গোট খাব ধৰিলে, কিন্তু তেওঁলোকৰ খাবলৈ একো নাছিল৷ তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে,
তদা তৎসমীপং বহৱো লোকা আযাতা অতস্তেষাং ভোজ্যদ্রৱ্যাভাৱাদ্ যীশুঃ শিষ্যানাহূয জগাদ, |
2 “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো এওঁলোক মোৰ লগত আজি তিনি দিন ধৰি আছে আৰু এওঁলোকৰ লগত খাবলৈ একো নাই।
লোকনিৱহে মম কৃপা জাযতে তে দিনত্রযং মযা সার্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি|
3 যদি মই তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ লঘোনে বিদায় দিওঁ, তেনেহলে বাটত হয়তো অচেতন হৈ যাব! কিয়নো কোনো কোনো লোক দুৰৈৰ পৰা আহিছে”।
তেষাং মধ্যেঽনেকে দূরাদ্ আগতাঃ, অভুক্তেষু তেষু মযা স্ৱগৃহমভিপ্রহিতেষু তে পথি ক্লমিষ্যন্তি|
4 তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁক ক’লে, “এই লোক সকল তৃপ্ত হব পৰাকৈ এনে নির্জন ঠাইত ইমানবোৰ পিঠা আমি ক’ৰ পৰা যোগাৰ কৰিব পাৰিম?”
শিষ্যা অৱাদিষুঃ, এতাৱতো লোকান্ তর্পযিতুম্ অত্র প্রন্তরে পূপান্ প্রাপ্তুং কেন শক্যতে?
5 তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতোটা”।
ততঃ স তান্ পপ্রচ্ছ যুষ্মাকং কতি পূপাঃ সন্তি? তেঽকথযন্ সপ্ত|
6 তেতিয়া তেওঁ লোক সকলক মাটিত বহিবলৈ আদেশ দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সকলক বিলাই দিলে।
ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱরগুণান্ অনুকীর্ত্তযামাস, ভংক্ত্ৱা পরিৱেষযিতুং শিষ্যান্ প্রতি দদৌ, ততস্তে লোকেভ্যঃ পরিৱেষযামাসুঃ|
7 আৰু তেওঁলোকৰ লগত অলপ সৰু মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ ক’লে।
তথা তেষাং সমীপে যে ক্ষুদ্রমৎস্যা আসন্ তানপ্যাদায ঈশ্ৱরগুণান্ সংকীর্ত্য পরিৱেষযিতুম্ আদিষ্টৱান্|
8 তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ল’লে।
ততো লোকা ভুক্ত্ৱা তৃপ্তিং গতা অৱশিষ্টখাদ্যৈঃ পূর্ণাঃ সপ্তডল্লকা গৃহীতাশ্চ|
9 তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে;
এতে ভোক্তারঃ প্রাযশ্চতুঃ সহস্রপুরুষা আসন্ ততঃ স তান্ ৱিসসর্জ|
10 ১০ তেওঁ শিষ্য সকলৰ সৈতে নাৱত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গ’ল।
১০অথ স শিষ্যঃ সহ নাৱমারুহ্য দল্মানূথাসীমামাগতঃ|
11 ১১ তেতিয়া ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বৰ্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
১১ততঃ পরং ফিরূশিন আগত্য তেন সহ ৱিৱদমানাস্তস্য পরীক্ষার্থম্ আকাশীযচিহ্নং দ্রষ্টুং যাচিতৱন্তঃ|
12 ১২ তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক’লে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহ’ব।”
১২তদা সোঽন্তর্দীর্ঘং নিশ্ৱস্যাকথযৎ, এতে ৱিদ্যমাননরাঃ কুতশ্চিন্হং মৃগযন্তে? যুষ্মানহং যথার্থং ব্রৱীমি লোকানেতান্ কিমপি চিহ্নং ন দর্শযিষ্যতে|
13 ১৩ পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ’ল।
১৩অথ তান্ হিৎৱা পুন র্নাৱম্ আরুহ্য পারমগাৎ|
14 ১৪ তেতিয়া শিষ্য সকলে লগত পিঠা ল’বলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাৱত একোৱেই নাছিল।
১৪এতর্হি শিষ্যৈঃ পূপেষু ৱিস্মৃতেষু নাৱি তেষাং সন্নিধৌ পূপ একএৱ স্থিতঃ|
15 ১৫ এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”
১৫তদানীং যীশুস্তান্ আদিষ্টৱান্ ফিরূশিনাং হেরোদশ্চ কিণ্ৱং প্রতি সতর্কাঃ সাৱধানাশ্চ ভৱত|
16 ১৬ তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি ক’লে, “অ! আমাৰ পিঠা নাই।”
১৬ততস্তেঽন্যোন্যং ৱিৱেচনং কর্তুম্ আরেভিরে, অস্মাকং সন্নিধৌ পূপো নাস্তীতি হেতোরিদং কথযতি|
17 ১৭ যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
১৭তদ্ বুদ্ৱ্ৱা যীশুস্তেভ্যোঽকথযৎ যুষ্মাকং স্থানে পূপাভাৱাৎ কুত ইত্থং ৱিতর্কযথ? যূযং কিমদ্যাপি কিমপি ন জানীথ? বোদ্ধুঞ্চ ন শক্নুথ? যাৱদদ্য কিং যুষ্মাকং মনাংসি কঠিনানি সন্তি?
