< মাৰ্ক 6 >

1 তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই, নিজ নগৰলৈ আহিল আৰু তেওঁৰ শিষ্য সকলো তেওঁৰ পাছে পাছে আহিল।
ಅನನ್ತರಂ ಸ ತತ್ಸ್ಥಾನಾತ್ ಪ್ರಸ್ಥಾಯ ಸ್ವಪ್ರದೇಶಮಾಗತಃ ಶಿಷ್ಯಾಶ್ಚ ತತ್ಪಶ್ಚಾದ್ ಗತಾಃ|
2 পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা ক’ৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এইৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি?
ಅಥ ವಿಶ್ರಾಮವಾರೇ ಸತಿ ಸ ಭಜನಗೃಹೇ ಉಪದೇಷ್ಟುಮಾರಬ್ಧವಾನ್ ತತೋಽನೇಕೇ ಲೋಕಾಸ್ತತ್ಕಥಾಂ ಶ್ರುತ್ವಾ ವಿಸ್ಮಿತ್ಯ ಜಗದುಃ, ಅಸ್ಯ ಮನುಜಸ್ಯ ಈದೃಶೀ ಆಶ್ಚರ್ಯ್ಯಕ್ರಿಯಾ ಕಸ್ಮಾಜ್ ಜಾತಾ? ತಥಾ ಸ್ವಕರಾಭ್ಯಾಮ್ ಇತ್ಥಮದ್ಭುತಂ ಕರ್ಮ್ಮ ಕರ್ತ್ತಾಮ್ ಏತಸ್ಮೈ ಕಥಂ ಜ್ಞಾನಂ ದತ್ತಮ್?
3 ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।
ಕಿಮಯಂ ಮರಿಯಮಃ ಪುತ್ರಸ್ತಜ್ಞಾ ನೋ? ಕಿಮಯಂ ಯಾಕೂಬ್-ಯೋಸಿ-ಯಿಹುದಾ-ಶಿಮೋನಾಂ ಭ್ರಾತಾ ನೋ? ಅಸ್ಯ ಭಗಿನ್ಯಃ ಕಿಮಿಹಾಸ್ಮಾಭಿಃ ಸಹ ನೋ? ಇತ್ಥಂ ತೇ ತದರ್ಥೇ ಪ್ರತ್ಯೂಹಂ ಗತಾಃ|
4 তেতিয়া যীচুৱে তেওঁলোকক কলে, “আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰৰ বাহিৰে, আন কোনো ঠাইত এজন ভাববাদী মৰ্যদাহীন নহয়।”
ತದಾ ಯೀಶುಸ್ತೇಭ್ಯೋಽಕಥಯತ್ ಸ್ವದೇಶಂ ಸ್ವಕುಟುಮ್ಬಾನ್ ಸ್ವಪರಿಜನಾಂಶ್ಚ ವಿನಾ ಕುತ್ರಾಪಿ ಭವಿಷ್ಯದ್ವಾದೀ ಅಸತ್ಕೃತೋ ನ ಭವತಿ|
5 সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷
ಅಪರಞ್ಚ ತೇಷಾಮಪ್ರತ್ಯಯಾತ್ ಸ ವಿಸ್ಮಿತಃ ಕಿಯತಾಂ ರೋಗಿಣಾಂ ವಪುಃಷು ಹಸ್ತಮ್ ಅರ್ಪಯಿತ್ವಾ ಕೇವಲಂ ತೇಷಾಮಾರೋಗ್ಯಕರಣಾದ್ ಅನ್ಯತ್ ಕಿಮಪಿ ಚಿತ್ರಕಾರ್ಯ್ಯಂ ಕರ್ತ್ತಾಂ ನ ಶಕ್ತಃ|
6 তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।
ಅಥ ಸ ಚತುರ್ದಿಕ್ಸ್ಥ ಗ್ರಾಮಾನ್ ಭ್ರಮಿತ್ವಾ ಉಪದಿಷ್ಟವಾನ್
