< লূক 10 >

1 এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে।
و بعد از این امور، خداوند هفتاد نفر دیگر را نیز تعیین فرموده، ایشان را جفت جفت پیش روی خود به هر شهری و موضعی که خود عزیمت آن داشت، فرستاد.۱
2 আৰু তেওঁলোকক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেই কাৰণে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।
پس بدیشان گفت: «حصاد بسیار است و عمله کم. پس ازصاحب حصاد درخواست کنید تا عمله ها برای حصاد خود بیرون نماید.۲
3 তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজত মই তোমালোকক মেৰ-পোৱালি স্বৰূপে পঠিয়াইছোঁ।
بروید، اینک من شما را چون بره‌ها در میان گرگان می‌فرستم.۳
4 তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণনজনাবা।
وکیسه و توشه‌دان و کفشها با خود برمدارید وهیچ‌کس را در راه سلام منمایید،۴
5 তোমালোকে যি ঘৰত সোমোৱা, তাত প্ৰথমে ক’বা, ‘এই ঘৰৰ কুশল হওক৷’
و در هرخانه‌ای که داخل شوید، اول گویید سلام بر این خانه باد.۵
6 যদি তাত কুশলৰ পাত্ৰ থাকে, তেনেহলে তোমালোকৰ কুশল সেই লোকৰ ওপৰত থাকিব কিন্তু যদি তাত কুশলৰ পাত্ৰ নাই, তেনেহলে তোমালোকলৈ ঘূৰি আহিব।
پس هرگاه ابن السلام در آن خانه باشد، سلام شما بر آن قرار گیرد والا به سوی شما راجع شود.۶
7 আৰু তোমালোকে যি ঘৰত থাকিবা, ততে তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন-পান কৰিবা; কিয়নো বনুৱা জন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা।
و در آن خانه توقف نمایید و از آنچه دارند بخورید و بیاشامید، زیرا که مزدور مستحق اجرت خود است و از خانه به خانه نقل مکنید.۷
8 তোমালোকে যেতিয়া এখন নগৰত সোমোৱা আৰু তাত থকা লোক সকলে তোমালোকক গ্ৰহণ কৰিলে, তেওঁলোকে তোমালোকৰ আগত যি খাবলৈ দিয়ে সেইবোৰকে ভোজন কৰিবা;
ودر هر شهری که رفتید و شما را پذیرفتند، از آنچه پیش شما گذارند بخورید.۸
9 সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।
و مریضان آنجا راشفا دهید و بدیشان گویید ملکوت خدا به شمانزدیک شده است.۹
10 ১০ কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা,
لیکن در هر شهری که رفتیدو شما را قبول نکردند، به کوچه های آن شهربیرون شده بگویید،۱۰
11 ১১ তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে৷’
حتی خاکی که از شهرشما بر ما نشسته است، بر شما می‌افشانیم. لیکن این را بدانید که ملکوت خدا به شما نزدیک شده است.۱۱
12 ১২ মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।
و به شما می‌گویم که حالت سدوم در آن روز، از حالت آن شهر سهل تر خواهد بود.۱۲
13 ১৩ হায় হায় কোৰাচীন! হায় হায় বৈৎ-চৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তুৰ আৰু চীদোনত যদি কৰিলোঁ হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন।
وای بر تو‌ای خورزین؛ وای بر تو‌ای بیت صیدا، زیرا اگر معجزاتی که در شما ظاهر شددر صور و صیدون ظاهر می‌شد، هرآینه مدتی درپلاس و خاکستر نشسته، توبه می‌کردند.۱۳
14 ১৪ কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হ’ব।
لیکن حالت صور و صیدون در روز جزا، از حال شماآسانتر خواهد بود.۱۴
15 ১৫ হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হ’বা বুলি? তুমি নৰকলৈহে পেলোৱা হ’বা। (Hadēs g86)
و تو‌ای کفرناحوم که سر به آسمان افراشته‌ای، تا به حهنم سرنگون خواهی شد. (Hadēs g86)۱۵
16 ১৬ যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”
آنکه شما را شنود، مرا شنیده و کسی‌که شما را حقیر شمارد مرا حقیر شمرده و هر‌که مراحقیر شمارد فرستنده مرا حقیر شمرده باشد.»۱۶
17 ১৭ পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি ক’লে, “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ’ল।”
پس آن هفتاد نفر با خرمی برگشته گفتند: «ای خداوند، دیوها هم به اسم تو اطاعت مامی کنند.»۱۷
18 ১৮ যীচুৱে তেওঁলোকক ক’লে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।
بدیشان گفت: «من شیطان را دیدم که چون برق از آسمان می‌افتد.۱۸
19 ১৯ চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।
اینک شما راقوت می‌بخشم که ماران و عقربها و تمامی قوت دشمن را پایمال کنید و چیزی به شما ضرر هرگزنخواهد رسانید.۱۹
20 ২০ তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখাহৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”
ولی از این شادی مکنید که ارواح اطاعت شما می‌کنند بلکه بیشتر شاد باشیدکه نامهای شما در آسمان مرقوم است.»۲۰
21 ২১ সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক’লে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।”
در همان ساعت، عیسی در روح وجدنموده گفت: «ای پدر مالک آسمان و زمین، تو راسپاس می‌کنم که این امور را از دانایان وخردمندان مخفی داشتی و بر کودکان مکشوف ساختی. بلی‌ای پدر، چونکه همچنین منظور نظرتو افتاد.»۲۱
22 ২২ “মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছেআৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”
و به سوی شاگردان خود توجه نموده گفت: «همه‌چیز را پدر به من سپرده است. وهیچ‌کس نمی شناسد که پسر کیست، جز پدر و نه که پدر کیست، غیر از پسر و هر‌که پسر بخواهدبرای او مکشوف سازد.»۲۲
23 ২৩ ইয়াৰ পাছত যীচুৱে শিষ্য সকলৰ ফালে ঘূৰি গুপুতে ক’লে, “তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য;
و در خلوت به شاگردان خود التفات فرموده گفت: «خوشابحال چشمانی که آنچه شما می‌بینید، می‌بینند.۲۳
24 ২৪ কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।”
زیرابه شما می‌گویم بسا انبیا و پادشاهان می‌خواستندآنچه شما می‌بینید، بنگرند و ندیدند و آنچه شمامی شنوید، بشنوند و نشنیدند.»۲۴
25 ২৫ ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?” (aiōnios g166)
ناگاه یکی از فقها برخاسته از روی امتحان به وی گفت: «ای استاد چه کنم تا وارث حیات جاودانی گردم؟» (aiōnios g166)۲۵
26 ২৬ তেতিয়া যীচুৱে ক’লে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?”
