< লূক 1 >

1 আমাৰ মাজত যিবোৰ ঘটনা ঘটিল, সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে।
Будући да многи почеше описивати догађаје који се испунише међу нама,
2 আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে।
Као што нам предаше који испрва сами видеше и слуге речи бише:
3 এই হেতুকে, হে মহামহিম থিয়ফিল, এই সম্বন্ধে মই প্রথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলোঁ আৰু সেয়ে আপোনালৈ একাদিক্রমে লিখা উচিত হব যেন দেখিলোঁ।
Намислих и ја, испитавши све од почетка, по реду писати теби, честити Теофиле,
4 মই ইচ্ছা কৰোঁ, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে।
Да познаш темељ оних речи којима си се научио.
5 যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।
У време Ирода цара јудејског беше неки свештеник од реда Авијиног, по имену Зарија, и жена његова од племена Ароновог, по имену Јелисавета.
6 এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
А беху обоје праведни пред Богом, и живљаху у свему по заповестима и уредбама Господњим без мане.
7 কিন্তু এলীচাবেৎ বন্ধ্যা হোৱা কাৰণে, তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধ আছিল।
И не имаху деце; јер Јелисавета беше нероткиња, и беху обоје већ стари.
8 এদিন নিজৰ দলৰ পাল ক্রমে পুৰোহিতৰ দায়িত্ব পোৱাত, জখৰিয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কার্য কৰি আছিল;
И догоди се, кад он служаше по свом реду пред Богом,
9 কিয়নো পুৰোহিত সকলৰ কার্য-প্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল।
Да по обичају свештенства дође на њега да изиђе у цркву Господњу да кади.
10 ১০ ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল।
И све мноштво народа беше напољу и мољаше се Богу у време кађења.
11 ১১ এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰিয়াৰ সন্মুখত উপস্থিত হৈ ধূপ বেদিৰ সোঁফালে থিয় হ’ল।
А њему се показа анђео Господњи који стајаше с десне стране олтара кадионог.
12 ১২ স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল।
И кад га виде Зарија уплаши се и страх нападе на њ.
13 ১৩ কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”
А анђео рече му: Не бој се, Зарија; јер је услишена твоја молитва: и жена твоја Јелисавета родиће ти сина, и надени му име Јован.
14 ১৪ তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব।
И биће теби радост и весеље, и многи ће се обрадовати његовом рођењу.
15 ১৫ কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব।
Јер ће бити велики пред Богом, и неће пити вино ни сикер; и напуниће се Духа Светог још у утроби матере своје;
16 ১৬ ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব।
И многе ће синове Израиљеве обратити ка Господу Богу њиховом;
17 ১৭ তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।
И он ће напред доћи пред Њим у духу и сили Илијиној да обрати срца отаца к деци и невернике к мудрости праведника, и да приправи Господу народ готов.
18 ১৮ তেতিয়া জখৰিয়াই সেই দূতক ক’লে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।”
И рече Зарија анђелу: По чему ћу ја то познати? Јер сам стар и жена је моја временита.
19 ১৯ তাতে দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।
И одговарајући анђео рече му: Ја сам Гаврило што стојим пред Богом, и послан сам да говорим с тобом и да ти јавим ову радост.
20 ২০ চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।”
И ево, онемећеш и нећеш моћи говорити до оног дана док се то не збуде; јер ниси веровао мојим речима које ће се збити у своје време.
21 ২১ আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল।
И народ чекаше Зарију, и чуђаху се што се забави у цркви.
22 ২২ পাছত তেওঁ যেতিয়া বাহিৰলৈ আহিল, লোক সকলৰ লগত একো কথা কব নোৱাৰিলে; তেতিয়া লোক সকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দর্শন পাইছে। কিন্তু তেওঁ লোক সকলৰ সৈতে ইংগিতেৰেহে কথা পাতিলে, মুখেৰে কোনো কথা কব নোৱাৰিলে।
А изишавши не могаше да им говори; и разумеше да му се нешто утворило у цркви; и он намигиваше им; и оста нем.
23 ২৩ ইয়াৰ পাছত তেওঁৰ সেৱা কার্যৰ পাল সম্পূর্ণ হোৱাত, তেওঁ নিজৰ ঘৰলৈ গ’ল।
И кад се навршише дани његове службе отиде кући својој.
24 ২৪ কিছুদিনৰ পাছত তেওঁৰ ভার্যা এলীচাবেৎ গর্ভৱতী হ’ল; আৰু পাঁচ মাহলৈকে ঘৰৰ পৰা বাহিৰ নোলাল। তেওঁ ক’লে
А после ових дана, затрудне Јелисавета жена његова, и кријаше се пет месеци говорећи:
25 ২৫ “এই কার্য মোৰ বাবে প্রভুৱে কৰিলে। মানুহৰ মাজত মোৰ লজ্জা দূৰ কৰিবলৈ তেওঁ মোৰ ফালে দয়াৰ দৃষ্টি কৰিলে।”
Тако ми учини Господ у дане ове у које погледа на ме да ме избави од укора међу људима.
