< লূক 17 >

1 যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
And he said to his disciples: It is impossible that scandals should not come: but woe to him through whom they come.
2 সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
It were better for him, that a millstone were hanged about his neck, and he cast into the sea, than that he should scandalize one of these little ones.
3 তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
Take heed to yourselves. If thy brother sin against thee, reprove him: and if he do penance, forgive him.
4 তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
And if he sin against thee seven times in a day, and seven times in a day be converted unto thee, saying, I repent; forgive him.
5 তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
And the apostles said to the Lord: Increase our faith.
6 তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
And the Lord said: If you had faith like to a grain of mustard seed, you might say to this mulberry tree, Be thou rooted up, and be thou transplanted into the sea: and it would obey you.
7 তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
But which of you having a servant ploughing, or feeding cattle, will say to him, when he is come from the field: Immediately go, sit down to meat:
8 তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
And will not rather say to him: Make ready my supper, and gird thyself, and serve me, whilst I eat and drink, and afterwards thou shalt eat and drink?
9 সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
Doth he thank that servant, for doing the things which he commanded him?
10 ১০ তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”
I think not. So you also, when you shall have done all these things that are commanded you, say: We are unprofitable servants; we have done that which we ought to do.
11 ১১ যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
And it came to pass, as he was going to Jerusalem, he passed through the midst of Samaria and Galilee.
12 ১২ সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,
And as he entered into a certain town, there met him ten men that were lepers, who stood afar off;
13 ১৩ বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”
And lifted up their voice, saying: Jesus, master, have mercy on us.
14 ১৪ তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।
Whom when he saw, he said: Go, shew yourselves to the priests. And it came to pass, as they went, they were made clean.
15 ১৫ তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;
And one of them, when he saw that he was made clean, went back, with a loud voice glorifying God.
16 ১৬ আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
And he fell on his face before his feet, giving thanks: and this was a Samaritan.
17 ১৭ ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?
And Jesus answering, said, Were not ten made clean? and where are the nine?
18 ১৮ এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
There is no one found to return and give glory to God, but this stranger.
19 ১৯ পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”
And he said to him: Arise, go thy way; for thy faith hath made thee whole.
20 ২০ ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে,
And being asked by the Pharisees, when the kingdom of God should come? he answered them, and said: The kingdom of God cometh not with observation:
21 ২১ “ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”
Neither shall they say: Behold here, or behold there. For lo, the kingdom of God is within you.
22 ২২ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
And he said to his disciples: The days will come, when you shall desire to see one day of the Son of man; and you shall not see it.
23 ২৩ মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা।
And they will say to you: See here, and see there. Go ye not after, nor follow them:
24 ২৪ কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব।
For as the lightening that lighteneth from under heaven, shineth unto the parts that are under heaven, so shall the Son of man be in his day.
25 ২৫ কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব।
But first he must suffer many things, and be rejected by this generation.
26 ২৬ নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।
And as it came to pass in the days of Noe, so shall it be also in the days of the Son of man.
27 ২৭ নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।
They did eat and drink, they married wives, and were given in marriage, until the day that Noe entered into the ark: and the flood came and destroyed them all.
28 ২৮ সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।
Likewise as it came to pass, in the days of Lot: they did eat and drink, they bought and sold, they planted and built.
29 ২৯ কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।
And in the day that Lot went out of Sodom, it rained fire and brimstone from heaven, and destroyed them all.
30 ৩০ সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
Even thus shall it be in the day when the Son of man shall be revealed.
31 ৩১ সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।
In that hour, he that shall be on the housetop, and his goods in the house, let him not go down to take them away: and he that shall be in the field, in like manner, let him not return back.
32 ৩২ লোটৰ তিৰোতাক সোঁৱৰা।
Remember Lot’s wife.
33 ৩৩ যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।
Whosoever shall seek to save his life, shall lose it: and whosoever shall lose it, shall preserve it.
34 ৩৪ মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব।
I say to you: in that night there shall be two men in one bed; the one shall be taken, and the other shall be left.
35 ৩৫ দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব।
Two women shall be grinding together: the one shall be taken, and the other shall be left: two men shall be in the field; the one shall be taken, and the other shall be keft.
36 ৩৬ দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।”
They answering, say to him: Where, Lord?
37 ৩৭ তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”
Who said to them: Wheresoever the body shall be, thither will the eagles also be gathered together.

< লূক 17 >