< মাৰ্ক 6 >

1 তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই, নিজ নগৰলৈ আহিল আৰু তেওঁৰ শিষ্য সকলো তেওঁৰ পাছে পাছে আহিল।
Yesu aliondoka hapo akaenda katika kijiji chake, akifuatwa na wanafunzi wake.
2 পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা ক’ৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এইৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি?
Siku ya Sabato ilipofika, alianza kufundisha katika sunagogi. Wengi waliomsikia walishangaa, wakasema, “Je, ameyapata wapi mambo haya? Ni hekima gani hii aliyopewa? Tena, anatendaje maajabu haya anayoyafanya?
3 ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।
Je, huyu si yule seremala mwana wa Maria, na ndugu yao kina Yakobo, Yose, Yuda na Simoni; Je, dada zake si wanaishi papa hapa kwetu?” Basi, wakawa na mashaka naye.
4 তেতিয়া যীচুৱে তেওঁলোকক কলে, “আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰৰ বাহিৰে, আন কোনো ঠাইত এজন ভাববাদী মৰ্যদাহীন নহয়।”
Yesu akawaambia, “Nabii hakosi heshima isipokuwa katika nchi yake, kwa jamaa zake na nyumbani mwake.”
5 সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷
Hakuweza kutenda miujiza hapo, ila aliwawekea mikono wagonjwa wachache, akawaponya.
6 তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।
Alishangaa sana kwa sababu ya kutoamini kwao. Kisha Yesu alivitembelea vijiji vya pale karibu akiwafundisha watu.
7 যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি,
Aliwaita wale wanafunzi kumi na wawili, akaanza kuwatuma wawiliwawili. Aliwapa uwezo wa kuwatoa pepo wachafu,
8 এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালত বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰ নলয়;
na kuwaamuru, “Msichukue chochote mnapokwenda isipokuwa fimbo tu. Msichukue mkate, wala mkoba, wala fedha kibindoni.
9 আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
Vaeni viatu lakini msivae kanzu mbili.”
10 ১০ যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।
Tena aliwaambia, “Popote mtakapokaribishwa nyumbani, kaeni humo mpaka mtakapoondoka mahali hapo.
11 ১১ কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
Mahali popote ambapo watu watakataa kuwakaribisheni au kuwasikiliza, ondokeni hapo na kuyakung'uta mavumbi miguuni mwenu kama onyo kwao.”
12 ১২ পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন কৰিবলৈ প্রচাৰ কৰিলে;
Basi, wakaondoka, wakahubiri watu watubu.
13 ১৩ বহুত ভূত খেদালে আৰু বহুত নৰিয়া লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।
Waliwafukuza pepo wengi wabaya; wakawapaka mafuta wagonjwa wengi, wakawaponya.
14 ১৪ এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”।
Basi, mfalme Herode alisikia juu ya hayo yote, maana sifa za Yesu zilienea kila mahali. Baadhi ya watu walikuwa wakisema, “Yohane Mbatizaji amefufuka kutoka wafu, ndiyo maana nguvu za miujiza zinafanya kazi ndani yake.”
15 ১৫ কিন্তু অন্য কিছুমানে ক’লে, “তেওঁ এলিয়া”; আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী”।
Wengine walisema, “Mtu huyu ni Eliya.” Wengine walisema, “Huyu ni nabii kama mmojawapo wa manabii wa kale.”
16 ১৬ কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল”।
Lakini Herode alipopata habari hizi alisema, “Huyu ni Yohane! Nilimkata kichwa, lakini amefufuka.”
17 ১৭ কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷
Hapo awali Herode mwenyewe alikuwa ameamuru Yohane atiwe nguvuni, akamfunga gerezani. Herode alifanya hivyo kwa sababu ya Herodia ambaye Herode alimwoa ingawaje alikuwa mke wa Filipo, ndugu yake.
