< লূক 5 >

1 এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহুলোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল।
Երբ բազմութիւնը խռնուեցաւ անոր շուրջը՝ Աստուծոյ խօսքը լսելու համար, ինք Գեննեսարէթի ծովակին եզերքը կանգնած էր,
2 এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে।
ու տեսաւ երկու նաւեր՝ որ ծովակին եզերքը կեցած էին, եւ ձկնորսները՝ անոնցմէ իջած՝ ուռկանները կը լուային:
3 তাৰে এখন নাৱত যীচু উঠিল, সেই নাও খন চিমোনৰ আছিল। যীচুৱে তেওঁক নাও খন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক’লে; তাৰ পাছত তেওঁ নাৱত বহিল আৰু তাৰ পৰাই লোক সকলক শিক্ষা দিব ধৰিলে।
Ինք մտաւ այդ նաւերէն մէկուն մէջ՝ որ Սիմոնինն էր, խնդրեց անկէ՝ որ քիչ մը ցամաքէն ծովուն մէջ տանի. ու նստելով նաւուն մէջ՝ կը սորվեցնէր բազմութիւններուն:
4 তেওঁৰ কথা শেষ হোৱাত চিমোনক ক’লে, “এতিয়া দ পানী লৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।”
Երբ դադրեցաւ խօսելէն՝ ըսաւ Սիմոնի. «Յառա՛ջ տար նաւը՝ դէպի խորունկը, եւ նետեցէ՛ք ձեր ուռկանները՝ ձուկ որսալու»:
5 চিমোনে উত্তৰ দি ক’লে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।”
Սիմոն պատասխանեց անոր. «Վարդապե՛տ, ամբողջ գիշերը աշխատեցանք ու ոչինչ որսացինք. բայց կը նետեմ ուռկանը՝ քու խօսքիդ համար»:
6 পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে।
Երբ ատիկա ըրին՝ մեծ քանակութեամբ ձուկ բռնեցին, եւ իրենց ուռկանը կը պատռտէր:
7 তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হ’ল।
Նշան կ՚ընէին միւս նաւուն մէջ եղող իրենց ընկերակիցներուն, որ գան՝ օգնեն իրենց: Եկան ու երկու նաւերն ալ լեցուցին, եւ գրեթէ ընկղմելու մօտ էին:
8 ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।”
Երբ Սիմոն Պետրոս տեսաւ, ինկաւ Յիսուսի ծունկերուն ու ըսաւ. «Տէ՛ր, հեռացի՛ր իմ քովէս, քանի որ ես մեղաւոր մարդ մըն եմ»:
9 ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল।
Որովհետեւ այլայլած էր, ինչպէս նաեւ բոլոր իրեն հետ եղողները, իրենց բռնած ձուկերու առատութեան համար.
10 ১০ চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”
նոյնպէս ալ Զեբեդէոսի որդիները՝ Յակոբոս եւ Յովհաննէս, որոնք Սիմոնի ընկերներն էին: Յիսուս ըսաւ Սիմոնի. «Մի՛ վախնար, ասկէ ետք մարդո՛ց որսորդ՝՝ պիտի ըլլաս»:
11 ১১ পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল।
Ու նաւերը ցամաք հանելով՝ թողուցին ամէն ինչ եւ հետեւեցան անոր:
12 ১২ এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
Երբ ինք քաղաքի մը մէջ էր՝ ահա՛ մարդ մը, բորոտութեամբ լեցուն, տեսնելով Յիսուսը՝ ինկաւ երեսի վրայ, աղերսեց անոր եւ ըսաւ. «Տէ՛ր, եթէ ուզես՝ կրնա՛ս մաքրել զիս»:
13 ১৩ তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।
Յիսուս երկարելով իր ձեռքը՝ դպաւ անոր ու ըսաւ. «Կ՚ուզե՛մ, մաքրուէ՛». եւ իսկոյն բորոտութիւնը գնաց անկէ:
14 ১৪ তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উ‌‌ৎসৰ্গ কৰাগৈ।”
Ինք պատուիրեց անոր՝ որ ո՛չ մէկուն ըսէ, հապա՝ ըսաւ. «Գնա՛, ցո՛յց տուր քեզ քահանային, եւ Մովսէսի պատուիրածին համաձայն՝ մատուցանէ՛ քու մաքրուելուդ ընծան, իբր վկայութիւն անոնց»:
15 ১৫ তথাপি যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহুলোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে।
Սակայն անոր համբաւը ա՛լ աւելի կը տարածուէր. ու մեծ բազմութիւններ կը համախմբուէին՝ մտիկ ընելու եւ բուժուելու իրենց հիւանդութիւններէն:
16 ১৬ কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
Բայց ինք կը քաշուէր ամայի տեղեր ու կ՚աղօթէր:
17 ১৭ এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল।
Օր մը՝ ինք կը սորվեցնէր, ու Փարիսեցիներ եւ Օրէնքի վարդապետներ նստած էին, - որոնք ժողվուած էին Գալիլեայի, Հրէաստանի ու Երուսաղէմի բոլոր գիւղերէն, - եւ Տէրոջ զօրութիւնը ներկայ էր բժշկելու համար՝՝:
18 ১৮ তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগীজনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল।
Եւ ահա՛ քանի մը մարդիկ բերին անդամալոյծ մարդ մը՝ մահիճով, ու կը ջանային ներս մտցնել զայն եւ դնել անոր առջեւ:
19 ১৯ কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ ওপৰত উঠি চালি আতৰাই শয্যাৰ সৈতে ৰোগীজনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে।
Երբ բազմութեան պատճառով չկրցան ճամբայ գտնել՝ որ ներս մտցնեն զայն, ելան տանիքը, եւ կղմինտրներուն մէջէն՝ մահիճով իջեցուցին զայն մէջտեղը, Յիսուսի առջեւ:
20 ২০ তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে ক’লে, “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।”
Ան ալ՝ տեսնելով անոնց հաւատքը՝ ըսաւ անոր. «Մա՛րդ, մեղքերդ ներուած են քեզի»:
21 ২১ তাতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এই জন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?”
Դպիրներն ու Փարիսեցիները սկսան մտածել՝ ըսելով. «Ո՞վ է ասիկա՝ որ հայհոյութիւններ կ՚ըսէ: Ո՞վ կրնայ մեղքերը ներել՝ բացի Աստուծմէ՝՝»:
22 ২২ কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে?
Երբ Յիսուս ըմբռնեց անոնց մտածումները՝ պատասխանեց անոնց. «Ի՞նչ կը մտածէք ձեր սիրտերուն մէջ:
23 ২৩ কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
Ո՞րը աւելի դիւրին է, “մեղքերդ ներուած են քեզի” ըսե՞լը, թէ՝ “ոտքի՛ ելիր ու քալէ՛” ըսելը:
24 ২৪ কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰক্ষমতা আছে।” সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।”
Բայց որպէսզի գիտնաք թէ մարդու Որդին իշխանութիւն ունի՝ երկրի վրայ մեղքերը ներելու, (ըսաւ անդամալոյծին, ) քեզի՛ կ՚ըսեմ. “Ոտքի՛ ելիր, ա՛ռ մահիճդ ու գնա՛ տունդ”»:
25 ২৫ লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুই আছিল, সেই শয্যা তুলি লৈ ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গ’ল।
Ան ալ անմի՛ջապէս կանգնեցաւ անոնց առջեւ, վրան առաւ ինչ բանի վրայ որ պառկած էր, եւ գնաց իր տունը՝ փառաբանելով Աստուած:
26 ২৬ তাতে সকলো লোক আচৰিত হ’ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি ক’লে, “আজি আমি আশ্চর্যজনক ঘটনা দেখিলোঁ।”
Բոլորը՝ հիացումով համակուած՝ փառաբանեցին Աստուած, ու վախով համակուած՝ կ՚ըսէին. «Այսօր արտակարգ բաներ տեսանք»:
27 ২৭ এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ-সংগ্রহক বহি থকা দেখি তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”
Ատկէ ետք՝ մեկնեցաւ, եւ տեսաւ մաքսաւոր մը՝ որուն անունը Ղեւի էր. ան նստած էր մաքս ընդունելու տեղը: Ըսաւ անոր. «Հետեւէ՛ ինծի»:
28 ২৮ তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ’ল।
Ան ալ ձգեց ամէն ինչ, կանգնեցաւ եւ անոր հետեւեցաւ:
29 ২৯ তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীচুৰ কাৰণে এক বৰ ভোজ পাতিলে; তেওঁলোকৰ লগত অনেক কৰ-সংগ্রহক আৰু আন আন কিছুমান লোকো ভোজ মেজত বহিছিল আৰু খাই আছিল।
Ղեւի մեծ կոչունք մը սարքեց իր տան մէջ. ու մեծ բազմութիւն կար մաքսաւորներու եւ ուրիշներու, որ անոնց հետ սեղան նստած՝՝ էին:
30 ৩০ তেতিয়া ফৰীচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপক সকলে যীচুৰ শিষ্য সকলৰ ওচৰত অভিযোগ কৰি ক’লে, “তোমালোকে কিয় কৰ-সংগ্রহক আৰু পাপী লোকৰ সৈতে ভোজন-পান কৰা?”
