< মাৰ্ক 13 >

1 পাছত যীচু মন্দিৰৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্য সকলৰ এজনে তেওঁক ক’লে, “হে গুৰু, চাওক, কেনে আশ্চর্যজনক শিল আৰু ইয়াৰ গাঁথনি!”
Yesu alipokuwa anatoka Hekaluni, mmoja wa wanafunzi wake alimwambia, “Mwalimu, tazama jinsi mawe haya na majengo haya yalivyo ya ajabu!”
2 তাতে যীচুৱে তেওঁক ক’লে, “তুমি এই বৰ বৰ গাঁথনি দেখিছা নে? ইয়াৰ কোনো এটা শিল আনটো শিলৰ ওপৰত পৰি থকা নাপাবা কিয়নো এই সকলো ভাঙি পেলোৱা হব৷”
Yesu akamwambia, “Je, unayaona majengo haya makubwa? Hakuna hata jiwe moja litakalosalia juu ya lingine; kila kitu kitabomolewa.”
3 পাছত তেওঁ জৈতুন পৰ্বতত, মন্দিৰৰ বিপৰীতে বহি থাকোতে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই গুপুতে তেওঁক সুধিলে,
Yesu alipokuwa ameketi juu ya mlima wa Mizeituni akielekea Hekalu, Petro, Yakobo, Yohane na Andrea wakamwuliza kwa faragha,
4 “আমাক কওক এনে ঘটনা কেতিয়া ঘটিব? আৰু এই সকলো সিদ্ধ হ’বলৈ উদ্যত হোৱা চিন কি হব?”
“Twambie mambo haya yatatukia lini? Ni ishara gani itakayoonyesha kwamba mambo haya karibu yatimizwe?”
5 তেতিয়া যীচুৱে তেওঁলোকক ক’বলৈ ধৰিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই কাৰণে সাৱধান হোৱা।
Yesu akaanza kuwaambia, “Jihadharini msije mkadanganywa na mtu.
6 অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’, বুলি বহু মানুহক ভুলাব।
Maana wengi watakuja wakilitumia jina langu, wakisema, Mimi ndiye! nao watawapotosha watu wengi.
7 তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহ’বা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই।
Mtakaposikia juu ya vita na fununu za vita, msifadhaike. Mambo hayo lazima yatokee, lakini mwisho wenyewe ungali bado.
8 কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভুমিকম্প আৰু আকালো হ’ব৷ এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন।
Taifa moja litapigana na taifa lingine; utawala mmoja utapigana na utawala mwingine; kila mahali kutakuwa na mitetemeko ya ardhi na njaa. Mambo haya ni kama tu maumivu ya kwanza ya kujifungua mtoto.
9 কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হ’বা।
“Lakini ninyi jihadharini. Maana watu watawapelekeni mahakamani, na kuwapigeni katika masunagogi. Mtapelekwa mbele ya watawala na wafalme kwa sababu yangu ili mpate kunishuhudia kwao.
10 ১০ কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হ’ব লাগিব।
Lakini lazima kwanza Habari Njema ihubiriwe kwa mataifa yote.
11 ১১ যেতিয়া তেখেত সকলে তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হ’ব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা।
Nao watakapowatieni nguvuni na kuwapeleka mahakamani, msiwe na wasiwasi juu ya yale mtakayosema; saa ile itakapofika, semeni chochote mtakachopewa, maana si ninyi mtakaosema, bali Roho Mtakatifu.
12 ১২ তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক- বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব।
Ndugu atamsaliti ndugu yake auawe; baba atamsaliti mwanae; watoto watawashambulia wazazi wao na kuwaua.
13 ১৩ মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।
Watu wote watawachukieni ninyi kwa sababu ya jina langu. Lakini atakayevumilia mpaka mwisho ndiye atakayeokolewa.
14 ১৪ কিন্তু যেতিয়া পূজাৰ বাবে সেই ধ্বংসকাৰী ঘিণলগীয়া প্ৰতিমূৰ্তিটো থাকিব নলগীয়া ঠাইত থকা দেখিবা, (যি জনে পঢ়ে, তেওঁ বুজক), তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলায় যাওঁক;
“Mtakapoona Chukizo Haribifu limesimama mahali ambapo si pake, (msomaji na atambue maana yake!) Hapo watu walioko Yudea wakimbilie milimani.
15 ১৫ ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ ভিতৰৰ পৰা কোনো বস্তু উলিয়াবলৈ নামি নাহক আৰু ভিতৰলৈ নোসোমাওক;
Mtu aliye juu ya paa la nyumba asishuke kuingia nyumbani mwake kuchukua kitu.
16 ১৬ আৰু পথাৰত থকা জনে নিজৰ কাপোৰ খন ল’বৰ বাবেও উলটি নাযাওঁক।
Aliye shambani asirudi nyuma kuchukua vazi lake.
17 ১৭ কিন্তু সেই কালত গৰ্ভৱতী আৰু কোলাত কেচুৱা থকা তিৰোতা সকলৰ সন্তাপ হ’ব
Ole wao waja wazito na wanaonyonyesha siku hizo!