به وی گفت: «در تورات چه نوشته شده است و چگونه می‌خوانی؟»۲۶
27 ২৭ তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
جواب داده، گفت: «اینکه خداوند خدای خود را به تمام دل و تمام نفس و تمام توانایی و تمام فکر خودمحبت نما و همسایه خود را مثل نفس خود.»۲۷
28 ২৮ তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷”
گفت: «نیکو جواب گفتی. چنین بکن که خواهی زیست.»۲۸
29 ২৯ কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?”
لیکن او چون خواست خودرا عادل نماید، به عیسی گفت: «و همسایه من کیست؟»۲۹
30 ৩০ তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।
عیسی در جواب وی گفت: «مردی که ازاورشلیم به سوی اریحا می‌رفت، به‌دستهای دزدان افتاد و او را برهنه کرده مجروح ساختند واو را نیم مرده واگذارده برفتند.۳۰
31 ৩১ এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।
اتفاق کاهنی ازآن راه می‌آمد، چون او را بدید از کناره دیگررفت.۳۱
32 ৩২ সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল।
همچنین شخصی لاوی نیز از آنجا عبورکرده نزدیک آمد و بر او نگریسته از کناره دیگربرفت.۳۲
33 ৩৩ কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷
«لیکن شخصی سامری که مسافر بود نزدوی آمده چون او را بدید، دلش بر وی بسوخت.۳۳
34 ৩৪ তেওঁ মানুহ জনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ’ল আৰু তেওঁক শুশ্ৰূষা কৰিলে।
پس پیش آمده بر زخمهای او روغن و شراب ریخته آنها را بست واو را بر مرکب خود سوارکرده به‌کاروانسرای رسانید و خدمت او کرد.۳۴
35 ৩৫ পাছদিনা তেওঁ দুটা দীনাৰীউলিয়াই আলহী-ঘৰৰ গৰাকীক দি ক’লে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’।
بامدادان چون روانه می‌شد، دو دینار درآورده به‌سرایدار داد و بدو گفت این شخص را متوجه باش و آنچه بیش از این خرج کنی، در حین مراجعت به تو دهم.۳۵
36 ৩৬ এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?”
«پس به نظر تو کدام‌یک از این سه نفرهمسایه بود با آن شخص که به‌دست دزدان افتاد؟»۳۶
37 ৩৭ তেতিয়া বিধান পণ্ডিত জনে ক’লে, “যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমিও সেইদৰে কৰা।”
گفت: «آنکه بر او رحمت کرد.» عیسی وی را گفت: «برو و تو نیز همچنان کن.»۳۷
38 ৩৮ পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে;
و هنگامی که می‌رفتند او وارد بلدی شد وزنی که مرتاه نام داشت، او را به خانه خودپذیرفت.۳۸
39 ৩৯ আৰু তেওঁৰ ভনীয়েক মৰিয়মে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল।
و او را خواهری مریم نام بود که نزدپایهای عیسی نشسته کلام او را می‌شنید.۳۹
40 ৪০ কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।”
امامرتاه بجهت زیادتی خدمت مضطرب می‌بود. پس نزدیک آمده، گفت: «ای خداوند آیا تو راباکی نیست که خواهرم مرا واگذارد که تنهاخدمت کنم، او را بفرما تا مرا یاری کند.»۴۰
41 ৪১ কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷
عیسی در جواب وی گفت: «ای مرتاه، ای مرتاه تو در چیزهای بسیار اندیشه و اضطراب داری.۴۱
42 ৪২ মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”
لیکن یک چیز لازم است و مریم آن نصیب خوب را اختیار کرده است که از او گرفته نخواهد شد.»۴۲

< লূক 10 >