Անոնց դպիրներն ու Փարիսեցիները կը տրտնջէին անոր աշակերտներուն դէմ՝ ըսելով. «Ինչո՞ւ կ՚ուտէք ու կը խմէք մաքսաւորներու եւ մեղաւորներու հետ»:
31 ৩১ তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে আছে।
Յիսուս պատասխանեց անոնց. «Ո՛չ թէ առողջներուն բժիշկ պէտք է, հապա՝ հիւանդներուն:
32 ৩২ মই ধাৰ্মিক জনক নহয়; কিন্তু মন-পালটন কৰিবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”
Ես եկայ ո՛չ թէ արդարները կանչելու, հապա մեղաւորները՝ ապաշխարութեան»:
33 ৩৩ তেওঁলোকে যীচুক ক’লে, “যোহনৰ শিষ্য সকলে প্রায়ে প্রার্থনা কৰে আৰু লঘোন দিয়ে, ফৰীচী সকলৰ অনুগামী সকলেও সেইদৰে কৰে; কিন্তু আপোনাৰ শিষ্য সকলে সকলো সময়তে ভোজন-পান কৰে।”
Անոնք ալ ըսին. «Ինչո՞ւ Յովհաննէսի աշակերտները յաճախ ծոմ կը պահեն եւ աղերսանք կը մատուցանեն, նմանապէս Փարիսեցիներուն աշակերտները, բայց քուկիններդ կ՚ուտեն ու կը խմեն»:
34 ৩৪ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে বৰযাত্রী সকলক জানো কোনোৱে উপবাসে ৰাখিব পাৰে?
Ան ալ ըսաւ անոնց. «Կրնա՞ք ծոմ պահել տալ հարսնեւորներուն՝ մինչ փեսան իրենց հետ է:
35 ৩৫ কিন্তু এনে দিন আহিব, তেতিয়া তেওঁলোকৰ ওচৰৰ পৰা দৰাক লৈ যোৱা হব আৰু সেই দিনবোৰত তেওঁলোকেও লঘোন দিব।”
Բայց օրերը պիտի գան՝ երբ փեսան պիտի վերցուի իրենցմէ. ապա ա՛յդ օրերը ծոմ պիտի պահեն»:
36 ৩৬ তেতিয়া যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি লৈ কোনেও পুৰণি বস্ত্ৰত টাপলি নামাৰে; যদি কোনোবাই সেইদৰে কৰে, তেনেহলে তেওঁ নতুন বস্ত্র খন ফালিব; তাৰ উপৰি নতুন বস্ত্রৰ পৰা লোৱা কাপোৰৰ টুকুৰা ডোখৰ পুৰণি বস্ত্রৰ কাপোৰ খনৰ লগত নিমিলিব।
Առակ մըն ալ ըսաւ անոնց. «Ո՛չ մէկը կը ձգէ նոր լաթի կտոր մը հին հանդերձի վրայ: Այլապէս՝ այդ նորը պատռուածք ալ կ՚ընէ, ու հինցածին հետ չի յարմարիր այդ նոր լաթէն եղած կտորը:
37 ৩৭ পুৰণি ছালৰ মোটত কোনেও নতুন দ্ৰাক্ষাৰস নথয়; থলে নতুন ৰসে সেই মোট ফালি পেলাব; তাতে ৰসও পৰি যাব আৰু মোটো নষ্ট হব।
Նաեւ ո՛չ մէկը կը դնէ նոր գինին հին տիկերու մէջ: Այլապէս՝ նոր գինին կը պատռէ տիկերը. ինք կը թափի, ու տիկերը կը կորսուին:
38 ৩৮ নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মোটত ৰখা উচিত।
Հապա նոր գինին դրուելու է նո՛ր տիկերու մէջ, որպէսզի երկուքն ալ պահուին:
39 ৩৯ পুৰণি দ্রাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে; কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল’।”
Եւ ո՛չ մէկը հին գինին խմելէն ետք՝ իսկոյն կ՚ուզէ նորը, քանի որ կ՚ըսէ. “Հինը աւելի ախորժահամ է”»:

< লূক 5 >