7 যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি,
ದ್ವಾದಶಶಿಷ್ಯಾನ್ ಆಹೂಯ ಅಮೇಧ್ಯಭೂತಾನ್ ವಶೀಕರ್ತ್ತಾಂ ಶಕ್ತಿಂ ದತ್ತ್ವಾ ತೇಷಾಂ ದ್ವೌ ದ್ವೌ ಜನೋ ಪ್ರೇಷಿತವಾನ್|
8 এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালত বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰ নলয়;
ಪುನರಿತ್ಯಾದಿಶದ್ ಯೂಯಮ್ ಏಕೈಕಾಂ ಯಷ್ಟಿಂ ವಿನಾ ವಸ್ತ್ರಸಂಪುಟಃ ಪೂಪಃ ಕಟಿಬನ್ಧೇ ತಾಮ್ರಖಣ್ಡಞ್ಚ ಏಷಾಂ ಕಿಮಪಿ ಮಾ ಗ್ರಹ್ಲೀತ,
9 আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
ಮಾರ್ಗಯಾತ್ರಾಯೈ ಪಾದೇಷೂಪಾನಹೌ ದತ್ತ್ವಾ ದ್ವೇ ಉತ್ತರೀಯೇ ಮಾ ಪರಿಧದ್ವ್ವಂ|
10 ১০ যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।
ಅಪರಮಪ್ಯುಕ್ತಂ ತೇನ ಯೂಯಂ ಯಸ್ಯಾಂ ಪುರ್ಯ್ಯಾಂ ಯಸ್ಯ ನಿವೇಶನಂ ಪ್ರವೇಕ್ಷ್ಯಥ ತಾಂ ಪುರೀಂ ಯಾವನ್ನ ತ್ಯಕ್ಷ್ಯಥ ತಾವತ್ ತನ್ನಿವೇಶನೇ ಸ್ಥಾಸ್ಯಥ|
11 ১১ কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
ತತ್ರ ಯದಿ ಕೇಪಿ ಯುಷ್ಮಾಕಮಾತಿಥ್ಯಂ ನ ವಿದಧತಿ ಯುಷ್ಮಾಕಂ ಕಥಾಶ್ಚ ನ ಶೃಣ್ವನ್ತಿ ತರ್ಹಿ ತತ್ಸ್ಥಾನಾತ್ ಪ್ರಸ್ಥಾನಸಮಯೇ ತೇಷಾಂ ವಿರುದ್ಧಂ ಸಾಕ್ಷ್ಯಂ ದಾತುಂ ಸ್ವಪಾದಾನಾಸ್ಫಾಲ್ಯ ರಜಃ ಸಮ್ಪಾತಯತ; ಅಹಂ ಯುಷ್ಮಾನ್ ಯಥಾರ್ಥಂ ವಚ್ಮಿ ವಿಚಾರದಿನೇ ತನ್ನಗರಸ್ಯಾವಸ್ಥಾತಃ ಸಿದೋಮಾಮೋರಯೋ ರ್ನಗರಯೋರವಸ್ಥಾ ಸಹ್ಯತರಾ ಭವಿಷ್ಯತಿ|
12 ১২ পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন কৰিবলৈ প্রচাৰ কৰিলে;
ಅಥ ತೇ ಗತ್ವಾ ಲೋಕಾನಾಂ ಮನಃಪರಾವರ್ತ್ತನೀಃ ಕಥಾ ಪ್ರಚಾರಿತವನ್ತಃ|
13 ১৩ বহুত ভূত খেদালে আৰু বহুত নৰিয়া লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।
ಏವಮನೇಕಾನ್ ಭೂತಾಂಶ್ಚ ತ್ಯಾಜಿತವನ್ತಸ್ತಥಾ ತೈಲೇನ ಮರ್ದ್ದಯಿತ್ವಾ ಬಹೂನ್ ಜನಾನರೋಗಾನಕಾರ್ಷುಃ|
14 ১৪ এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”।