26 ২৬ এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে।
А у шести месец посла Бог анђела Гаврила у град галилејски по имену Назарет
27 ২৭ এই কুমাৰী ৰজা দায়ুদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগ্দান কৰা আছিল।
К девојци испрошеној за мужа, по имену Јосифа из дома Давидовог; и девојци беше име Марија.
28 ২৮ তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।”
И ушавши к њој анђео рече: Радуј се, благодатна! Господ је с тобом, благословена си ти међу женама.
29 ২৯ কিন্তু এই কথা শুনি মৰিয়মৰ উগুল-থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে “ই কেনে মঙ্গলবাদ!”
А она, видевши га, поплаши се од речи његове и помисли: Какав би ово био поздрав?
30 ৩০ স্বর্গৰ দূতে তেওঁক ক’লে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা।
И рече јој анђео: Не бој се, Марија! Јер си нашла милост у Бога.
31 ৩১ চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।
И ево затруднећеш, и родићеш Сина, и надени Му име Исус.
32 ৩২ তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব;
Он ће бити велики, и назваће се Син Највишега, и даће Му Господ Бог престо Давида оца Његовог;
33 ৩৩ যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।” (aiōn g165)
И цароваће у дому Јаковљевом вавек, и царству Његовом неће бити краја. (aiōn g165)
34 ৩৪ তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।”
А Марија рече анђелу: Како ће то бити кад ја не знам за мужа?
35 ৩৫ তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব,
И одговарајући анђео рече јој: Дух Свети доћи ће на тебе, и сила Највишег осениће те; зато и оно што ће се родити биће свето, и назваће се Син Божји.
36 ৩৬ আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী।
И ево Јелисавета, твоја тетка, и она затрудне сином у старости својој, и ово је шести месец њој, коју зову нероткињом.
37 ৩৭ কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।”
Јер у Бога све је могуће што каже.
38 ৩৮ মৰিয়মে ক’লে, “প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰে হওক।” ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ’ল।
А Марија рече: Ево слушкиње Господње; нека ми буде по речи твојој. И анђео отиде од ње.
39 ৩৯ তেতিয়া মৰিয়মে উঠি বেগাবেগিকৈ যিহুদীয়াৰ পার্বত্য অঞ্চলৰ এখন নগৰলৈ গ’ল
А Марија уставши оних дана, отиде брзо у горњу земљу, у град Јудин.
40 ৪০ তাত জখৰিয়াৰ ঘৰত সোমাই মৰিয়মে এলীচাবেতক অভিবাদন জনালে।
И уђе у кућу Заријину, и поздрави се с Јелисаветом.
41 ৪১ তাতে মৰিয়মৰ সেই মঙ্গলবাদ শুনা মাত্রেই, এলীচাবেতৰ গর্ভৰ শিশুটি নাচি উঠিল; আৰু এলীচাবেত পবিত্ৰ আত্মাৰে পূর্ণ হ’ল।
И кад Јелисавета чу честитање Маријино, заигра дете у утроби њеној, и Јелисавета се напуни Духа Светог,
42 ৪২ তাৰ পাছত এলীচাবেতে বৰ ডাঙৰ মাতেৰে কবলৈ ধৰিলে, “তিৰোতা সকলৰ মাজত তুমি ধন্যা; আৰু তোমাৰ গর্ভফলো ধন্য।
И повика здраво и рече: Благословена си ти међу женама, и благословен је плод утробе твоје.
43 ৪৩ মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিছে, মোৰ এনে সৌভাগ্য কেনেকৈ হ’ল?
И откуд мени ово да дође мати Господа мог к мени?
44 ৪৪ কিয়নো তোমাৰ মঙ্গলবাদৰ স্বৰ মোৰ কাণত পৰাৰ লগে লগে, মোৰ গর্ভৰ শিশুটি উল্লাসত নাচি উঠিল।
Јер гле, кад дође глас честитања твог у уши моје, заигра дете радосно у утроби мојој.
45 ৪৫ তুমি ধন্যা; কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল, সেই সকলো সিদ্ধ হব বুলি তুমি বিশ্বাস কৰিলা।”
И благо оној која верова, јер ће се извршити шта јој каза Господ.