18 ১৮ আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”।
Yohane alikuwa amemwambia Herode, “Si halali kwako kumchukua mke wa ndugu yako.”
19 ১৯ এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল।
Basi Herodia alimchukia sana Yohane, akataka kumwua, asiweze.
20 ২০ কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
Herode alimwogopa Yohane kwa maana alijua kwamba yeye ni mtu mwema na mtakatifu, na hivyo akamlinda. Herode alipenda kumsikiliza Yohane, ingawaje baada ya kumsikiliza, alifadhaika sana.
21 ২১ কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷
Ikapatikana nafasi, wakati wa sikukuu ya kuzaliwa kwake Herode. Herode aliwafanyia karamu wazee wa baraza lake, majemadari na viongozi wa Galilaya.
22 ২২ তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।
Basi, binti yake Herodia aliingia, akacheza, akawafurahisha sana Herode na wageni wake. Mfalme akamwambia huyo msichana, “Niombe chochote utakacho, nami nitakupa.”
23 ২৩ আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
Tena akamwapia, “Chochote utakachoniomba, nitakupa: hata ikiwa ni nusu ya ufalme wangu.”
24 ২৪ তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।”
Hapo huyo msichana akatoka, akamwuliza mama yake, “Niombe nini?” Naye akamjibu, “Kichwa cha Yohane mbatizaji.”
25 ২৫ তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।”
Msichana akamrudia mfalme mbio akamwomba, “Nataka unipe sasa hivi katika sinia kichwa cha Yohane mbatizaji.”
26 ২৬ তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে,
Mfalme akahuzunika sana, lakini kwa sababu ya kiapo chake, na kwa ajili ya wale wageni wake karamuni, hakutaka kumkatalia.
27 ২৭ তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে,
Basi, mfalme akamwamuru askari kukileta kichwa cha Yohane. Askari akaenda, akamkata kichwa Yohane mle gerezani,
28 ২৮ আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে।
akakileta katika sinia, akampa msichana naye msichana akampa mama yake.
29 ২৯ পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গ’ল আৰু মৈদাম দিলে।
Wanafunzi wa Yohane walipopata habari, walikwenda wakachukua mwili wake, wakauzika kaburini.
30 ৩০ পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে।
Wale mitume walirudi, wakakusanyika mbele ya Yesu wakamwarifu yote waliyotenda na kufundisha.
31 ৩১ তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
Alisema hivyo kwa kuwa kulikuwa na watu wengi mno walikuwa wanafika hapo na kuondoka hata Yesu na wanafunzi wake hawakuweza kupata nafasi ya kula chakula. Basi, Yesu akawaambia, “Twendeni peke yetu mahali pa faragha kula chakula, mkapumzike kidogo.”
32 ৩২ তেতিয়া শিষ্য সকল নাৱত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গ’ল।
Basi, Wakaondoka peke yao kwa mashua, wakaenda mahali pa faragha.
33 ৩৩ কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়েহে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গ’ল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল।
Lakini watu wengi waliwaona wakienda, wakawatambua. Hivyo wengi wakatoka katika kila mji, wakakimbilia huko Yesu na wanafunzi wake walikokuwa wanakwenda, wakawatangulia kufika.
34 ৩৪ যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
Waliposhuka pwani, Yesu aliona umati mkubwa wa watu, akawahurumia, kwa sababu walikuwa kama kondoo wasio na mchungaji. Akaanza kuwafundisha mambo mengi.
35 ৩৫ পাছত দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গ’ল;
Saa za mchana zilikwisha pita. Basi, wanafunzi wakamwendea Yesu, wakamwambia, “Hapa ni nyikani, na sasa kunakuchwa.
36 ৩৬ গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেখেত সকলে ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”
Afadhali uwaage watu waende mashambani na katika vijiji vya jirani, wanunue chakula.”
37 ৩৭ কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”?
