< লূক 8 >

1 তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল৷
Poslije toga iðaše on po gradovima i po selima uèeæi i propovijedajuæi jevanðelje o carstvu Božijemu, i dvanaestorica s njim.
2 ইয়াৰ উপৰি ভূতৰ আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে সাতটা ভূতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগ্দলীনী বুলি মতা সেই মৰিয়ম;
I neke žene koje bijahu iscijeljene od zlijeh duhova i bolesti: Marija, koja se zvaše Magdalina, iz koje sedam ðavola iziðe,
3 আৰু হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ভার্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল৷ এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল।
I Jovana, žena Huze pristava Irodova, i Susana, i druge mnoge koje služahu njemu imanjem svojijem.
4 সেই সময়ত বিভিন্ন চহৰৰ পৰা দলে দলে মানুহবোৰ আহি যীচুৰ ওচৰত একগোট হৈছিল৷ তেতিয়া তেওঁ উপদেশ দিব ধৰোতে, এই দৃষ্টান্ত দি ক’লে, “এজন খেতিয়কে বীজ সিচিঁবলৈ গ’ল;
A kad se sabra naroda mnogo, i iz sviju gradova dolažahu k njemu, kaza u prièi:
5 তাতে বীজ সিচাঁৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ’ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে।
Iziðe sijaè da sije sjeme svoje; i kad sijaše, jedno pade kraj puta, i pogazi se, i ptice nebeske pozobaše ga.
6 কিছুমান শিলনিত পৰিল; তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গ’ল।
A drugo pade na kamen, i iznikavši osuši se, jer nemaše vlage.
7 কিছুমান বীজ কাঁইটৰ মাজত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেচি ধৰি মাৰিলে।
I drugo pade u trnje, i uzraste trnje, i udavi ga.
8 কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে৷” এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে ক’লে, “যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক৷”
A drugo pade na zemlju dobru, i iznikavši donese rod sto puta onoliko. Govoreæi ovo povika: ko ima uši da èuje neka èuje.
9 পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, “এই দৃষ্টান্তৰ অৰ্থ কি হব পাৰে?”
A uèenici njegovi pitahu ga govoreæi: šta znaèi prièa ova?
10 ১০ তাতে তেওঁ ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷
A on reèe: vama je dano da znate tajne carstva Božijega; a ostalima u prièama, da gledajuæi ne vide, i èujuæi ne razumiju.
11 ১১ দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য।
A prièa ova znaèi: sjeme je rijeè Božija.
12 ১২ বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু পৰিত্ৰাণো নাপায়৷।
A koje je kraj puta to su oni koji slušaju, ali potom dolazi ðavo, i uzima rijeè iz srca njihovoga, da ne vjeruju i da se ne spasu.
13 ১৩ আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।
A koje je na kamenu to su oni koji kad èuju s radosti primaju rijeè; i ovi korijena nemaju koji za neko vrijeme vjeruju, a kad doðe vrijeme kušanja otpadnu.
14 ১৪ আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত, এওঁলোকৰ একো ফল সিদ্ধ নহয়।
A koje u trnje pade to su oni koji slušaju, i otišavši od brige i bogatstva i slasti ovoga života zaguše se, i rod ne sazri.
15 ১৫ কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈধৈৰ্যৰে ফল উৎপন্ন কৰে।
A koje je na dobroj zemlji to su oni koji rijeè slušaju, i u dobrome i èistom srcu drže, i rod donose u trpljenju. Ovo govoreæi povika: ko ima uši da èuje neka èuje.
16 ১৬ কোনেও চাকি লগাই পাত্ৰেৰে ঢাকি নথয় বা বিচনাৰ তলত নথয়; কিন্তু ভিতৰলৈ অহা সকলে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়।
Niko pak svijeæe ne poklapa sudom kad je zapali, niti meæe pod odar, nego je metne na svijeænjak da vide svjetlost koji ulaze.
17 ১৭ কিয়নো যি প্ৰকাশিত নহ’ব, এনে কোনো লুকুৱাই থোৱা বস্তু নাই; আৰু যিহক জনা নহ’ব, আৰু যি অপ্ৰকাশিত হৈ থাকিব, এনে কোনো গুপুত বস্তু নাই।
Jer nema ništa tajno što neæe biti javno, ni sakriveno što se neæe doznati i na vidjelo iziæi.
