< লূক 9 >

1 পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷
Yesu aliwaita wale kumi na wawili, akawapa uwezo juu ya pepo wote, na uwezo wa kuponya wagonjwa.
2 ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷
Halafu akawatuma waende kuhubiri Ufalme wa Mungu na kuponya wagonjwa.
3 তেওঁ তেওঁলোকক ক’লে, “যাত্ৰাৰ কাৰণে কোনো বস্তু নলবা; লাখুটি বা মোনা, বা পিঠা বা ধন; বা দুটাকৈ চোলাও নলবা;
Akawaambia, “Mnaposafiri msichukue chochote: msichukue fimbo, wala mkoba, wala chakula, wala fedha, wala hata koti la ziada.
4 আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।
Nyumba yoyote mtakayoingia na kukaribishwa, kaeni humo mpaka mtakapoondoka katika kijiji hicho.
5 আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”
Watu wakikataa kuwakaribisha, tokeni katika mji huo, nanyi mnapotoka kung'uteni mavumbi miguuni mwenu kama onyo kwao.”
6 পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ’ল।
Basi, wakaanza safari, wakapitia vijijini wakihubiri Habari Njema na kuponya wagonjwa kila mahali.
7 সেই সময়ত হেৰোদ ৰজাই এই ঘটনাবোৰৰ বাৰ্তা পাই নিজ মনত অশান্তি পালে; কিয়নো কিছুলোকে কৈছিল যে যোহন মৃত সকলৰ মাজৰ পৰা জীৱিত হ’ল,
Sasa, mtawala Herode, alipata habari za mambo yote yaliyokuwa yanatendeka, akawa na wasiwasi kwa vile walikuwa wakisema: “Yohane amefufuka kutoka wafu!”
8 আৰু আন কিছুমান লোকে কব ধৰিলে যে, “এলিয়া পুণৰ আবির্ভুত হৈছে” আৰু কিছুমানে ক’লে যে, “পূর্বকালৰ ভাববাদী সকলৰ মাজৰ কোনো এজন পুনৰাই জীয়াই উঠিছে৷”
Wengine walisema kwamba Eliya ametokea, na wengine walisema kwamba mmojawapo wa manabii wa kale amerudi duniani.
9 হেৰোদে ক’লে “মই যোহনৰ মুণ্ডচ্ছেদ কৰিলোঁ; কিন্তু এওঁ নো কোন যাৰ বিষয়ে এনে কথা শুনি আছোঁ?” তাতে তেওঁ যীচুক চাবলৈ এটা উপায় বিচাৰিলে।
Lakini Herode akasema, “Huyo Yohane nilimkata kichwa; sasa ni nani huyu ninayesikia habari zake?” Akawa na hamu ya kumwona.
10 ১০ পাছত যি পাঁচনি সকলক পঠোৱা হৈছিল তেওঁলোকে ঘূৰি আহি, যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ বৈৎ-চৈদা নামেৰে এখন নগৰৰ ফালে কোনোৱে নজনাকৈ আতৰি গ’ল।
Wale mitume waliporudi, walimweleza yote waliyoyafanya. Yesu akawachukua, wakaenda peke yao mjini Bethsaida.
11 ১১ কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে।
Lakini wale watu walipojua alikokwenda, walimfuata. Yesu akawakaribisha akawazungumzia juu ya Ufalme wa Mungu, akawaponya wale waliohitaji kuponywa.
12 ১২ দিনৰ প্ৰায় শেষ ভাগত বাৰ জন পাঁচনি তেওঁৰ ওচৰলৈ আহি ক’লে, “আমি যি ঠাইত আহি আছোঁ সেয়া অতি নির্জন ঠাই৷ সেয়েহে লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে ওচৰৰ গাওঁত গৈ নিজৰ বাবে থকা ঠাই আৰু খোৱা বস্তু যোগাৰ কৰি লব পাৰিব৷”
Jua lilipokuwa linaanza kutua, wale kumi na wawili walimwendea wakamwambia, “Waage watu waende kwenye vijiji na mashamba ya karibu, wakajipatie chakula na mahali pa kulala, kwa maana hapa tulipo ni nyikani.”
13 ১৩ কিন্তু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।” তেতিয়া তেওঁলোকে ক’লে, “আমি গৈ খোৱা বস্তু কিনি নানিলে, আমাৰ ওচৰত পাঁচটা পিঠা আৰু দুটা মাছতকৈ অধিক একোৱে নাই৷”
Lakini Yesu akawaambia, “Wapeni ninyi chakula.” Wakamjibu, “Hatuna chochote ila mikate mitano na samaki wawili. Labda twende wenyewe tukawanunulie chakula watu wote hawa!”
