< মালাখি 4 >

1 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
Bo oto, przychodzi dzień pałający jako piec, w który wszyscy pyszni, i wszyscy czyniący niezbożność będą jako ciernisko, a popali je ten dzień przyszły, mówi Pan zastępów, tak, że im nie zostawi ani korzenia ani gałązki.
2 কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
Ale wam, którzy się boicie imienia mego, wznijdzie słońce sprawiedliwości, a zdrowie będzie na skrzydłach jego; tedy wychodzić będziecie, i porościecie jako cielęta karmne.
3 তোমালোকে দুষ্ট লোকসকলক গচকিবা; মই এই কাৰ্য কৰাৰ দিনা তেওঁলোক তোমালোকৰ ভৰিৰ তলত থকা ছাঁই যেন হ’ব।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
A podepczecie niezbożne, tak, że będą jako proch pod nogami waszemi w dzień, który Ja uczynię, mówi Pan zastępów.
4 “তোমালোকে মোৰ দাস মোচিৰ ব্যৱস্থাৰ কথা অর্থাৎ মই তেওঁক হোৰেব পর্বতত সকলো ইস্রায়েলৰ কাৰণে যি সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ দিছিলোঁ, সেইবোৰ সোঁৱৰণ কৰা।
Pamiętajcież na zakon Mojżesza, sługi mego, któremum rozkazał na Horebie, przedłożyć wszystkiemu Izraelowi ustawy i sądy.
5 চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ পূর্বেই মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।
Oto, Ja wam poślę Elijasza proroka, pierwej niż przyjdzie on wielki i straszny dzień Pański,
6 তেওঁ পিতৃসকলৰ হৃদয় সন্তান সকলৰ প্রতি আৰু সন্তান সকলৰ হৃদয় পিতৃসকললৈ ঘূৰাব যাতে মই আহি পৃথিৱীক অভিশাপেৰে আঘাত নকৰিম।”
Aby obrócił serca ojców ku synom, a serca synów ku ojcom ich, abym przyszedłszy ziemi przeklęstwem nie skarał.

< মালাখি 4 >