46 ৪৬ তেতিয়া মৰিয়মে ক’লে, “মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে,
И рече Марија: Велича душа моја Господа;
47 ৪৭ মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে।
И обрадова се дух мој Богу Спасу мом,
48 ৪৮ কিয়নো তেওঁ তেওঁৰ দাসীৰ নীহ অৱস্থালৈ চালে; আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব।
Што погледа на понижење слушкиње своје; јер гле, одсад ће ме звати блаженом сви нараштаји;
49 ৪৯ কিয়নো পৰাক্ৰমী জনে মোৰ কাৰণে মহৎ কর্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ।
Што ми учини величину силни, и свето име Његово;
50 ৫০ যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে।
И милост је Његова од кољена на кољено онима који Га се боје.
51 ৫১ তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। নিজ নিজ অন্তৰত অহংকাৰ কৰা সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
Показа силу руком својом; разасу поносите у мислима срца њихових.
52 ৫২ তেওঁ শাসক সকলক সিংহাসনৰ পৰা নমাই দিলে, কিন্তু নীহ লোকক তুলি ধৰিলে।
Збаци силне с престола, и подиже понижене.
53 ৫৩ তেওঁ ক্ষুধাতুৰ লোকক উত্তম বস্তু দিলে আৰু ধনৱন্তক শুদা-হাতে পঠাই দিলে।
Гладне напуни блага, и богате отпусти празне.
54 ৫৪ তেওঁ নিজৰ দাস ইস্ৰায়েলক সাহায্য কৰিলে, তেওঁ দয়ালু;
Прими Израиља, слугу свог, да се опомене милости.
55 ৫৫ অব্রাহাম আৰু তেওঁৰ বংশলৈ চিৰকাল দয়া কৰিবৰ কাৰণে, যেনেকৈ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ ওচৰত প্রতিজ্ঞা কৰিছিল, সেই বিষয় তেওঁ সোঁৱৰণ কৰিলে।” (aiōn g165)
Као што говори оцима нашим, Аврааму и семену његовом довека. (aiōn g165)
56 ৫৬ পাছত এলীচাবেতৰ লগত মৰিয়ম তিনি মাহ মান থাকি নিজৰ ঘৰলৈ উলটি আহিল।
Марија пак седи с њом око три месеца, и врати се кући својој.
57 ৫৭ পাছত এলীচাবেতৰ প্ৰসৱৰ কাল পূৰ্ণ হোৱাত, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।
А Јелисавети дође време да роди, и роди сина.
58 ৫৮ তাতে ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনে যেতিয়া শুনিলে যে প্ৰভুৱে তেওঁৰ প্রতি দয়া কৰিলে, তেতিয়া সকলোৱে তেওঁৰে সৈতে আনন্দ কৰিলে।
И чуше њени суседи и родбина да је Господ показао велику милост своју на њој, и радоваху се с њом.
59 ৫৯ তাৰ পাছত আঠ দিনৰ দিনা তেওঁলোকে শিশুটিক লৈ চুন্নৎ কৰিবলৈ আহিল আৰু সকলোৱে বাপেকৰ নাম অনুসাৰে শিশুৰ নাম জখৰিয়া থব খুজিছিল;
И у осми дан дођоше да обрежу дете, и хтеше да му надену име оца његовог, Зарија.
60 ৬০ কিন্তু মাকে উত্তৰ দি ক’লে, “নহয় ইয়াৰ নাম যোহন হব।”
И одговарајући мати његова рече: Не, него да буде Јован.
61 ৬১ তেতিয়া তেওঁলোকে এলীচাবেতক ক’লে, “তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।”
И рекоше јој: Никога нема у родбини твојој да му је такво име.
62 ৬২ পাছত তেওঁলোকে সংকেত দি ল’ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে, তেওঁ কি নাম দিব ইচ্ছা কৰে।
И намигиваху оцу његовом како би он хтео да му надену име.
63 ৬৩ তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, “ইয়াৰ নাম ‘যোহন’।” তাতে সকলোৱে বিস্ময় মানিলে।
И заискавши дашчицу, написа говорећи: Јован му је име. И зачудише се сви.
64 ৬৪ তেতিয়াই জখৰিয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গ’ল আৰু তেওঁ ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
И одмах му се отворише уста и језик његов и говораше хвалећи Бога.
65 ৬৫ তেতিয়া আশে-পাশে থকা লোক সকল আচৰিত হ’ল আৰু যিহুদীয়াৰ গোটেই পার্বত্য অঞ্চলৰ লোক সকলে যি ঘটিল সেই বিষয়ে কোৱা-কুই কৰিবলৈ ধৰিলে।
И уђе страх у све суседе њихове; и по свој горњој Јудеји разгласи се сав овај догађај.