ಇತ್ಥಂ ತಸ್ಯ ಸುಖ್ಯಾತಿಶ್ಚತುರ್ದಿಶೋ ವ್ಯಾಪ್ತಾ ತದಾ ಹೇರೋದ್ ರಾಜಾ ತನ್ನಿಶಮ್ಯ ಕಥಿತವಾನ್, ಯೋಹನ್ ಮಜ್ಜಕಃ ಶ್ಮಶಾನಾದ್ ಉತ್ಥಿತ ಅತೋಹೇತೋಸ್ತೇನ ಸರ್ವ್ವಾ ಏತಾ ಅದ್ಭುತಕ್ರಿಯಾಃ ಪ್ರಕಾಶನ್ತೇ|
15 ১৫ কিন্তু অন্য কিছুমানে ক’লে, “তেওঁ এলিয়া”; আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী”।
ಅನ್ಯೇಽಕಥಯನ್ ಅಯಮ್ ಏಲಿಯಃ, ಕೇಪಿ ಕಥಿತವನ್ತ ಏಷ ಭವಿಷ್ಯದ್ವಾದೀ ಯದ್ವಾ ಭವಿಷ್ಯದ್ವಾದಿನಾಂ ಸದೃಶ ಏಕೋಯಮ್|
16 ১৬ কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল”।
ಕಿನ್ತು ಹೇರೋದ್ ಇತ್ಯಾಕರ್ಣ್ಯ ಭಾಷಿತವಾನ್ ಯಸ್ಯಾಹಂ ಶಿರಶ್ಛಿನ್ನವಾನ್ ಸ ಏವ ಯೋಹನಯಂ ಸ ಶ್ಮಶಾನಾದುದತಿಷ್ಠತ್|
17 ১৭ কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷
ಪೂರ್ವ್ವಂ ಸ್ವಭ್ರಾತುಃ ಫಿಲಿಪಸ್ಯ ಪತ್ನ್ಯಾ ಉದ್ವಾಹಂ ಕೃತವನ್ತಂ ಹೇರೋದಂ ಯೋಹನವಾದೀತ್ ಸ್ವಭಾತೃವಧೂ ರ್ನ ವಿವಾಹ್ಯಾ|
18 ১৮ আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”।
ಅತಃ ಕಾರಣಾತ್ ಹೇರೋದ್ ಲೋಕಂ ಪ್ರಹಿತ್ಯ ಯೋಹನಂ ಧೃತ್ವಾ ಬನ್ಧನಾಲಯೇ ಬದ್ಧವಾನ್|
19 ১৯ এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল।
ಹೇರೋದಿಯಾ ತಸ್ಮೈ ಯೋಹನೇ ಪ್ರಕುಪ್ಯ ತಂ ಹನ್ತುಮ್ ಐಚ್ಛತ್ ಕಿನ್ತು ನ ಶಕ್ತಾ,
20 ২০ কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
ಯಸ್ಮಾದ್ ಹೇರೋದ್ ತಂ ಧಾರ್ಮ್ಮಿಕಂ ಸತ್ಪುರುಷಞ್ಚ ಜ್ಞಾತ್ವಾ ಸಮ್ಮನ್ಯ ರಕ್ಷಿತವಾನ್; ತತ್ಕಥಾಂ ಶ್ರುತ್ವಾ ತದನುಸಾರೇಣ ಬಹೂನಿ ಕರ್ಮ್ಮಾಣಿ ಕೃತವಾನ್ ಹೃಷ್ಟಮನಾಸ್ತದುಪದೇಶಂ ಶ್ರುತವಾಂಶ್ಚ|
21 ২১ কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷
ಕಿನ್ತು ಹೇರೋದ್ ಯದಾ ಸ್ವಜನ್ಮದಿನೇ ಪ್ರಧಾನಲೋಕೇಭ್ಯಃ ಸೇನಾನೀಭ್ಯಶ್ಚ ಗಾಲೀಲ್ಪ್ರದೇಶೀಯಶ್ರೇಷ್ಠಲೋಕೇಭ್ಯಶ್ಚ ರಾತ್ರೌ ಭೋಜ್ಯಮೇಕಂ ಕೃತವಾನ್
22 ২২ তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।
