< মাৰ্ক 13 >

1 পাছত যীচু মন্দিৰৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্য সকলৰ এজনে তেওঁক ক’লে, “হে গুৰু, চাওক, কেনে আশ্চর্যজনক শিল আৰু ইয়াৰ গাঁথনি!”
As Jesus was coming out from the temple courts, one of his disciples said to him, “Teacher, look! What wonderful stones and what wonderful buildings!”
2 তাতে যীচুৱে তেওঁক ক’লে, “তুমি এই বৰ বৰ গাঁথনি দেখিছা নে? ইয়াৰ কোনো এটা শিল আনটো শিলৰ ওপৰত পৰি থকা নাপাবা কিয়নো এই সকলো ভাঙি পেলোৱা হব৷”
Jesus answered him, “Do yoʋ see these great buildings? There will certainly not be left one stone upon another that will not be thrown down.”
3 পাছত তেওঁ জৈতুন পৰ্বতত, মন্দিৰৰ বিপৰীতে বহি থাকোতে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই গুপুতে তেওঁক সুধিলে,
Later, as Jesus was sitting on the Mount of Olives, across from the temple, Peter, James, John, and Andrew asked him privately,
4 “আমাক কওক এনে ঘটনা কেতিয়া ঘটিব? আৰু এই সকলো সিদ্ধ হ’বলৈ উদ্যত হোৱা চিন কি হব?”
“Tell us, when will these things happen? And what will be the sign when all these things are about to be fulfilled?”
5 তেতিয়া যীচুৱে তেওঁলোকক ক’বলৈ ধৰিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই কাৰণে সাৱধান হোৱা।
Jesus began to say to them in response, “Make sure no one leads you astray.
6 অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’, বুলি বহু মানুহক ভুলাব।
For many will come in my name, saying, ‘I am he,’ and will lead many astray.
7 তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহ’বা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই।
When you hear of wars and rumors of wars, do not be alarmed, for these things must take place, but the end is not yet.
8 কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভুমিকম্প আৰু আকালো হ’ব৷ এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন।
For nation will rise up against nation, and kingdom against kingdom. There will be earthquakes in various places, along with famines and riots. These are the beginning of the labor pains.
9 কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হ’বা।
“You must watch out for yourselves, for they will deliver you up to councils, and you will be beaten in synagogues. For my sake you will even be set before governors and kings as witnesses to them.
10 ১০ কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হ’ব লাগিব।
And the gospel must first be proclaimed to all nations.
11 ১১ যেতিয়া তেখেত সকলে তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হ’ব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা।
When they lead you away and hand you over, do not be anxious beforehand about what you should say. Do not give it much thought, but say whatever is given to you in that hour, for it will not be you speaking, but the Holy Spirit.
12 ১২ তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক- বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব।
Brother will deliver up brother to death, and a father his child, and children will rise up against their parents and have them put to death.
13 ১৩ মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।
You will be hated by all because of my name, but he who endures to the end will be saved.
14 ১৪ কিন্তু যেতিয়া পূজাৰ বাবে সেই ধ্বংসকাৰী ঘিণলগীয়া প্ৰতিমূৰ্তিটো থাকিব নলগীয়া ঠাইত থকা দেখিবা, (যি জনে পঢ়ে, তেওঁ বুজক), তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলায় যাওঁক;
“When you see the abomination of desolation, which was spoken of by Daniel the prophet, standing where it should not be” (let the reader understand), “then those who are in Judea must flee to the mountains.
15 ১৫ ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ ভিতৰৰ পৰা কোনো বস্তু উলিয়াবলৈ নামি নাহক আৰু ভিতৰলৈ নোসোমাওক;
He who is on the housetop must not come down into his house or go inside to get anything out of his house.
16 ১৬ আৰু পথাৰত থকা জনে নিজৰ কাপোৰ খন ল’বৰ বাবেও উলটি নাযাওঁক।
And he who is in the field must not turn back to get his cloak.
17 ১৭ কিন্তু সেই কালত গৰ্ভৱতী আৰু কোলাত কেচুৱা থকা তিৰোতা সকলৰ সন্তাপ হ’ব
Woe to those who are with child and to those who are nursing infants in those days!
