< লূক 14 >

1 এদিন বিশ্ৰামবাৰে এইদৰে হৈছিল, যীচুৱে ফৰীচী সকলৰ এজন প্ৰধান অধিকাৰীয়ে ঘৰত পিঠা খাবলৈ সোমাল, তাতে লোক সকলে তেওঁক ভালদৰে চাবলৈ ধৰিলে।
Ligono Limonga la Kupumulila, Yesu ahambili kulya chakulya, kunyumba ya chilongosi mmonga wa Vafalisayu, na vandu vakavya kumlingulila.
2 সেই ঠাইত তেওঁৰ আগত এজন জলোদৰী বেমাৰত আক্ৰান্ত লোক আছিল।
Palongolo ya Yesu avi mundu mweavi na utamu wa kuhimba higa
3 তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?”
Yesu akavakota vawula va malagizu ga Chapanga geampeli Musa na Vafalisayu, “Wu, mhilu wijova wuli, chabwina amala chabwina lepi, kumlamisa mundu Ligono la Kupumulila?”
4 কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে।
Nambu vene vakaguna. Yesu akamtola mundu yula na kumlamisa, akamleka ahambayi.
5 আৰু তেওঁলোকক ক’লে, “অাপোনালোকৰ কাৰোবাৰ বলধ বা গাধ নাদত পৰিলে, তৎক্ষণাত নুতুলিব নে?”
Kangi akavajovela, “Yani pagati yinu mweavi na mwana waki amala ng'ombi yaki yeyidumbukili muchiliva nakuyihumisa bahapo, ndava mu Ligono la Kupumulila?”
6 তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে।
Nambu vene nakuhotola kumyangula.
7 তেতিয়া লোক সকলে প্ৰধান ঠাই মনোনীত কৰি লোৱা দেখি, যীচুৱে তেওঁলোকক দৃষ্টান্ত দি ক’লে,
Yesu akavalola vavagongoliwi chavajihagulila vigoda vya palongolo, ndi akavajovela,
8 “কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে;
“Ngati mundu akugongolili, kundowa ukotoka kutama pavigoda vya palongolo, Pangi agongoliwi yungi mkulu kuliku veve.
9 পাছত তেনে কৰিলে, যি জনে তোমালোক দুয়োকে নিমন্ত্ৰণ কৰিছে; তেওঁ আহি তোমাক ক’ব, ‘এওঁক তোমাৰ ঠাইতো এৰি দিয়া’। তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব।
Mweavagongolili mwavoha nyenye vavili, yati ibwela na kukujovela, ‘Uwuka atama uyu.’ Penapo yati wikola soni na kuhamba kutama pandu pa mwishu.
10 ১০ কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা; তেতিয়া তোমাক নিমন্ত্ৰণ কৰা জন আহি দেখিলে ক’ব, ‘হে বন্ধু, ওখ ঠাইলৈ যোৱা’; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যদা পাবা।
Ngati mundu akugongolili kundowa, veve uhamba ukatama muvigoda vya mumbele, muni mweakugongolili yula, paibwela yati akukujovela, ‘Wankozi wangu yima ubwela utama pa vigoda vya palongolo.’ Penapo yati utopela pavandu voha, vevatamili pamonga na veve.
11 ১১ কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।
Muni mundu yoyoha mweakujikwiha yati iheleswa, na yeyoha mweakujihelesa yati ikwihiwa.”
12 ১২ তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে ক’লে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব।
Kangi akamjovela mwaigongolela yula, “Ngati uvatendelekili vandu chakulya cha muhi amala kimihi, kotoka kuvagongolela vankozi vaku amala valongo vaku amala veutamanila nawu papipi vevavi na vindu vyamahele, muni na vene vihotola kukugongolela ndava na kukuwuyisila chewavahengili.
13 ১৩ কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা।
Nambu peundelekela chakulya cha mselebuko, vagongolela vangangu na vevagogodili higa vangagenda na vangalola,
14 ১৪ তাতে তোমাক প্ৰতিদান ৰূপে ঘুৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধাৰ্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।”
na veve yati umotisiwa muni uvagongolili vangahotola kukuwuyisila. Nambu Chapanga yati akuwuyisila gabwina mu ligono la kuyukiswa vandu vabwina.”
15 ১৫ যি সকলে যীচুৰ সৈতে ভোজনত বহিছিল, তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি, তেওঁক ক’লে, “যি কোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য”।
Mmonga wa vala vavatamili na Yesu pameza, akajova amotisiwa mundu yula mweibwela kuyla chakulya cha mselebuko Muunkosi wa Chapanga!
16 ১৬ কিন্তু যীচুৱে তেওঁক ক’লে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে।
Yesu akamjovela, “Mundu mmonga atendekili mselebuko uvaha, na kuvagongolela vandu vamahele.
17 ১৭ পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক ক’লে, ‘আহক, এতিয়া ভোজন যুগুত হৈছে’।
Palwahiki lukumbi lwa kulya, amtumili mvanda waki akavakemela vevagongoliwi, ‘Mbwela, kila chindu chitendelekiwi!’
