< লূক 14 >

1 এদিন বিশ্ৰামবাৰে এইদৰে হৈছিল, যীচুৱে ফৰীচী সকলৰ এজন প্ৰধান অধিকাৰীয়ে ঘৰত পিঠা খাবলৈ সোমাল, তাতে লোক সকলে তেওঁক ভালদৰে চাবলৈ ধৰিলে।
And as He went into the house of one of the chief of the pharisees to eat on the sabbath-day, and they were watching Him,
2 সেই ঠাইত তেওঁৰ আগত এজন জলোদৰী বেমাৰত আক্ৰান্ত লোক আছিল।
behold, there was a certain man before Him that had a dropsy.
3 তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?”
And Jesus spake to the expounders of the law and to the pharisees, saying, Is it lawful to heal on the sabbath-day?
4 কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে।
but they made no answer. And He took him and healed him, and sent him away:
5 আৰু তেওঁলোকক ক’লে, “অাপোনালোকৰ কাৰোবাৰ বলধ বা গাধ নাদত পৰিলে, তৎক্ষণাত নুতুলিব নে?”
and said unto them, Which of you shall have an ass or an ox fall into a pit, and will not immediately draw him out even on the sabbath-day?
6 তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে।
and they were not able to answer Him again to these things.
7 তেতিয়া লোক সকলে প্ৰধান ঠাই মনোনীত কৰি লোৱা দেখি, যীচুৱে তেওঁলোকক দৃষ্টান্ত দি ক’লে,
And He spake a parable to those that were invited, observing how they chose the chief seats, saying unto them,
8 “কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে;
When thou art invited by any one to a wedding, do not sit down in the uppermost place, least one more honorable than thou be invited by him;
9 পাছত তেনে কৰিলে, যি জনে তোমালোক দুয়োকে নিমন্ত্ৰণ কৰিছে; তেওঁ আহি তোমাক ক’ব, ‘এওঁক তোমাৰ ঠাইতো এৰি দিয়া’। তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব।
and he who invited thee and him, should come and say to thee, Give place to this person, and then thou begin with shame to take the lowest place.
10 ১০ কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা; তেতিয়া তোমাক নিমন্ত্ৰণ কৰা জন আহি দেখিলে ক’ব, ‘হে বন্ধু, ওখ ঠাইলৈ যোৱা’; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যদা পাবা।
But when thou art invited, go and sit down at the lowest place, that, when he who invited thee cometh, he may say to thee, Friend, go up higher: then wilt thou have honor before them that sit at table with thee:
11 ১১ কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।
for whosoever exalteth himself shall be humbled, and he that humbleth himself shall be exalted.
12 ১২ তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে ক’লে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব।
He said also to him that had invited Him, When thou makest a dinner or a supper, do not invite thy friends, nor thy brethren, nor thy kindred, nor thy rich neighbors; least they invite thee again, and so a return be made thee.
13 ১৩ কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা।
But when thou makest a feast, invite the poor, the maimed, the lame, the blind; and thou shalt be happy;
14 ১৪ তাতে তোমাক প্ৰতিদান ৰূপে ঘুৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধাৰ্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।”
because they have not wherewith to requite thee: for a recompense shall be given thee at the resurrection of the just.
15 ১৫ যি সকলে যীচুৰ সৈতে ভোজনত বহিছিল, তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি, তেওঁক ক’লে, “যি কোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য”।
And one of those; who sat at table with Him, hearing these things, said unto Him, Happy is he that shall eat bread in the kingdom of God.
16 ১৬ কিন্তু যীচুৱে তেওঁক ক’লে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে।
Upon which He said, A certain man made a great supper and invited many;
17 ১৭ পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক ক’লে, ‘আহক, এতিয়া ভোজন যুগুত হৈছে’।
and sent his servant at supper-time to say to them that were invited, Come, for all things are now ready.
18 ১৮ তাতে সকলো লোকে একেভাবেৰে ক্ষমা বিচাৰি তেওঁক ক’বলৈ ধৰিলে; প্ৰথম জনে তেওঁক ক’লে, ‘মই এডৰা মাটি কিনিলোঁ; মই তোমাক অনুৰোধ কৰিছোঁ; মই সেই মাটি চাবলৈ যাব লাগে’।
And they all with one consent began to make excuses; the first said, I have bought a field, and I must go and see it, pray have me excused.
19 ১৯ আন এজনে ক’লে, ‘মই পাঁচ হাল বলধ কিনিলোঁ; সেই বাবে ময়ো তোমাক অনুৰোধ কৰিছোঁ, মই পথাৰত তাক প্ৰমাণ কৰি চাবলৈ যাওঁ’।
And another said, I have bought five yoke of oxen, and am going to try them, pray have me excused.
20 ২০ আন এজনে ক’লে, ‘মই এগৰাকীক বিয়া কৰালো, এই কাৰণে যাব নোৱাৰো’।
And another said, I have married a wife, and therefore I cannot come.
21 ২১ তেতিয়া সেই দাসে মহাশয়ৰ আগত লোক সকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ।
So the servant came and told his lord these things. Then the master of the house being angry said to his servant, Go directly into the streets and lanes of the city, and bring in hither the poor, and the maimed, and the lame, and the blind.
22 ২২ পাছত সেই দাসে ক’লে, হে মহাশয় আপোনাৰ আজ্ঞাৰ দৰে হৈছে; তথাপি এতিয়াও ঠাই আছে।
And the servant said, Sir, it is done according to thine order, and still there is room.
23 ২৩ তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক’লে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ।
And the lord said to the servant, Go out into the high-ways and hedges, and press them to come in, that my house may be filled:
24 ২৪ কিয়নো মই আপোনালোকক কওঁ, ‘সেই নিমন্ত্ৰিত লোক সকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব’।”
for I tell you, that none of those men who were invited, shall taste of my supper.
25 ২৫ তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই ক’লে,
Now there were great multitudes going along with Him:
26 ২৬ “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
so he turned and said to them, If any man come to me, and does not comparatively hate his father, and mother, and wife, and children, and brethren, and sisters, yea and his own life too, he cannot be my disciple.
27 ২৭ যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।
And whosoever doth not bear his cross, and follow me, cannot be my disciple.
28 ২৮ কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?
For who of you that hath a mind to build a tower does not first sit down and calculate the expence, whether he hath wherewithal to perfect it?
29 ২৯ তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব,
least having laid a foundation and not being able to finish,
30 ৩০ ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।
all that see it, should deride him, saying, this man began to build and was not able to finish.
31 ৩১ অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব?
Or what king, going to engage with another king in battle, doth not sit down first and consult, whether he be able with ten thousand men to meet him that cometh against him with twenty thousand?
32 ৩২ যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব।
and if not, while he is yet far off, he sendeth an embassy, and desireth conditions of peace.
33 ৩৩ এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
So, every one of you, that doth not give up all that he hath, cannot be my disciple.
34 ৩৪ লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হ’ব?
Salt is good; but if the salt have lost it's savor, wherewith shall it be seasoned?
35 ৩৫ সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহব; তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
it is neither fit for the land, nor for the dunghil; but they throw it away. He that hath ears to hear, let him hear.

< লূক 14 >