18 ১৮ এইবোৰ যেন জাৰ-কালত নঘটে, তাৰ বাবে প্ৰাৰ্থনা কৰিবা।
Pray that your flight will not happen in winter.
19 ১৯ কিয়নো সেই কেইটা দিনত বহু মনোকষ্ট হ’ব৷ ঈশ্বৰে স্ৰজা সৃষ্টিত, আৰম্ভণিৰে পৰা এতিয়ালৈকে তেনে কষ্ট কেতিয়াও হোৱা নাই আৰু নহ’বও।
For those days will be a time of tribulation unlike any other from the beginning of God's creation until now, and it will never be equaled again.
20 ২০ যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে, তেনেহলে কোনো মানুহৰে ৰক্ষা নহ’ব৷ কিন্তু যি সকলক তেওঁ মনোনীত কৰিলে, যি সকলক তেওঁ বাছি ল’লে; সেই লোক সকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে।
If the Lord had not cut those days short, no flesh would be saved. But for the sake of the chosen, whom he has selected, he has cut those days short.
21 ২১ তেতিয়া যদিও কোনোৱে তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে!’ বা ‘চোৱা, সৌ তাত আছে!’ তথাপি বিশ্বাস নকৰিবা।
If anyone says to you at that time, ‘Behold, here is the Christ!’ or, ‘Behold, there he is!’ do not believe him.
22 ২২ কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
For false christs and false prophets will rise up and perform signs and wonders to lead astray, if possible, even the chosen.
23 ২৩ সেয়েহে তোমালোক সাৱধান হোৱা! কিয়নো মই তোমালোকক সময়ৰ আগতে এই বিষয়ে কলোঁ।
So you must watch out! Behold, I have told you everything in advance.
24 ২৪ কিন্তু সেই মনোকষ্টৰ দিনবোৰৰ পাছত, সুৰ্য্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব
“But in those days, after that time of tribulation, the sun will be darkened, and the moon will not give its light.
25 ২৫ আকাশৰ পৰা তৰাবোৰ খহি তললৈ পৰিব আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হ’ব।
The stars of heaven will be falling, and the powers that are in the heavens will be shaken.
26 ২৬ তেতিয়া তেখেত সকলে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।
Then people will see the Son of Man coming in the clouds with great power and glory.
27 ২৭ তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷
And he will send his angels and gather together his chosen from the four winds, from the ends of the earth to the ends of heaven.
28 ২৮ ডিমৰু গছজোপাৰ পৰা এটা দৃষ্টান্ত শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।
“Now learn this lesson from the fig tree: As soon as its branches become tender and put out leaves, you know that summer is near.
29 ২৯ সেইদৰে যেতিয়া এইবোৰ ঘটনা দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।
So also, when you see these things taking place, know that he is near, at the very gates.
30 ৩০ মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটালৈকে এই কালৰ লোক লুপ্ত নহ’ব।
Truly I say to you, this generation will certainly not pass away until all these things have taken place.
31 ৩১ আকাশ আৰু পৃথিৱী লুপ্ত হ’ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ’ব।
Heaven and earth will pass away, but my words will certainly not pass away.
32 ৩২ কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷
“No one knows about that day or hour, not even the angels in heaven or the Son, but only the Father.
33 ৩৩ সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা; কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা।
Be on guard; stay alert and pray! For you do not know when the time is coming.
34 ৩৪ সেইদিন এনেদৰে আহিব, যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে, আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে৷
It is like a man away on a journey: When he leaves his house and gives authority to his servants, assigning to each one his task, he also commands the doorkeeper to keep watch.
35 ৩৫ এই হেতুকে তোমালোকেও পৰ দি থাকা; কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা৷
Therefore keep watch, for you do not know when the master of the house is coming—in the evening, at midnight, when the rooster crows, or in the morning.
36 ৩৬ তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে।
Otherwise, he may come suddenly and find you sleeping.
37 ৩৭ মই তোমালোকক কি কি কব লাগে, সেই সকলোবোৰকে কলোঁ, পৰ দি থাকা৷”
What I say to you, I say to everyone: Keep watch!”

< মাৰ্ক 13 >