Lakini Yesu akawaambia, “Wapeni ninyi chakula.” Nao wakamwuliza, “Je, twende kununua mikate kwa fedha dinari mia mbili, na kuwapa chakula?”
38 ৩৮ কিন্তু তেওঁ শিষ্য সকলক ক’লে, “তোমালোকৰ লগত কেইটা পিঠা আছে”? পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে”।
Yesu akawauliza, “Mnayo mikate mingapi? Nendeni mkatazame.” Walipokwisha tazama, wakamwambia, “Kuna mikate mitano na samaki wawili.”
39 ৩৯ তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে।
Basi, Yesu akawaamuru wanafunzi wawaketishe watu wote makundimakundi penye nyasi.
40 ৪০ তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল।
Nao wakaketi makundimakundi ya watu mia moja na ya watu hamsini.
41 ৪১ তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদকৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে।
Kisha Yesu akaitwaa ile mikate mitano na wale samaki wawili, akatazama juu mbinguni, akamshukuru Mungu, akaimega mikate, akawapa wanafunzi wake wawagawie watu. Na wale samaki wawili pia akawagawia wote.
42 ৪২ তাতে সকলোৱে খাই তৃপ্ত হ’ল।
Watu wote wakala, wakashiba.
43 ৪৩ পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে।
Wakaokota mabaki ya mikate na samaki pia, wakajaza vikapu kumi na viwili.
44 ৪৪ সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।
Nao waliokula hiyo mikate walikuwa wanaume elfu tano.
45 ৪৫ তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে।
Mara Yesu akawaamuru wanafunzi wake wapande mashua, wamtangulie kwenda Bethsaida, ng'ambo ya ziwa, wakati yeye anauaga umati wa watu.
46 ৪৬ তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
Baada ya kuwaaga watu alikwenda mlimani kusali.
47 ৪৭ সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজত পাইছিল আৰু তেওঁ অকলে বামত অাছিল।
Ilipokuwa jioni, mashua ilikuwa katikati ya ziwa, naye alikuwa peke yake katika nchi kavu.
48 ৪৮ পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে।
Basi, akawaona wanafunzi wake wakitaabika kwa kupiga makasia, maana upepo ulikuwa unawapinga. Karibu na mapambazuko, Yesu aliwaendea akitembea juu ya maji. Alitaka kuwapita.
49 ৪৯ কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞৰি উঠিল;
Lakini walimwona akitembea juu ya maji, wakadhani ni mzimu, wakapiga yowe.
50 ৫০ কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকৰ সৈতে কথা হ’ল আৰু কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।
Maana wote walipomwona waliogopa sana. Mara Yesu akasema nao, “Tulieni, ni mimi. Msiogope!”
51 ৫১ পাছত তেওঁ শিষ্য সকলৰ লগত নাৱত উঠিল আৰু বতাহো নাইকিয়া হ’ব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে;
Kisha akapanda mashuani walimokuwa, na upepo ukatulia. Nao wakashangaa sana.
52 ৫২ কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
maana hawakuwa bado wameelewa maana ya ile mikate. Akili zao zilikuwa bado zimepumbazika.
53 ৫৩ তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাও খন লগালে।
Walivuka ziwa, wakafika nchi ya Genesareti, wakatia nanga.
54 ৫৪ আৰু তেওঁলোকে নাৱৰ পৰা নামি আহোতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পালে৷
Walipotoka mashuani, mara watu wakamtambua Yesu.
55 ৫৫ তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।
Basi, kwa haraka wakazunguka katika nchi ile yote, wakaanza kuwachukua wagonjwa wamelala juu ya mikeka yao, wakawapeleka kila mahali waliposikia Yesu yupo.
56 ৫৬ তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।
Kila mahali Yesu alipokwenda, vijijini, mijini, au mashambani, watu waliwaweka wagonjwa uwanjani, wakamsihi waguse walau pindo la vazi lake. Nao wote waliomgusa walipona.

< মাৰ্ক 6 >