14 ১৪ কিয়নো তেওঁলোক প্ৰায় পাঁচ হাজাৰ মানুহ আছিল। তেতিয়া তেওঁ শিষ্য সকলক ক’লে, “তেওঁলোকক গোট গোট কৰি পঞ্চাশ জন পঞ্চাশ জনকৈ বহিবলৈ দিয়া।”
(Walikuwepo pale wanaume wapatao elfu tano.) Basi, Yesu akawaambia wanafunzi wake, “Waambieni watu waketi katika makundi ya watu hamsinihamsini.”
15 ১৫ তেতিয়া তেওঁলোকে আতাইকে তেনেদৰেই বহিবলৈ দিলে।
Wanafunzi wakafanya walivyoambiwa, wakawaketisha wote.
16 ১৬ যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে।
Kisha Yesu akaitwaa ile mikate mitano na wale samaki wawili, akatazama juu mbinguni, akamshukuru Mungu, akavimega, akawapa wanafunzi wake wawagawie watu.
17 ১৭ তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল। পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল।
Wakala wote, wakashiba; wakakusanya makombo ya chakula, wakajaza vikapu kumi na viwili.
18 ১৮ এদিন যীচুৱে নিৰ্জন ঠাইত প্ৰাৰ্থনা কৰা সময়ত শিষ্য সকলো তেওঁৰ লগত আছিল, সেই সময়ত তেওঁ শিষ্য সকলক সুধিলে, “লোক সকলে মোক কোন বুলি কয়?”
Siku moja, Yesu alikuwa anasali peke yake, na wanafunzi wake walikuwa karibu. Basi, akawauliza, “Eti watu wanasema mimi ni nani?”
19 ১৯ তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “যোহন বাপ্তাইজক, কিন্তু আন কিছুমানে এলিয়া বুলি ভাৱে, আন কিছুমানে পূৰ্বকালৰ ভাববাদী সকলৰ কোনো এজন পুনৰায় জীৱিত হৈ উঠা লোক বুলি ভাবে।”
Nao wakamjibu, “Wengine wanasema kuwa wewe ni Yohane mbatizaji, wengine wanasema wewe ni Eliya, hali wengine wanasema kuwa wewe ni mmoja wa manabii wa kale ambaye amefufuka.”
20 ২০ তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” তাতে পিতৰে উত্তৰ দি ক’লে, “ঈশ্বৰৰ অভিষিক্ত, খ্ৰীষ্ট।”
Hapo akawauliza, “Na ninyi je, mwasema mimi ni nani?” Petro akajibu, “Wewe ndiwe Kristo wa Mungu.”
21 ২১ তেতিয়া এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক সাৱধান কৰি আদেশ দিলে;
Halafu Yesu akawaamuru wasimwambie mtu yeyote habari hiyo.
22 ২২ আৰু তেওঁ ক’লে, “মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হব লাগিব।”
Akaendelea kusema: “Ni lazima Mwana wa Mtu apate mateso mengi na kukataliwa na wazee na makuhani wakuu na walimu wa Sheria; atauawa, lakini siku ya tatu atafufuliwa.”
23 ২৩ যীচুৱে সকলোৰে আগত ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিবআৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।
Kisha akawaambia watu wote, “Mtu yeyote akitaka kuwa mfuasi wangu, ni lazima ajikane nafsi yake, auchukue msalaba wake kila siku, anifuate.
24 ২৪ কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁহে তাক ৰক্ষা কৰিব।
Maana, mtu anayetaka kuyaokoa maisha yake mwenyewe, atayapoteza; lakini atakayeyapoteza maisha yake kwa ajili yangu, atayaokoa.
25 ২৫ কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো নিজকে নিজে যদি হেৰুৱায় বা হানি কৰে তেনেহলে তেওঁৰ কি লাভ?
Je, kuna faida gani mtu kuupata utajiri wote wa dunia kwa kujipoteza au kujiangamiza yeye mwenyewe?
26 ২৬ কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।
Mtu akinionea aibu mimi na mafundisho yangu, Mwana wa Mtu atamwonea aibu mtu huyo wakati atakapokuja katika utukufu wake na wa Baba na wa malaika watakatifu.