18 ১৮ এইবোৰ যেন জাৰ-কালত নঘটে, তাৰ বাবে প্ৰাৰ্থনা কৰিবা।
Ombeni ili mambo hayo yasitukie nyakati za baridi.
19 ১৯ কিয়নো সেই কেইটা দিনত বহু মনোকষ্ট হ’ব৷ ঈশ্বৰে স্ৰজা সৃষ্টিত, আৰম্ভণিৰে পৰা এতিয়ালৈকে তেনে কষ্ট কেতিয়াও হোৱা নাই আৰু নহ’বও।
Maana wakati huo kutakuwa na dhiki ambayo haijatokea tangu Mungu alipoumba ulimwengu mpaka leo, wala haitatokea tena.
20 ২০ যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে, তেনেহলে কোনো মানুহৰে ৰক্ষা নহ’ব৷ কিন্তু যি সকলক তেওঁ মনোনীত কৰিলে, যি সকলক তেওঁ বাছি ল’লে; সেই লোক সকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে।
Kama Bwana asingepunguza siku hizo, hakuna binadamu ambaye angeokolewa. Lakini kwa ajili ya wateule wake, Bwana amezipunguza siku hizo.
21 ২১ তেতিয়া যদিও কোনোৱে তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে!’ বা ‘চোৱা, সৌ তাত আছে!’ তথাপি বিশ্বাস নকৰিবা।
“Basi mtu akiwaambieni, Tazama, Kristo yupo hapa! au Yupo pale! msimsadiki.
22 ২২ কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
Maana watatokea kina Kristo wa uongo na manabii wa uongo, watafanya ishara na maajabu, ili kuwapotosha wateule wa Mungu, kama ikiwezekana.
23 ২৩ সেয়েহে তোমালোক সাৱধান হোৱা! কিয়নো মই তোমালোকক সময়ৰ আগতে এই বিষয়ে কলোঁ।
Lakini ninyi jihadharini. Mimi nimewaambieni mambo yote kabla hayajatokea.
24 ২৪ কিন্তু সেই মনোকষ্টৰ দিনবোৰৰ পাছত, সুৰ্য্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব
“Basi, siku hizo baada ya dhiki hiyo, jua litatiwa giza na mwezi hautaangaza.
25 ২৫ আকাশৰ পৰা তৰাবোৰ খহি তললৈ পৰিব আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হ’ব।
Nyota zitaanguka kutoka angani, na nguvu za mbingu zitatikiswa.
26 ২৬ তেতিয়া তেখেত সকলে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।
Hapo watamwona Mwana wa Mtu akija katika mawingu kwa nguvu nyingi na utukufu.
27 ২৭ তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷
Kisha atawatuma malaika wake; atawakusanya wateule wake kutoka pande zote nne za dunia, kutoka mwisho wa dunia mpaka mwisho wa mbingu.
28 ২৮ ডিমৰু গছজোপাৰ পৰা এটা দৃষ্টান্ত শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।
“Kwa mtini jifunzeni mfano huu: Mara tu matawi yake yanapoanza kuwa laini na kuchanua majani, mnajua kwamba wakati wa kiangazi umekaribia.
29 ২৯ সেইদৰে যেতিয়া এইবোৰ ঘটনা দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।
Hali kadhalika nanyi mtakapoona mambo hayo yakitendeka, jueni kwamba Mwana wa Mtu yuko karibu sana.
30 ৩০ মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটালৈকে এই কালৰ লোক লুপ্ত নহ’ব।
Nawaambieni kweli, kizazi hiki hakitapita kabla ya mambo hayo yote kutukia.
31 ৩১ আকাশ আৰু পৃথিৱী লুপ্ত হ’ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ’ব।
Mbingu na dunia zitapita, lakini maneno yangu hayatapita kamwe.
32 ৩২ কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷
“Lakini hakuna mtu ajuaye siku au saa hiyo itakuja lini; wala malaika wa mbinguni, wala Mwana; Baba peke yake ndiye ajuaye.
33 ৩৩ সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা; কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা।
Muwe waangalifu na kesheni, maana hamjui wakati huo utafika lini.
34 ৩৪ সেইদিন এনেদৰে আহিব, যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে, আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে৷
Itakuwa kama mtu anayeondoka nyumbani kwenda safari akiwaachia watumishi wake madaraka, kila mmoja na kazi yake; akamwambia mlinzi wa mlango awe macho.
35 ৩৫ এই হেতুকে তোমালোকেও পৰ দি থাকা; কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা৷
Kesheni, basi, kwa maana hamjui mwenye nyumba atarudi lini; huenda ikawa jioni, usiku wa manane, alfajiri au asubuhi.
36 ৩৬ তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে।
Kesheni ili akija ghafla asije akawakuta mmelala.
37 ৩৭ মই তোমালোকক কি কি কব লাগে, সেই সকলোবোৰকে কলোঁ, পৰ দি থাকা৷”
Ninayowaambieni ninyi, nawaambia wote: Kesheni!”

< মাৰ্ক 13 >