ತಸ್ಮಿನ್ ಶುಭದಿನೇ ಹೇರೋದಿಯಾಯಾಃ ಕನ್ಯಾ ಸಮೇತ್ಯ ತೇಷಾಂ ಸಮಕ್ಷಂ ಸಂನೃತ್ಯ ಹೇರೋದಸ್ತೇನ ಸಹೋಪವಿಷ್ಟಾನಾಞ್ಚ ತೋಷಮಜೀಜನತ್ ತತಾ ನೃಪಃ ಕನ್ಯಾಮಾಹ ಸ್ಮ ಮತ್ತೋ ಯದ್ ಯಾಚಸೇ ತದೇವ ತುಭ್ಯಂ ದಾಸ್ಯೇ|
23 ২৩ আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
ಶಪಥಂ ಕೃತ್ವಾಕಥಯತ್ ಚೇದ್ ರಾಜ್ಯಾರ್ದ್ಧಮಪಿ ಯಾಚಸೇ ತದಪಿ ತುಭ್ಯಂ ದಾಸ್ಯೇ|
24 ২৪ তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।”
ತತಃ ಸಾ ಬಹಿ ರ್ಗತ್ವಾ ಸ್ವಮಾತರಂ ಪಪ್ರಚ್ಛ ಕಿಮಹಂ ಯಾಚಿಷ್ಯೇ? ತದಾ ಸಾಕಥಯತ್ ಯೋಹನೋ ಮಜ್ಜಕಸ್ಯ ಶಿರಃ|
25 ২৫ তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।”
ಅಥ ತೂರ್ಣಂ ಭೂಪಸಮೀಪಮ್ ಏತ್ಯ ಯಾಚಮಾನಾವದತ್ ಕ್ಷಣೇಸ್ಮಿನ್ ಯೋಹನೋ ಮಜ್ಜಕಸ್ಯ ಶಿರಃ ಪಾತ್ರೇ ನಿಧಾಯ ದೇಹಿ, ಏತದ್ ಯಾಚೇಽಹಂ|
26 ২৬ তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে,
ತಸ್ಮಾತ್ ಭೂಪೋಽತಿದುಃಖಿತಃ, ತಥಾಪಿ ಸ್ವಶಪಥಸ್ಯ ಸಹಭೋಜಿನಾಞ್ಚಾನುರೋಧಾತ್ ತದನಙ್ಗೀಕರ್ತ್ತುಂ ನ ಶಕ್ತಃ|
27 ২৭ তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে,
ತತ್ಕ್ಷಣಂ ರಾಜಾ ಘಾತಕಂ ಪ್ರೇಷ್ಯ ತಸ್ಯ ಶಿರ ಆನೇತುಮಾದಿಷ್ಟವಾನ್|
28 ২৮ আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে।
ತತಃ ಸ ಕಾರಾಗಾರಂ ಗತ್ವಾ ತಚ್ಛಿರಶ್ಛಿತ್ವಾ ಪಾತ್ರೇ ನಿಧಾಯಾನೀಯ ತಸ್ಯೈ ಕನ್ಯಾಯೈ ದತ್ತವಾನ್ ಕನ್ಯಾ ಚ ಸ್ವಮಾತ್ರೇ ದದೌ|
29 ২৯ পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গ’ল আৰু মৈদাম দিলে।
ಅನನತರಂ ಯೋಹನಃ ಶಿಷ್ಯಾಸ್ತದ್ವಾರ್ತ್ತಾಂ ಪ್ರಾಪ್ಯಾಗತ್ಯ ತಸ್ಯ ಕುಣಪಂ ಶ್ಮಶಾನೇಽಸ್ಥಾಪಯನ್|
30 ৩০ পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে।
ಅಥ ಪ್ರೇಷಿತಾ ಯೀಶೋಃ ಸನ್ನಿಧೌ ಮಿಲಿತಾ ಯದ್ ಯಚ್ ಚಕ್ರುಃ ಶಿಕ್ಷಯಾಮಾಸುಶ್ಚ ತತ್ಸರ್ವ್ವವಾರ್ತ್ತಾಸ್ತಸ್ಮೈ ಕಥಿತವನ್ತಃ|