18 ১৮ তোমালোকৰ চকু আছে কিন্তু নেদেখা? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?
১৮সৎসু নেত্রেষু কিং ন পশ্যথ? সৎসু কর্ণেষু কিং ন শৃণুথ? ন স্মরথ চ?
19 ১৯ মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “বাৰটা”।
১৯যদাহং পঞ্চপূপান্ পঞ্চসহস্রাণাং পুরুষাণাং মধ্যে ভংক্ত্ৱা দত্তৱান্ তদানীং যূযম্ অৱশিষ্টপূপৈঃ পূর্ণান্ কতি ডল্লকান্ গৃহীতৱন্তঃ? তেঽকথযন্ দ্ৱাদশডল্লকান্|
20 ২০ “আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “সাতোটা”।
২০অপরঞ্চ যদা চতুঃসহস্রাণাং পুরুষাণাং মধ্যে পূপান্ ভংক্ত্ৱাদদাং তদা যূযম্ অতিরিক্তপূপানাং কতি ডল্লকান্ গৃহীতৱন্তঃ? তে কথযামাসুঃ সপ্তডল্লকান্|
21 ২১ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”
২১তদা স কথিতৱান্ তর্হি যূযম্ অধুনাপি কুতো বোদ্ৱ্ৱুং ন শক্নুথ?
22 ২২ পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
২২অনন্তরং তস্মিন্ বৈৎসৈদানগরে প্রাপ্তে লোকা অন্ধমেকং নরং তৎসমীপমানীয তং স্প্রষ্টুং তং প্রার্থযাঞ্চক্রিরে|
23 ২৩ তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”
২৩তদা তস্যান্ধস্য করৌ গৃহীৎৱা নগরাদ্ বহির্দেশং তং নীতৱান্; তন্নেত্রে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্রে হস্তাৱর্পযিৎৱা তং পপ্রচ্ছ, কিমপি পশ্যসি?
24 ২৪ তেতিয়া তেওঁ চকু তুলি চাই ক’লে, “লোক সকলক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।”
২৪স নেত্রে উন্মীল্য জগাদ, ৱৃক্ষৱৎ মনুজান্ গচ্ছতো নিরীক্ষে|
25 ২৫ তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।
২৫ততো যীশুঃ পুনস্তস্য নযনযো র্হস্তাৱর্পযিৎৱা তস্য নেত্রে উন্মীলযামাস; তস্মাৎ স স্ৱস্থো ভূৎৱা স্পষ্টরূপং সর্ৱ্ৱলোকান্ দদর্শ|
26 ২৬ পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক’লে, “নগৰত নোসোমাবা।”
২৬ততঃ পরং ৎৱং গ্রামং মা গচ্ছ গ্রামস্থং কমপি চ কিমপ্যনুক্ত্ৱা নিজগৃহং যাহীত্যাদিশ্য যীশুস্তং নিজগৃহং প্রহিতৱান্|
27 ২৭ পাছত যীচু তেওঁৰ শিষ্য সকলৰ সৈতে চীজাৰিয়া-ফিলিপীৰ গাওঁবোৰলৈ ওলাই গ’ল৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, “মানুহবোৰে মোক কোন বুলি কয়?”
