< লূক 21 >

1 পাছত তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে।
І поглянув Він уго́ру, і побачив заможних, що кидали да́ри свої до скарбни́ці.
2 কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে।
Побачив і вбогу вдовицю одну, що дві ле́пти туди вона вки́нула.
3 তাতে তেওঁ ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে।
І сказав Він: „Поправді кажу вам, що ця вбога вдовиця вкинула більше за всіх!
4 কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”
Бо всі клали від лишка свого в дар Богові, а вона покла́ла з убозтва свого ввесь прожиток, що мала“.
5 পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে,
Коли ж дехто казав про храм, що прикрашений дорогоцінним камінням та дарами, тоді Він прорік:
6 “এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”
„Наді́йдуть ті дні, коли з того, що́ бачите, не зоста́неться й каменя на камені, який не зруйнується“.
7 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?”
І запитали Його та сказали: „Учителю, коли ж оце станеться? І, яка буде ознака, коли має початися це?“
8 তাতে যীচুৱে ক’লে, “তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা।কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা।
Він же промовив: „Стережіться, щоб вас хто не звів. Бо багато-хто при́йдуть в Ім'я́ Моє, кажучи: „Це Я“, і „Час набли́зився“. Та за ними не йдіть!
9 যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা; কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।”
І, як про ві́йни та ро́зрухи почуєте ви, — не лякайтесь, бо перш „статись належить тому́“. Але це не кінець ще“.
10 ১০ তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;
Тоді промовляв Він до них: „Повстане наро́д на наро́д, і царство на царство“.
11 ১১ আৰু বৰ বৰ ভূমিকম্প হ’ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব।
І будуть землетруси великі та голод, та по́мір місцями, і страшні та великі ознаки на небі.
12 ১২ কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।
Але перед усім тим накладуть на вас руки свої, і переслідувати будуть, і видаватимуть вас у синагоги й в'язни́ці, і поведуть вас до царів та правителів — через Ім'я́ Моє.
13 ১৩ সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।
Але це стане вам на свідо́цтво.
14 ১৪ এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা;
Отож, покладіть у серця свої — наперед не гада́ти, що́ будете відповідати,
15 ১৫ কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
бо дам Я вам мову та мудрість, що не зможуть противитись чи супере́чити їй всі противники ваші.
16 ১৬ আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।
І будуть вас видавати і батьки, і брати, і рідня, і дру́зі, а декому з вас заподі́ють і смерть.
17 ১৭ তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা।
І за Ім'я́ Моє будуть усі вас нена́видіти.
18 ১৮ কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।
Але й волосина вам із голови не загине!
19 ১৯ তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।
Терпеливістю вашою ду́ші свої ви здобу́дете.
20 ২০ যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।
А коли ви побачите Єрусалим, військом ото́чений, тоді знайте, що до нього набли́зилося спусто́шення.
21 ২১ তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক।
Тоді ті, хто в Юдеї, нехай у го́ри втікають; хто ж у сере́дині міста, нехай вийдуть; хто ж в околицях, — хай не вертаються в нього!
22 ২২ এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব।
Бо то будуть дні помсти, щоб ви́коналося все написане.
23 ২৩ সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব।
Горе ж вагітним та тим, хто годує грудьми́, у ті дні, бо буде велика нужда́ на землі та гнів над цим лю́дом!
24 ২৪ তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
І поляжуть під гострим мечем, і заберуть до неволі поміж усі наро́ди, і погани топтатимуть Єрусалим, аж поки не скі́нчиться час тих поган.
25 ২৫ তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷
І будуть ознаки на сонці, і місяці, і зорях, і тривога людей на землі, і збенте́ження від шуму моря та хвиль,
26 ২৬ পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
коли люди будуть мертвіти від стра́ху й чека́ння того, що йде на ввесь світ, бо сили небесні пору́шаться.
27 ২৭ তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।
І побачать тоді „Сина Лю́дського, що йтиме на хмарах “із си́лою й великою славою!
28 ২৮ কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”
Коли ж стане збуватися це, то ви́простуйтесь, і підійміть свої голови, — бо зближається ваше визво́лення!“
29 ২৯ পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “ডিমৰু আদি সকলো গছ চোৱা;
І розповів Він їм притчу: „Погляньте на фі́ґове дерево, і на всілякі дере́ва:
30 ৩০ সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।
як вони вже розпу́куються, то, бачивши це, самі знаєте, що близько вже літо.
31 ৩১ সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা।
Так і ви, як побачите, що діється це, то знайте, що Боже Царство вже близько!
32 ৩২ মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব।
Поправді кажу вам: Не пере́йде цей рід, аж усе оце станеться.
33 ৩৩ স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব।
Небо й земля промину́ться, але не минуться слова́ Мої!
34 ৩৪ কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনাসেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
Уважайте ж на себе, щоб ваші серця не обтя́жувалися ненаже́рством та п'янством, і життє́вими кло́потами, і щоб день той на вас не прийшов несподівано,
35 ৩৫ কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।
немов сітка; бо він при́йде на всіх, що живуть на пове́рхні всієї землі.
36 ৩৬ কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”
Тож пильнуйте, і кожного ча́су моліться, щоб змогли ви уни́кнути всього того, що має відбутись, та стати перед Сином Лю́дським!“
37 ৩৭ সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল।
За дня ж Він у храмі навчав, а на́ ніч виходив та перебува́в на горі, що зветься Оли́вна.
38 ৩৮ সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।
А зра́нку всі люди до Нього прихо́дили в храм, щоб послухати Його.

< লূক 21 >