31 ৩১ তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
ಸ ತಾನುವಾಚ ಯೂಯಂ ವಿಜನಸ್ಥಾನಂ ಗತ್ವಾ ವಿಶ್ರಾಮ್ಯತ ಯತಸ್ತತ್ಸನ್ನಿಧೌ ಬಹುಲೋಕಾನಾಂ ಸಮಾಗಮಾತ್ ತೇ ಭೋಕ್ತುಂ ನಾವಕಾಶಂ ಪ್ರಾಪ್ತಾಃ|
32 ৩২ তেতিয়া শিষ্য সকল নাৱত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গ’ল।
ತತಸ್ತೇ ನಾವಾ ವಿಜನಸ್ಥಾನಂ ಗುಪ್ತಂ ಗಗ್ಮುಃ|
33 ৩৩ কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়েহে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গ’ল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল।
ತತೋ ಲೋಕನಿವಹಸ್ತೇಷಾಂ ಸ್ಥಾನಾನ್ತರಯಾನಂ ದದರ್ಶ, ಅನೇಕೇ ತಂ ಪರಿಚಿತ್ಯ ನಾನಾಪುರೇಭ್ಯಃ ಪದೈರ್ವ್ರಜಿತ್ವಾ ಜವೇನ ತೈಷಾಮಗ್ರೇ ಯೀಶೋಃ ಸಮೀಪ ಉಪತಸ್ಥುಃ|
34 ৩৪ যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
ತದಾ ಯೀಶು ರ್ನಾವೋ ಬಹಿರ್ಗತ್ಯ ಲೋಕಾರಣ್ಯಾನೀಂ ದೃಷ್ಟ್ವಾ ತೇಷು ಕರುಣಾಂ ಕೃತವಾನ್ ಯತಸ್ತೇಽರಕ್ಷಕಮೇಷಾ ಇವಾಸನ್ ತದಾ ಸ ತಾನ ನಾನಾಪ್ರಸಙ್ಗಾನ್ ಉಪದಿಷ್ಟವಾನ್|
35 ৩৫ পাছত দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গ’ল;
ಅಥ ದಿವಾನ್ತೇ ಸತಿ ಶಿಷ್ಯಾ ಏತ್ಯ ಯೀಶುಮೂಚಿರೇ, ಇದಂ ವಿಜನಸ್ಥಾನಂ ದಿನಞ್ಚಾವಸನ್ನಂ|
36 ৩৬ গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেখেত সকলে ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”
ಲೋಕಾನಾಂ ಕಿಮಪಿ ಖಾದ್ಯಂ ನಾಸ್ತಿ, ಅತಶ್ಚತುರ್ದಿಕ್ಷು ಗ್ರಾಮಾನ್ ಗನ್ತುಂ ಭೋಜ್ಯದ್ರವ್ಯಾಣಿ ಕ್ರೇತುಞ್ಚ ಭವಾನ್ ತಾನ್ ವಿಸೃಜತು|
37 ৩৭ কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”?
ತದಾ ಸ ತಾನುವಾಚ ಯೂಯಮೇವ ತಾನ್ ಭೋಜಯತ; ತತಸ್ತೇ ಜಗದು ರ್ವಯಂ ಗತ್ವಾ ದ್ವಿಶತಸಂಖ್ಯಕೈ ರ್ಮುದ್ರಾಪಾದೈಃ ಪೂಪಾನ್ ಕ್ರೀತ್ವಾ ಕಿಂ ತಾನ್ ಭೋಜಯಿಷ್ಯಾಮಃ?
