< লূক 7 >

1 যীচুৱে ক’ব বিচৰা সকলো কথা মানুহবোৰে শুনিব পৰাকৈ কোৱাৰ পাছত তেওঁ কফৰনাহূম চহৰত সোমাল৷
Cum autem implesset omnia verba sua in aures plebis, intravit Capharnaum.
2 সেই ঠাইত এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷
Centurionis autem cujusdam servus male habens, erat moriturus: qui illi erat pretiosus.
3 কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক অনুৰোধ কৰিবলৈ ইহুদী সকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে৷
Et cum audisset de Jesu, misit ad eum seniores Judæorum, rogans eum ut veniret et salvaret servum ejus.
4 তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি ক’লে, “যাৰ বাবে আপোনাৰ ওচৰত আহিছোঁ, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷
At illi cum venissent ad Jesum, rogabant eum sollicite, dicentes ei: Quia dignus est ut hoc illi præstes:
5 কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নাম-ঘৰটোও তেৱেঁই আমাৰ বাবে সাজি দিলে৷”
diligit enim gentem nostram, et synagogam ipse ædificavit nobis.
6 তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ;
Jesus autem ibat cum illis. Et cum jam non longe esset a domo, misit ad eum centurio amicos, dicens: Domine, noli vexari: non enim sum dignus ut sub tectum meum intres:
7 সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ; কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হ’ব।
propter quod et meipsum non sum dignum arbitratus ut venirem ad te: sed dic verbo, et sanabitur puer meus.
8 কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।”
Nam et ego homo sum sub potestate constitutus, habens sub me milites: et dico huic, Vade, et vadit: et alii, Veni, et venit: et servo meo, Fac hoc, et facit.
9 যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক ক’লে, “মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।”
Quo audito Jesus miratus est: et conversus sequentibus se turbis, dixit: Amen dico vobis, nec in Israël tantam fidem inveni.
10 ১০ পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে।
Et reversi, qui missi fuerant, domum, invenerunt servum, qui languerat, sanum.
11 ১১ ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ এটা দল তেওঁৰ লগত গৈ আছিল।
Et factum est: deinceps ibat in civitatem quæ vocatur Naim: et ibant cum eo discipuli ejus et turba copiosa.
12 ১২ যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল।
Cum autem appropinquaret portæ civitatis, ecce defunctus efferebatur filius unicus matris suæ: et hæc vidua erat: et turba civitatis multa cum illa.
13 ১৩ তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু ক’লে, “তুমি নাকান্দিবা।”
Quam cum vidisset Dominus, misericordia motus super eam, dixit illi: Noli flere.
14 ১৪ পাছত তেওঁ ওচৰলৈ গৈ মৰা লোক জনক কঢ়িয়াই নিয়া চাং খন চুলে; তাতে চাং খন কঢ়িয়াই নিয়া লোক সকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ ক’লে, “হে ডেকা, মই তোমাক ইয়াকে কৈছোঁ, তুমি উঠা।”
Et accessit, et tetigit loculum. (Hi autem qui portabant, steterunt.) Et ait: Adolescens, tibi dico, surge.
15 ১৫ তেতিয়াই সেই মৃত লোক জন উঠি বহিল আৰু কথা কবলৈ আৰম্ভ কৰিলে। তেতিয়া যীচুৱে তেওঁক নি, তেওঁৰ মাতৃৰ হাতত তুলি দিলে।
Et resedit qui erat mortuus, et cœpit loqui. Et dedit illum matri suæ.
16 ১৬ ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷”
Accepit autem omnes timor: et magnificabant Deum, dicentes: Quia propheta magnus surrexit in nobis: et quia Deus visitavit plebem suam.
17 ১৭ পাছত গোটেই যিহুদীয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল।
Et exiit hic sermo in universam Judæam de eo, et in omnem circa regionem.
18 ১৮ পাছত যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে।
Et nuntiaverunt Joanni discipuli ejus de omnibus his.
19 ১৯ তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?”
Et convocavit duos de discipulis suis Joannes, et misit ad Jesum, dicens: Tu es qui venturus es, an alium exspectamus?
20 ২০ তেতিয়া সেই লোক দুজন যীচুৰ ওচৰলৈ আহিল আৰু ক’লে, “বাপ্তাইজক যোহনে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু শুধিছে যে, ‘আহিবলগীয়া জন আপুনিয়েই নে? নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম’?”
Cum autem venissent ad eum viri, dixerunt: Joannes Baptista misit nos ad te dicens: Tu es qui venturus es, an alium exspectamus?
21 ২১ সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল।
(In ipsa autem hora multos curavit a languoribus, et plagis, et spiritibus malis, et cæcis multis donavit visum.)
22 ২২ তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,
Et respondens, dixit illis: Euntes renuntiate Joanni quæ audistis et vidistis: quia cæci vident, claudi ambulant, leprosi mundantur, surdi audiunt, mortui resurgunt, pauperes evangelizantur:
23 ২৩ আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷’”
et beatus est quicumque non fuerit scandalizatus in me.
24 ২৪ পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ’ল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ ওলাই গৈছিল, বতাহে লৰোৱা নল নে?
Et cum discessissent nuntii Joannis, cœpit de Joanne dicere ad turbas: Quid existis in desertum videre? arundinem vento agitatam?
25 ২৫ তেনেহলে কি চাবলৈ গৈছিল, এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওক, যি সকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখভোগেৰে জীয়াই থাকে, এনে মান্যৱন্ত লোক ৰাজভৱনতহে থাকে।
Sed quid existis videre? hominem mollibus vestibus indutum? Ecce qui in veste pretiosa sunt et deliciis, in domibus regum sunt.