18 ১৮ এতেকে আপোনালোকে কিদৰে শুনিছে সেয়া বিবেচনা কৰিব; কিয়নো যিয়ে শুনিছে, তেখেতক পুণৰ দিয়া হ’ব; কিন্তু যিয়ে শুনা নাই, তেখেতে যি আছে বুলি নিজে ভাবে, সেয়াও তেখেতৰ পৰা নিয়া হ’ব।”
Gledajte dakle kako slušate; jer ko ima, daæe mu se, a ko nema, uzeæe se od njega i ono što misli da ima.
19 ১৯ সেই সময়ত যীচুৰ মাক আৰু ভায়েক সকল তেওঁৰ ওচৰলৈ আহিছিল; কিন্তু লোক সকলৰ কাৰণে তেওঁৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে।
Doðoše pak k njemu mati i braæa njegova, i ne mogahu od naroda da govore s njim.
20 ২০ তেতিয়া তেওঁক এই সম্বাদ দিয়া হ’ল যে, “আপোনাৰ আই আৰু ভাই সকলে আপোনাক দেখা পোৱাৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।”
I javiše mu govoreæi: mati tvoja i braæa tvoja stoje napolju, hoæe da te vide.
21 ২১ কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।”
A on odgovarajuæi reèe im: mati moja i braæa moja oni su koji slušaju rijeè Božiju i izvršuju je.
22 ২২ পাছত এদিন যীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক’লে, “আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ।” তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ’ল।
I dogodi se u jedan dan on uljeze s uèenicima svojijem u laðu, i reèe im: da prijeðemo na onu stranu jezera. I poðoše.
23 ২৩ কিন্তু যাওঁতে যাওঁতে, তেওঁৰ টোপনি আহিল; আৰু সেই সময়তে সৰোবৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে, তাতে ঢৌত পানী সোমাই থকাত, তেওঁলোক সঙ্কটত পৰিল।
A kad iðahu oni on zaspa. I podiže se oluja na jezeru, i topljahu se, i bijahu u velikoj nevolji.
24 ২৪ তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই ক’লে “হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।” তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ’ল আৰু সকলোবোৰ শান্ত হৈ পৰিল।
I pristupivši probudiše ga govoreæi: uèitelju! uèitelju! izgibosmo. A on ustade, i zaprijeti vjetru i valovima; i prestadoše i posta tišina.
25 ২৫ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ বিশ্বাস ক’ত?” তেতিয়া তেওঁলোকে ভয়াতুৰ হৈ, বিস্ময় মানি ইজনে সিজনক ক’লে, “এওঁ নো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও এওঁৰ কথা মানে!”
A njima reèe: gdje je vjera vaša? A oni se poplašiše, i èuðahu se govoreæi jedan drugome: ko je ovaj što i vjetrovima i vodi zapovijeda, i slušaju ga?
26 ২৬ পাছত তেওঁলোকে গালীল প্ৰদেশৰ সন্মুখত থকা গেৰাচেনীয়া সকলৰ দেশ পালেগৈ।
I doðoše u okolinu Gadarinsku koja je prema Galileji.
27 ২৭ তাতে যীচুৱে বামত উঠোতে, নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ’ল৷ সি বহু দিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল কিন্তু মৈদামবোৰতহে থাকিছিল।
A kad iziðe on na zemlju, srete ga jedan èovjek iz grada u kome bijahu ðavoli od mnogo godina, i u haljine ne oblaèaše se, i ne življaše u kuæi, nego u grobovima.
28 ২৮ সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল৷ পাছত বৰ মাতেৰে ক’ব ধৰিলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।”
A kad vidje Isusa, povika i pripade k njemu i reèe zdravo: što je tebi do mene, Isuse, sine Boga najvišega? Molim te, ne muèi me.