38 ৩৮ কিন্তু তেওঁ শিষ্য সকলক ক’লে, “তোমালোকৰ লগত কেইটা পিঠা আছে”? পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে”।
ತದಾ ಸ ತಾನ್ ಪೃಷ್ಠವಾನ್ ಯುಷ್ಮಾಕಂ ಸನ್ನಿಧೌ ಕತಿ ಪೂಪಾ ಆಸತೇ? ಗತ್ವಾ ಪಶ್ಯತ; ತತಸ್ತೇ ದೃಷ್ಟ್ವಾ ತಮವದನ್ ಪಞ್ಚ ಪೂಪಾ ದ್ವೌ ಮತ್ಸ್ಯೌ ಚ ಸನ್ತಿ|
39 ৩৯ তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে।
ತದಾ ಸ ಲೋಕಾನ್ ಶಸ್ಪೋಪರಿ ಪಂಕ್ತಿಭಿರುಪವೇಶಯಿತುಮ್ ಆದಿಷ್ಟವಾನ್,
40 ৪০ তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল।
ತತಸ್ತೇ ಶತಂ ಶತಂ ಜನಾಃ ಪಞ್ಚಾಶತ್ ಪಞ್ಚಾಶಜ್ಜನಾಶ್ಚ ಪಂಕ್ತಿಭಿ ರ್ಭುವಿ ಸಮುಪವಿವಿಶುಃ|
41 ৪১ তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদকৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে।
ಅಥ ಸ ತಾನ್ ಪಞ್ಚಪೂಪಾನ್ ಮತ್ಸ್ಯದ್ವಯಞ್ಚ ಧೃತ್ವಾ ಸ್ವರ್ಗಂ ಪಶ್ಯನ್ ಈಶ್ವರಗುಣಾನ್ ಅನ್ವಕೀರ್ತ್ತಯತ್ ತಾನ್ ಪೂಪಾನ್ ಭಂಕ್ತ್ವಾ ಲೋಕೇಭ್ಯಃ ಪರಿವೇಷಯಿತುಂ ಶಿಷ್ಯೇಭ್ಯೋ ದತ್ತವಾನ್ ದ್ವಾ ಮತ್ಸ್ಯೌ ಚ ವಿಭಜ್ಯ ಸರ್ವ್ವೇಭ್ಯೋ ದತ್ತವಾನ್|
42 ৪২ তাতে সকলোৱে খাই তৃপ্ত হ’ল।
ತತಃ ಸರ್ವ್ವೇ ಭುಕ್ತ್ವಾತೃಪ್ಯನ್|
43 ৪৩ পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে।
ಅನನ್ತರಂ ಶಿಷ್ಯಾ ಅವಶಿಷ್ಟೈಃ ಪೂಪೈ ರ್ಮತ್ಸ್ಯೈಶ್ಚ ಪೂರ್ಣಾನ್ ದ್ವದಶ ಡಲ್ಲಕಾನ್ ಜಗೃಹುಃ|
44 ৪৪ সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।
ತೇ ಭೋಕ್ತಾರಃ ಪ್ರಾಯಃ ಪಞ್ಚ ಸಹಸ್ರಾಣಿ ಪುರುಷಾ ಆಸನ್|
45 ৪৫ তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে।
ಅಥ ಸ ಲೋಕಾನ್ ವಿಸೃಜನ್ನೇವ ನಾವಮಾರೋಢುಂ ಸ್ವಸ್ಮಾದಗ್ರೇ ಪಾರೇ ಬೈತ್ಸೈದಾಪುರಂ ಯಾತುಞ್ಚ ಶ್ಷ್ಯಿನ್ ವಾಢಮಾದಿಷ್ಟವಾನ್|
46 ৪৬ তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
ತದಾ ಸ ಸರ್ವ್ವಾನ್ ವಿಸೃಜ್ಯ ಪ್ರಾರ್ಥಯಿತುಂ ಪರ್ವ್ವತಂ ಗತಃ|
47 ৪৭ সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজত পাইছিল আৰু তেওঁ অকলে বামত অাছিল।
ತತಃ ಸನ್ಧ್ಯಾಯಾಂ ಸತ್ಯಾಂ ನೌಃ ಸಿನ್ಧುಮಧ್ಯ ಉಪಸ್ಥಿತಾ ಕಿನ್ತು ಸ ಏಕಾಕೀ ಸ್ಥಲೇ ಸ್ಥಿತಃ|
48 ৪৮ পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে।