26 ২৬ তেনেহলে কি চাবলৈ গৈছিল, ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ভাৱবাদীতকৈয়ো বহু শ্ৰেষ্ঠ জনক।
Sed quid existis videre? prophetam? Utique dico vobis, et plus quam prophetam:
27 ২৭ এই জনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল- ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব৷’
hic est, de quo scriptum est: Ecce mitto angelum meum ante faciem tuam, qui præparabit viam tuam ante te.
28 ২৮ মই আপোনালোকক কওঁ, ‘নাৰীৰ পৰা জন্ম পোৱা কোনো লোকৰ মাজত, যোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈয়ো সৰু জনেই তেওঁতকৈ মহান’।”
Dico enim vobis: major inter natos mulierum propheta Joanne Baptista nemo est: qui autem minor est in regno Dei, major est illo.
29 ২৯ সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰিলে;
Et omnis populus audiens et publicani, justificaverunt Deum, baptizati baptismo Joannis.
30 ৩০ কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷
Pharisæi autem et legisperiti consilium Dei spreverunt in semetipsos, non baptizati ab eo.
31 ৩১ “এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ
Ait autem Dominus: Cui ergo similes dicam homines generationis hujus? et cui similes sunt?
32 ৩২ যিবোৰ ল’ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, ‘আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা’; তেওঁলোক এই ল’ৰাবোৰৰ নিচিনা।
Similes sunt pueris sedentibus in foro, et loquentibus ad invicem, et dicentibus: Cantavimus vobis tibiis, et non saltastis: lamentavimus, et non plorastis.
33 ৩৩ কিয়নো বাপ্তাইজক যোহনে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপি আপোনালোকে কয়, ‘তেওঁ ভূতে পোৱা’।
Venit enim Joannes Baptista, neque manducans panem, neque bibens vinum, et dicitis: Dæmonium habet.
34 ৩৪ মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু’।
Venit Filius hominis manducans, et bibens, et dicitis: Ecce homo devorator, et bibens vinum, amicus publicanorum et peccatorum.
35 ৩৫ কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰমাণিত হৈছে।”
Et justificata est sapientia ab omnibus filiis suis.
36 ৩৬ এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়েহে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল।
Rogabat autem illum quidam de pharisæis ut manducaret cum illo. Et ingressus domum pharisæi discubuit.
37 ৩৭ সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে;
Et ecce mulier, quæ erat in civitate peccatrix, ut cognovit quod accubuisset in domo pharisæi, attulit alabastrum unguenti:
38 ৩৮ তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।
et stans retro secus pedes ejus, lacrimis cœpit rigare pedes ejus, et capillis capitis sui tergebat, et osculabatur pedes ejus, et unguento ungebat.
39 ৩৯ তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
Videns autem pharisæus, qui vocaverat eum, ait intra se dicens: Hic si esset propheta, sciret utique quæ et qualis est mulier, quæ tangit eum: quia peccatrix est.
40 ৪০ তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে।” তাতে তেওঁ ক’লে, “হে গুৰু, কওক।”
Et respondens Jesus, dixit ad illum: Simon, habeo tibi aliquid dicere. At ille ait: Magister, dic.
41 ৪১ যীচুৱে ক’লে “এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ দীনাৰী, এজনৰ পঞ্চাশ দীনাৰী ৰূপ ধাৰ আছিল;
Duo debitores erant cuidam fœneratori: unus debebat denarios quingentos, et alius quinquaginta.
42 ৪২ পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰ পাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?”
Non habentibus illis unde redderent, donavit utrisque. Quis ergo eum plus diligit?
43 ৪৩ তেতিয়া চিমোনে উত্তৰ দি ক’লে, “বোধ কৰোঁ, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলা।”
Respondens Simon dixit: Æstimo quia is cui plus donavit. At ille dixit ei: Recte judicasti.
44 ৪৪ তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক’লে, “এই তিৰোতা জনীক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলোঁ, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে।
Et conversus ad mulierem, dixit Simoni: Vides hanc mulierem? Intravi in domum tuam, aquam pedibus meis non dedisti: hæc autem lacrimis rigavit pedes meos, et capillis suis tersit.
45 ৪৫ তুমি মোক চুমা নাখালা; কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে।
Osculum mihi non dedisti: hæc autem ex quo intravit, non cessavit osculari pedes meos.
46 ৪৬ তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে;
Oleo caput meum non unxisti: hæc autem unguento unxit pedes meos.
47 ৪৭ এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাতো ক্ষমা কৰা হ’ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যি জনৰ অলপ ক্ষমা হয়, তেওঁক অলপ প্ৰেম কৰে।”
Propter quod dico tibi: remittuntur ei peccata multa, quoniam dilexit multum. Cui autem minus dimittitur, minus diligit.
48 ৪৮ পাছত তেওঁ সেই তিৰোতাক ক’লে, “তোমাৰ পাপ ক্ষমা হ’ল।”
Dixit autem ad illam: Remittuntur tibi peccata.
49 ৪৯ তেতিয়া তেওঁৰ সৈতে ভোজনত বহি থকা সকলে নিজৰ নিজৰ মাজত কবলৈ ধৰিলে, “পাপ ক্ষমা কৰিব পৰা এওঁ নো কোন?”
Et cœperunt qui simul accumbebant, dicere intra se: Quis est hic qui etiam peccata dimittit?
50 ৫০ কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।”
Dixit autem ad mulierem: Fides tua te salvam fecit: vade in pace.

< লূক 7 >