66 ৬৬ যি সকলে এই কথা শুনিলে, তেওঁলোকে মনে মনে বিষয়টো ভাৱি কবলৈ ধৰিলে, “ভৱিষ্যতে এই ল’ৰা তেনেহলে কি হব?” কিয়নো তেওঁলোকে বুজিছিল যে প্ৰভুৰ হাত তেওঁৰ লগত আছে।
И сви који чуше метнуше у срце своје говорећи: Шта ће бити из овог детета? И рука Господња беше са њим.
67 ৬৭ পাছত ল’ৰা জনৰ পিতৃ জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, এই ভাবোক্তি প্ৰচাৰ কৰিলে।
И Зарија отац његов напуни се Духа Светог, и пророкова говорећи:
68 ৬৮ ‘ইস্ৰায়েলৰ প্ৰভু ঈশ্বৰৰ প্রশংসা হওক; কিয়নো তেওঁ নিজৰ মানুহবোৰক সহায় কৰিবলৈ আৰু তেওঁলোকক মুক্ত কৰিবলৈ আহিছে।
Благословен Господ Бог Јаковљев што походи и избави народ свој,
69 ৬৯ তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী ত্রাণকর্তাক দিলে।
И подиже нам рог спасења у дому Давида слуге свог,
70 ৭০ এই বিষয়ে ঈশ্বৰে পবিত্র ভাৱবাদী সকলৰ দ্বাৰা পূৰ্বতে কৈছিল। (aiōn g165)
Као што говори устима светих пророка својих од века (aiōn g165)
71 ৭১ তেওঁ শত্রু সকলৰ হাতৰ পৰা আৰু যি সকলে আমাক ঘৃণা কৰে, সেই সকলোৰে হাতৰ পৰা আমাক ৰক্ষা কৰাৰ প্রতিশ্রুতি দিলে।
Да ће нас избавити од наших непријатеља и из руку свих који мрзе на нас;
72 ৭২ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাব আৰু তেওঁৰ পবিত্র বিধান সোঁৱৰণ কৰাব;
Учинити милост оцима нашим, и опоменути се светог завета свог,
73 ৭৩ এই বিধান হৈছে প্রতিজ্ঞা, যি আমাৰ পূর্বপুৰুষ অব্রাহামক তেওঁ দিছিল।
Клетве којом се клео Аврааму оцу нашем да ће нам дати
74 ৭৪ শত্রুবোৰৰ হাতৰ পৰা আমাক মুক্ত কৰিম বুলি তেওঁ প্রতিশ্রুতি দিলে, যাতে আমি নির্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰোঁ,
Да се избавимо из руку непријатеља својих, и да му служимо без страха,
75 ৭৫ আৰু আমাৰ জীৱনৰ আয়ুসৰ কালত পবিত্র আৰু ধাৰ্মিকতাৰে সেৱা কৰি থাকিব পাৰোঁ।
И у светости и у правди пред Њим док смо год живи.
76 ৭৬ হে মোৰ সন্তান, তোমাক সর্বোপৰি জনৰ ভাৱবাদী বুলি কোৱা হব; কিয়নো তুমি প্রভুৰ আগমণৰ কাৰণে লোক সকলক যুগুত কৰিবলৈ তেওঁৰ আগে আগে যাবা।
И ти, дете, назваћеш се пророк Највишега; јер ћеш ићи напред пред лицем Господњим да Му приправиш пут;
77 ৭৭ লোক সকলক পাপৰ ক্ষমা লাভৰ দ্বাৰা পৰিত্রাণ পোৱাত সহায় পাবলৈ শিক্ষা দিবা।
Да даш разум спасења народу његовом за опроштење греха њихових,
78 ৭৮ ঈশ্বৰে আমাক ক্ষমা কৰিব, কাৰণ তেওঁ কোমল চিত্তৰ আৰু দয়ালু। তেওঁ কৰুণাৰে পুৱাৰ অৰুণৰ দৰে ত্রাণকর্তাই স্বর্গৰ পৰা আমাক সহায় কৰিবলৈ আহিব।
По дубокој милости Бога нашег, по којој нас је походио исток с висине;
79 ৭৯ তেওঁ অন্ধকাৰ আৰু মৃত্যুছায়াত বহি থকা লোক সকলক পোহৰ দিব। তেওঁ আমাৰ ভৰি শান্তিৰ পথত গমন কৰাব’।
Да обасјаш оне који седе у тами и у сену смртном; да упутиш ноге наше на пут мира.
80 ৮০ এনেদৰে যোহন বাপ্তাইজক বাঢ়িবলৈ ধৰিলে আৰু আত্মাত শক্তিশালী হৈ উঠিল; ইস্ৰায়েল জাতিৰ আগত মুকলিকৈ প্ৰকাশ হোৱাৰ আগলৈকে তেওঁ মৰুপ্ৰান্তত বাস কৰিছিল।
А дете растијаше и јачаше духом, и беше у пустињи дотле док се не показа Израиљу.

< লূক 1 >