29 ২৯ কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অশুচি আত্মাক আদেশ দিছিল; কিয়নো সেই অশুচি আত্মাই মানুহ জনক বহু দিনৰ পৰা ধৰি আছিল৷ মানুহ জনক শিকলি আৰু বেৰীৰে বান্ধি ৰাখিছিল আৰু পহৰাও দি থকা হৈছিল; কিন্তু সি বান্ধ ছিগি, ভূতৰ দ্বাৰাই চালিত হৈ নিৰ্জন ঠাইলৈ আহি আছিল।
Jer Isus zapovjedi duhu neèistome da iziðe iz èovjeka; jer ga muèaše odavno, i metahu ga u verige i u puta da ga èuvaju, i iskida sveze, i tjeraše ga ðavo po pustinji.
30 ৩০ তেতিয়া যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” তেতিয়া সি ক’লে, “বাহিনী”; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল।
A Isus ga zapita govoreæi: kako ti je ime? A on reèe: legeon; jer mnogi ðavoli bijahu ušli u nj.
31 ৩১ পাছত সেই ভূতহঁতক অগাধ ঠাইলৈ যাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে। (Abyssos g12)
I moljahu ga da im ne zapovjedi da idu u bezdan. (Abyssos g12)
32 ৩২ সেই সময়ত পর্বতত এজাক গাহৰি চৰি আছিল৷ তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীচুক মিনতি কৰিলে৷ তেতিয়া যীচুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে৷
A ondje pasijaše po gori veliki krd svinja, i moljahu ga da im dopusti da u njih uðu. I dopusti im.
33 ৩৩ সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল।
Tada iziðoše ðavoli iz èovjeka i uðoše u svinje; i navali krd s brijega u jezero, i utopi se.
34 ৩৪ এই ঘটনা দেখি ৰখীয়াবোৰে পলাই গৈ নগৰ আৰু গাৱেঁ-ভুয়ে সম্বাদ দিলে।
A kad vidješe svinjari što bi, pobjegoše i javiše u gradu i po selima.
35 ৩৫ তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে৷ ইয়াকে দেখি আটাইলোকে ভয় কৰিলে।
I iziðoše ljudi da vide šta je bilo, i doðoše k Isusu, i naðoše èovjeka iz koga ðavoli bijahu izišli a on sjedi obuèen i pametan kod nogu Isusovijeh; i uplašiše se.
36 ৩৬ আৰু সেই ভূতে পোৱা লোক জনে কেনেকৈ ৰক্ষা পালে, দেখাবোৰে সেই বিষয়ে আনবোৰ লোকৰ আগত ক’লে।
A oni što su vidjeli kazaše im kako se iscijeli bijesni.
37 ৩৭ তেতিয়া গেৰাচেনীয়া সকলৰ দেশৰ চাৰিওফালৰ মানুহে আহি তেওঁলোকৰ ওচৰৰ পৰা আতৰি যাবলৈ যীচুক অনুৰোধ কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল।
I moli ga sav narod iz okoline Gadarinske da ide od njih; jer se bijahu vrlo uplašili. A on uljeze u laðu i otide natrag.
38 ৩৮ সেয়েহে তেওঁ নাৱত উঠি, উলটি গ’ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ’ল, সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে; কিন্তু তেওঁ তাক পঠিয়াই দি ক’লে,
Èovjek pak iz koga iziðoše ðavoli moljaše da bi s njim bio; ali ga Isus otpusti govoreæi:
39 ৩৯ “তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনলৈ কেনে মহৎ কৰ্ম কৰিলে, সেই বিষয়ে বৰ্ণনা কৰাগৈ।” তেতিয়া সি তাৰ পৰা গৈ, যীচুৱে তালৈ যি মহৎ কৰ্ম কৰিলে, সেই বিষয়ে গোটেই খন নগৰত ঘোষণা কৰিব ধৰিলে।
Vrati se kuæi svojoj, i kazuj šta ti uèini Bog. I otide propovijedajuæi po svemu gradu šta mu Isus uèini.
40 ৪০ পাছত যীচু ঘূৰি আহোতে, লোক সকলে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল।
A kad se vrati Isus, srete ga narod, jer ga svi oèekivahu.
41 ৪১ আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে;
I gle, doðe èovjek po imenu Jair, koji bješe starješina u zbornici, i pade pred noge Isusove, i moljaše ga da uðe u kuæu njegovu;
42 ৪২ কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল৷
Jer u njega bješe jedinica kæi od dvanaest godina, i ona umiraše. A kad iðaše Isus, turkaše ga narod.
