< লূক 24 >

1 কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দোকমোকালিতে, তেওঁলোকে যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ মৈদামৰ ওচৰলৈ আহিল।
A u prvi dan nedjeljni doðoše vrlo rano na grob, i donesoše mirise što pripraviše, i neke druge žene s njima;
2 তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে।
Ali naðoše kamen odvaljen od groba.
3 পাছত তেওঁলোক মৈদামৰ ভিতৰলৈ সোমাই গ’ল কিন্তু তাত প্ৰভু যীচুৰ দেহ দেখা নাপালে।
I ušavši ne naðoše tijela Gospoda Isusa.
4 তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোতে, সেই ঠাইত চক্‌মকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ’ল।
I kad se one èuðahu tome, gle, dva èovjeka staše pred njima u sjajnijem haljinama;
5 পাছত তিৰোতা সকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোতে, সেই দূতে তেওঁলোকক কলে, “তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা?”
A kad se one uplašiše i oboriše lica k zemlji, rekoše im: što tražite živoga meðu mrtvima?
6 “তেওঁ ইয়াত নাই, কিন্তু তেওঁ উঠিল! তেওঁ গালীল প্ৰদেশত থাকোতেই, যি কথা কৈছিল, সেই কথা তোমালোকে সোঁৱৰণ কৰা,
Nije ovdje; nego ustade; opomenite se kako vam kaza kad bješe još u Galileji,
7 তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমর্পিত হ’ব আৰু ক্রুচত হত হৈ, তৃতীয় দিনা পুনৰায় উঠিব লাগিব৷”
Govoreæi da sin èovjeèij treba da se preda u ruke ljudi grješnika i da se razapne i treæi dan da ustane.
8 সেই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতা সকলৰ মনত পৰাত,
I opomenuše se rijeèi njegovijeh.
9 তেওঁলোকে মৈদামৰ পৰা ঘূৰি গৈ, এঘাৰ জন পাচঁনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সম্বাদ দিলে।
I vrativši se od groba javiše sve ovo jedanaestorici i svima ostalijem.
10 ১০ তেওঁলোকৰ মাজত মগ্দলীনী মৰিয়ম, যোহানা আৰু যাকোবৰ মাক মৰিয়ম আছিল; আৰু তেওঁলোকে সৈতে আন কেইজনীয়েও পাঁচনি সকলক এইবোৰ কথা ক’লে৷
A to bijaše Magdalina Marija i Jovana i Marija Jakovljeva i ostale s njima koje kazaše ovo apostolima.
11 ১১ কিন্তু পাঁচনি সকলৰ দৃষ্টিত সেইবোৰ অনর্থক কথা যেন লগাত, তেওঁলোকে তিৰোতা সকলক অবিশ্বাস কৰিলে।
I njima se uèiniše njihove rijeèi kao laž, i ne vjerovaše im.
12 ১২ তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ, চাপৰি চাই কেৱল শণ সূতাৰ মিহি কাপোৰ কেইখন দেখিলে৷ পাছে যি ঘটিল তাতে তেওঁ বিস্ময় মানি নিজ ঘৰলৈ গুচি গ’ল।
A Petar ustavši otrèa ka grobu, i natkuèivši se vidje same haljine gdje leže, i otide èudeæi se u sebi šta bi.
13 ১৩ পাছত তেওঁলোকৰ মাজৰ দুজনে সেই দিনাই যিৰূচালেমৰ পৰা চাৰে সাত মাইল দূৰত থকা ইম্মায়ু নামৰ এখন গাঁৱলৈ গৈ আছিল।
I gle, dvojica od njih iðahu u onaj dan u selo koje bijaše daleko od Jerusalima šeset potrkališta i zvaše se Emaus.
14 ১৪ তেওঁলোক দুয়োজনে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈ আছিল।
A oni govorahu meðu sobom o svima ovijem dogaðajima.
15 ১৫ তেওঁলোকে কথোপকথন আৰু সোধা-সুধি কৰি থাকোতেই, যীচুৱে নিজে ওচৰলৈ আহি তেওঁলোকৰ সৈতে যাব ধৰিলে।
I kad se oni razgovarahu i zapitivahu jedan drugoga, i Isus približi se, i iðaše s njima.