ಅಥ ಸಮ್ಮುಖವಾತವಹನಾತ್ ಶಿಷ್ಯಾ ನಾವಂ ವಾಹಯಿತ್ವಾ ಪರಿಶ್ರಾನ್ತಾ ಇತಿ ಜ್ಞಾತ್ವಾ ಸ ನಿಶಾಚತುರ್ಥಯಾಮೇ ಸಿನ್ಧೂಪರಿ ಪದ್ಭ್ಯಾಂ ವ್ರಜನ್ ತೇಷಾಂ ಸಮೀಪಮೇತ್ಯ ತೇಷಾಮಗ್ರೇ ಯಾತುಮ್ ಉದ್ಯತಃ|
49 ৪৯ কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞৰি উঠিল;
ಕಿನ್ತು ಶಿಷ್ಯಾಃ ಸಿನ್ಧೂಪರಿ ತಂ ವ್ರಜನ್ತಂ ದೃಷ್ಟ್ವಾ ಭೂತಮನುಮಾಯ ರುರುವುಃ,
50 ৫০ কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকৰ সৈতে কথা হ’ল আৰু কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।
ಯತಃ ಸರ್ವ್ವೇ ತಂ ದೃಷ್ಟ್ವಾ ವ್ಯಾಕುಲಿತಾಃ| ಅತಏವ ಯೀಶುಸ್ತತ್ಕ್ಷಣಂ ತೈಃ ಸಹಾಲಪ್ಯ ಕಥಿತವಾನ್, ಸುಸ್ಥಿರಾ ಭೂತ, ಅಯಮಹಂ ಮಾ ಭೈಷ್ಟ|
51 ৫১ পাছত তেওঁ শিষ্য সকলৰ লগত নাৱত উঠিল আৰু বতাহো নাইকিয়া হ’ব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে;
ಅಥ ನೌಕಾಮಾರುಹ್ಯ ತಸ್ಮಿನ್ ತೇಷಾಂ ಸನ್ನಿಧಿಂ ಗತೇ ವಾತೋ ನಿವೃತ್ತಃ; ತಸ್ಮಾತ್ತೇ ಮನಃಸು ವಿಸ್ಮಿತಾ ಆಶ್ಚರ್ಯ್ಯಂ ಮೇನಿರೇ|
52 ৫২ কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
ಯತಸ್ತೇ ಮನಸಾಂ ಕಾಠಿನ್ಯಾತ್ ತತ್ ಪೂಪೀಯಮ್ ಆಶ್ಚರ್ಯ್ಯಂ ಕರ್ಮ್ಮ ನ ವಿವಿಕ್ತವನ್ತಃ|
53 ৫৩ তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাও খন লগালে।
ಅಥ ತೇ ಪಾರಂ ಗತ್ವಾ ಗಿನೇಷರತ್ಪ್ರದೇಶಮೇತ್ಯ ತಟ ಉಪಸ್ಥಿತಾಃ|
54 ৫৪ আৰু তেওঁলোকে নাৱৰ পৰা নামি আহোতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পালে৷
ತೇಷು ನೌಕಾತೋ ಬಹಿರ್ಗತೇಷು ತತ್ಪ್ರದೇಶೀಯಾ ಲೋಕಾಸ್ತಂ ಪರಿಚಿತ್ಯ
55 ৫৫ তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।
ಚತುರ್ದಿಕ್ಷು ಧಾವನ್ತೋ ಯತ್ರ ಯತ್ರ ರೋಗಿಣೋ ನರಾ ಆಸನ್ ತಾನ್ ಸರ್ವ್ವಾನ ಖಟ್ವೋಪರಿ ನಿಧಾಯ ಯತ್ರ ಕುತ್ರಚಿತ್ ತದ್ವಾರ್ತ್ತಾಂ ಪ್ರಾಪುಃ ತತ್ ಸ್ಥಾನಮ್ ಆನೇತುಮ್ ಆರೇಭಿರೇ|
56 ৫৬ তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।
ತಥಾ ಯತ್ರ ಯತ್ರ ಗ್ರಾಮೇ ಯತ್ರ ಯತ್ರ ಪುರೇ ಯತ್ರ ಯತ್ರ ಪಲ್ಲ್ಯಾಞ್ಚ ತೇನ ಪ್ರವೇಶಃ ಕೃತಸ್ತದ್ವರ್ತ್ಮಮಧ್ಯೇ ಲೋಕಾಃ ಪೀಡಿತಾನ್ ಸ್ಥಾಪಯಿತ್ವಾ ತಸ್ಯ ಚೇಲಗ್ರನ್ಥಿಮಾತ್ರಂ ಸ್ಪ್ರಷ್ಟುಮ್ ತೇಷಾಮರ್ಥೇ ತದನುಜ್ಞಾಂ ಪ್ರಾರ್ಥಯನ್ತಃ ಯಾವನ್ತೋ ಲೋಕಾಃ ಪಸ್ಪೃಶುಸ್ತಾವನ್ತ ಏವ ಗದಾನ್ಮುಕ್ತಾಃ|

< মাৰ্ক 6 >