২৭অনন্তরং শিষ্যৈঃ সহিতো যীশুঃ কৈসরীযাফিলিপিপুরং জগাম, পথি গচ্ছন্ তানপৃচ্ছৎ কোঽহম্ অত্র লোকাঃ কিং ৱদন্তি?
28 ২৮ তেতিয়া তেওঁলোকে ক’লে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”
২৮তে প্রত্যূচুঃ ৎৱাং যোহনং মজ্জকং ৱদন্তি কিন্তু কেপি কেপি এলিযং ৱদন্তি; অপরে কেপি কেপি ভৱিষ্যদ্ৱাদিনাম্ একো জন ইতি ৱদন্তি|
29 ২৯ তেতিয়া তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” পিতৰে উত্তৰ দি তেওঁক ক’লে, “আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জন।”
২৯অথ স তানপৃচ্ছৎ কিন্তু কোহম্? ইত্যত্র যূযং কিং ৱদথ? তদা পিতরঃ প্রত্যৱদৎ ভৱান্ অভিষিক্তস্ত্রাতা|
30 ৩০ তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে।
৩০ততঃ স তান্ গাঢমাদিশদ্ যূযং মম কথা কস্মৈচিদপি মা কথযত|
31 ৩১ তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হ’ব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব।
৩১মনুষ্যপুত্রেণাৱশ্যং বহৱো যাতনা ভোক্তৱ্যাঃ প্রাচীনলোকৈঃ প্রধানযাজকৈরধ্যাপকৈশ্চ স নিন্দিতঃ সন্ ঘাতযিষ্যতে তৃতীযদিনে উত্থাস্যতি চ, যীশুঃ শিষ্যানুপদেষ্টুমারভ্য কথামিমাং স্পষ্টমাচষ্ট|
32 ৩২ তেওঁ এই কথা স্পষ্টভাৱে ক’লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।
৩২তস্মাৎ পিতরস্তস্য হস্তৌ ধৃৎৱা তং তর্জ্জিতৱান্|
33 ৩৩ কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই ক’লে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
৩৩কিন্তু স মুখং পরাৱর্ত্য শিষ্যগণং নিরীক্ষ্য পিতরং তর্জযিৎৱাৱাদীদ্ দূরীভৱ ৱিঘ্নকারিন্ ঈশ্ৱরীযকার্য্যাদপি মনুষ্যকার্য্যং তুভ্যং রোচততরাং|
34 ৩৪ পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলিলৈ মোৰ পাছে পাছে আহক।
৩৪অথ স লোকান্ শিষ্যাংশ্চাহূয জগাদ যঃ কশ্চিন্ মামনুগন্তুম্ ইচ্ছতি স আত্মানং দাম্যতু, স্ৱক্রুশং গৃহীৎৱা মৎপশ্চাদ্ আযাতু|
35 ৩৫ কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব।
৩৫যতো যঃ কশ্চিৎ স্ৱপ্রাণং রক্ষিতুমিচ্ছতি স তং হারযিষ্যতি, কিন্তু যঃ কশ্চিন্ মদর্থং সুসংৱাদার্থঞ্চ প্রাণং হারযতি স তং রক্ষিষ্যতি|
36 ৩৬ কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ?
৩৬অপরঞ্চ মনুজঃ সর্ৱ্ৱং জগৎ প্রাপ্য যদি স্ৱপ্রাণং হারযতি তর্হি তস্য কো লাভঃ?
37 ৩৭ কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?
৩৭নরঃ স্ৱপ্রাণৱিনিমযেন কিং দাতুং শক্নোতি?
38 ৩৮ কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”
৩৮এতেষাং ৱ্যভিচারিণাং পাপিনাঞ্চ লোকানাং সাক্ষাদ্ যদি কোপি মাং মৎকথাঞ্চ লজ্জাস্পদং জানাতি তর্হি মনুজপুত্রো যদা ধর্ম্মদূতৈঃ সহ পিতুঃ প্রভাৱেণাগমিষ্যতি তদা সোপি তং লজ্জাস্পদং জ্ঞাস্যতি|

< মাৰ্ক 8 >