27 ২৭ কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ইয়াতে থিয় হৈ থকা লোক সকলৰ মাজতে কিছুমান লোক আছে, যি সকলে ঈশ্ৱৰৰ ৰাজ্য নেদেখালৈ মৃত্যুৰ সোৱাদ নাপাব৷”
Nawaambieni kweli, kuna wengine papa hapa ambao hawatakufa kabla ya kuuona Ufalme wa Mungu.”
28 ২৮ এই কথা কোৱাৰ আঠ দিন মানৰ পাছত, তেওঁ পিতৰ, যোহন আৰু যাকোবক লগত লৈ, প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
Yapata siku nane baada ya kusema hayo, Yesu aliwachukua Petro, Yohane na Yakobo, akaenda nao mlimani kusali.
29 ২৯ তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখমণ্ডলৰ সৌন্দর্য্যই অন্যৰূপ ললে আৰু তেওঁৰ কাপোৰবোৰ বগা আৰু চক্‌মকীয়া হ’ল।
Alipokuwa akisali, sura yake ilibadilika, mavazi yake yakawa meupe na kung'aa sana.
30 ৩০ সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্ত্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল;
Na watu wawili wakaonekana wakizungumza naye, nao ni Mose na Eliya,
31 ৩১ তেওঁলোকক প্ৰতাপযুক্ত দেখা গৈছিল৷ তেওঁলোকে ঈশ্ৱৰৰ পৰিকল্পনা অনুসাৰে যীচুৱে কেনেদৰে যিৰূচালেমত মৃত্যুবৰণ কৰিব, সেই বিষয়ে কথা পাতি আছিল।
ambao walitokea wakiwa wenye utukufu, wakazungumza naye juu ya kifo chake ambacho angekikamilisha huko Yerusalemu.
32 ৩২ তেতিয়া পিতৰ আৰু তেওঁৰ লগত যোৱা কেইজনৰ বৰ টোপনি ধৰিছিল; তথাপি জাগি থাকি, তেওঁৰ মহিমা আৰু তেওঁৰ ওচৰত থকা সেই দুজন মানুহক দেখা পালে।
Petro na wenzake walikuwa wamelemewa na usingizi mzito, hata hivyo waliamka, wakauona utukufu wake, wakawaona na wale watu wawili waliokuwa wamesimama pamoja naye.
33 ৩৩ তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোতে, পিতৰে যীচুক ক’লে, “হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজোঁ৷” পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷
Basi, watu hao wawili walipokuwa wakiondoka, Petro alimwambia Yesu, “Bwana, ni vizuri kwamba tupo hapa: basi, tujenge vibanda vitatu: kimoja chako, kimoja cha Mose na kimoja cha Eliya.” —Kwa kweli hakujua anasema nini.
34 ৩৪ এই কথা কওঁতেই, এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে; তাতে মেঘ চাৰিওফালেদি সোমাওঁতে, তেওঁলোকৰ ভয় লাগিল।
Petro alipokuwa akisema hayo, mara wingu likatokea na kuwafunika; na wingu hilo lilipowajia, wale wanafunzi waliogopa sana.
35 ৩৫ তেতিয়া সেই মেঘৰ পৰা এই বাণী শুনিলে, “এওঁ মোৰ প্ৰিয় পুত্ৰ, মোৰ মনোনীত জন, এওঁৰ কথা শুনা।”
Sauti ikasikika kutoka katika hilo wingu: “Huyu ndiye Mwanangu niliyemchagua, msikilizeni.”
36 ৩৬ সেই বাণী হোৱা মাত্ৰে, যীচুক অকলে দেখা গ’ল আৰু তেওঁলোকে সেই সময়ত যি যি দেখিছিল, নীৰৱে থাকি কাকো একো কথা কোৱা নাছিল৷
Baada ya hiyo sauti kusikika, Yesu alionekana akiwa peke yake. Wanafunzi walikaa kimya juu ya tukio hilo, na wakati ule hawakumwambia mtu yeyote mambo hayo waliyoyaona.
37 ৩৭ তাৰ পাছদিনা তেওঁলোক পৰ্বতৰ পৰা নমাৰ পাছত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ’ল।
Kesho yake walipokuwa wakishuka kutoka kule mlimani, kundi kubwa la watu lilikutana na Yesu.
38 ৩৮ সেই সময়ত মানুহবোৰৰ মাজৰ পৰা এজনে ৰিঙিয়াই ক’লে, “হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল’ৰালৈ দৃষ্টি কৰক; কিয়নো সি মোৰ একেটি ল’ৰা।
Hapo, mtu mmoja katika lile kundi akapaaza sauti, akasema, “Mwalimu! Ninakusihi umwangalie mwanangu—mwanangu wa pekee!