43 ৪৩ সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ধন, সম্পত্তি ব্যয় কৰিও সুস্থ হোৱা নাছিল৷
I bješe jedna bolesna žena od teèenja krvi dvanaest godina, koja je sve svoje imanje potrošila na ljekare i nijedan je nije mogao izlijeèiti,
44 ৪৪ সেই জনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গ’ল।
I pristupivši sastrag dotaèe se skuta od haljine njegove, i odmah stade teèenje krvi njezine.
45 ৪৫ তাতে যীচুৱে ক’লে, “মোক কোনে চুলে?” তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক’লে, “হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।”
I reèe Isus: ko je to što se dotaèe mene? A kad se svi odgovarahu, reèe Petar i koji bijahu s njim: uèitelju! narod te opkolio i turka te, a ti kažeš: ko je to što se dotaèe mene?
46 ৪৬ কিন্তু যীচুৱে ক’লে, “কোনোবাই মোক চুলে; কিয়নো মোৰ পৰা শক্তি ওলাই যোৱা মই গম পালোঁ।”
A Isus reèe: neko se dotaèe mene; jer ja osjetih silu koja iziðe iz mene.
47 ৪৭ তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব৷ তেতিয়া তেওঁ কঁপি কঁপি আহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ’ল; সেই বিষয়ে সকলোৰ আগত ক’লে।
A kad vidje žena da se nije sakrila, pristupi drkæuæi, i pade pred njim, i kaza mu pred svijem narodom zašto ga se dotaèe i kako odmah ozdravi.
48 ৪৮ তেতিয়া যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা।”
A on joj reèe: ne boj se, kæeri! vjera tvoja pomože ti; idi s mirom.
49 ৪৯ তেওঁ এই কথা কৈ থাকোতেই, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা কোনো এজনে আহি তেওঁক ক’লে, “তোমাৰ জীয়েৰা মৰিল; গুৰুক পুনৰ দুখ নিদিবা।”
Dok on još govoraše doðe neko od kuæe starješine zbornièkoga govoreæi mu: umrije kæi tvoja, ne trudi uèitelja.
50 ৫০ কিন্তু যীচুৱে সেই কথা শুনি তেওঁক উত্তৰ দিলে, “ভয় নকৰিবা; বিশ্বাস মাথোন কৰা আৰুতাতেই তাই ৰক্ষা পৰিব।”
A kad èu Isus, odgovori mu govoreæi: ne boj se, samo vjeruj, i oživljeæe.
51 ৫১ পাছত ঘৰলৈ আহি, পিতৰ, যোহন, যাকোব, আৰু ছোৱালীৰ মাক-দেউতাকৰ বাহিৰে, কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে।
A kad doðe u kuæu, ne dade nijednome uæi osim Petra i Jovana i Jakova, i djevojèina oca i matere.
52 ৫২ আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক’লে, “তোমালোকে নাকান্দিবা; তাই মৰা নাই, তাই মাত্র টোপনিতহে আছে।”
A svi plakahu i jaukahu za njom; a on reèe: ne plaèite, nije umrla nego spava.
53 ৫৩ কিন্তু তাই মৰিল বুলি তেওঁলোকে জানি তেওঁক হাঁহিলে।
I potsmijevahu mu se znajuæi da je umrla.
54 ৫৪ কিন্তু তেওঁ তাইৰ হাতত ধৰি, মাতি ক’লে, “আইটি, উঠা।”
A on izagnavši sve uze je za ruku, i zovnu govoreæi: djevojko! ustani!
55 ৫৫ তেতিয়াই তাইৰ প্ৰাণ উভতি আহিল আৰু তাই উঠি বহিল৷ তেতিয়া তাইক খাবলৈ দিবৰ বাবে যীচুৱে আদেশ দিলে৷
I povrati se duh njezin, i ustade odmah; i zapovjedi da joj dadu neka jede.
56 ৫৬ তাতে তাইৰ মাক-দেউতাকে বিস্ময় মানিলে; কিন্তু এই ঘটনাৰ কথা কাকো নকবলৈ তেওঁ তেওঁলোকক আদেশ দিলে।
I diviše se roditelji njezini. A on im zapovjedi da nikome ne kazuju šta je bilo.

< লূক 8 >