16 ১৬ কিন্তু তেওঁলোকে যেন তেওঁক চিনিব নোৱাৰে, এই কাৰণে তেওঁলোকৰ চকু বন্ধ হ’ল৷
A oèi im se držahu da ga ne poznaše.
17 ১৭ যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা?” তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ’ল।
A on im reèe: kakav je to razgovor koji imate meðu sobom iduæi, i što ste neveseli?
18 ১৮ তেতিয়া ক্লিয়পা নামৰ এজনে উত্তৰ দি ক’লে, “যি যি কথা এই কেইদিনত ঘটি আছে, সেইবোৰ কথা যিৰূচালেমত বাস কৰি কেৱল আপুনিয়ে নাজানে হ’বলা?”
A jedan po imenu Kleopa, odgovarajuæi reèe mu: zar si ti jedan od crkvara u Jerusalimu koji nijesi èuo šta je u njemu bilo ovijeh dana?
19 ১৯ যীচুৱে তেওঁলোকক সুধিলে, “কি কথা?” তেওঁলোকে তেওঁক ক’লে, যি নাচৰতীয়া যীচু, ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কর্মত আৰু বাক্যত পৰাক্ৰমী ভাববাদী আছিল,
I reèe im: šta? A oni mu rekoše: za Isusa Nazareæanina, koji bješe prorok, silan u djelu i u rijeèi pred Bogom i pred svijem narodom;
20 ২০ তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকর্তা সকলে কেনেকৈ দোষী কৰি প্ৰাণদণ্ডৰ অর্থে শোধাই দি ক্রুচত দিলে৷
Kako ga predadoše glavari sveštenièki i knezovi naši te se osudi na smrt, i razapeše ga?
21 ২১ কিন্তু যি জনে ইস্ৰায়েল লোকক মুক্ত কৰিব, তেৱেঁই সেই জন বুলি আমি আশা কৰিছিলোঁ। কিন্তু এই সকলোৰ উপৰি এই কথা ঘটা আজি তিনি দিন হৈছে।
A mi se nadasmo da je on onaj koji æe izbaviti Izrailja; ali svrh svega toga ovo je danas treæi dan kako to bi.
22 ২২ ইয়াৰ উপৰি আমাৰ লগৰ কেইবাগৰাকী তিৰোতাইয়ো ৰাতিপুৱাই মৈদামলৈ গৈ আমাক বিস্ময় লগালে;
A uplašiše nas i žene neke od našijeh koje su bile rano na grobu,
23 ২৩ কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি ক’লে যে, তেওঁলোকে দূত সকলক দেখা পালে আৰু তেওঁ জীয়াই উঠিল বুলি কোৱা শুনিলে।
I ne našavši tijela njegova doðoše govoreæi da su im se anðeli javili koji su kazali da je on živ.
24 ২৪ পাছত আমাৰ লগৰ কেইজনমান মানুহ মৈদামলৈ গৈ তিৰোতা সকলে কোৱাৰ দৰেই দেখিলে; কিন্তু তেওঁক দেখা নাপালে।
I idoše jedni od našijeh na grob, i naðoše tako kao što i žene kazaše, ali njega ne vidješe.
25 ২৫ যীচুৱে তেওঁলোকক ক’লে, “হে নির্ব্বোধ আৰু ভাববাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভোতোহা মনৰ মানুহ!
I on im reèe: o bezumni i sporoga srca za vjerovanje svega što govoriše proroci!
26 ২৬ খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নেলাগিছিল নে?”
Nije li to trebalo da Hristos pretrpi i da uðe u slavu svoju?
27 ২৭ পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে।
I poèevši od Mojsija i od sviju proroka kazivaše im što je za njega u svemu pismu.
28 ২৮ এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে।
I približiše se k selu u koje iðahu, i on èinjaše se da hoæe dalje da ide.
29 ২৯ কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”
I oni ga ustavljahu govoreæi: ostani s nama, jer je dan nagao, i blizu je noæ. I uðe s njima da noæi.
30 ৩০ তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে।
I kad sjeðaše s njima za trpezom, uze hljeb i blagoslovivši prelomi ga i dade im.
31 ৩১ এনেতে তেওঁলোকৰ চকু মুকলি হ’ল আৰু তেওঁক চিনি পালে; তেতিয়া তেওঁ তেওঁলোকৰ পৰা অদৃশ্য হ’ল।
Tada se njima otvoriše oèi i poznaše ga. I njega nestade.