39 ৩৯ আৰু চাওক, ভূতৰ আত্মাই তাক ধৰোতে সি অকস্মাতে আটাহ পাৰে আৰু তাক মুচৰিলে মুখৰ পৰা ফেন ওলায় আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি যায়।
Pepo huwa anamshambulia, na mara humfanya apige kelele; humtia kifafa, na povu likamtoka kinywani. Huendelea kumtesa sana, asimwache upesi.
40 ৪০ মই সেই অশুচি আত্মাক খেদাবলৈ আপোনাৰ শিষ্য সকলক মিনতি কৰিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।”
Niliwaomba wanafunzi wako wamfukuze, lakini hawakuweza.”
41 ৪১ তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ ল’ৰা জনক ইয়ালৈ আনা।”
Yesu akasema, “Enyi kizazi kisicho na imani, kilichopotoka! Nitakaa nanyi na kuwavumilia mpaka lini?” Kisha akamwambia huyo mtu, “Mlete mtoto wako hapa.”
42 ৪২ তাতে সি আহোতেই ভূতে তাক আছাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীচুৱে সেই অশুচি আত্মাক ডবিয়াই খেদিলে আৰু ল’ৰা জনক সুস্থ কৰি বাপেকৰ হাতত শোধাই দিলে।
Wakati mtoto huyo alipokuwa anamjia Yesu, yule pepo alimwangusha chini na kumtia kifafa. Lakini Yesu akamkemea yule pepo mchafu akamponya mtoto na kumkabidhi kwa baba yake.
43 ৪৩ তাতে ঈশ্বৰৰ মাহাত্ম্য দেখি সকলোৱে বিস্ময় মানিলে; কিন্তু তেওঁ কৰা কৰ্মবোৰত লোক সকলে বিস্ময় মানি থাকোঁতে, তেওঁ শিষ্য সকলক ক’লে,
Watu wote wakashangazwa na uwezo mkuu wa Mungu. Wale watu walipokuwa bado wanashangaa juu ya mambo yote aliyofanya, Yesu aliwaambia wanafunzi wake,
44 ৪৪ “এই সকলো কথা তোমালোকে মনত ৰাখিবা; কিয়নো মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব।”
“Tegeni masikio, myasikie mambo haya: Mwana wa Mtu anakwenda kutiwa mikononi mwa watu.”
45 ৪৫ কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু বুজি নাপাবলৈ সেই বিষয়ক তেওঁলোকৰ পৰা গুপুতে ৰখা হ’ল৷ তেওঁলোকে সেই কথাৰ বিষয়ে যীচুক সুধিবলৈও ভয় কৰিলে।
Lakini wao hawakuelewa maana ya usemi huo. Jambo hilo lilikuwa limefichwa kwao ili wasitambue; nao wakaogopa kumwuliza juu ya msemo huo.
46 ৪৬ পাছত তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ এই কথাক লৈ তেওঁলোকৰ বাদ-বিচাৰ হৈছিল।
Kukatokea majadiliano kati ya wale wanafunzi kuhusu nani kati yao aliyekuwa mkuu zaidi.
47 ৪৭ কিন্তু যীচুৱে তেওঁলোকৰ মনৰ বিবেচনা বুজি পোৱাত সৰু ল’ৰা এজনক নিজৰ কাষত বহুৱাই ল’লে৷
Yesu aliyajua mawazo yaliyokuwa mioyoni mwao; basi akamchukua mtoto mdogo akamweka karibu naye,
48 ৪৮ তাৰ পাছত তেওঁলোকক ক’লে, “যি কোনোৱে এই ল’ৰা জনক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে৷ কিয়নো তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু সেই জনেই মহান।”
akawaambia, “Mtu yeyote anayempokea mtoto huyu mdogo kwa jina langu, ananipokea mimi; na yeyote anayenipokea mimi, anampokea yule aliyenituma. Maana yule aliye mdogo kuliko wote kati yenu ndiye aliye mkubwa kuliko wote.”
49 ৪৯ পাছত যোহনে মাত লগাই ক’লে, “হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা দেখিলোঁ; কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে অহা নাই কাৰণে আমি তেওঁক নিষেধ কৰিলোঁ।”
Yohane alidakia na kusema, “Bwana, tumemwona mtu mmoja akitoa pepo kwa kulitumia jina lako nasi tukajaribu kumkataza kwa kuwa yeye si mmoja wetu.”