18 ১৮ তাতে সকলো লোকে একেভাবেৰে ক্ষমা বিচাৰি তেওঁক ক’বলৈ ধৰিলে; প্ৰথম জনে তেওঁক ক’লে, ‘মই এডৰা মাটি কিনিলোঁ; মই তোমাক অনুৰোধ কৰিছোঁ; মই সেই মাটি চাবলৈ যাব লাগে’।
Nambu voha, mmonga na kugelekela yungi vakutumbula kujova chondi pepayi. Mundu wa kutumbula akamjovela, mvanda yula, ‘Niguli mgunda yikunigana nihamba nikaulola pepayi yati nibwela lepi.’
19 ১৯ আন এজনে ক’লে, ‘মই পাঁচ হাল বলধ কিনিলোঁ; সেই বাবে ময়ো তোমাক অনুৰোধ কৰিছোঁ, মই পথাৰত তাক প্ৰমাণ কৰি চাবলৈ যাওঁ’।
Na yungi akajova, ‘Niguli ng'ombi kumi za kulimila nihamba kuzilinga kulima chondi unilekekesa.’
20 ২০ আন এজনে ক’লে, ‘মই এগৰাকীক বিয়া কৰালো, এই কাৰণে যাব নোৱাৰো’।
Na yungi akajova, ‘Nigegili mdala ndava ya genago, nakuhotola kubwela.’”
21 ২১ তেতিয়া সেই দাসে মহাশয়ৰ আগত লোক সকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ।
“Mtumisi yula akawuya na kumjovela bambu waki mambu goha. Mkolo nyumba yula akayoma na kumlagiza mvanda waki, ‘Kita kanyata uhamba munjila yivaha na tunjila twa muji ukavaleta vangangu na vangagenda na vangalola na vevagogodili higa.’
22 ২২ পাছত সেই দাসে ক’লে, হে মহাশয় আপোনাৰ আজ্ঞাৰ দৰে হৈছে; তথাপি এতিয়াও ঠাই আছে।
Mtumisi yula Paawuyili kuhuma kweatumiwili akamjovela, ‘Bambu, goha geukalagizi gahengiki, nambu pakona pandu pakutama vandu.’
23 ২৩ তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক’লে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ।
Bambu yula akamjovela mvanda. Uhamba munjila yivaha na tunjila twa muji, ukavakamula vandu kuyingila munyumba yangu yimema.
24 ২৪ কিয়নো মই আপোনালোকক কওঁ, ‘সেই নিমন্ত্ৰিত লোক সকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব’।”
Nikuvajovela nyenye, voha vevatumbwili kugongolewa, kawaka hati mmonga, mweimywanga chakulya cha mselebuko wangu!”
25 ২৫ তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই ক’লে,
Msambi wa vandu walongosini na Yesu, mwene akang'anamuka na kuvajovela,
26 ২৬ “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
Mundu yoyoha mweibwela kwa nene yikumgana aniganayi neju nene, kuliku kumgana dadi waki na nyina waki na mdala waki na vana vaki na valongo vaki na valumbu vaki, pamonga na wumi waki, changakita ago, nakuhotola kuvya muwuliwa wangu.
27 ২৭ যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।
Mundu yoyoha yula mwangagega msalaba waki na kunilanda mwenuyo nakuhotola kuvya muwuliwa wangu.
28 ২৮ কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?
Wu, yani pagati yinu mweigana kujenga mnala nakutama hoti pahi, kuvalanga mashonga kumanya ngati avi nagu gegitosha kumalakisa kujenga?
29 ২৯ তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব,
Ngati lepi, akatumbula kujenga mkingisa, nakuhotola kumalakisa vandu voha vevilola yati vakumuheka.
30 ৩০ ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।
Yati vijova, Mundu uyu atumbwili kujenga. Nambu nakuhotola kumalakisila!
31 ৩১ অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব?
“Wu, Nkosi yani mweigana kuhamba kutovana ngondo na Nkosi yungi, nakutama hoti pahi na kuhololela, wu, ihotola kwa manjolinjoli waki elufu kumi, kutovana ngondo na nkosi yula mweibwela kutovana nayu ngondo mweavi na manjolinjoli elufu ishilini?
32 ৩২ যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব।
Ngati amanyili kuvya nakuhotola, yati avatuma vajumbi kuyupa vakotoka kutova, lukumbi nkosi yungi akona kutali.
33 ৩৩ এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
Mewawa,” Kawaka mundu mweihotola kuvya muwuliwa wangu, changaleka vindu vyoha vye avi navyu.
34 ৩৪ লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হ’ব?
“Mwinyu chindu cha bwina, nambu mwinyu ngati uyagisi lunyong'onyo lwaki, yati usopewa kyani mbaka kuvya kavili mwinyu?
35 ৩৫ সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহব; তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
Yabwina lepi kusopewa muludaka amala mabuli. Vandu vakuyitaga kuvala. Mundu mweavi na makutu na ayuwana!”

< লূক 14 >