32 ৩২ পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”
I oni govorahu jedan drugome: ne goraše li naše srce u nama kad nam govoraše putem i kad nam kazivaše pismo?
33 ৩৩ সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই,
I ustavši onaj èas, vratiše se u Jerusalim, i naðoše u skupu jedanaestoricu i koji bijahu s njima,
34 ৩৪ তেওঁলোকক ক’লে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।”
Koji govorahu: zaista ustade Gospod, i javi se Simonu.
35 ৩৫ পাছত বাটত যি যি হ’ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক’লে।
I oni kazaše što bi na putu, i kako ga poznaše kad prelomi hljeb.
36 ৩৬ এইবোৰ কথা কৈ থাকোতেই যীচু নিজে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক।”
A kad oni ovo govorahu, i sam Isus stade meðu njima, i reèe im: mir vam.
37 ৩৭ কিন্তু ভূত দেখিছোঁ বুলি ভাবি, তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ’ল।
A oni se uplašiše, i poplašeni buduæi, mišljahu da vide duha.
38 ৩৮ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে?
I reèe im: šta se plašite? I zašto takove misli ulaze u srca vaša?
39 ৩৯ মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা৷ যি দৰে মোক দেখিছা, সেইদৰে আত্মাৰ হ’লে হাড় আৰু মাংস নাই”;
Vidite ruke moje i noge moje: ja sam glavom; opipajte me i vidite; jer duh tijela i kostiju nema kao što vidite da ja imam.
40 ৪০ ইয়াকে কৈ তেওঁ নিজৰ হাত-ভৰি তেওঁলোকক দেখুৱালে।
I ovo rekavši pokaza im ruke i noge.
41 ৪১ কিন্তু তেওঁলোক আনন্দিত হ’লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?”
A dok oni još ne vjerovahu od radosti i èuðahu se reèe im: imate li ovdje što za jelo?
42 ৪২ তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে।
A oni mu daše komad ribe peèene, i meda u satu.
43 ৪৩ যীচুৱে তাকে লৈ তেওঁলোকৰ আগত খালে;
I uzevši izjede pred njima.
44 ৪৪ আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
I reèe im: ovo su rijeèi koje sam vam govorio još dok sam bio s vama, da sve treba da se svrši što je za mene napisano u zakonu Mojsijevu i u prorocima i u psalmima.
45 ৪৫ তেতিয়া তেওঁ ধৰ্মশাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে;
Tada im otvori um da razumiju pismo.
46 ৪৬ আৰু তেওঁ তেওঁলোকক ক’লে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷
I reèe im: tako je pisano, i tako je trebalo da Hristos postrada i da ustane iz mrtvijeh treæi dan;
47 ৪৭ আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।
I da se propovijeda pokajanje u ime njegovo i oproštenje grijeha po svijem narodima poèevši od Jerusalima.
48 ৪৮ তোমালোক এই সকলোৰে সাক্ষী আছা।
A vi ste svjedoci ovome.
49 ৪৯ চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”
I gle, ja æu poslati obeæanje oca svojega na vas; a vi sjedite u gradu Jerusalimskome dok se ne obuèete u silu s visine.
50 ৫০ পাছত যীচুৱে তেওঁলোকক বৈথনিয়া গাৱঁৰ সন্মূখলৈকে আগবঢ়াই আনি, তেওঁ হাত উঠাই তেওঁলোকক আশীর্বাদ কৰিলে।
I izvede ih napolje do Vitanije, i podignuvši ruke svoje blagoslovi ih.
51 ৫১ এইদৰে তেওঁলোকক আশীর্বাদ কৰি থকা সময়ত, তেওঁ তেওঁলোকৰ পৰা পৃথক হ’ল আৰু তেওঁক স্বৰ্গলৈ নিয়া হ’ল।
I kad ih blagosiljaše, otstupi od njih, i uznošaše se na nebo.
52 ৫২ তেতিয়া তেওঁলোকে তেওঁক স্তুতি কৰি, অতি আনন্দেৰে যিৰূচালেমলৈ উলটি আহিল;
I oni mu se pokloniše, i vratiše se u Jerusalim s velikom radošæu.
53 ৫৩ আৰু সদায় মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।
I bijahu jednako u crkvi hvaleæi i blagosiljajuæi Boga. Amin.

< লূক 24 >