50 ৫০ তেতিয়া যীচুৱে তেওঁক ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো যি জন তোমালোকৰ বিপক্ষ নহয়, তেওঁ তোমালোকৰ সপক্ষ।”
Lakini Yesu akamwambia, “Msimkataze; kwani asiyepingana nanyi yuko upande wenu.”
51 ৫১ পাছত যীচুৰ স্ৱর্গলৈ যোৱাৰ সময় প্ৰায় পূর্ণ হোৱাৰ অৱস্থাত, তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মনস্থ কৰিলে৷
Wakati ulipokaribia ambapo Yesu angechukuliwa juu mbinguni, yeye alikata shauri kwenda Yerusalemu.
52 ৫২ তেওঁ সেই ঠাই গৈ পোৱাৰ আগেয়ে কিছুমান বার্তাবাহকক পঠালে, তেওঁলোকে যীচুৰ কাৰণে সকলোবোৰ যুগুত কৰিবলৈ চমৰীয়া সকলৰ এখন গাঁৱত সোমাল।
Basi, akawatuma wajumbe wamtangulie, nao wakaenda wakaingia kijiji kimoja cha Wasamaria ili wamtayarishie mahali.
53 ৫৩ কিন্তু তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মন স্থিৰ কৰাত, সেই ঠাইৰ লোক সকলে তেওঁক গ্ৰহণ নকৰিলে।
Lakini wenyeji wa hapo hawakutaka kumpokea kwa sababu alikuwa anaelekea Yerusalemu.
54 ৫৪ ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, “হে প্ৰভু, স্বৰ্গৰ পৰা জুই ওলাই আহি সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?”
Basi, wanafunzi wake, kina Yohane na Yakobo, walipoona hayo, wakasema, “Bwana, wataka tuamuru moto ushuke kutoka mbinguni uwateketeze?”
55 ৫৫ কিন্তু তেওঁ মুখ ঘূৰালে আৰু তেওঁলোকক ডবিয়াই দিলে।
Lakini yeye akawageukia, akawakemea akasema, “Hamjui ni roho ya namna gani mliyo nayo;
56 ৫৬ তাৰ পাছত তেওঁলোক আন এখন গাঁৱলৈ গ’ল।
kwa maana Mwana wa Mtu hakuja kuyaangamiza maisha ya watu, bali kuyaokoa.” Wakatoka, wakaenda kijiji kingine.
57 ৫৭ তেওঁলোকে বাটত যাওঁতে, এজন মানুহে যীচুক ক’লে, “আপুনি য’লৈকে যায় ত’লৈকে ময়ো আপোনাৰ পাছে পাছে যাম।”
Walipokuwa wakisafiri njiani, mtu mmoja akamwambia Yesu, “Nitakufuata kokote utakakokwenda.”
58 ৫৮ যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আছে আৰু আকাশৰ চৰাইৰো বাহ আছে কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ কোনো ঠাই নাই।”
Yesu akasema, “Mbweha wana mapango, na ndege wana viota; lakini Mwana wa Mtu hana mahali pa kupumzikia.”
59 ৫৯ পাছত যীচুৱে আন এজনক ক’লে, “তুমি মোৰ পাছে পাছে আহা।” কিন্তু তেওঁ ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দিবলৈ অনুমতি দিয়ক৷”
Kisha akamwambia mtu mwingine, “Nifuate.” Lakini huyo akasema, “Bwana, niruhusu kwanza niende kumzika baba yangu.”
60 ৬০ তেতিয়া তেওঁ সেই মানুহ জনক কলে, “মৃতবোৰে নিজৰ নিজৰ মৃতবোৰক মৈদাম দিয়ক কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰা।”
Yesu akamwambia, “Waache wafu wazike wafu wao; bali wewe nenda ukatangaze Ufalme wa Mungu.”
61 ৬১ আন এজনে ক’লে, “হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবোৰৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক।”
Na mtu mwingine akamwambia, “Nitakufuata, lakini niruhusu kwanza nikawaage wale walio nyumbani kwangu.”
62 ৬২ যীচুৱে তেওঁক ক’লে, “যি কোনোৱে নাঙলত হাত থৈ পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।”
Yesu akamwambia, “Yeyote anayeshika jembe tayari kulima na huku anaangalia nyuma, hafai kwa Ufalme wa Mungu.”

< লূক 9 >